দুৰ্গেশ্বৰ শৰ্মা
গাড়ীখন আহি জপনা মুখতে
বাট চাই আছে সৌ,
থকাজনে তাত মাতিব লাগিছে
ওলোৱা হ’ল নে নৌ৷
সোনকালে আহাঁ বেলি নকৰিবা
সিফালে বহুত বাট,
গোটেই ৰাতিটো গৈ থাকিলেহে
পুৱাতে ওলাবা তাত৷
বয়-বস্তু তুমি একো নেবান্ধিবা
নেলাগে একোকে নিব,
তাত ওলালেই সকলোকে পাবা
খুজিলেই লোকে দিব৷
এইখনি ঘৰ ইয়াতেই ৰ’ব
নাহা আৰু কোনোদিন,
কালৰ হাতত ছিগি ভাগি যাব
নেথাকিব একো চিন৷
ঘৰে ঘৰে তুমি বগাই ফুৰিবা
এটা এটা কৰি এৰি,
নিজ দেশ আছে কোনোবা দেশত
বিপদত আছা পৰি৷