অনুৰ্বৰ
চকুলোৰ দৰে গোন্ধোৱা তগৰ ফুলৰ গোন্ধ
মোৰ শিতানৰ খিড়িকীয়েদি সোমাই আহিছে
সাতশ সাতচল্লিশটা ঘৰ
ৰাজপথ বহলাবৰ বাবে ভাঙি পেলোৱা হ'ল।
মোৰ ঘৰৰ সন্মুখেদি অহৰহ গৈ আছিল ৰুলাৰবোৰ
শিলবোৰকো নিপিষ্ট কৰি
চকুলোৰ দৰে গোন্ধোৱা তগৰ ফুলৰ গোন্ধ
মোৰ শিতানৰ খিড়িকীয়েদি সোমাই আহিছে
কান্দিব নজনা এটা বেইমানৰ মৃতদেহত
সুগন্ধি ছটিয়াবৰ বাবে।