কবিতা লিখিবলৈ আজিকালি ভয় লাগে
আজিকালি কবিতা এটা নিৰ্ভয়ে লিখিব নোৱাৰোঁ
কিজানি বা কোনেও নপঢ়ে
ভয় লাগে,
কিজানিবা পঢ়িলেও বুজি নাপায়
নাইবা বুজিলেও নুবুজাৰ ভাও ধৰে!
হৃদয়ত অংকুৰিত আলফুলীয়া শব্দৰ
কিজানিবা কোনোবাই কৈ দিয়ে ওলোটা অৰ্থ।
কিজানিবা কোনোবাজনে কয়
এইটোও কিবা কবিতা হ'ল নে?
কোনোবাই হয়তো ক'ব পাৰে
এইটো এটা চুৰ কৰা কবিতা।
কোনোবাই ক'ব পাৰে কবিতা নে অকবিতা?
দেহৰ প্ৰতি সিৰা-উপসিৰাৰে প্ৰৱাহিত হৈ
হৃদয়ত ঘৰ পাতি লোৱা ছন্দোময় শব্দবোৰ
যেতিয়া কবিতা হৈ পৰে
শব্দবোৰ এৰাল দি বান্ধিব নোৱাৰি
প্ৰাচীন অবাৰ্চীন বুলিও জেওৰা দি ৰাখিব নোৱাৰি।
কবিতাৰ শব্দই এৰাল ছিঙে,
জেওৰা ভাঙে
নিয়মৰ বান্ধোনতো নাথাকে কবিতাৰ শব্দ
কবিতাৰ পৃথিবীখন বৰ্ণিল শব্দৰ পৃথিবী,
অনুভৱৰ পৃথিবী,
কবিতা কবিৰ হৃদয়ৰ
আটোলটোল অনুভূতিৰ উদ্যানত অংকুৰিত
একোটি মুকুল।
কোনোবাই বুজে বা নুবুজে, পঢ়ে বা নপঢ়ে
কবিয়ে কবিতা নিলিখাকৈ থাকিব নোৱাৰে।
কেতিয়াবা ক্ষোভৰ জুই
কেতিয়াবা হতাশাৰ ছায়া
কেতিয়াবা হাঁহিৰ ৰামধেনু
কেতিয়াবা দুখৰ বৰষুণ।
আজিকালি কবিতা লিখিবলৈ ভয় লাগে
কবিতাৰ বাবেই কেতিয়াবা
ৰোষত পৰিবলগীয়া হয় ৰজাঘৰৰ
আলহী হ'ব লগা হয় ৰঙাঘৰৰ।
নিৰ্ভয়ে কবিতা এটা লিখিব নোৱাৰাৰ
বুকুৰ বেদনাবোৰ হৈ পৰে
এখনি নীল বৰণীয়া নদী।
দুখৰ এন্ধাৰে যেতিয়া চৌপাশ আৱৰে
এন্ধাৰত নিজৰ ছাঁটোও লগত নাথাকে
অকলশৰীয়া হোৱাৰ সময়ত পোৱা নাযায়
সুহৃদ আৰু আপোনজন,
সকলো আঁতৰি যায় সংগোপনে,
দুখৰ এন্ধাৰতহে জানিব পাৰি কোন আছে
হাতে ঢুকি পোৱাৰ ওচৰত
কোন নিলগত।
এন্ধাৰ যেতিয়া নামে
বগুৱা বাই আহে দুখ আৰু দুখ
গাৰ নোমেই হৈ পৰে শত্ৰু।
থান-বান হৈ পৰে বন্ধুত্বৰ শিকলি
নিমিষতে খহি পৰে
আলফুলে গঢ়ি তোলা বিশ্বাসৰ ভেটি ।
হেৰাই যায় একেলগে থকাৰ
ক্ষণিকৰ প্ৰত্যয় ভৰা প্ৰতিশ্ৰুতি।
এন্ধাৰত কাৰোবাৰ মুখ চাব নোৱাৰি,
বুজিব পাৰি কেৱল মুখাৰ আঁৰৰ মুখৰ প্ৰকৃত পৰিচয়।
এফালে নিঃসংগতা
আনফালে ছনপৰা বুকুৰ দুখৰ হুমুনিয়াহ।
পোৱা-নোপোৱাৰ হিচাপ বহীত
যোগ হয় নতুন এক সমীকৰণ
জীৱন জীয়াই ৰখাৰ তাড়নাত
ছটফটাই থাকে জীয়া কলিজা।
নিঃসংগতাৰ একাকী ক্ষণত
চৌপাশ আৱৰি আহে হতাশাৰ কাল অমানিশা।
এন্ধাৰৰ বুকুত নজ্বলে আশাৰ শলিতা
মানৱতা গভীৰ টোপনিত।
অট্টহাস্য কৰি ওচৰ চাপে নিষ্ঠুৰতা আৰু
নিদাৰুণ কাৰুণ্য ।
আঁউসীৰ এন্ধাৰত
জোনৰ শীতল জোনাক
বাতুলতা।
মাথোঁ বাতুলতা।
An translation of the poems.