তুলিকা চেতিয়া য়েইনৰ কবিতা

কি ফুল ধুনীয়া

এই যেন মেলি দিম পানচৈ
আৰু
ঢৌ ভাঙি-ভাঙি
গুচি যাম তোৰ কাষলৈ

কি কৰিছ অ’ 

বোকাত লেটি লৈ
নাঙল আৰু মাটিৰ
সাধুকথা পঢ়া দিনত
মই তোৰ কাষে-কাষে ৰৈ
হেলেচ বুটলিছিলোঁ
তই যেতিয়া মৈ দিয়
তোৰ পিছে-পিছে দৌৰি
খালৈত ভৰাইছিলোঁ পুথি-খলিহনা

ন-ভূঁই গোঁজ লওঁতে
তই শিকাই দিছিলি
এই গুচি গুৰু ভকতলৈ
এই গুচি আলহী অতিথিলৈ 
এই গুচিৰে পচা শৰীলক পূঁজিম
বিদ্যা শপত 
সেইদিনা তোৰ শৰীৰৰ গোন্ধটোৱে
মোক মতলীয়া কৰিছিল অ’

পথাৰৰ কেঁচা আলিত বহি 
গামোচাৰ টোপোলাটোৰ পৰা
জলপান এগৰাহ
মোৰ মুখত গুঁজি দি
তই সুধিছিলি—কি ফুল ধুনীয়া!
জলপানগৰাহ গিলি লৈ
তোৰ চকুত চকু থৈ 
আঙুলিত আঙুলি লেখি কৈছিলোঁ
তগৰ, চেনীচম্পা, কেতেকী
গধূলিগোপাল, খৰিকাজাঁই, কপৌ
 
মোৰ উত্তৰত তই হাঁহিছিলি
ধেৎ বেঙী কলাফুল 
আৰু তোৰ কলাফুল
মোৰ বাবে
পৃথিৱীৰ সকলোতকৈ ধুনীয়া ফুল

মোৰ সপোন সৰিছিল
তোৰ বুকুৰ পথাৰত 
ভাদমাহৰ মহাপুৰুষৰ তিথিত
নামঘৰত আইদেউতাৰ সৈতে
প্ৰাৰ্থনা কৰিছিলোঁ
কাতি মাহৰ পথাৰডৰাত
আকাশবন্তী জ্বলাইছিলোঁ
আঘোণৰ পথাৰত দাৱনী হৈছিলোঁ
সেইবছৰত বহাগত তোৰ ঢোলৰ ছেৱত
নাচনী হোৱাৰ আগতেই
কলিজাৰ ৰঙাখিনি শিৰত উজ্বলায়
দীঘল ওৰণি টানি
তোৰ বুকুত এটি কাৰেং সাজিব খুজিছিলোঁ
উৰ্বৰ কৰিব বিচাৰিছিলোঁ
আমাৰ প্ৰেমৰ আকাশ

অথচ তই গুচি গৈছিলি
ভালপোৱাৰ গোলাপ গচকি
যি বাটেৰে এদিন গুচি গৈছিল দুষ্যন্ত

গাৰ মঙহে 
শতৰু শালিছিল
মোৰ তেজেৰে
তোৰ মজিয়াত বন্তি জ্বলিছিল

এতিয়া আকাশত মৃদং বাজিলেই
বোকাৰ গোন্ধে মোক মতলীয়া কৰে
কাণত বাজি থাকে
কি ফুল ধুনীয়া—কি ফুল ধুনীয়া
ধেৎ বেঙী

তুলিকা চেতিয়া য়েইন এগৰাকী কবি, ঔপন্যাসিক আৰু লেখক। মৌনতাৰ আত্মপাঠ; আকাশ নথকা ৰাতি আৰু স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা তেওঁৰ কবিতা-সংকলন৷ ২੦১৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় তথাগত সৃজন সন্মান আৰু ২੦১৯ চনত বিহাৰ হিন্দী সাহিত্য সভাৰ ‘শতাব্দী বঁটা’ লাভ কৰে৷ আকাশৱাণী ডিব্ৰুগড়ৰ সাহিত্য কানন অনুষ্ঠানত তেওঁ নিয়মীয়াকৈ অংশগ্ৰহণ কৰি আহিছে৷ সম্প্ৰতি তেওঁ চিফুং নামৰ এখন আলোচনী সম্পাদনা কৰি আছে৷

An English translation of the Poem.