দুৰ্গেশ্বৰ শৰ্মা
নুভুলিবা তুমি মোৰ লাৱণী ৰূপত— মৰমীয়া চকু ধুনীয়া মুখত, নুভুলিবা গুণ মোৰ দেখি বাহিৰত, নুভুলিবা এটি প্ৰেম দেখি হৃদয়ত; সকলো ঢুকাব পাৰে পাপ পথ ল’ই— থান থান হ’ম পিছে কৰবাত গ’ই! সন্দেহৰ চকু থ’বা মোৰ অন্তৰত, নমজিবা একেবাৰে মোৰ মৰমত, ভাল পালে ভাল পাবা, তথাপি মোল’ই সদায় নথ’বা প্ৰেম নিৰ্ভয় নহ’ই।