Category Archives: Symposium

কবিতা নিঃস্ব জনতাৰ সাহস হওক

অনিৰ্বাণ দত্ত

অনিৰ্বাণ দত্ত

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

শিক্ষিত ব্যক্তি হিচাপে আমি লিখা-পঢ়াৰ লগত নিৰন্তৰ জড়িত হৈ থকাটো কৰ্তব্য৷ আন বহুজনৰ দৰে মোৰো লিখা-পঢ়াৰ দিশত নিজা ৰুচি আছে৷ সেই অনুসৰি গভীৰ দৰ্শন-তত্ত্ব বিষয়ক পুথিৰ লগতে সমকালৰ পৃথিৱীৰ ক্ষয়িষ্ণু আৰ্থ-সমাজ-ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতি, ইয়াৰ কাৰণ-কাৰক বিচাৰ-বিশ্লেষণ সম্বন্ধীয় গ্ৰন্থবোৰ আৰু অসমীয়া খ্যাত-অখ্যাত কবি আৰু কবিতা তথা সমালোচনা সাহিত্য মোৰ অতি প্ৰিয়৷ সেয়ে, হাতে ঢুকি পালেই তেনে কিছুমান পুথি সংগ্ৰহ কৰোঁ আৰু পঢ়োঁ৷ তাৰ মাজতে বিভিন্ন কাকত-আলোচনীৰ বাবে সময়োপযোগী বুলি অনুভৱ কৰা সমাজ, শিক্ষা আৰু ৰাজনৈতিক বিষয়ক দুই-এটা প্ৰবন্ধ লিখোঁ৷ কবিতাৰ প্ৰতি মোৰ আগ্ৰহ অপৰিসীম যদিওঁ মোৰ অধ্যয়নৰ পৰিধি অসমীয়া কবিতাতে সীমাবদ্ধ বুলি ক’লেও ভুল নহ’ব৷ শংকৰ-মাধৱৰ পৰা আৰম্ভ কৰি চন্দ্ৰকুমাৰ, হেমচন্দ্ৰ, নলিনীবালা, নৱকান্ত, জ্যোতি-বিষ্ণু হৈ অতি সাম্প্ৰতিক কালৰ জনপ্ৰিয় কবি হৰেকৃষ্ণ ডেকা, নীলিম কুমাৰ, জ্ঞান পূজাৰী, ৰাজীৱ বৰা, ৰফিকুল হোছেইন, প্ৰণব কুমাৰ বৰ্মন, জোনমণি দাস তথা সহপাঠী ভূপেন গগৈলৈকে অসংখ্য বিশিষ্ট কবিৰ কবিতা পঢ়ি আছোঁ৷ কিন্তু, দুখৰ বিষয়— বিশেষকৈ আধুনিক কবিতাবোৰৰ অৰ্থ বহু বুজিও যেন কিবা এটা নুবুজোঁ নুবুজোঁ ভাব থাকি যায়৷ মোৰ মনত এনে ভাবৰাশিয়ে যিমানেই ক্ৰিয়া কৰে কবিতাবোৰ বাৰে বাৰে পঢ়িবলৈ উদগ্ৰ নিচাহে জাগে৷ সেয়ে, আকৌ পঢ়োঁ৷ বহু কিবাকিবি নুবুজাৰ মাজতো যেন কিবাকিবি বহু কথা বুজোঁ! তেনেকৈয়ে তৃপ্তি লভোঁ৷ বহু মেদহীন কবিতাৰ খাজেখাপে খাই পৰা প্ৰতীকৰ ব্যৱহাৰ, বুদ্ধিদীপ্ত চিত্ৰকল্পৰ প্ৰয়োগ, ইংগিতময়তা, অৰ্থালংকাৰ, বিচিত্ৰ বিষয়বস্তু, অগতানুগতিক শৈলী আদিয়ে মনত নতুন চিন্তাৰ উন্মেষ ঘটোৱাৰ লগতে চেতনাত এক বৌদ্ধিক টক্কৰ দি যায়— তেনে কবিতাবোৰ পঢ়ি বৰ ভাল পাওঁ৷ অৰ্থপূৰ্ণ নিটোল শব্দ, বাক্যৰ অনুক্ত কথাৰ যি ব্যঞ্জনা অনুভুত হয়, ই হৃদয় গলাই পেলায়৷ সি যি নহওক, কবিতাৰ প্ৰতি মোৰ ভক্তি যিমান, ভীতি ততোধিক৷ সেয়ে, কবিতাৰ দৰে কিবা কিছুমান লিখিও পিছমুহূৰ্ততে মোহাৰি পেলাওঁ৷ ১৯৯২ চন মানত জিজ্ঞাস আলোচনীত প্ৰকাশিত ‘ৰঙা ঘোঁৰা চেকুৰাই যাওঁ’ নামৰ কবিতাটো কিশোৰ মনৰ ভাবাবেগ সম্বলিত আৰু প্ৰথম ছপাৰ মুখ দেখা মোৰ অপৈণত কবিতা৷ তাৰ পাছত মোৰ কবিতাৰ দৰে কিছুমান বস্তু বিভিন্ন বাতৰিকাকত আৰু কিতাপত ছেগাচোৰোকাকৈ প্ৰকাশ হৈ আছে৷ বাৰ ওঠৰ আলোচনী (নৱেম্বৰ, ২০১৯) আৰু প্ৰান্তিক(১-১৫ জুন ২০২২)ত প্ৰকাশিত মোৰ কবিতা দুটাই মোক কিছু আনন্দিত কৰে৷

আপুনি কবিতা কিয় পঢ়ে?

তিনিটা উদেশ্য

ক) আত্মউপলব্ধিৰ উদ্দেশ্য : জাগতিক আৰু আত্মিক পৃথিৱীখনত নিজৰ অস্তিত্ব আৰু অৱস্থান ক’ত বা কেনে তাক কবিতাই নিৰ্ভেজালকৈ আমাক বুজাই দিব পাৰে৷ কবিৰ জীৱনবোধ, উপলব্ধি আৰু অন্তৰ্দৃষ্টিৰ গভীৰতাই আমাক জীৱন আৰু জগত সন্দৰ্ভত নিৰ্মল ধাৰণা

খ) সমকালীন সমাজজীৱনৰ আভ্যন্তৰীণ বা প্ৰকৃত ছবিখন চোৱাৰ উদ্দেশ্য : চকুৱে দেখি থকা সমাজখন, সামাজিক সম্বন্ধবোৰ, মানুহৰ চেহেৰাবোৰ, ঘটনা-দুৰ্ঘটনাবোৰ, সুখ-দুখৰ সমলবোৰ, মিল বা বৈষম্যবোৰেই প্ৰকৃত সত্যবস্তু নহয়৷ ইয়াৰ অন্তৰালত আছে বাস্তৱ জীৱন আৰু জগতৰ কিছুমান সত্য আৰু সাৰমৰ্ম— যিবোৰক কবিতাই নিখুঁতকৈ অংকন কৰি আমাৰ চকু মোকলাই দিব পাৰে৷ গ) শিল্প হিচাপে বিভিন্ন কবিৰ চিন্তন, মনন আৰু হাতৰ স্পৰ্শত প্ৰাণ পাই উঠা আধুনিক কবিতাৰ ৰূপবৈচিত্ৰ্য আৰু বিশিষ্ট কবি-প্ৰতিভা দৰ্শনৰ উদ্দেশ্য৷ নতুন আংগিক, চমকপ্ৰদ প্ৰতীক, ন ন চিত্ৰকল্পৰ ব্যৱহাৰ, পৰিমিত আৰু নিটোল শব্দ-বাক্যৰ ব্যঞ্জনাৰে আগবঢ়োৱা নতুন নতুন বাৰ্তাবোৰৰ বাহক আধুনিক কবিতাবোৰে কাব্যৰসিকসকলৰ হৃদয়-মন ভৰাই তুলিব পাৰে৷

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

এই বিষয়ে কিছু ইংগিত প্ৰথম প্ৰশ্নৰ উত্তৰত দিছোঁ৷ ব্যক্তি ভেদে আমাৰ ৰুচি-অভিৰুচিবোৰ ভিন্ন৷ মন আৰু হৃদয়ৰ খোৰাকো সুকীয়া৷ কাল আৰু পৰিৱেশ ভিন্নে ৰুচিৰো পৰিৱৰ্তন হয়৷ তথাপি কঠিন বাস্তৱৰ ছবি প্ৰকাশ কৰা পূৰঠ কবিতাবোৰে মোক বাকৰুদ্ধ কৰি তোলে৷ মৰ্মভেদী ভাববস্তু আৰু প্ৰকাশশৈলীৰ ওচৰত মই ডেউকা ভগা পক্ষীৰ দৰে পৰি থাকোঁ বহু পৰলৈ৷ যথা নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মৰ্মান্তিক’৷ নীলমণি ফুকনৰ ‘তুমি যে তিলফুল’, ‘নীলা নীলা সিৰবোৰ’৷ হীৰেন ভট্টাচাৰ্যৰ ‘বাঁহীৰ মাত’, ‘নাগৰিক’ আদি৷ সাম্প্ৰতিক কবিৰ কবিতাৰ কিছুমান পংক্তি যেনে—

“বেলিটো তাহানিতেই গ’ল৷ পোহৰছাটি যোৱা নাই
জুপুৰি এন্ধাৰত ৰাভাৰ আভাই আজিও টিপচাকি জ্বলাই৷
মাজে মাজে মোৰ ডিঙিটো খেপিয়াওঁ
কণ্ঠ আছে মাত নাই৷ মাত আছে প্ৰতিবাদ নাই৷” 
('বিষ্ণু ৰাভা', ৰাজীৱ বৰা)

আন দুটামান অগতানুগতিক শৈলীৰ কবিতা—

“অমল নামৰ মানুহজন বিশ্ববিদ্যালয়ৰ অধ্যাপক৷
কিতাপৰ পোক, অংকৰ নামজ্বলা পণ্ডিত৷ 
জীয়েক ৰ’জাৰ মতে, চেৰাবলিয়াও৷” ('টেষ্টামেণ্ট’ জ্য’মিত্ৰিক', অনুভৱ তুলসী)

“কিছুমান কথা কাৰ্বন-ডাই-অক্সাইডৰ দৰে,
নৈঃশব্দৰে নামি অহা শব্দবোৰে 
খুঁচি খুঁচি মোক খুন কৰিব খোজে...” ('মাইগ্ৰেইন', জোনমণি দাস)

“...মই দুটা আনাৰস কিনিলোঁ
আৰু আনাৰস বেচোঁতাজনীৰ হাতত 
নিজকে বেচি থৈ আহিলোঁ
শ্বিলঙত...” ('এলিয়ট আৰু মাজে মাজে শাৰীবোৰ নাই', নীলিম কুমাৰ)

“পথাৰৰ পকাধানবোৰ সিহঁত দুয়োয়ে একে সময়তে চপাইছিল৷ খৰকৈ বান্ধিছিল মুঠিবোৰ৷ কাচি দুখন থৈ, ঘামবোৰ মচি,  
দুয়ো দুয়োকে সাবটি ধৰিবলৈ আগুৱাই আহিছিল৷” ('সীমা', হৰেকৃষ্ণ ডেকা)

“...আয়ৈ দেহি!
এদিন যেতিয়া বেপাৰীয়ে ধৰি-বান্ধি তোমাক লৈ গৈছিল
তুমি যেতিয়া চিঞৰি চিঞৰি গোটেই চুবুৰিটো কঁপাই তুলিছিলা
আমিও কান্দিছিলোঁ ফেকুৰি। দুদিনলৈ ভাত নাখাইছিলোঁ দুখত
অভিমানত কুমলীয়া কুঁহিপাঠ, নেওতা একোৱে নপঢ়িছিলোঁ ৰাতি...” ('গাহৰি', কবি ভূপেন গগৈ)

সাম্প্ৰতিক বিভিন্ন কবিৰ বহু কবিতা আছে যি সদায় হৃদয়ত অনুৰণিত হৈ থাকে৷

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

ইতিবাচক৷ সাম্প্ৰতিক অসমীয়া কবিতা বুলি ক’লে বিগত শতিকাৰ শেষ দশকমানৰ পৰা আজিলৈকে ৰচিত কবিতাসমূহকে বুজা যায়৷ সাম্প্ৰতিক অসমীয়া কবিতাৰ মান-সন্মান যথেষ্ট বৃদ্ধি হৈছে৷ সাম্প্ৰতিক বহু অসমীয়া কবিতায়ো আঞ্চলিক সাহিত্যৰ সীমা পাৰ হৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্যৰ পৰিধিত খোজ পেলাব পাৰিছে৷ নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদি কবিৰ আশিসধন্য অনুভৱ তুলসী, জীৱন নৰহ, নীলিম কুমাৰ, ৰাজীৱ বৰাকে মুখ্য কৰি বহু নতুন কবিৰ নিৰ্বাচিত কিছুমান কবিতা বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ বহুজনে প্ৰসিদ্ধ কাব্য সমালোচকৰ পৰা প্ৰশংসা আদায় কৰিব পাৰিছে আৰু মানবিশিষ্ট ভাৰতীয় কবিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিছে৷ কেইবাজনো সাম্প্ৰতিক কবিৰ কবিতাই বিভিন্ন ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে৷ সনন্ত তাঁতি, কবীন ফুকন, জ্ঞান পূজাৰীৰ দৰে বিশিষ্ট কবিয়ে তেওঁলোকৰ মানবিশিষ্ট কাব্যপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে৷ ইয়াৰ পৰাই বুজা যায় যে সাম্প্ৰতিক বহু কবিৰ কবিতাই  সাৰ্বজনীন বাৰ্তা বহন কৰিছে আৰু অসমীয়া কবিতাকো বিশ্ব কবিতাৰ শাৰীত বহুৱাব পাৰিছে৷ কাকত-আলোচনী আৰু সামাজিক মাধ্যম আদিত দিনৌ শ শ কবিতা প্ৰকাশ কৰি কবিতা-চৰ্চাত যেন অসমীয়া নতুন প্ৰজন্ম আজি উবুৰি খাই পৰিছে৷ এইসকল কবিতা-অনুৰাগীক উপযুক্ত দিহা-পৰামৰ্শ দি কেনেকৈ সঠিক ৰাস্তাৰে আগুৱাই নিব পাৰি তাৰবাবে বিদ্বান কবিসকলে আঁচনি গ্ৰহণ কৰিব লাগে৷ সাধাৰণ পাঠক হিচাপে আমাৰ আশা— অসমীয়া নতুন কবিতাই সমগ্ৰ মানৱ জাতিকে উদ্বুদ্ধ কৰক, মানৱতাৰ জয়গান গাৱক, নিৰাশাৰ বিপৰীতে অফুৰন্ত আশা-প্ৰত্যাশা জাগ্ৰত কৰক, মমতা আৰু ভাতৃত্ব বোধৰ নিৰ্মল বাণী লৈ অসমীয়া কবিতা প্ৰতিজন নিঃস্ব মানুহৰ কাষলৈ যাওক৷ বিশ্ব কাব্য পৰম্পৰাৰ সকলো দিশলৈ মৌলিক অৱদান আগবঢ়াওক, নতুন নতুন সম্পৰীক্ষা চলাওক আৰু অসমীয়া কবিসকলে সাহিত্য জগতত সুখ্যাতি লাভ কৰক৷

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

আজিৰ সময় বৰ জটিল৷ সমাজত সত্যবোৰ ঢাকি পেলোৱা হৈছে, সাধাৰণ জনতাৰ কাৰণে ন্যায় দুষ্প্ৰাপ্য হৈ গৈ আছে৷ গণতান্ত্ৰিক অধিকাৰ পৰ্যন্ত কাঢ়ি লোৱা হৈছে৷ চৌদিশে সুযোগ সন্ধানী লোকৰ দপদপনি৷ মানৱতা, ভাতৃত্ববোধ সহনশীলতা যি হাৰত নোহোৱা হৈছে একে হাৰত বৃদ্ধি হৈছে হত্যা, ধৰ্ষণ, শোষণ, নিস্পেষণ৷ ভয়-শংকা, অনাস্থা-অবিশ্বাসে ব্যক্তিমনক চেপি-খুন্দি মাৰিছে৷ সংখ্যাগৰিষ্ঠ দৰিদ্ৰ জনসাধাৰণ আজি হতাশ, নিঃসঙ্গ, আতংকিত৷ একেদৰেই নগৰীয়া বিলাসিতা আৰু বিজ্ঞানপ্ৰযুক্তিৰ প্ৰাচুৰ্যৰ মাজত থাকিও আধুনিক মানুহ আজি অকলশৰীয়া৷ গতিকে মানৱতা, ন্যায় আৰু সত্যৰ পক্ষত থাকি সাহিত্যই সমাজ পৰিৱৰ্তন বা ব্যক্তিমনৰ পৰিৱৰ্তনৰ বাবে কিছু গুৰু দায়িত্ব বহন কৰিব লাগিব৷ সাহিত্যৰ জনপ্ৰিয় শাখা হিচাপে কবিতাৰ ভুমিকা এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ৷ আজিৰ কবিতা নিঃস্ব জনতাৰ সাহস হওক৷ কবিয়ে নিঃস্ব জনতাৰ হৃদয় সংবাদ স্পষ্টকৈ শুনাৰ যত্ন কৰক, বুজক৷ কবিয়ে শোষিত-নিস্পেষিত জনতাৰ মনত আশাৰ সঞ্চাৰ কৰিব লাগিব, সমাজক শোষণৰ পৰা মুক্ত হোৱাৰ পথ আৰু পদ্ধতি দেখুৱাব পাৰিব লাগিব আৰু ভাগি পৰা ব্যক্তিমনবোৰক মেৰামতি কৰিব লাগিব৷ কবিতা বিলাসিতা বা বঁটা-বাহন বা সস্তীয়া প্ৰশংসা লাভৰ উপায় নহওক, নহওক শোষক-শাসকক কৰা নিৰ্লজ্জ প্ৰশস্তি৷ আজিৰ কবিসকল নিৰলস সাধনাত মগ্ন হওক৷ জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ দৰে সমাজজীৱনৰ প্ৰতিটো কোণৰ লগত জড়িত হৈ সমাজৰ নাড়ী-নক্ষত্ৰ বুজক৷ কাৰণ, কবিতা লিখোঁ বুলিলেই লিখি দিয়া বস্তু নহয়৷ আচলতে কবিতা লিখা বস্তু নহয়েই, হৃদয়ত ভাৱবস্তু ওফন্দি চপচপীয়া হৈ পৰাৰ পাছত ই স্বতঃস্ফূৰ্ত ভাবে নিঃসৃত হোৱা বস্তুহে৷ তাৰমানে কবিতাৰ কথা, কবি আৰু কবিৰ জীৱনদৰ্শনৰ মাজত সামঞ্জস্যপূৰ্ণ সম্পৰ্ক থাকিব লাগিব৷ বাস্তৱজগতৰ লগত সম্পৰ্কবিহীন ৰোমাণ্টিক উত্তেজনাৰ অবিকল প্ৰকাশ বা বৌদ্ধিক চাতুৰ্যৰে কৰা শব্দবিলাসেই কবিতা নহয়৷ কবিতাত ঐতিহ্য চেতনা, সুন্দৰ ভৱিষ্যত গঢ়াৰ বাবে উপদেশ, আদৰ্শ আৰু বিশুদ্ধ আৰ্হি বা নক্সা কেউটা পাঠকে পাব লাগিব৷ কবিয়ে পাঠকৰ মন-মগজুৰ লগতে হৃদয়কো আলোড়িত কৰিব পাৰিব লাগিব৷ তেতিয়াহে, পাঠক-সমাজত কবিৰ পোটন বাঢ়িব আৰু সমাজজীৱনলৈও আশাব্যঞ্জক পৰিৱৰ্তন আহিব৷ সৰ্বোপৰি, কবিতাৰ নিৰ্মাণশিল্পত বা কাৰিকৰী দিশত অবশ্যেই কবি সিদ্ধহস্ত হ’ব লাগিব৷ আংগিকৰ বৈচিত্ৰ্য, প্ৰতীকৰ প্ৰয়োগ, চিত্ৰকল্প আৰু বক্ৰোক্তিৰ ব্যৱহাৰত নিপুণতা বা ব্যঞ্জনাময় প্ৰকাশত কবিৰ নিজা দক্ষতা, বুদ্ধি বা প্ৰতিভা ফুটি উঠিলেহে কবিগৰাকীয়ে বহল পাঠক সমাজত নিজাকৈ ঠাই পাব৷

লেখক এগৰাকী স্নাতকোত্তৰ শিক্ষক আৰু নিবন্ধকাৰ৷

কবিতা পঢ়াটো একপ্ৰকাৰ নিচা

ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা

ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

প্ৰধানকৈ বিভিন্ন কবিৰ কবিতা পঢ়াৰ মাজেৰেই কবিতাৰ সৈতে মোৰ সম্পৰ্ক। আনহাতে ময়ো নিজাববীয়াকৈ কবিতা লিখাৰ চেষ্টা কৰি আছোঁ।

আপুনি কবিতা কিয় পঢ়ে?

কবিতা পঢ়াটো একপ্ৰকাৰ নিচা বুলি ক’ব পাৰি। আনহাতে নিজৰ সৃষ্টিৰ বাবেও অনুপ্ৰেৰণা লাভ কৰোঁ।

 কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

সহজে বুজি পোৱা কবিতা পঢ়ি ভাল পাওঁ। যদিও কেতিয়াবা ব্যতিক্ৰমী প্ৰকাশ ভংগীয়ে মনটো চুই যায়।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

নতুন নতুন পৰীক্ষাৰ মাজেৰে কিছু কবিতা সৃষ্টি হোৱা দেখা পাইছোঁ। ই বোধকৰোঁ উন্নতিৰে চিন।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

অধ্যয়ন আৰু অনুশীলন— অংক কৰি যোৱাৰ দৰেই হ’ব পাৰে কবিতা সৃষ্টিৰো বাট।

ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা এগৰাকী কবি আৰু অসম চিকিসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।

আশাবাদৰ কবিতা মোৰ প্ৰিয়

ডাঃ জীতেন ভূঞা

ডাঃ জীতেন ভূঞা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

এজন শিক্ষিত ব্যক্তি বুলি নিজকে কোৱাৰ পৰিৱৰ্তে অলপ-অচৰপ পঢ়া-শুনা কৰি ভালপোৱা মানুহ বুলি ক’লেহে ভাল হ’ব। কবিতাৰ সৈতে মোৰ সম্পৰ্কটো কেনে ধৰণৰ বুলি সুধিলে একেষাৰতে উত্তৰ এটি দিয়াটো মোৰ বাবে অলপ কঠিন হয়। সঁচা কথা ক’বলৈ গ’লে আখৰ আৰু শব্দৰ লগত মোৰ চিনাকি হোৱাৰ সময়ৰপৰা খুব সণ্ঢালনিকৈ মই কবিতা পঢ়িছোঁ বুলি দাবী কৰিব নোৱাৰোঁ। হাইস্কুলীয়া নাইবা মহাবিদ্যালয়ৰ শিক্ষাৰ কালছোৱাত সাধাৰণতে শিক্ষা সম্পৰ্কীয় পাঠ্যপুথিৰ কবিতাৰ বাহিৰে অন্য ধৰণৰ প্ৰকাশিত কবিতাৰ লগত সামগ্ৰিক সম্পৰ্ক এটা গঢ়ি নুঠিলেয়েও (সম্ভৱ বিদ্যায়তনিক দিশৰ কবিতাৰ গতিধাৰাৰপৰা কবিতাৰ আধুনিক, উত্তৰ আধুনিক ধাৰাৰ সৃষ্টি হোৱাৰ বাবে) কবিতাৰ সৈতে এৰাধৰাকৈ সম্পৰ্ক এটা গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ। বিশেষকৈ দেৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আৰু সময় সাপেক্ষে আলোচনী, বাতৰিকাগজত প্ৰকাশিত কবিতাৰ লগত চিনাকি হোৱাৰ পৰা।

আপুনি কবিতা কিয় পঢ়ে?

প্ৰাত্যহিক জীৱনৰ দৃষ্টিত ধৰা দিয়া বিভিন্ন বিষয়ক দৃশ্যপট যেনে প্ৰকৃতিৰ অপৰূপ শোভা, ঋতুৰ পৰিৱৰ্তনে আঁকি দিয়া এখন ছবি, খাটি খোৱা মানুহৰ কঠিন জীৱনধাৰাৰ বিষাদগাথা, ক্ষয়িষ্ণু মানৱীয় মূল্যবোধৰ বৰ্ণনা, বিশাল ব্ৰহ্মাণ্ডত মানৱ জীৱনৰ অতি নগণ্য স্থিতি আদিৰ মূৰ্তিমান ছবি এখন বিচাৰিয়েই মই কবিতা পঢ়াৰ প্ৰয়াস কৰোঁ, যিয়েই মোৰ মন আৰু চেতনাক উদ্বেলিত কৰি কেতিয়াবা সুখৰ অনুৰণন নাইবা কাৰুণ্যৰ অনুভৱৰ অভিজ্ঞতাই জীৱনবোধক সমৃদ্ধ কৰে।

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

ওপৰত কৈ অহা অনুভৱখিনিতেই মোক কেনে ধৰণৰ কবিতাই তৃপ্তি দিয়ে তাৰ আভাস এটা সোমাই আছে। জীৱন-জগতৰ যিকোনো ঘটনা-পৰিঘটনাক পৰিশীলিত শব্দৰ সম্ভাৰৰ সৈতে বুদ্ধিদীপ্ত বাক্যৰ গাঁথনিৰে সাধাৰণ মানুহ বা পাঠকৰ মাজত সোমাই থকা বিমূৰ্ত ভাব বা ছবি এখন মূৰ্তিমান কৰি সজাই পাঠকৰ মাজলৈ আগবঢ়াই দিয়া কবিতাৰ সৃষ্টিয়ে মোৰ কবিতা পঢ়াৰ তৃপ্তিৰ খোৰাক যোগাই বুলি মই অনুভৱ কৰোঁ। অৱশ্যে প্ৰকৃতিৰ অনুপম চিত্ৰৰ কবিময় প্ৰকাশ, জীৱনৰ ক্ষুদ্ৰ পৰিক্ৰমাৰ পৰা জগতৰ বিশালতাত বিলীন হোৱা আদি প্ৰাপ্তিৰ সুখানুভূতি যোগাব পৰাকৈ সংগঠিত, সৰল অথচ অপূৰ্ব শব্দৰ সম্ভাৰ আৰু সন্তুলিত বাক্য চয়নৰ কবিতাই মোক আনন্দ দিয়ে বুলি ভাবোঁ। এটি সৰু উদাহৰণ দিব খুজিছোঁ, ড আনন্দ বৰমুদৈ ডাঙৰীয়াৰ দ্বাৰা সম্পাদিত স্পন্দন জীৱনৰৰ এপ্ৰিল-ছেপ্টেম্বৰ, ২০২২ সংখ্যাত খলিল জিব্ৰানৰ কল্যাণ ভূঞাই অনুবাদ কৰা ’ভয়’ শীৰ্ষক কবিতাটিত নদী এখনে নিজৰ অস্তিত্বক সাগৰত হেৰুৱাৰ ভয়ৰ বিপৰীতে নদীখনে সাগৰৰ বিশালতাত মিলি যোৱাৰ সুখৰ যি চিত্ৰপট কবিতাটিত প্ৰকাশ হৈছে সেয়া পাঠকৰ চিত্তক আন্দোলিত কৰিব পৰা সুখানুভূতি। নিৰাশাবাদৰ কবিতাৰ বিপৰীতে আশাবাদৰ কবিতা মোৰ প্ৰিয়। কাৰণ আশাবাদেই জীৱন-পৰিক্ৰমাত আগবাঢ়ি যোৱাৰ নিৰ্ণায়ক ভূমিকা পালন কৰে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতাৰ পাঠক হিচাপে অসমীয়া কবিতা সম্পৰ্কে একে উশাহতে মন্তব্য দিয়াটো মোৰ দৰে সাধাৰণ পাঠকৰ বাবে অলপ কঠিন। সঁচা কথা ক’বলৈ গ’লে বহুত কবিৰ কবিতা মই কেইবাবাৰো পঢ়াৰ পাছতো তাৰ সাৰমৰ্ম উলিয়াবলৈ অসমৰ্থ হওঁ। যদিও অসমীয়া বৰ্তমানৰ কাব্যচৰ্চাৰ পৰিধি ক্ৰমশঃ বিস্তাৰিত হৈছে বুলি ভাবোঁ, যিটো কছৰতে অসমীয়া কাব্য সাহিত্যৰ দিশটোৰ উত্তৰণ ঘটা যেন অনুভৱ কৰোঁ আৰু ভাষা-সাহিত্যৰ সমৃদ্ধিৰ বাবে ই এক প্ৰশংসনীয় পদক্ষেপ। ইয়াৰ মাজতো বহুতো কবিৰ সৃষ্টিৰ সাধাৰণ পাঠকৰ ওচৰত গ্ৰহণযোগ্যতাৰ ওপৰত এক সন্দেহ থাকি যায়। কিছু লেখকৰ (কবি বুলি লিখিবলৈ অলপ দ্বিধাবোধ কৰিছোঁ) কবিতা একোটা পঢ়ি মোৰ এনে ভাব হয় যেন কবিতাটোৰ অন্তৰ্নিহিত ভাবটো তলত কেইটামান শব্দৰে প্ৰকাশ কৰি দিলে পাঠকজনৰ বাবে কবিতাৰ মূল ভাবটো বুজাত সহায়ক হ’ব! কবিতা ৰচকসকলে এটা কথাত মনোযোগ দিয়াটো ভাল যে সাহিত্যৰ আনবোৰ দিশতকৈ কবিতাৰ পাঠকৰ সংখ্যা এনেয়ে কম। কিছু দুৰ্বোধ্য শব্দৰ বাক্য আৰু সহজে বুজিব নোৱাৰা বিষয়বস্তুৰে কবিতা ৰূপৰ অ-কবিতা কিছুমান সৃষ্টি কৰি পাঠকৰ মাজত সংশয় তথা কবিতাভীতি সৃষ্টি নকৰাই ভাল হ’ব বুলি অনুভৱ কৰোঁ। অৱশ্যে মোৰ এই মতামতটি সাধাৰণী কৰাটোও উচিত নহ’ব। কিন্তু এইটোও সঠিক যে অসমীয়া কাব্যচৰ্চা ধাৰাৰ বুৰবুৰণি ক্ৰমশঃ পূৰ্বতকৈ বৃদ্ধি হৈছে বুলি ভাবোঁ, যিটো অসমীয়া ভাষা-সাহিত্যৰ বাবে ধনাত্মক দিশ।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

বৰ্তমান কবিসকললৈ (সকলোলৈকে কিন্তু নহয়) মোৰ মাথোন এটিয়েই আহ্বান যে তেওঁলোকে কবিতা সৃষ্টি কৰোতে যি বিষয়বস্তু বাছনি কৰে সেয়া যেন সাধাৰণ পাঠকৰ সহজে বোধগম্য হয়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখে। ইয়াৰ উপৰি যিমান দূৰ সম্ভৱ হয় বিষয়বস্তু পৰিৱেশতন্ত্ৰী হোৱাটো প্ৰয়োজনীয়, যাতে প্ৰকৃতিৰ ধ্বংসৰ ফলত আমাৰ পৃথিৱীখলৈ নামি অহা দুৰ্যোগপূৰ্ণ অৱস্থাৰ অলপ হ’লেও উপশমৰ এটি বাৰ্তা থাকে। পৃথিৱীখনেই যদি নাথাকে সাহিত্যৰ জানো কিবা মূল্য থাকিব! ইয়াৰ লগতে ক্ষয়িষ্ণু মানৱীয় মূল্যবোধৰ উত্তৰণৰ বিষয়বস্তুৱে কবিতাৰ জনপ্ৰিয়তা বঢ়াব পাৰিব বুলি মোৰ অনুভৱ হয়।

ডাঃ জীতেন ভূঞা গুৱাহাটী-নিবাসী এগৰাকী অৱসৰপ্ৰাপ্ত পশু-চিকিৎসক আৰু লেখক।

কবিতাক হৃদয়েৰে ভাল পাব লাগিব

ইন্দু বৰুৱা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

কবিতাৰ সৈতে মোৰ আত্মাৰ সম্পৰ্ক। সেইবাবে হৃদয়ৰপৰা তাগিদা নাহিলে মোৰ কবিতা নিগৰি নাহে। কেতিয়াবা এনে হয়, সপ্তাহত দুই-তিনিটাকৈ কবিতা লিখা মইজনী মাহৰ পিছত মাহ কবিতাৰ নামত এডাল আঁচ টানিবলৈও সক্ষম নহওঁ। শিক্ষিত ব্যক্তি হিচাপে মই নিজকে  সমাজৰ বাবে দায়বদ্ধতাৰে কাম কৰিব বিচাৰোঁ।গৰিষ্ঠসংখ্যক মানুহৰ হৃদয় চুই যোৱা সমাজৰ উত্তৰণৰ দিশ নিৰ্ণয় কৰা কবিতাবোৰ সকলোৰে বাবে মঙ্গলজনক। সমাজৰ ক্ষতিকাৰক দিশবোৰ যেনে দুৰ্নীতি, শাসন- শোষণ, সমাজৰ অহিতকাৰী কাৰ্যকলাপবোৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰি গৰিষ্ঠসংখ্যক লোকৰ চেতনা জাগ্ৰত কৰিব পাৰিলেহে কবিতা সাৰ্থক হ’ব বুলি ভাবোঁ।

আপুনি কবিতা কিয় পঢ়ে?

কবিতা মোৰ বাবে মানসিক সন্তুষ্টি দিব পৰা উৎকৃষ্ট সমল। সৰুতে আমাৰ দিনত খেলা-ধূলাৰ বাহিৰে কিতাপ পঢ়াটো আজৰি সময়ৰ চখ আছিল। সহজ-সৰল, ছন্দোবদ্ধ কবিতাবোৰে শিশুমনক আকৃষ্ট কৰিছিল। ক্ৰমশঃ কৈশোৰ আৰু যুৱাৱস্থাত অসমৰ বিদেশী খেদা আন্দোলনৰ সৈতে জড়িত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে যুগজয়ী কবিসকলৰ দেশপ্ৰেমমূলক কবিতাবোৰ পঢ়ি তেনে কবিতাৰ প্ৰতি আকৃষ্ট হৈ তেনেধৰণৰ কবিতা লিখিবলৈ প্ৰয়াস কৰি দেশপ্ৰেমমূলক কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

যিধৰণৰ কবিতাই সাৰ্বজনীন ভাব প্ৰকাশ কৰি মানৱ মন উদ্বেলিত কৰিব পাৰে তেনে কবিতাবোৰ মোৰ প্ৰিয়।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতাই যথেষ্ট উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দেশে-বিদেশে অনুষ্ঠিত হোৱা কবি সন্মিলনবোৰলৈ  আমন্ত্ৰিত হৈ অসমৰ ভালেমান নমস্য কবিয়ে নিজৰ সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। বিশ্বমানৰ কবিতা লিখা আমাৰ ৰাজ্যৰ কবিসকলৰ কবিতা ভিন ভিন ভাষালৈ অনুবাদ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ প্ৰতিভা দেশৰ ভিতৰতে আবদ্ধ হৈ থকাটো বৰ পৰিতাপৰ বিষয়।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

কবিতাৰ পথাৰ চহাই-মৈয়াই উৎকৃষ্ট ফচল জগতসভালৈ উলিয়াই দিবলৈ কচৰৎ কৰি থকাসকলক কিবা ক’ব পৰাকৈ মই যোগ্য হৈ উঠা নাই। এতিয়াও মই শিকাৰুহে। সামাজিক মাধ্যমৰ জৰিয়তে বহু নতুন নতুন কবিয়ে কবিতা চৰ্চা অব্যাহত ৰাখি নিৰ্দিষ্ট স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এটা কথা মই বাৰে বাৰে অনুভৱ কৰোঁ, কবিতা লিখিবলৈ আনৰ ভাল কবিতা পঢ়িবই লাগিব আৰু সময়ে সময়ে ৰূপ সলনি কৰা কবিতাৰ নিৰ্মাণশৈলীক আয়ত্ত কৰিবলৈ কবিতাক হৃদয়েৰে ভাল পাব লাগিব।

ইন্দু বৰুৱা গুৱাহাটী নিবাসী এগৰাকী কবি।

কবিতা জীৱনৰ সঞ্জীৱনী

বীণা দেৱী

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?

মোৰ বাবে কবিতা জীৱনৰ সঞ্জীৱনী। হৃদয় আৰু উশাহৰ দৰে।

আপুনি কবিতা কিয় পঢ়ে?

কবিতা মই ভাল পাওঁ। অতি কম শব্দত বহু কথা কৈ যায়।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

আশাবাদী কবিতা মই ভাল পাওঁ। সৰল  শব্দৰে লিখা কবিতা পঢ়ি ভাল পাওঁ। কবিতাৰ ভাবাৰ্থয়ো মোক আকৰ্ষিত কৰে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্রতিক কবিতাত মই দেখা মতে কবিসকলৰ ভাষাত সৰলতা আৰু ভাবনাত স্পষ্টতা আছে। অত্যাধিক আবেগ আজিকালিৰ কবিতাত দেখা নাযায়। বৰ্তমান সমাজৰ সমস্যাৰ প্ৰতি কবিকল সজাগ আৰু নিজা শৈলীৰে তেওঁলোকে তাক প্ৰকাশ কৰিছে।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

ভাৱ প্ৰকাশৰ বাবে উপযুক্ত শব্দ নিৰ্বাচনত গুৰুত্ব দিয়া উচিত। অধ্যয়নৰ বিকল্প নাই।

বীণা দেৱী তিনিচুকীয়া জিলাৰ ডুমডুমা কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ।

কবিতাৰ পঠনে মনত অনাবিল প্ৰশান্তিৰ সৃষ্টি কৰে

ৰেণু ভূঞা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ লগত আমাৰ সম্পৰ্ক ইয়াৰ গতিময়তা, শব্দশৃঙ্খল, আঙ্গিকৰ উপস্থাপনত, যিয়ে আমাক যি কোনো এটা কবিতাৰ মাজলৈ আৰ্কষণ কৰি নিব পাৰে। আনহাতে জ্ঞানসন্ধানী হিচাপে আমি কবিতা এটাৰ গৰ্ভস্থ বিষয়বস্তুৰ উপলব্ধিত সাঙোৰ খাই পৰোঁ। অন্তৰ্নিহিত অৰ্থই কবিতা এটা স্বতঃস্ফূৰ্তভাবে গ্ৰহণ কৰাত সহায় কৰে।

আপুনি কবিতা কিয় পঢ়ে?

কবিতাৰ চৰ্চা বা পঠনে মনত অনাবিল প্ৰশান্তিৰ সৃষ্টি কৰে। কল্পিত বিষয়বস্তু এটাক সুন্দৰ শব্দ চয়ন আৰু বাক্যগাঁথনিৰে সজাই তোলাৰ অপূৰ্ব কৌশলৰ বাবে একেটা কবিতাকে বাৰে বাৰে পঢ়িবলৈ মন যায় আৰু তাতে কবিতা এটা  পঢ়াৰ তাগিদা নিৰ্ভৰ কৰে।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

প্ৰকৃতি অনুপম, অজৰ অমৰ। মানুহৰ জীৱন প্ৰকৃতিৰ প্ৰতিটো অণু-পৰমাণুৰ লগত সংপৃক্ত। ভগৱানৰ অনন্য অৱদান এই প্ৰকৃতিৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ৰচনা কৰা কবিতা মোৰ প্ৰিয়। তদুপৰি সাম্প্ৰতিক সামাজিক চিত্ৰ ৰূপায়িত হোৱা, অৰ্থনৈতিক অৱস্থাৰ ওপৰত ৰচনা কৰা ইতিবাচক বাৰ্তাবাহক কবিতাক মই গুৰুত্ব দিওঁ। সদায় চকুৰে দেখি থকা গছপাতখিলাও ছবি হ’লে মন টানি ধৰাৰ দৰে কল্পনাৰ জৰিয়তে কবি এগৰাকীয়েও তেওঁৰ সৃষ্টিৰাজিৰ মাজেদিয়েই পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰে। কবিৰ সকলো সৃষ্টিকেই সন্মান কৰোঁ। কবিতা এক কলা। চৌষষ্ঠি কলাৰ ভিতৰত কবিতাক আমি এটি সূক্ষ্ম কলা হিচাপে ধৰোঁ। যিমানেই কৰ্ষণ কৰা যায় সিমানেই সুমিষ্ট ফল পোৱা যায়। মন প্ৰফুল্লিত কৰা বা চিন্তাৰ খোৰাক দিয়া সকলো কবিতাই ভাল লাগে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সৃষ্টিত ন পুৰণি বুলি কথা নাথাকে। সুন্দৰৰ আৰাধনাতেই সৃষ্টিৰ প্ৰবণতা। এটা সময়ত বিশেষ কেইজনমান কবিৰ কথাহে জানিছিলোঁ। সময়ৰ লগে লগে কবিতা বহুলভাৱে চৰ্চিত হ’বলৈ আৰম্ভ কৰিছে। বিশেষকৈ সামাজিক মাধ্যমত কবিতাৰ চৰ্চা সততে দেখা পোৱা যায়। অৱশ্যে কিঞ্চিৎ হ’লেও ধাৰা সলনি হৈছে।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

নতুন কবিসকলক ক’বলৈ মন যোৱা কথাটো হ’ল– মহীৰূহসকলক সন্মুখত ৰাখি আগবাঢ়ি যোৱা। সকলো কবিতা পঢ়াৰ সুযোগ নাপালেও ধাৰাবাহক হিচাপে গণ্য কৰা কবিসকল যথেষ্ট সংবেদনশীল আৰু তেওঁলোকৰ লেখা উচ্চ পৰ্যায়ৰ। কিন্তু তাৰ মাজতে কিছু লোকৰ চৰ্চা অন্তঃসাৰশূন্য আৰু দুৰ্বোধ্য যেন দেখা যায়। কিছুমান শব্দ শিকি য’তে ততে ব্যৱহাৰ কৰিলে ই শব্দৰ সমষ্টিহে হয় কবিতা নহয়।

ৰেণু ভূঞা তিনিচুকীয়াৰ ডুমডুমা নিবাসী এগৰাকী কবি।

কবিয়ে নিজৰ সামাজিক দায়বদ্ধতাক কেতিয়াও পাহৰি যোৱা উচিত নহয়

বীৰ্কে বি. থাপা

birke b thapa
বীৰ্কে বি. থাপা

কবিতাৰ মই এজন অতি ছিৰিয়াছ পাঠক। সৰুৰে পৰাই মই কবিতা পঢ়ি আহিছোঁ। বিংশ শতিকাৰ আশীৰ দশকটো মোৰ যৌৱনৰ এটা সোণালী কাল। সেই সময়ছোৱাত আমি হেম বৰুৱা, নৱকান্ত বৰুৱা,হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদি অগ্ৰজ কবিৰ উপৰি আশীৰ দশকত আত্মপ্ৰকাশ কৰি নিজা একোটা শৈলীৰে সেই সময়ৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ কবিতা লিখি সুখ্যাতি লাভ কৰা সমীৰ তাঁতী, সনন্ত তাঁতি, নন্দ সিং, বিপুলজ্যোতি শইকীয়া, ৰফিকুল হুচেইন, ৰাজু বৰুৱা, মেঘালী ফুকন আদিৰ কবিতা খুব পঢ়িছিলোঁ।হীৰেন ভট্টৰ ‘দেশ বুলিলে আদেশ নালাগে’ৰ দৰে বিপ্লৱী ভাবাপন্ন কবিতাসমূহে আমাৰ চেতনাক যেনেদৰে বিদ্ৰোহী কৰি তুলিছিল তেনেদৰে ‘মমডাল এনেকৈ জ্বলি থকা দেখিলে মোৰ দুখ লাগি যায়/তাতকৈ ব’লা, এন্ধাৰতে বহোঁ’ৰ দৰে কবিতাসমূহে আমাৰ মনবোৰ ৰোমাণ্টিক বিষাদেৰে আৱৰি পেলাইছিল। সেইদৰে সনন্ত তাঁতিৰ বিদ্ৰোহী কবিতাসমূহ পঢ়ি আমাৰ মনবোৰ সাম্যবাদী চেতনাৰে উদ্বুদ্ধ হৈ উঠিছিল। সৰ্বহাৰাৰ দুৰ্জেয় শক্তিৰে শোষণমুক্ত সমাজ গঢ়াৰ সপোন জাগি উঠিছিল দুচকুত। মেঘালী ফুকনৰ কবিতাত প্ৰতিফলিত হোৱা গ্ৰাম্য আৰু নৈসৰ্গিক দৃশ্যবোৰে আমাৰ ল’ৰালিৰ ৰম্যভূমি পথাৰ, নৈ-জান-জুৰি, বোকা-পানী, খাল-দোং আদিক এনেদৰে সজীৱ কৰি তুলিছিল যে আমিও গ্ৰাম্য আৰু নৈসৰ্গিকতাৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিলোঁ। মেঘালী ফুকনৰ কবিতাত অনুৰণিত নিভাঁজ অসমীয়া শব্দবোৰেৰে উপচি পৰিছিল আমাৰ মন-প্ৰাণ।

এনেকৈয়ে কবিতাৰ প্ৰেমত পৰিছিলোঁ সৌ তাহানিতে। তাৰ পাছতে কবিতাই তাৰ সুদীৰ্ঘ পথপৰিক্ৰমাত অনেক পৰিৱৰ্তন লাভ কৰিলে। একবিংশ শতিকাৰ নতুন প্ৰজন্মৰ কবিতাত প্ৰকাশ পোৱা নতুন শৈলী, নিৰ্মাণ-ৰীতি, প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰেও আমাক যথেষ্ট আকৃষ্ট কৰে। নতুন প্ৰজন্মৰ কবিতাত প্ৰকাশ পোৱা ভাবৰ গভীৰতা আৰু বিষয়বস্তুৰ নতুনত্ব ভাল লাগে। আজিৰ কবিতা দুৰ্বোধ্য বুলি উঠা অভিযোগ সত্ত্বেও প্ৰণব কুমাৰ বৰ্মনৰ দৰে কিছুসংখ্যক কবিৰ কবিতাত দেখা পোৱা প্ৰবল সামাজিক দায়বদ্ধতা, শ্ৰেণীহীন সমাজ গঢ়াৰ স্বপ্নাতুৰ মন, ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্প কঢ়িওৱা শক্তিবোৰৰ বিৰুদ্ধে মুক্তভাৱে থিয় দিব পৰা নিৰ্ভীকতা আদিয়ে আমাৰ মনত সদায়ে এক আশাবাদ জগাই তোলে। সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ কবিতাই এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আমি বিশ্বাস কৰোঁ।

বহুতে কয় যে মানুহে ৰস আস্বাদনৰ বাবেই কবিতা পঢ়ে। আগতে হয়তো তেনেকুৱা কিবা এটা আছিল। আমাৰ কৈশোৰ আৰু যৌৱনৰ দিনবোৰতো আমি কবিতা পঢ়িছিলোঁ কেৱল ৰস আস্বাদনৰ বাবে। যৌৱনৰ দিনবোৰত পঢ়া প্ৰেমৰ কবিতাবোৰত নিজৰ অন্তৰ্বেদনা, আৱেগ-অনুভূতিৰ মিল দেখি আমোদ পাইছিলোঁ। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে কবিতা পঢ়াৰ উদ্দেশ্য কেৱল ৰসাস্বাদনেই হৈ থকা নাই। আজি মই কবিতা পঢ়োঁ নতুন প্ৰজন্মৰ মানসিকতা, সামাজিক দায়বদ্ধতা, অধ্যয়নৰ গভীৰতা আদি বিষয়বোৰ জনাৰ উদ্দেশ্যেৰে। যিসকল কবিৰ কবিতাত জীৱনৰ সত্যক আৱিষ্কাৰ কৰোঁ সেইসকল কবিৰ কবিতাই মই বাৰে বাৰে পঢ়োঁ—আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰোঁ আজিৰ প্ৰজন্মৰ দৃষ্টিভংগীক। নতুন প্ৰজন্মৰ বহু কবিয়ে প্ৰেমক লৈ অজস্ৰ কবিতা লিখিছে, যিবোৰ কবিতা পঢ়িবলৈ বা আবৃত্তি কৰিবলৈ ভাল। কিন্তু সুগভীৰ জীৱন-দৰ্শন আৰু সততা নথকা কবিতাই কেতিয়াও মনত স্থায়ী সাঁচ পেলাব নোৱাৰে। নীলিম কুমাৰৰ প্ৰেমৰ কবিতাসমূহত মই সদায়ে নতুনত্ব বিচাৰি পাওঁ—জীৱনক পৰ্যৱেক্ষণ কৰা নতুন দৃষ্টিভংগী বিচাৰি পাওঁ। নীলিম কুমাৰৰ ‘জোনাক ভাল পোৱা তিৰোতাজনী’ শীৰ্ষক কবিতাত প্ৰতিফলিত হোৱাৰ দৰে নাৰীৰ মান-অভিমান আদিৰ দৰে সূক্ষ্মাতিসূক্ষ্ম বিষয়বোৰ মই বিচাৰি চলাথ কৰোঁ নতুন প্ৰজন্মৰ কবিতাত। কাৰণ, সামাজিক দায়ৱদ্ধতাৰ লগে লগে নাৰীৰ আৱেগ-অনুভূতি, সমানাধিকাৰ আদিৰ প্ৰতি সহমৰ্মিতা আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত এক অত্যন্ত প্ৰয়োজনীয় বিষয় হৈ পৰিছে। নতুন প্ৰজন্মৰ কবিতাত এনেবোৰ বিষয় মই নিৰন্তৰ অন্বেষণ কৰোঁ।

গল্প, কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ সকলোবোৰ ক্ষেত্ৰৰে প্ৰধান বিষয় হৈছে প্ৰেম। এই প্ৰেম কেৱল নাৰী আৰু পুৰুষৰ প্ৰেমেই নহয়, এই প্ৰেম হ’ব পাৰে মানুহৰ প্ৰতি প্ৰেম, জাতিৰ প্ৰতি প্ৰেম, দেশৰ প্ৰতি প্ৰেম, প্ৰকৃতিৰ প্ৰতি প্ৰেম, নিঃসংগতাৰ প্ৰতি প্ৰেম, সংগীত, শিল্প-কলাৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি প্ৰেম, নিঃস্ব-সৰ্বহাৰাৰ প্ৰতি প্ৰেম অথবা নিৰ্দিষ্ট একোটা আদৰ্শৰ প্ৰতি প্ৰেম।কবিৰ কবিতাসমূহতো এই প্ৰেম প্ৰতিফলিত হয়। এই কবিতাবোৰেই মোৰ ভাল লাগে। কিন্তু মই ভাবোঁ, কবিতাত কেৱল সৰল চিত্ৰণ নাথাকি তাত সমাজৰ প্ৰতি একোটা বাৰ্তা (message) থকা উচিত। আজিৰ কবিয়ে নিজৰ সামাজিক দায়বদ্ধতাক কেতিয়াও পাহৰি যোৱা উচিত নহয়। সুন্দৰ শব্দ, বাক্য-সজ্জা, চিত্ৰকল্প আদিৰে আদৰ্শ-নৈতিকতাহীন কবিতা লিখি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰাতকৈ আজিৰ প্ৰজন্মৰ কবিয়ে তেওঁলোকৰ কবিতাৰ মাজেৰে সামাজিক দায়ৱদ্ধতাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা উচিত। সেইদৰে নতুন চিন্তা-চেতনাৰে জীৱনক পৰ্যৱেক্ষণ কৰা কবিতাসমূহেও আমাৰ দৰে পাঠকৰ চিন্তাৰ দ্বাৰ মুকলি কৰে। এনেধৰণৰ গভীৰ ভাবোদ্দীপক কবিতাই মোৰ প্ৰিয়।

সাম্প্ৰতিক অসমীয়া কবিতাৰ প্ৰতি মই সদায়ে আশাবাদী। সঁচা কথা যে, কবি নীলিম কুমাৰে কোৱাৰ দৰে সম্প্ৰতি বিভিন্ন কাকত-আলোচনী আৰু সামাজিক মাধ্যমসমূহত প্ৰকাশ পোৱা বহুসংখ্যক কবিতাই ‘অকবিতা’। এই কথাষাৰক লৈ এসময়ত যথেষ্ট বিতৰ্কৰো সূত্ৰপাত হৈছিল। কিন্তু কবিতাৰ এগৰাকী ছিৰিয়াছ পাঠক হিচাপে আমিও উপলব্ধি কৰোঁ যে সাম্প্ৰতিক কালৰ বহু কবিয়েই চমক সৃষ্টি কৰাৰ উদ্দেশ্যে জটিল শব্দ, বাক্যসজ্জা আৰু প্ৰতীক-চিত্ৰকল্প আদিৰে তেনেই দুৰূহ কবিতা লিখাত ব্ৰতী হৈছে। মই ভাবোঁ, কবিতা সহজবোধ্য হোৱাই মংগলজনক। আজিৰ কবিয়ে মনত ৰখা দৰকাৰ যে কবিতা হৈছে চিত্ৰশিল্পৰ দৰেই এক অত্যন্ত জটিল শিল্পকৰ্ম। অসাৱধানবশতঃ পৰা সামান্য এডাল আঁক বা ৰেখাৰ বাবে যিদৰে গোটেই ছবিখনেই নষ্ট হৈ যায়, ঠিক সেইদৰে এটা মাত্ৰ  শব্দ বা বাক্যৰ ভুল প্ৰয়োগৰ বাবে কবিতাৰ সমস্ত অন্তৰ্নিহিত ভাব বা শিল্পগুণ বিনষ্ট হ’ব পাৰে।

কি এই কবিতা? কবিতাৰ সাৰ্বজনীন সংজ্ঞা আজিলৈকে সম্ভৱ কোনেও দিব পৰা নাই। কবি ৱৰ্ডছৱৰ্থৰ সংজ্ঞা অনুসৰি সাধাৰণতে ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই কবিতা বুলি বহুতে ক’ব খোজে যদিও এই কথাও সত্য যে, আমাৰ মন-মস্তিষ্কত দোলা দি থকা অলেখ চিন্তা-ভাবনাৰ  বেছিভাগেই হয়তো শৃংখলিত আৰু সুবিন্যস্ত নহয় আৰু সেয়ে আৱেগিক মুহূৰ্তত উথলি উঠা ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই যে কবিতা—এই সংজ্ঞা বহু সময়ত মানি ল’বলৈ অসুবিধা হয়। বৰঞ্চ এই কথাহে সত্য যে অন্তৰত উথলি উঠা ভাব বা উপলব্ধিক অবিকৃতভাৱে প্ৰকাশ কৰাৰ তাগিদাতে কবিতাক বাৰে বাৰে ভাঙি-পিটি গঢ়া হয়, নিৰ্মাণ কৰা হয়। ডমহেন্দ্ৰ বৰাৰ মতে, কবিতা ৱৰ্ডছৱৰ্থে কোৱাৰ দৰে কেৱল আৱেগৰ অভিব্যক্তিয়েই নহয়, ইয়াত বৌদ্ধিক আৰু কল্পনাপ্ৰৱণতাৰ দিশ দুটাও সংলগ্ন হৈ থাকে।

কবিতা সৃষ্টিৰ প্ৰথম চৰ্তই হৈছে জীৱন আৰু জগতক সূক্ষ্মভাৱে উপলব্ধি কৰিব পৰাৰ সামৰ্থ্য। এই উপলব্ধিয়েই স্বতঃস্ফূৰ্তভাৱে কবিতাৰ ৰূপ লয়। কিন্তু কবিতাত ব্যৱহৃত শব্দ অথবা বাক্যসজ্জাবোৰক অভিব্যক্তিপূৰ্ণ কৰি তুলিবলৈ সূক্ষ্ম আৰু সচেতন মগজুৰে পুনৰ্নিমাণ কৰা হয়।

কিন্তু বহুসময়ত দেখা যায় যে কিছুসংখ্যক কবিয়ে তৎমুহূৰ্ততে কবিতা একোটা লিখি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰে। এনে কবিতাৰ সৰহ সংখ্যকেই ছিৰিয়াছ পাঠকৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। সামাজিক মাধ্যমত প্ৰকাশিত কবিতাসমূহত সততে দেখিবলৈ পোৱা অজস্ৰ লাইক-কমেণ্টেই কেৱল একোটা কবিতাৰ  মান নিৰূপণৰ প্ৰকৃত মাপকাঠি হ’ব নোৱাৰে। সেইদৰে কাকত-আলোচনীসমূহো ‘অকবিতা’ প্ৰকাশত বহুখিনি জগৰীয়া।কেইবাখনো আগশাৰীৰ আলোচনীতো মাজে-সময়ে তেনে কবিতা প্ৰকাশ পোৱা পৰিলক্ষিত হয়। গভীৰ অন্তৰ্দৃষ্টি, জীৱন আৰু জগত সম্পৰ্কে সূক্ষ্ম অনুভূতি, ইতিহাস-চেতনা, মনস্তাত্ত্বিক অধ্যয়ন, মানৱীয় অনুভূতি, ঐতিহ্য আৰু প্ৰমূল্যৰ প্ৰতি শ্ৰদ্ধা, প্ৰগতিশীল চেতনা ইত্যাদি অবিহনে কবিতাৰ সৃষ্টি যেনেদৰে অসম্ভৱ, তেনেদৰে কবিতাৰ বিচাৰো সম্ভৱপৰ নহয়। কিন্তু কিছু সংখ্যক কবিৰ ‘অকবিতা’বোৰক বাদ দি সাম্প্ৰতিক কালত অসমীয়া কাব্যজগতত বহু ভাল কবিতাও সৃষ্টি হৈছে—যি কথাক আমি স্বীকাৰ কৰিবই লাগিব। ইতিবাচক কথা এয়ে যে কবিতাৰ নিৰ্মাণশৈলীত দোষ-ত্ৰুটি থাকিলেও সাম্প্ৰতিক কালৰ অসমীয়া কবিসকলৰ কবিতাত প্ৰতিফলিত হোৱা এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সমাজ চেতনা। আজিৰ কবিয়ে তেওঁলোকৰ কবিতাৰ মাজেৰে শ্ৰেণী-বৈষম্যহীন সমাজ গঢ়াৰ প্ৰগতিশীল মানসিকতাক সততে প্ৰকাশ কৰা দেখা যায়। ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্পৰে এচাম লোকে দেশখন কলুষিত কৰি তুলিবলৈ অপচেষ্টা কৰি থকা সময়ত আমাৰ বহুসংখ্যক নতুন প্ৰজন্মৰ কবিয়ে তেওঁলোকৰ কবিতাৰে তেনে অপশক্তিৰ বিৰুদ্ধে মূৰ দাঙি উঠা অত্যন্ত শুভ লক্ষণ।

আজিৰ প্ৰজন্মৰ কবিসকলৰ প্ৰতি মোৰ আহ্বান এয়ে যে আপোনালোকে শিপাক পাহৰি নাযাব। নিজৰ জন্মভূমি, সমাজ, দেশৰ ঐতিহ্যক শ্ৰদ্ধা কৰি প্ৰবল এক সামাজিক দায়বদ্ধতাৰে কবিতা লিখাত ব্ৰতী হওক। জটিল শব্দেৰে দুৰূহ কবিতা লিখি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সহজভাৱে কবিতা লিখাত গুৰুত্ব দিয়ক। কেৱল বিলাসী ৰেষ্টুৰেণ্টত আয়োজিত কবি-সন্মিলনসমূহত স্পন্দিত সুৰেৰে স্পীকাৰত কবিতা পাঠ কৰি, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি পোৱাটোৱেই আপোনাৰ কবিতাৰ উদ্দেশ্য হোৱা উচিত নহয়। আপোনালোকে এনে কবিতা লিখক যি কবিতাই বৃহত্তৰ সংখ্যক সৰ্বসাধাৰণ পাঠকৰো হৃদয় স্পৰ্শ কৰিব পাৰে, তেওঁলোকক আন্ধাৰ ৰাতিৰ বাট দেখুৱাব পাৰে।

বীৰ্কে বি. থাপা এগৰাকী লেখক। বৃত্তিত তেওঁ এগৰাকী শিক্ষক।

গীটাৰৰ তাঁৰৰ দৰে টনটনীয়া হৈ থকা কবিতাই চাগৈ ভাল কবিতা

পল্লৱ প্ৰাণ গোস্বামী

পল্লৱ প্ৰাণ গোস্বামী
পল্লৱ প্ৰাণ গোস্বামী

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

 কবিতাৰ সৈতে মোৰ সম্পৰ্কটো মোটামুটি তিনি তৰপীয়া৷ স্বাভাৱিকতে প্ৰথমটো পঢ়ুৱৈ হিচাপে৷ পাঠ্যপুথিৰ কবিতাৰ পৰা আলোচনী-বাতৰিকাকত-সংকলনৰ কবিতা হৈ ছচিয়েল মিডিয়াৰ কবিতালৈ কবিতাক উপেক্ষা নকৰাকৈ চলি আহিছোঁ৷ দ্বিতীয় সম্পৰ্কটো কবিতাৰ এগৰাকী অনিয়মীয়া চৰ্চাকাৰী হিচাপে৷ স্কুলীয়া দিনত আৰম্ভ হোৱা অভ্যাসটো অৱশ্যে পাছলৈ কমিল৷ তৃতীয় সম্পৰ্কটো হʼল— কবিতা সম্পৰ্কীয় লেখা, আলোচনা, সমালোচনা আদি লেখাৰ পাঠক হিচাপে৷ সঁচা কথা কʼবলৈ গʼলে এই তৃতীয় বিষয়টোৱে মোক বেছি আনন্দ দিয়ে৷ এটা কবিতাৰ মাজেৰে নিজৰ যাত্ৰা আৰু আন এজনৰ যাত্ৰাৰ তুলনা, যাত্ৰাপথত নিজে আৰু আন এজনে আৱিষ্কাৰ কৰা অনেক খুটি-নাটিয়ে সততে মোক উত্তেজিত কৰি ৰাখে৷ কত শাখা-প্ৰশাখাৰে কবিতা একোটাৰ আলোচনা হʼব পাৰে, সেই বিষয়টো প্ৰথমবাৰলৈ অনুভূত কৰাইছিল বাঙালী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক জয় গোস্বামীৰ ৰৌদ্ৰ ছায়াৰ সংকলন শীৰ্ষক কিতাপখনে৷ আজিও এই কিতাপখনে মোক বিমল আনন্দ প্ৰদান কৰে৷ অসমীয়া ভাষাত তেনে ধৰণৰ আলোচনা দেখাৰ লোভটো থাকি যায়!

আপুনি কবিতা কিয় পঢ়ে?

কবিতা কিয় পঢ়োঁ বুলিলে উত্তৰটো পোনে পোনে দিয়া টান৷ গল্প এটা পঢ়াৰ কাৰণ, উপন্যাস এখন পঢ়াৰ কাৰণ, প্ৰবন্ধ এটা পঢ়াৰ কাৰণ সেই সেই বিষয়ে নিৰ্ধাৰণ কৰি দিয়াৰ দৰে কবিতায়ো বোধহয় কবিতা পঢ়াৰ কাৰণ নিৰ্ধাৰণ কৰি দিয়ে৷ আনন্দৰ বাবে? আৱিষ্কাৰৰ আনন্দৰ বাবে? হʼব পাৰে৷

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কবিতাই মানসিক-বৌদ্ধিক তৃপ্তি দিয়ে৷ কেতিয়াবা সৰলতাই, কেতিয়াবা অভিনৱত্বই তৃপ্তি দিয়ে৷ শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীতৰ কাব্য, কবীৰৰ দোহাৰ কাব্যই মন-প্ৰাণ ভৰাই তোলে৷ আৰু সততে হৃদয় আলোড়িত কৰে বুদ্ধিদীপ্ততা আৰু সাহিত্যিক চাতুৰ্যই৷ সেয়ে হয়তো সম্প্ৰতি ছচিয়েল মিডিয়াত শ্ৰীজাতে লিখা বুদ্ধিদীপ্ত আৰু সাহিত্যিক সৌন্দৰ্যৰে চিকমিকাই থকা কবিতাবোৰ বিচাৰি বিচাৰি পঢ়োঁ, কবীৰ সুমনৰ গানৰ কাব্য বাৰে বাৰে শুনো৷

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কত মোৰ অনুভৱ নাতিশীতোষ্ণ৷ ভালেমান ভাল কবিতা লিখা হৈ উঠিলেও কʼৰবাত যেন কিবা এক স্থবিৰতা! হয়তো একেধৰ্মিতাৰ স্থবিৰতা, হয়তো অতীততে থকাৰ প্ৰৱণতাৰ স্থবিৰতা, হয়তো ক্লিচেৰ স্থবিৰতা…! কবিতা লিখাত বিৰতি পৰা নাই, কিন্তু এই মুহূৰ্তত ʼঅসমীয়া কবিতাʼ বুলি চিনাকি দিবলৈ কিবা এক বৈশিষ্ট্যৰ অভাৱ যেন লাগে৷ সেই কাৰণেই হয়তো ব্যক্তিগতভাৱে নীলমণি ফুকনকে অসমীয়া কবিৰ ভিতৰত একেবাৰে শেহতীয়া আধুনিক কবি যেন লাগে৷ তথাপি এই আশা নিশ্চিতভাৱে আছে—  ভাল কবিতাবোৰ অচিৰেই একগোট আৰু সঘন হʼব, কবিসকলে নিজা একোটা বলিষ্ঠ কণ্ঠস্বৰ পাব, অসমীয়া কবিতাই জগতৰ সমীহ আদায় কৰিব৷

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

কবিসকললৈ মোৰ আহ্বান হয়তো ওপৰৰ দফাটোতে সোমাই আছে৷ তাৰ উপৰি কʼব খুজিছোঁ, যিকোনো লেখাৰ ক্ষেত্ৰত অধ্যয়নৰ গুৰুত্ব অনেক৷ গদ্য-পদ্যৰ পাঠ, কবিতা সম্পৰ্কীয় আলোচনাৰ পাঠে কবিসকলক নিশ্চিতভাৱে উপকৃত কৰে৷ এই প্ৰসংগতে মনত পৰিছে, আমি কবিতা লিখাৰ কচৰৎ কৰাৰ কথা শুনি কবি হীৰেন ভট্টাচাৰ্যই অতি আন্তৰিকতাৰে কৈছিল— “ভাল কবিতা লিখিবলৈ ভাল গদ্য পঢ়িবা”৷ কথাটো আমি মানি আহিছোঁ— গদ্য লিখাৰ ক্ষেত্ৰত ভাল কবিতাৰ অধ্যয়নে আৰু কবিতা লিখাৰ ক্ষেত্ৰত ভাল গদ্যৰ অধ্যয়নে সদায় সহায় কৰে৷ আমাৰ এটা চুটি লেখাত কবিতাক গণিতৰ লগত তুলনা কৰিছিলোঁ— অংক যিদৰে কিছুমান যুক্তিৰ নিকপকপীয়া সাজোন, কবিতাও সেই ধৰণেই নিকপকপীয়া হোৱা উচিত৷ মেদবৰ্জিত, যুক্তিযুক্ততাৰে গীটাৰৰ তাঁৰৰ দৰে টনটনীয়া হৈ থকা কবিতাই চাগৈ ভাল কবিতা!

পল্লৱ প্ৰাণ গোস্বামী এগৰাকী সমসাময়িক লেখক আৰু নীলা চৰাই নামৰ অসমীয়া ই-আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক।

মানবিশিষ্ট কবিতাৰ সংখ্যা সিমান বঢ়া নাই

ডাঃ ৰবীন মজুমদাৰ

image of dr robin majumdar

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?

কবিতাৰ লগত আন বহুতৰ দৰে মোৰো চিনাকি স্কুলৰ পাঠ্যপুথিৰ পদ্যৰ মাধ্যমেৰে। দশম মানলৈকে ছন্দবদ্ধ কবিতাৰ পাঠত অভ্যস্ত হৈ থাকি কলেজ পাই আধুনিক অসমীয়া তথা ইংৰাজী কবিতাৰ লগত চিনাকি। অৱশ্যে সেইবোৰত বিশেষ জটিলতা নথকাৰ বাবে ভাল লগা হৈয়ে আছিল। আনকি স্কুলত থাকোঁতে কবিতাৰ প্ৰতি আকৰ্ষিত হৈ বিশেষকৈ শৈলধৰ ৰাজখোৱাৰ “উঠাহে ফুলৰা, উঠাহে চতলা, উঠা দেৱবালা স্বৰূপ ধৰি” বা বিহগী কবিৰ “অ’ মোৰ সাদৰী ফুলামপাহি? শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি?” বা নলিনীবালা দেৱীৰ দেশপ্ৰেমমূলক কবিতা পঢ়ি তেনেধৰণে কবিতা লিখাৰ চেষ্টাও নকৰা নহয়। সেয়া নিশ্চয় কবিতাৰ প্ৰতি আকৰ্ষণ বা প্ৰভাৱৰ কাৰণেই আৰু তেনেদৰেই অংকুৰিত হোৱা কবিতাৰ বীজ এতিয়ালৈকে বৰ্তি আছে।

আপুনি কবিতা কিয় পঢ়ে?

কবিতা কিয় পঢ়োঁ বুলিলে স্বনামধন্য কবি হীৰুদাৰ ভাষাৰেই ক’ব লাগিব যে কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ, কিছু গ্লানি। কিবা কাৰণত গধুৰ হৈ থকা বা বিষাদগ্ৰস্ত মন কোনো প্ৰিয় কবিতাৰ পাঠে পাতল কৰি দিয়ে, বিষাদ দূৰ কৰে, যেন এন্ধাৰত বাট বিচাৰি নেপাই ঘূৰ্মুটিয়াই থাকোঁতে পোৱা বাটৰ সন্ধান বা দেখা পোহৰৰ ৰেঙনি!

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

কেনেধৰণৰ কবিতা বুলিলে একে আষাৰেই ক’ব লাগিব, বুজি পোৱা কবিতা, অন্ততঃ কবিয়ে যি ভাব লৈ লিখিছে তাৰ এশ শতাংশ নহ’লেও ষাঠি-সত্তৰ শতাংশ বোধগম্য হ’ব লাগিব, হৃদয়ংগম কৰিব পৰা হ’ব লাগিব, সেয়া কোনো বিখ্যাত প্ৰিয় কবি বা অখ্যাত কবিৰো কবিতা হ’ব পাৰে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, পাৰ্বতিপ্ৰসাদ বৰুৱা, অমূল্য বৰুৱা, গণেশ গগৈ, যতীন্দ্ৰনাথ দুৱৰা, দেৱকান্ত বৰুৱা, হেম বৰুৱা, নৱকান্ত বৰুৱা, ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈকে ধৰি নমস্য কবিসকলে অসমীয়া কবিতাক যি এক অতি উচ্চ স্থানত অধিষ্ঠিত কৰি থৈ গৈছে, সেই ধাৰা এতিয়াও কোনো কোনো কবিৰ ৰচনাত প্ৰবহমান বুলি ক’ব পাৰি এইবাবেই যে কবিতাৰ বাবেই অসমীয়া সাহিত্যলৈ শেহতীয়াকৈ আহিছে অতি সন্মানীয় জ্ঞানপীঠ বঁটা। তথাপি ক’ব লাগিব যে সাম্প্ৰতিক কালত সংখ্যা যথেষ্ট বাঢ়িছে যদিও মানবিশিষ্ট কবিতাৰ সংখ্যা সিমান বঢ়া নাই।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

কবিতাৰ সৃষ্টি যিহেতু কবিৰ একান্ত নিজৰ বিষয়, তেনে ক্ষেত্ৰত তেওঁলোকৰ সৃষ্টি সম্পৰ্কে কিবা আহ্বান জনোৱাৰ অৱকাশ আছে নে নাই, কথাটো ভাবি চাবলগীয়া। তথাপি ক’ব পাৰি যে কবিতাৰ মাধ্যমেৰে সাহিত্য-সেৱা কৰিব খোজাসকলে, বিষয়টো কেৱল ‘হবি’ হিচাপে নলৈ গুৰুত্বসহকাৰে লওক, অগ্ৰজ কবিৰ কবিতা অধ্যয়ন কৰক, আধুনিক অসমীয়া কবিতা মানে দুৰ্বোধ্য কিবা এটা বোলা তথাকথিত অপবাদ দূৰ কৰিবলৈ দুৰ্বোধ্য ৰচনা পৰিহাৰ কৰি পঢ়ুৱৈয়ে কিছু বুজি পোৱাকৈ লিখাৰ কথা চিন্তা কৰক, আৰু ‘তৰলতা’ৰ এক লক্ষ্মণৰেখা নিজেই ঠিক কৰি লওক।

ডাঃ ৰবীন মজুমদাৰ গুৱাহাটী নিবাসী এগৰাকী জ্যেষ্ঠ গল্পকাৰ, ঔপন্যাসিক।

কবিতাৰ বিষয়ে মোৰ ধাৰণা

প্ৰদীপ কুমাৰ গগৈ

প্ৰদীপ কুমাৰ গগৈ

উক্ত শিৰোনামাৰে মোক Poetry without Fearৰ ফালৰ পৰা সাতশ মান শব্দৰ ভিতৰত লিখিবলৈ কৈছে। মই কবি নহওঁ, মাজে সময়ে কবিতা পঢ়োঁ, সেই বুলি কবিতাৰ ‘চমজদাৰ’ হৈ লিখাৰো সামৰ্থ্য নাই। মনত পৰিল C.P. Snow- ৱে ১৯৫৯ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া The Two Cultures নামৰ Rede বক্তৃতালৈ, যিটো পাছত গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল আৰু বিজ্ঞানসেৱী আৰু আন বুদ্ধিজীৱীসকলৰ মাজত খলকনি লগাইছিল। চীন দেশৰ চাহৰ চমজদাৰৰ বিষয়ে লিন উটাঙে The Importance of Living গ্ৰন্থত আৰু আমাৰ ‘ৰূপৰ টিলিঙাৰ মাত’ৰ কবি প্ৰয়াত ড মহেন্দ্ৰ বৰাই বিভিন্ন দেশৰ কবিতাৰ জুতিৰ বিষয়ে লিখা অপূৰ্ব পুথি ফুল তৰা গানৰ মুখবন্ধত এনেকৈ কৈছে–‘‘চীনদেশৰ চাহৰ চমজদাৰে হেনো পিয়লাত সোহা মাৰি উঠিয়েই ক’ব পাৰে, সেইখিনি কোন বাগিচাৰ চাহপাত! চাং টাই নামৰ এজন চমজদাৰে মিন ৱেনচুই নামৰ আন এজন চমজদাৰৰ ঘৰত চাহ খাবলৈ বহিছিল। মিন ৱেনচুৱে আগবঢ়াই দিয়া চাহৰ পিয়লাটো হাতত লৈ চাঙে দেখা পালে, চাহ আৰু পিয়লাৰ ৰং একেই; চাহ পিয়লাটোৰ কিমানলৈকে আছে মনিবই নোৱাৰি, কেৱল নামত এটা সুন্দৰ গন্ধ লাগিছে। তেওঁ তেতিয়া মিনক সুধিলে, ‘‘চাহপাত খিনি ক’ৰ?” মিনে উত্তৰ দিলে, ‘‘লাংৱানৰ।” চাঙে পিয়লাটোত সোহা মাৰি ক’লে, ‘‘ওঁহো নহয়। চাহ কৰা নিয়মটোহে লাংৱানৰ, পাতখিনি কিন্তু লোচিয়েহৰ।” মিনে মিচিকিয়ালে। মই কিন্তু কবিতাৰ ইমান চমজদাৰ নহয় আৰু কবিতাৰ বিষয়ে মোৰ ধাৰণা, জুতি, ভাল লগাৰ কাৰণ সকলোৰে গ্ৰহণযোগ্য নহ’ব।

মোৰ বাবে কবিতা হ’ল অতি কম শব্দত প্ৰকাশ কৰা প্ৰকৃতি আৰু সমাজৰ কোনো বিষয়ক লৈ কবিৰ অভিজ্ঞতা, কল্পনা; তাত থাকে ব্যঞ্জনা, ছন্দ, শব্দ অলংকাৰ, প্ৰতীক, পটভূমি, সমমিতি বা Symmetry আৰু কোনো কোনো ক্ষেত্ৰত কবিতাৰ সাংগীতিক লয়। ধ্বনি আৰু শব্দ চয়ন কবিতাৰ সৌন্দৰ্যৰ আন দুটা উপাদান।

মই ভালপোৱা অসমীয়া কবিসকল : দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, অমূল্য বৰুৱা, গণেশ গগৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা (গীতি কবিতা), বীৰেশ্বৰ বৰুৱা, হেম বৰুৱা, ৰাম গগৈ, ৰবীন্দ্ৰ সৰকাৰ, মহেন্দ্ৰ বৰা, নলিনীধৰ ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য ইত্যাদি। অসমৰ অতি নতুন চামৰ কবিসকলৰ বহুতৰে কবিতা বুজি পাবলৈ টান বা মই বিচৰা সৌন্দৰ্য নাপাওঁ, শব্দৰ কোলাহলত যেন কবিতাৰ ছন্দ হেৰাই যায়। বিদেশী কবিসকলৰ ভিতৰত মোৰ প্ৰিয় আছিল খলিল জিব্ৰান (The Prophet), ওৱৰ্ডছৱৰ্থ, কীটছ, ছীলভিয়া প্লাথ, ৰিলকে, টি. এছ. এলিয়ট, এমিলী ডিকিনছন, নাজিম হিকমত, পাবলো নেৰুডা ইত্যাদি আৰু বঙালী কবি সুকান্ত ভট্টাচাৰ্য, জীবনানন্দ দাশ আৰু ৰবীন্দ্ৰনাথ। অসমৰ নতুন কবিসকলৰ প্ৰসঙ্গত ৰামধেনু যুগৰ কবি, সমালোচক ড দিলীপ বৰুৱাই দিয়া কলৰিজৰ এটা উদ্ধৃতি দিবলৈ মন যায় (ড দিলীপ বৰুৱাৰ সমালোচনা সাহিত্য, সম্পাদক ৰঞ্জন ভট্টাচাৰ্য, যোৰহাট, ২০২০) “Poetry gives most pleasure when only generally and not perfectly understood.”

ৰবীন্দ্ৰ সৰকাৰৰ কবিতাবোৰ মূলভাবাৰ্থৰ যেন এক মণিময় অবিৰত যাত্ৰা, ক’তো যতি নাই আৰু শব্দৰ জোনাকীয়ে যেন স্নিগ্দ্ধ আলোক প্ৰদান কৰে। তেওঁৰ আত্মকথা ‘দিনবোৰ মোৰ সোণৰ সজা’তখনো আৰম্ভণিৰে পৰা কাব্যিক বিস্ময়েৰে ভৰা। সৰু অথচ কাব্যিক মাধুৰ্যৰে পূৰ্ণ, শৰৎকালৰ জোনাক নিশাৰ পোহৰে যেন আৰু কবিত্বময় কৰি তুলিছে।

দেৱকান্ত বৰুৱা মূলতে যৌৱনৰ, প্ৰেমৰ আৰু অসমীয়া আধুনিক কবিতাৰ ভগীৰথ, অগ্ৰদূত। তেওঁৰ কবিতাত জগতৰ শাশ্বত নীতি– সকলোৰে আৰম্ভণি আৰু শেষ আছে; প্ৰেম-নিৰাশাৰ মাজতো আছে আদি-অন্ত। তেওঁৰ শব্দৰ যাদুময় ঝংকাৰ আৰু সমমিতি (Symmetry) কবিতাৰ সৌন্দৰ্যৰ মূল উপাদান।

“পদুমৰ পাহি সৰে,	বসন্ত লেৰেলি পৰে
               মাৰ যায় তৰা
হাঁহি আৰু মৰণৰ	অপূৰ্ব আভাৰে দীপ্ত
              এই বসুন্ধৰা” (পৃথিৱী)

এনেধৰণৰ আন এটি কবিতাৰ স্তৱক হ'ল–
“প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি!
        কিনো বেদনাত 
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেবীক বিসৰ্জো আমি বিজয়াৰ
       বিফল সন্ধ্যাত” (সাগৰ দেখিছা)
অথবা,
“আমাক পাহৰি যাব অনাগত ভৱিষ্যই, মানুহৰ
     মিছা ইতিহাস,
আমাক পাহৰি যাব প্ৰভাতৰ পূবেৰুণে সন্ধিয়াৰ
     সুন্দৰ আকাশে।” (কলংপাৰত)

দেৱকান্তৰ ‘বিহুৰ পেঁপা’ কবিতাটো যেন প্ৰকৃতি-মানুহৰ নৱযৌৱনৰ লহৰ, অপূৰ্ব। সেইদৰে ‘লাচিত ফুকন’, ‘যৌৱন’, ‘আমি দুৱাৰ মুকলি কৰোঁ’ আৰু ‘মোৰ দেশ মানুহৰ দেশ’ কবিতাকেইটা যৌৱনৰ পাৰ বাগৰা পৰিপক্ব বয়সৰ কবিতা। বহু ক্ষেত্ৰত কবিতাৰ ৰসাচ্ছাদন কৰিবলৈ হ’লে পটভূমিৰ ঐতিহাসিক জ্ঞানৰ প্ৰয়োজন। এই কথা মোৰ ভাল লগা দেৱকান্ত, নৱকান্ত, এলিয়ট, ৰিলকে, ছীলভিয়া প্লাথ, জীৱনানন্দ সকলোৰে ক্ষেত্ৰত অনুভব কৰোঁ। দেৱকান্তৰ বিখ্যাত সঙ্গীতময় কবিতা ‘আমি দুৱাৰ মুকলি কৰোঁ’ৰ কোন এই নিক’লাচ ৰ’ৰিক? ৰ’ৰিক (১৮৭৪-১৯৪৭) হ’ল এক ৰহস্যবাদী চিত্ৰকৰ, UNESCOৰদৰে অনুষ্ঠান স্থাপনৰ প্ৰেৰণা; জন্ম হৈছিল ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত। ১৯১৭ চনৰ ৰাছিয়াত সাম্যবাদ প্ৰতিষ্ঠাৰ পাছত আমেৰিকালৈ প্ৰব্ৰজন কৰি ১৯২৩ চনত ভাৰতলৈ আহে হিন্দু আৰু বৌদ্ধ দৰ্শনৰ প্ৰতি আগ্ৰহী হৈ। ইতিমধ্যে প্ৰথম মহাযুদ্ধ শেষ হৈছে, সমগ্ৰ ইউৰোপ-এছিয়াত ভীষণ মন্দাৱস্থা হ’লেও আমেৰিকাৰ অৰ্থনীতিৰ জয়জয়কাৰ অৱস্থা আৰু প্ৰায়বোৰ লোক ভোগবাদৰ চৰম শিখৰত, কিন্তু একে সময়তে সমাজত হতাশা, নৈৰাশ্য তথা পুঁজিবাদৰ হাতোৰাত মানৱতা ভূলুণ্ঠিত। এনে সময়তে ৰ’ৰিকে ‘And we are opening the Gate’ নামৰ ছবিখন আঁকিছিল, যিটো ইতিহাসবেত্তা দেৱকান্তৰ কবিতাৰো শিৰোনাম। ছবিখনত দেখা যায় যে এখন সুউচ্চ পুৰণি, এন্ধাৰ ৰঙৰ কোনো গীৰ্জাৰ খোলা দুৱাৰেদি সুদূৰৰ নাতিউচ্চ পাহাৰৰ নামনিত এটি উজ্জ্বল মঠ, যাৰ চাৰিওফালে সোণালী হালধীয়া ৰঙৰ পোহৰৰ তিৰবিৰণি; এন্ধাৰ দেৱালৰ মুখত দুজন সন্তৰ মূৰ্তি আৰু একাষে এটা ঘণ্টা ওলমি আছে। প্ৰতীকি অৰ্থত ই ইংগিত দিছে ভোগবাদী, এন্ধাৰ হতাশাৰ যৱনিকা ভাঙি আধ্যাত্মিকতাৰ পোহৰ দৰ্শন। দেৱকান্তয়ো বাস্তৱত সেই দ্বিতীয় মহাসমৰৰ পাছত ইউৰোপ, এছিয়াত ক’তো যেন মুকলি দুৱাৰেদি আলোকিত পৃথিৱী নেদেখিলে, সকলোতে মাত্ৰ যুদ্ধোত্তৰ পৃথিৱীৰ হতাশা! কেৱল সেই কিতাপৰ দ’মৰ ওপৰত থকা ছবিখনতহে দুৱাৰ মুকলি দেখা পাইছে। আন এটা কবিতা ‘মোৰ দেশ মানুহৰ দেশ’ত পাওঁ–

‘‘সৃজনৰ আবেগত হাবি কাটি নগৰ সাজিছে
জীৱনৰ মৃত্যু দীপ্ত তীব্ৰ প্ৰেৰণাত
পাৰ হৈ উচ্ছল বাৰিধি
পাৰ হৈ গভীৰ অৰণ্য
দীপময় ভাৰত গাঢ়িছে
কম্বোজত সাজিছে ওঙ্কাৰ ধাম।''

এয়া হ’ল সপ্তম-অষ্টম শতিকাত দক্ষিণ ভাৰতৰ চোল-পাণ্ড্য ৰাজত্বৰ সময়ত বহুতো সদাগৰে ইন্দোচীনত উপনিবেশ পাতি ভাৰতীয় সংস্কৃতিৰ পোহৰ বিলাইছিল। আজিৰ কম্বোডিয়া সেই কালৰ কম্বোজ আৰু ভিয়েটনাম আছিল চম্পা, বালি-সুমাত্ৰাতো একেই কথা। বৰ্তমানৰ কম্বোডিয়াৰ চিয়েম-ৰিয়েপ নগৰত অঙ্কোৰ বা নগৰ সাজি বিশাল ৱাট (মন্দিৰ) সাজিছিল বিষ্ণু মন্দিৰ ৰূপে, আজিও অক্ষত পৃথিৱীৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ, UNESCO Heritage ঘোষিত, পাছলৈ বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰ হ’ল। তেনেদৰে–

‘‘আত্মাৰ আদেশ মানি
অতিক্ৰমি হিমালয়
তিব্বতৰ বৰফ স্তূপত যি মানুহে
মৈত্ৰী আৰু অহিংসাৰ
শলিতা জলালে...''

খ্ৰীষ্টীয় ষষ্ঠ-সপ্তম শতিকাতে নালন্দা আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ বৌদ্ধ পণ্ডিত শান্ত ৰক্ষিত, পদ্মসম্ভৱ আৰু শ্ৰীজ্ঞান দীপাঙ্কৰে তিব্বতত বৌদ্ধবিহাৰ প্ৰতিষ্ঠা কৰি জিংঘাসু লোকসকলক শান্তি, মৈত্ৰী, অহিংসা আৰু কৰুণাৰে দীক্ষিত কৰিলে। ঠিক তেনেকৈ এলিয়টৰ The Waste Land  কাব্য (প্ৰকাশ ১৯২২) সেই প্ৰথম বিশ্বযুদ্ধৰ পাছৰ অশান্ত আৰু বিশৃংখল সমাজৰ প্ৰতীকবাদী প্ৰকাশ। ইয়াত পাঁচটি কবিতা The Burial of the Dead, A Game of Chess, The Fire Sermon, Death by water আৰু What the Thunder said। পঞ্চম কবিতাটোৰ শেষৰ ফালে তেওঁ বৰ্ণনা কৰিছে এই অশান্ত জৰ্জৰিত সংসাৰত শান্তিৰে থাকিবলৈ হ’লে আমি সেই বৃহদাৰণ্যক উপনিষদৰ (৫.১) মহাণ মন্ত্ৰ মনত ৰাখিব লাগিব–

Datta, Dayadham, Dayamata
Santih, Santih, Santih

অৰ্থাৎ দিয়া (দান কৰা), অনুকম্পা-কৰুণা প্ৰদৰ্শন কৰা, নিজকে দমন কৰি ৰখা। তাৰ পাছত সকলোৰে শান্তি, শান্তি, শান্তি।

সেইদৰে ছীলভিয়া প্লাথ আৰু ৰেইনাৰ মাৰিয়া ৰিলকেৰ কবিতাত বাইবেলৰ Lazarus প্ৰসঙ্গ পোৱা যায়। ৰিল্কেৰ ‘The Raising of Lazarus’ আৰু ছীলভিয়া প্লাথৰ ‘Lady Lazarus’ কবিতাত থকা Lazarus প্ৰসঙ্গই কি সূচায়? বাইবেলৰ কাহিনীটো হ’ল যীশুৰ প্ৰিয় শিষ্য মাৰ্থা আৰু মৰিয়মৰ ভায়েক Lazarus বেমাৰ হৈ ঢুকালত তেওঁক চাৰিদিনৰ পাছত কবৰৰ পৰা জীৱিত অৱস্থাত উলিয়াই আনিছিল (বাইবেল, জ’ন ১১), ঠিক যেন ছাইৰ পৰা ফীনিক্স পক্ষীৰ পুনৰ জনমৰ দৰে। অৰ্থাৎ প্লাথে মৃত্যুলৈ ভয় নকৰে, কাৰণ তেওঁ পুনৰ জন্ম হৈ অন্যায়ৰ প্ৰতিশোধ ল’ব। সেয়েহে কৈছে–

‘Dying
Is an art, like everything else
I do it exceptionally well’

ঠিক সুগন্ধি পখিলাৰ কবিয়ে কোৱাৰ দৰে ‘মৃত্যুওতো এটা শিল্প…’। আচৰিত মিল! সেইবাবেই ছীলভিয়া প্লাথে আত্মহত্যা কৰিছিল। মোৰ ধাৰণা কবিতা অতি কম শব্দত কবিৰ অভিজ্ঞতা, অনুভৱক নান্দনিক ৰূপে, সৌন্দৰ্যৰ বিবিধ আহিলাৰে ভূষিত হৈ প্ৰকাশ কৰা এক মাধ্যম। খলিল জিব্ৰানৰ Prophet কাব্যৰ দুটামান উদাহৰণ : দানৰ বিষয়ে কৈছে–

‘‘And there are those who give and know not
pain is giving, nor do they seek joy,
nor give with mindful of virtue;
they gave as in yonder valley the myrtle
breath its fragrance into space.
Through the hands of such as those
God speaks, and from behind their eyes
He smiles upon the earth.''

নাৰী-পুৰুষৰ বিবাহৰ সম্পৰ্কত কৈছে :

“But let there be spaces in your togetherness
And let the winds of heavens dance
between you...
And stand together yet not too near together
For pillars of the temple stand apart
And the Oak tree and the Cypress grow not
is each other's shadow''

সেইদৰে অকালতে মৃত্যু হোৱা কবি অমূল্য বৰুৱাৰ ‘কয়লা’, ‘কুকুৰ’, ‘বেশ্যা’ আদি কবিতাত দ্বিতীয় মহাসমৰৰ সময়ৰ কলিকতাৰ এখন স্পষ্ট ছবি দেখা পাওঁ। তেনেধৰণৰ অভিজ্ঞতাকেই যেন প্ৰকাশ কৰিছিল অমূল্য বৰুৱাৰ সমসাময়িক আৰু কম বয়সতে মৃত্যু হোৱা কবি সুকান্ত ভট্টাচাৰ্যই। তেওঁৰ ‘ৰানাৰ’ আৰু ‘হে মহাজীবন’ মোৰ প্ৰিয় কবিতা। ‘হে মহাজীৱন’ত জীৱনৰ ৰূঢ় বাস্তৱ প্ৰকাশ পাইছে এনেদৰে :

‘‘হে মহাজীবন, আৰ এ কাব্য নয়
এবাৰ কঠিন, কঠোৰ গদ্যে আনো,
পদ-লালিত্য-ঝঙ্কাৰ মুছে যাক
গদ্যেৰ কড়া হাতুৰিকে আজ হানো!
প্ৰয়োজন নাই, কবিতাৰ স্নিগ্ধতা
কবিতা তোমায় দিলাম আজকে ছুটি,
ক্ষুধাৰ ৰাজ্যে পৃথিবী-গদ্যময় :
পূৰ্ণিমা-চাঁদ যেন ঝলসানো ৰুটি।''

যৌৱনৰ সন্ধিক্ষণত ভাল লাগিছিল জীবনানন্দ দাশৰ বনলতাসেন কবিতাপুথিৰ ‘বনলতা সেন’, ‘ধানকাটা হয়ে গেছে’ আৰু ধূসৰপাণ্ডুলিপিত থকা ‘পঁচিশ বছৰ পৰে’ আদি কবিতা। শেষত আৱাহন যুগৰ কবি হেম বৰুৱা আৰু দেৱকান্ত বৰুৱাৰ খুব মিল থকা দুটি কবিতাৰ কলিৰে সামৰিছোঁ।

‘‘আমাৰ পথাৰ ৰমক জমক
ভদাইৰ আগ চোতালত
দোৰপতি থৰক বৰক
মাকো সৰি সৰি পৰে।'' (হেম বৰুৱা)
			
‘‘দহোটি আঙুলি চপাঁকলি যেন
পদুমৰ ঠাৰি দুখনি হাত
চুই দোৰপতি থৰক বৰক
তত নাইকিয়া মাকোৰ গাত।'' (দেৱকান্ত বৰুৱা)

এনেদৰেই কবিতাৰ সৌন্দৰ্যই আমাৰ অনুভূতিক জগাই তোলে।

প্ৰদীপ কুমাৰ গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়নবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু অসমৰ এগৰাকী বিশিষ্ট লেখক আৰু অনুবাদক। উচ্চ মানৰ গৱেষণাপত্ৰিকাত ৰসায়নবিজ্ঞানৰ ভালেমান গৱেষণাপত্ৰ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ ছখন গ্ৰন্থ প্ৰকাশ পাইছে। বৌদ্ধ আৰু চুফী দৰ্শন তেওঁৰ বিশেষ আগ্ৰহৰ বিষয়।