অপেক্ষা
বাটৰ কাষৰ বানান নোৱৰা অবাধ্য কচুগছত
কেঁচা লেকেচিৰ সাৰৌপ সাৰৌপ
তুমি হৈছিলা মুগ্ধ পৰিদৰ্শক
মাষ্টৰ নহ’লোঁ,
হ’লোঁ কবি নিষ্কৰ্মা
তোমাৰ ওঁঠৰ ফাঁকত দুলালেৰ তালমিচিৰিৰ কণা
জীৱনৰ প্ৰথম চুমাৰ স্মৃতি হৈ ৰ’ল মিঠা
সফল প্ৰেমিকো নহ’লোঁ
হ’লোঁ পতি আন কাৰোবাৰ মৰমৰ
তোমাক মই এৰি আহিছিলোঁ নে তুমি মোক এৰি গৈছিলা
এতিয়াও অমীমাংসিত সেই একেটি প্ৰশ্ন
ছিগা সুঁতি এটাৰ পাৰত বহি ৰৈ আছোঁ
হেনো অপেক্ষাৰ ফল মধুৰ
মৃত্যু কি মধুৰ
অপেক্ষাৰ অন্ত পৰিলে জানিম মধুৰ কি