নৃপেন গোস্বামীৰ দুটা কবিতা

ধূলি

ধূলিৰে গঢ়া
ধূলিৰ ওৰণিত উশাহ

থকালৈকে হে কবিতা
ধূলিৰ ওৰণি ঠেলি

মিলিব যিদিনা ধূলিত
স্ফীত এটি দাগ
এৰিব নে ধূলিয়ে

বসন্তৰ ৰং
নুবুজে ধূলিয়ে
উৰুৱাই পৱনে সেয়ে
পাতৰ পৃথিৱী

ধূলি তুমি
ধূলি মই

নামত জীৱন ধূলিৰ সংজ্ঞা
বতাহজাক নবলিলেই নুৰে ধূলি

উৰিব যিদিনা
সেইদিনা নৰয় ধূলিৰ ঠিকনা

য'ত নাই
তুমি
নাই মই

তিনিআলিৰ গান

তিনিআলিৰ চকবোৰত আজিকালি
ল'ৰাবোৰ নবহে
সন্ধ্যাৰ তিনিআলিৰ গোন্ধবোৰ বতাহতে
মাৰ গ'ল

তিনিআলিত এতিয়া গালিবোৰে
বিচাৰি ফুৰে
কোনোবা বৰঘৰৰ কথীয়া

তিনিআলিৰ আড্ডাবোৰত এটি
ভয়ে বাস কৰিছিল তাহানিতে

এতিয়া তাহানিৰ সেই ভয়
ডাবি-ধমকিবোৰ পথাৰৰ বতাহত
উৰি ফুৰে

ডেকা ডঙুৱাকেইটাই হস্কিলে-মস্কিলে
কেঁকুৰিত হোৱা অঘটনবোৰ ৰাষ্ট্ৰ কৰে

এতিয়া শৱ তুলিবলৈ
তিনিআলিত কোনো নাথাকে

তিনিআলিৰ সিদ্ধান্তবোৰৰ বাবেই
সমিতি-চমিতিবোৰ বেছি হ'ল
মৃৰকত
তিনিআলিত নোদোকা হৈ বহিৰাগত বহিল

তাহানিতে অচিনাকি কোনোৱে
বিড়ি হুপিবলৈ সাহ কৰা নাছিল

এতিয়া কথাই প্ৰতি দেহত হানে
কেতিয়াবা আইক লৈ
কেতিয়াবা মাতক লৈ

আৰু আন কেতিয়াবা জাতিৰ সংকটক
বুজ লৈ

তিনিআলিবোৰ তাহানিৰ দিনলৈ ঘূৰি আহক
ভয় ভয়কৈ দুই-এটা চিঞৰ ভাহক

সিহঁতে শুনক
আমি জীয়াই আছোঁ তিনিআলিৰ
গোন্ধ হাতৰ মুঠিত লৈ।

Click here to read an English translation of the poems.