প্ৰণয় ফুকনৰ শেহতীয়া কবিতা

প্ৰকল্প ৰঞ্জন ভাগৱতী

প্ৰণয় ফুকন সাম্প্ৰতিক অসমীয়া কাব্য-জগতৰ এটি গুৰুত্বপূৰ্ণ কণ্ঠ। তেওঁৰ কবিতাত সমকালীন সমাজ আৰু পৰিৱেশৰ পোনপটীয়া প্ৰতিফলন দেখিবলৈ পোৱা যায়। সমাজজীৱনৰ বিভিন্ন সমস্যাক লৈ তেওঁৰ কবিকণ্ঠ সোচ্চাৰ। তেওঁৰ বহু কবিতা সামাজিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে একেসময়তে প্ৰতিবাদ আৰু প্ৰতিৰোধৰো কবিতা (Poems of protest and resistance)।

ফুকনৰ কবিতাৰ বিৰুদ্ধে দুৰূহতাৰ অভিযোগ নাই। বিভিন্ন কাৰণত কবিতা দুৰুহ হয়। তাৰে এটা ঘাই কাৰণ হ’ল বক্তব্য বিষয় সম্পৰ্কে কবিৰ ধাৰণাৰ অস্বচ্ছতা। বহুতে ভাষাৰ চতুৰালিৰে তেনে অস্বচ্ছতাক ঢাকি ৰখাৰ প্ৰয়াস কৰে আৰু ফলত কবিতাই জটিল ৰূপ ধাৰণ কৰে। ফুকনৰ কবিতাত তেনে সমস্যা নাই। তেওঁৰ ক’বলগীয়া বিষয়বস্তু সম্পৰ্কে ধাৰণা সুস্পষ্ট আৰু সেযে কবিতাৰ ভাষাও দুৰূহতামুক্ত। ওৱৰ্ডছৱৰ্থে লিৰিকিলে বেলাডছৰ দ্বিতীয় সংস্কৰণৰ পাতনিত কোৱাৰ নিচিনাকৈ কবি হিচাপে প্ৰণয় ফুকন মানুহৰ সৈতে কথা পতা এজন মানুহ (a man speaking to men)। তেওঁৰ কবিতাৰ ভাষা সৰ্বসাধাৰণৰ মুখৰ ভাষা। সেয়ে প্ৰথমবাৰ পাঠতে তেওঁৰ কবিতাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি।

প্ৰণয় ফুকনৰ শেহতীয়া কবিতা-সংকলন শুভেচ্ছাৰ স্বৰলিপি আৰু অন্যান্য কবিতা ২০২৩ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাইছে। সংকলনটোত যোৱা পাঁচটা বছৰত লিখা কবিতাবোৰ সন্নিৱিষ্ট হৈছে। কবিতাসমূহ চাৰিটা থূলত সজোৱা হৈছে। সেয়া হ’ল ক্ৰমে (১) জীৱনবোধ, (২) সমাজ, প্ৰতিবাদ, (৩) প্ৰেম আৰু (৪) প্ৰকৃতি। বিভিন্ন থূলত ভাগ কৰিলেও প্ৰতিটো কবিতাতে প্ৰখৰ সমাজচেতনা আৰু সূক্ষ্ম জীৱনবোধৰ ছাপ আছে।

সংকলনটোৰ প্ৰথম কবিতাটোৰ শিৰোনাম হ’ল ‘পাৰ হ’ল পঞ্চাশ’। কবিতাৰ কণ্ঠস্বৰে পাৰ হৈ যোৱা জীৱনৰ পঞ্চাছটা বছৰৰ আত্মমন্থন কৰিছে। কবিতাটো আৰম্ভ হৈছে এই তিনিটা শাৰীৰে– “ক’লৈ যোৱাৰ কথা আছিল/ ক’ত আহি হেৰুৱালোঁ বাট!/ কি এক অস্থিৰতাৰে পাৰ হ’ল পঞ্চাশ।”

জীৱন অনিশ্চিত। কেনি বাট বোলে কোনেও ক’ব নোৱাৰে। কণ্ঠস্বৰে এই অনিশ্চয়তা আৰু অস্থিৰতাৰ মাজতে এক ‘ব্যাকৰণ সন্মত’ জীৱন কটালে। সংসাৰৰ অন্যায়-অবিচাৰৰ বিৰোধিতা কৰিবলৈ বিপ্লৱী হ’ব নোৱাৰিলে, প্ৰতিবাদীও হ’ব নোৱাৰিলে। স্বাচ্ছন্দ্যহীন পৃথিৱীক অকাতৰে মানি ল’লে। অৱশ্যে তাৰ মাজতে তেওঁ কবিতাৰ চৰ্চা কৰি থাকিল। কবিতা আছিল তেওঁৰ জীৱনৰ সম্পদ। কিন্তু জীৱনৰ শ্ৰেষ্ঠ কবিতাটো তেওঁৰ এতিয়াও লিখা হোৱা নাই। সেয়ে কণ্ঠস্বৰে নিয়তিক অলপ লাহে লাহে গতি কৰিবলৈ অনুৰোধ জনাইছে– “অলপ লাহে লাহে গতি কৰা/ হে মাননীয়া নিয়তি।”

কিন্তু শ্ৰেষ্ঠ কবিতাটো আমৃত্যু লিখা যে নহ’বগৈ সেই সম্পৰ্কে কণ্ঠস্বৰ নিশ্চিত। কবিতাটোৰ শেষৰ স্তৱকত কণ্ঠস্বৰে পৃথিৱীক প্ৰশ্ন কৰিছে– “বাৰু কোৱাচোন, হে প্ৰাচীন পৃথিৱী/ এই যে জন্ম হ’লোঁ মই তোমাৰ বুকুত,/ প্ৰকৃততে ধন্য হ’ল কোন,/ মইনে তুমি?/ কথাটো অমীমাংসিত হৈয়েই ৰ’ল!” জীৱনৰ সফলতা সম্পৰ্কে কবিতাৰ কণ্ঠস্বৰ দ্বিধাগ্ৰস্ত। সেয়ে এই প্ৰশ্ন, যাৰ মীমাংসা তেওঁ কৰিব পৰা নাই।

সংকলনটোৰ ‘আমি দুজন’ এটা আকৰ্ষণীয় কবিতা। কবিতাটোৰ বিষয়বস্তু হ’ল দুটা সত্তাৰ মাজৰ সম্পৰ্ক। ‘আমি দুজন’ৰ এজন কবিতাটোৰ কণ্ঠস্বৰ স্বয়ং আৰু আনজন তেওঁৰ alter ego বা দ্বিতীয় সত্তা। কণ্ঠস্বৰ অৰ্থাৎ প্ৰথম সত্তা পাৰ্থিৱ জীৱনত দ্বিধা আৰু সংশয়গ্ৰস্ত এজন দুৰ্বল মনৰ ব্যক্তি। দ্বিতীয় সত্তা ইয়াৰ সম্পূৰ্ণ বিপৰীত– “মই শামুকৰ খোলাৰ ভিতৰত/ সোমাই থাকিলোঁ গোটেই জীৱন, সংকুচিত।/ তেওঁৰ প্ৰসাৰিত দুহাত উদাৰ, উন্মুক্ত।”

ফুকনৰ কবিতাটোৱে ৰত্নকান্ত বৰকাকতীৰ ‘দুটি মানুহ’ শীৰ্ষক কবিতাটোৰ কথা মনলৈ আনে। একেটা ঘৰতে দুজন মানুহে বাস কৰাৰ নিচিনাকৈ একেজন ব্যক্তিতে দুটি বিপৰীত সত্তাই সহাৱস্থান কৰিছে।

লগতে পঢ়ক একেজন লেখকৰ : কবিতাৰ নতুন ধাৰা : পাৰিপাৰ্শ্বিক কবিতা

‘কবিতাৰ শব্দবোৰ’ সংকলনটোৰ এটা মনোগ্ৰাহী কবিতা। প্ৰেম, অভিমান, শান্তি মানুহৰ জীৱনত এইবোৰ যেন ক্ৰমাৎ দুৰ্লভ বস্তু হৈ আহিছে। তাৰ তুলনাত মৃত্যু অতি সহজলভ্য হৈ পৰিছে। কবিতাটোৰ কণ্ঠস্বৰে বহু ঘাত-প্ৰতিঘাতৰ অন্ততহে প্ৰেম শব্দটো লিখিব পাৰিছে। অভিমান শব্দটো লিখোতে তাৰ মূল্য সম্পৰ্কে সন্দেহৰ সৃষ্টি হৈছে। শান্তি শব্দটো তেওঁ এতিয়ালৈকে লিখিবই পৰা নাই। ইয়াৰ বিপৰীতে মৃত্যু শব্দটো লিখিবলৈ তেওঁৰ কোনো কষ্ট হোৱা নাই– “হ’ব পাৰে মহাজাগতিক,/ অৱশ্যে এটা শব্দ লিখিবলৈ অতিকৈ সহজ/ ‘মৃত্যু’।”

মানৱীয় চেতনাৰ অধিকাৰী হোৱা আৰু সেই চেতনাক জীৱনভৰ লালন কৰা এক কষ্টকৰ প্ৰক্ৰিয়া। সেইবাবে প্ৰেম, শান্তি আদি মানৱীয় গুণবিশিষ্ট শব্দবোৰ আমাৰ মাজত দুৰ্লভ। বিপৰীতে মৃত্যু সহজলভ্য।

সংকলনটোত থকা এটা কবিতা ‘কথাবোৰ’ত কবিয়ে কবিতাৰ সংজ্ঞা সন্ধানৰ প্ৰয়াস কৰিছে। কথা কোৱাৰ অনেক উপায় আছে। বাক স্বাধীনতা এক আইনসংগত অধিকাৰ। সভা-সমিতি, টিভিৰ টকশ্ব, টেলিফোন, চিঠি-পত্ৰ, ৱাটছাপ আদি বিভিন্ন মাধাম্যৰে অনেক কথা মানুহে প্ৰকাশ কৰিব পাৰে। কিন্তু এনেকৈ নিজকে প্ৰকাশ কৰাৰ পিছতো মানুহৰ বহু কথা ক’বলৈ থাকি যায়। কবিতাটোত সেইবোৰ কথা কবিতাৰে ক’ব পাৰি বুলি কোৱা হৈছে– “ইমানবোৰ উপায়েৰে যিবোৰ কথা ক’ব নোৱাৰি/ ক’ব পাৰি কবিতাৰে।”

ভাব প্ৰকাশৰ মাধ্যম হিচাপে কবিতাৰ স্বকীয়তাকে কবিতাটোত মহিমামণ্ডিত কৰা হৈছে।

লগতে পঢ়ক একেজন লেখকৰ : নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?’ –এক পাঠ

‘সমাজ প্ৰতিবাদ’ শীৰ্ষক থূলটোত অন্তৰ্ভুক্ত হোৱা কবিতাখিনি প্ৰতিবাদ আৰু প্ৰতিৰোধৰ কবিতা। সাংবাদিক গৌৰী লংকেশ, ছেম ষ্টেফৰ্ড আদিৰ নৃশংস হত্যাকাণ্ডৰপৰা আৰম্ভ কৰি কোভিডৰ সময়ত হোৱা সৰ্বসাধাৰণ মানুহৰ অভাবনীয় দুখ-দুৰ্গতিলৈকে সমসাময়িক সমাজজীৱনৰ বিভিন্ন ঘটনা আৰু সমস্যাই এইখিনি কবিতাত স্থান পাইছে।

এইটো থূলৰ ‘লাইনতে আছোঁ’ এটা গুৰুত্বপূৰ্ণ কবিতা। কোভিডৰ বাবে জাৰি কৰা চৰকাৰী আদেশ সৰ্বসাধাৰণে আখৰে আখৰে পালন কৰি গৈছে যদিও পৰিস্থিতি ক্ৰমাৎ জটিলৰপৰা জটিল হৈ গৈ আছে। ভেকচিন নাই, অক্সিজেন নাই, শৱ জ্বলাবলৈ খৰি নাই, শ্মশানো খালি নাই, কিন্তু তথাপি কোনেও নিয়ম ভঙা নাই। কোভিডে সৃষ্টি কৰা অৰাজকতাৰ মাজত সৰ্বসাধাৰণৰ অসহায় অৱস্থাৰ ছবিখন কবিতাটোত মৰ্মস্পৰ্শীকৈ তুলি ধৰা হৈছে।

‘প্ৰতিসাঁজ অন্নৰ প্ৰাকমুহূৰ্তত’ সংকলনটোৰ আন এটা গুৰুত্বপূৰ্ণ কবিতা। কবিতাটোত সমাজৰ নিষ্পেষিত, শোষিত, দৰিদ্ৰ মানুহৰ প্ৰতি গভীৰ সহমৰ্মিতা আন্তৰিকতাপূৰ্ণ ভাষাত প্ৰকাশ পাইছে।

সংকলনখনত ভালেকেইটা পাৰিপাৰ্শ্বিক কবিতা (Ecopoem) সন্নিৱিষ্ট হৈছে। ‘অৰণ্য মানৱ’ ৰূপে পৰিচিত যাদৱ পায়েঙৰ নামত উছৰ্গিত ‘মলাই কাঠনি’ তেনে এটি কবিতা। একক প্ৰচেষ্টাৰে তিনিহাজাৰ বিঘাৰ এটি শুকান চাপৰিক এখন হাবিলৈ ৰূপান্তৰ কৰি তোলা যাদৱ পায়েঙৰ অবিস্মৰণীয় জীৱনকাহিনী আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক। কবিতাটোৰ কণ্ঠস্বৰ যাদৱ পায়েং। এটা স্তৱক এনেধৰণৰ– “মইতো বিশেষ একো কৰা নাছিলোঁ।/ জানিছিলোঁ কেৱল/ চৰায়ে গছ ৰুব জানে,/ গছে আমাক উশাহ দিয়ে। মাথোঁ ইমানেই।” ইয়াত ‘চৰায়ে গছ ৰুব জানে’ শাৰীটো গুৰুত্বপূৰ্ণ। শাৰীটোৰ তাৎপৰ্য হ’ল এয়ে যে প্ৰকৃতিয়ে নিজেই নিজৰ প্ৰতিপালন কৰিব জানে। মানুহৰ অযথা হস্তক্ষেপে প্ৰকৃতি আৰু পাৰিপাৰ্শ্বৰ পৱিত্ৰতা নষ্ট কৰিছে। যাদৱ পায়েং এই ক্ষেত্ৰত এক ব্যতিক্ৰম। তেওঁৰ উদাহৰণে অৰণ্য আৰু পৰিৱেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আমাক সচেতন কৰি তোলে।

লগতে পঢ়ক একেজন লেখকৰ : নীলমণি ফুকনৰ ‘হংসধ্বনি শুনিছোঁ’ : এক নিবিড় পাঠ

‘বুকুত কিয় অলপ বিষ’ আন এটা পাৰিপাৰ্শ্বিক কবিতা। প্ৰকৃতিৰ য’তেই মানুহে হস্তক্ষেপ কৰিছে তাতেই সি পৱিত্ৰতা হেৰুৱাইছে। ভাৰতৰ চন্দ্ৰযান ৩-ৰ সফলতাই কবিতাৰ কণ্ঠস্বৰক সম্পূৰ্ণকৈ আনন্দ দিব পৰা নাই। বুকুৰ কোনোবা একোণত তেওঁৰ অলপমান বিষ। জানোচা চন্দ্ৰৰ পৰিৱেশতো এদিন মানুহে হস্তক্ষেপ কৰিবগৈ আৰু পৃথিৱীৰ দৰে তাতো উপদ্ৰৱ চলাব।

‘ভালে থাকা সকলো’ আন এটা পাৰিপাৰ্শ্বিক কবিতা। কবিক বৰ্তমান সময়খিনিয়ে বিচলিত কৰিছে। তাৰ মাজতে তেওঁ পৰিৱেশ আৰু প্ৰকৃতিৰ মংগল কামনা কৰিছে। কবিতাটোত ‘ভালে থাকা’ বাক্যাংশৰ পুনৰুক্তি মন কৰিবলগীয়া।

সংকলনটিত এমুঠি প্ৰেমৰ কবিতাও সন্নিৱিষ্ট হৈছে। ‘শুভেচ্ছাৰ স্বৰলিপি’ তেনে এটা দীঘল প্ৰেমৰ কবিতা। একে সময়তে ই এক স্মৃতিৰো কবিতা। কবিতাৰ কণ্ঠস্বৰে অতীতত কাৰোবাক ভাল পাইছিল। কিন্তু তেওঁৰ ভালপোৱা একপক্ষীয় আছিল, যাৰ বাবে প্ৰেমে পূৰ্ণতা নাপালে। হ’লেও প্ৰেমৰ স্মৃতিবোৰ তেওঁৰ মনত এতিয়াও সজীৱ হৈ আছে।

‘অন্য এক জীৱন’ শীৰ্ষক কবিতাত এটা মিঠা প্ৰেমৰ কাহিনী ক’বলৈ প্ৰয়াস কৰিছে। মলয়া পেহীক কুৰি বছৰীয়া জন্মদিনত সদ্য এম-এ পাছ বিকাশদাই এখন শাৰী উপহাৰ দিছিল। কিন্তু কোনো অজ্ঞাত কাৰণত মলয়া আৰু বিকাশৰ প্ৰেম অপূৰ্ণ হৈ থাকিল। অবিবাহিত বিকাশ কোনো দূৰ বিদেশত। পঁচপন্ন বছৰীয়া মলয়া পেহীয়ে নিজৰ প্ৰতিটো জন্ম দিনত সেই শাৰীখন এতিয়াও পিন্ধে। নাটকীয় পৰিস্থিতি সৃষ্টিৰ জৰিয়তে কবিতাটোক আনন্দদায়ক কৰি তোলা হৈছে।

প্ৰণয় ফুকন এগৰাকী সূক্ষ্ম অনুভূতিশীল কবি। তেওঁৰ বেছিভাগ কবিতাত ভাব আৰু অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটিছে। দীৰ্ঘ দিনৰ অনুশীলন আৰু অভিজ্ঞতাই তেওঁৰ কবিতাত আৱেগৰ প্ৰকাশ সংযত কৰিছে আৰু ভাষাৰ প্ৰয়োগো যুক্তিযুক্ত হোৱাত সহায় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *