হৰেকৃষ্ণ ডেকাৰ কবিতা

বেং

পানীৰ কাষত ৰৈ সি ক’লে,
ক’লৈ গৈ আছ, ময়ো যাওঁ ৰ’বি।
তাৰ কথা নুশুনিলোঁ
আগুৱাই গ’লোঁ।
আকৌ তাক পালোঁ।
সি বেংছটাৰ ওপৰত উঠি ক’লে, 
একেদৰে গৈ আছ? মই ওপৰলৈ উঠিলোঁ।
তাৰ কোৰোক কোৰোক মাতত
উপলুঙাৰ হাঁহি।
মই যিখন কাণেৰে শুনিলোঁ,
সেই কাণ দেখোন বাহিৰত নাই!

হঠাৎ অহা বৰষুণজাকত তিতি-বুৰি 
নাজল-নাথল হ'লোঁ।
এইবাৰ কচুপাতৰ তলৰ পৰা বেংটোৱে ক'লে,
অঁকৰা মানুহ, লাজ নকৰিলে ইয়ালৈ আহ,
ইয়াতো ঠাই আছে।

তিতি-বুৰি জোপোকা মাৰি খোজ কাঢ়িলোঁ।
গধুৰ জোতাই চোঁচৰাই নিলে।
জঁপিয়াই বেং আগত পৰিল,
ক'লে, মানুহ হোৱাৰ মজা পাইছ!
বেং নহ'লি কিয়?
একেই জীৱ।
নিজকহে তহঁতে মানুহ বুলি কৱ।

An English translation of the Poem.