ড০ মীনা দেৱী বৰুৱাৰ কবিতা

আস্থা এজোপা বৃক্ষ

(১)
কত আলোকবৰ্ষ পাৰ হৈ গ'ল
অপেক্ষাৰত মোৰ হিয়া
শত যোজন দূৰত্বৰ পৰা
আগবঢ়াই দিলা আস্থাৰ দুখনি হাত

উন্মীলিত দুচকু মোৰ
ভালপোৱা, ভালপোৱা

(২)
প্ৰেমে মোক কি দিলে
ঘূৰি চালেই দেখোঁ বুদ্ধৰ স্থিতপ্ৰজ্ঞ অবয়ব
প্ৰশান্তিৰ অনন্য অনুভৱ

বৃক্ষৰ 
ত্যাগৰ হিৰণময়ী বৈভৱ
বিলাই দিয়াৰ গৌৰৱ

(৩)
আস্থা এজোপা বৃক্ষ
বিশ্বাস নৈৰ গতি
বৈ যায় সাগৰলে' বুলি

ভালপোৱাৰ প্ৰাৰ্থনাৰে জীপাল 
গলি যাব শাওনীয়া গাভিনী মেঘ
পৃথিৱীত আকাশৰ ভালপোৱাৰ জোনাক

Click for an English translation of the poem.