অনুভৱ তুলসী
এই বছৰৰ মাৰ্চ মাহৰ ১০ তাৰিখ দেওবাৰৰ বিয়লি বেলা মোৰ কবিতাপুথি ৰামধেনু ডকাইতি’ৰ শুভ সুহৃদ-অৰ্পণ অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাবৰ সভাঘৰত প্ৰথিতযশা কবি কথা-সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ চেনেহ-পৰশেৰে আৰু সভাঘৰ-পূৰ্ণ শুভানুধ্যায়ীসকলৰ সহৃদয় সহযোগিতাত হৈ যায়৷ উদীয়মান প্ৰকাশন সংস্থা ‘উত্তৰণ প্ৰকাশন’ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত হৰেকৃষ্ণ ডেকাৰ বাহিৰেও মঞ্চত উপস্থিত আছিল ড০ বিভাস চৌধুৰী, কবি লুটফা হানুম চেলিমা বেগম আৰু তৰুণ আলোচক অনুপম হাজৰিকা৷ উন্মোচিত কিতাপখনৰ ওপৰত মন্তব্য আগবঢ়াইছিল হৰেকৃষ্ণ ডেকা আৰু বিভাস চৌধুৰীয়ে৷
সেইদিনা সভাৰ বাহিৰে-ভিতৰে বহু অনুৰাগীয়ে মোক সুধিছিল, ৰামধেনু ডকাইতি মোৰ কিমান সংখ্যক কবিতা-সংকলন! কথাটোৱে মোক বিব্ৰত কৰা নাছিল; যদিও সেই কৌতূহল নিৰাময়ৰ উদ্দেশ্যে মোৰ উত্তৰ আছিল নিতান্তই আৱেগ-বৰ্জিত— ১৯৮৫ চনত মোৰ কবিতাৰ প্ৰথম সংকলন প্ৰকাশ হৈছিল নাজমা নামেৰে; সেইখন আছিল চাৰিশৰীয়া কবিতাৰ কিতাপ আৰু সেইখন প্ৰকাশৰ সুদীৰ্ঘ চল্লিশ বছৰৰ পিছত, ২০২৪ চনত চাৰিশৰীয়া কবিতাৰ এইখন হ’ল মোৰ দ্বিতীয় কিতাপ৷ (যিখিনি কথা মই এইখিনিতে যোগ দিব খুজিও অব্যক্ত ৰাখিছিলোঁ সেইখিনি এই লেখাত ক’ব পাৰোঁ— মাৰ্কিন মুলুকত হেৰল্ড ব্লুম (১৯৩০-২০১৯) নামৰ এজন কবি, সমালোচক, শিক্ষক, সুপণ্ডিত আছে৷ তেওঁৰ দহখনমান সমালোচনাৰ কিতাপ মোৰ হাততে আছে৷ মোৰ হাতত নথকা তেওঁৰ কিতাপ থকাখিনিৰ চাৰি-পাঁচ গুণ৷ বিৰল অন্তৰ্দৃষ্টিসম্পন্ন এই সমালোচকগৰাকীৰ হাতত তেওঁৰ ছাত্ৰৰ বাবে লিখা ক্লাছ নোটো হৈ পৰে তীক্ষ্ণধী সমালোচনাৰ দৃষ্টান্ত৷ শ্বুনতাৰ’ তানিকাৱা (জন্ম ১৯৩১) নামৰ এজন জাপানী কবি আছে৷ ছাত্ৰাৱস্থাৰেপৰা তেওঁ কবিতা লিখি আহিছে আৰু কবিতাই তেওঁৰ কৰ্ম, কবিতাই তেওঁৰ ধৰ্ম, কবিতাই তেওঁৰ জীৱন৷ এইজন কবিৰ কবিতা-সংকলনৰ সংখ্যা তিনিকুৰিৰ অধিক৷ আমি ৰবীন্দ্ৰনাথে লগাতকৈ অধিক কবিতা লিখিছিল বুলি অপবাদ দিব পাৰিলে পৰম তৃপিতি লাভ কৰোঁ৷ ১৯৮৯ চনত স্বনামধন্য চলচ্চিত্ৰ নিৰ্মাতা কুমাৰ চাহানীয়ে খেয়ালগাথা নামৰ এখন চিত্ৰ নিৰ্মাণ কৰিছিল, বিষয়বস্তু আছিল ভাৰতীয় উচ্চাংগ সংগীত৷ ছবিৰ এটা ছিকুৱেন্স আছিল কিম্বদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজ বিষয়ক৷ ৰাতি শোওঁতে শিল্পীজনৰ সহধৰ্মিনীয়ে বিৰজুৰ ভৰিহাল এখন কোমল কাপোৰেৰে জপটিয়াই বান্ধি থোৱা দেখুওৱা হৈছিল; টোপনিতো মহাৰাজৰ ভৰি দুখনে নাচিয়েই থাকে৷ সেয়ে নাবান্ধিলে নহয়৷ সৃজন প্ৰক্ৰিয়াত শিল্পীৰ মন-মগজু-বিৱেকহে সক্ৰিয় হৈ থাকে, শিল্পীৰ হাত কিংবা ভৰিকো তেওঁৰ মন-মগজুৱেহে নিয়ন্ত্ৰণ কৰে৷ সৃজনক্ৰিয়াত তন্ময় শিল্পীজনৰ মন-মগজু অনবৰতে মগ্ন-চৈতন্য ৰূপে জাগ্ৰত হৈ থাকে৷ বিৰজু মহাৰাজৰ চিকুৱেঞ্চটোৰ যোগেদি পৰিচালকে যেন সেই কথাকে ব্যক্ত কৰিব খুজিছে৷)
এইখন কিতাপৰ শেষপৃষ্ঠাত মই কিছু কথা লিখিতভাৱে সংক্ষেপে কৈছিলোঁ— ‘‘প্ৰথম কবিতাপুথি নাজমাৰেপৰা মোৰ মনৰ নিৰ্জ্ঞানত ছন্দৰ ভাবনা সংগোপন সংবেদনৰূপে সক্ৰিয় হৈ আছে৷ ৰামধেনু ডকাইতিৰ চাৰিশৰীয়া পদ্যসমূহত আছে আৰোহী দুই পংক্তি আৰু অন্ত্যমিলযুক্ত অবৰোহী দুই পংক্তি— দুছাটি মুগাসূতাৰ এই চহা ছন্দ-প্ৰকৰণৰ নাম গগনা ৰাখিবলৈ মন গৈছে৷ থলুৱা এই বাদ্যবিধত নীৰৱতা ধ্বনিময়ৰ সৈতে একে সময়তে ঐকতান হৈ বাজে৷ গগনাৰ মাত বাঁহপাতৰ হিয়াৰ মাজৰ জাং পাং দীঘল লাহৰী এটি কীটৰ কাতৰ কণ্ঠস্বৰ যেন৷ গগনা ছন্দও অনুৰূপ এক মূৰ্ছনাহে৷ নাজমাৰ দৰে আখৰৰ পৰিমিতি ‘গগনা’ত নাই যদিও পদ্যবোৰৰ অন্তঃতল চিত্ৰ-বিচিত্ৰ, তৰঙ্গিত, অভিঘাত-সংঘাতবিশিষ্ট৷’’
সিদিনা সভাত উপস্থিত সকলোৰে অপৰিসীম কৌতূহল আছিল কিতাপখনৰ নামটো লৈ— দুই বিপৰীতধৰ্মী শব্দেৰে, দুটা বিশেষ্য পদেৰে ৰখা নামটোৱে সদাশয় পঢ়ুৱৈৰ মনত জোঁকাৰণি তুলিছিল হয়তো! হৰেকৃষ্ণ ডেকাই তেওঁৰ মন্তব্যত কিতাপখনৰ নামটোৰ কথা উনুকিয়াই ‘ৰামধেনু’ শব্দটো থকা এটা কবিতাৰ উদ্ধৃতি দিছিল৷ কিতাপৰ ১৫ পৃষ্ঠাত থকা ‘আঁচবাউলী’ নামৰ কবিতাটো এনে—
উৰি দল গাখীৰতী
ৰামধেনুৰপৰা নিজৰি অহা নিশাৰী
চুলি এডালৰ কেঁকুৰিত লুকাই থাকিল
বালিত মেলি থওঁতে নৈ শুকাই থাকিল
কিতাপখনত যি সৰ্বমুঠ ১১৯টা কবিতা আছে, গোটেইখিনিৰে শিৰোনাম দুটা, ক’ৰবাত তিনিটাও, শব্দ যোৰা লগাই কৰা হৈছে, আঁচবাউলীও তেনেকুৱাই৷ কবিতাটোত নিশাৰী নামৰ নৈ এখন, যি আচলতে কপিলী নদীৰ উপনৈ, ৰামধেনুৰপৰা নিজৰি ওলোৱা বুলি কোৱা হৈছে, সেইখন নৈ কেঁকুৰি থকা চুলিৰ ভাঁজত লুকাই যোৱা, আৰু বালিত মেলি থওঁতে শুকাই যোৱা বুলি কোৱা হৈছে৷ কবিতাটোৰ বিষয়ে হৰেকৃষ্ণ ডেকাদেৱে থূল-মূলভাৱে এই কথাখিনি কৈছিল, “উল্লিখিত এই কবিতাটোৰ প্ৰথম শাৰীটোত সোমাই আছে অন্তঃসত্ত্বা সৃজনশীলৰ অপাৰ সম্ভাৱনা; দ্বিতীয় শাৰীটোত অতিপ্ৰাকৃতৰ লগত প্ৰাকৃত, প্ৰকৃতি, প্ৰকৃতৰ আন্তৰিক সংযোগ আৰু সম্পৰ্ক; স্পৰ্শ-সম্ভৱ, ইন্দ্ৰিয়গাহ্য, কবিৰ সূক্ষ্মাতিসূক্ষ্ম কল্পনা, কলাকৃতিৰ চাৰুগুণ, সূচীতীক্ষ্ণ পৰ্যবেক্ষণ তৃতীয় শাৰীটোত; আৰু এই সকলো সুন্দৰৰ প্ৰপঞ্চৰ শ্ৰী হানিৰে, ক্ষয়-ধবংসৰ মাজেৰে যৱনিকাৰ পিনে গতি কৰা চতুৰ্থ শাৰী৷ চাৰিশাৰীৰ সীমাবদ্ধ স্থান-কালত এইটো এক ভাল কবিতাৰ উৎকৃষ্ট উদাহৰণ৷ সময়ৰ কথা ভাবি মই আৰু বেছি কবিতাৰ ব্যাখ্যা আগবঢ়াবলৈ নেযাওঁ৷ কবিতাৰ নামকৰণত আছে দুটা বা ততোধিক শব্দৰ সংযুক্তি— ভাষাৰ চিৰাচৰিত ৰূপ ভাঙি ভাষা-কালিকাৰ বিস্ময়গুণ আৰু প্ৰকাশক্ষমতা নতুন ধৰণে পৰীক্ষা কৰিছে কবিয়ে৷”
ড0 বিভাস চৌধুৰীয়ে তেওঁৰ বক্তব্যৰ মাজত এনেকুৱা কথা এষাৰ কৈছিল, “চাৰিশাৰীৰ এই এশ ঊনৈশটা কবিতাত কবিয়ে তেওঁৰ ফ’কাছ নিজৰ নিয়ন্ত্ৰণত ৰাখিছে৷ কাব্যগুণ, কবিধৰ্মও ক’তো বিনষ্ট হোৱা নাই৷ সাম্প্ৰতিক সময়ৰ গতি-প্ৰকৃতিক লৈ কবি উদ্বিগ্ন, পীড়িত, সংঘাতজৰ্জৰ৷ জগতৰ যিবোৰ সুন্দৰ-অসুন্দৰ ৰূপ তেওঁ অংকন কৰিছে তাৰ মাজেৰে ফুটি উঠিছে জীৱন-জগতৰ প্ৰতি তেওঁৰ অকৃত্ৰিম মৰম-ভালপোৱা আৰু সেয়ে ৰাজনৈতিক ভাব-সংপৃক্ত পংক্তিবোৰো হৈ উঠিছে প্ৰেমেৰে পৰিপূৰ্ণ আৰু ব্যতিক্ৰমীভাৱে বাঙ্ময়৷ সেইফালৰপৰা এইখন প্ৰেমৰ কবিতাৰেই সংকলন৷ ভঙা-গঢ়াৰ হেঁপাহ এই পুথিতো আছে, লগতে আছে লেশমানো যান্ত্ৰিকতা নথকা এক ছন্দ প্ৰয়াস, যিটোক তেওঁ ‘গগনা’ নাম দিছে৷”
এইখন সভাত মোৰফালৰপৰাও কিছু কথা ক’ম বুলি ভাবি গৈছিলোঁ আৰু সেইখিনি কথা মই তলত ব্যক্ত কৰিব বিচাৰিছোঁ—
এক) কাব্যকল্প বিষয়ক : লিথুৱানিয়াৰ ১৯৬৬ চনত জন্মা জিনতৰচ গ্ৰৱস্কছ নামৰ কবিগৰাকীৰ ‘World in Your Pocket’ নামৰ এটা চুটি কবিতাৰ শেষ দুই স্তৱক এইখিনিতে তুলি দিলে তাৰ মাজেৰে মোৰ ক’বলগীয়া কথাখিনিও যেন কোৱা হৈ যায়—
you sit down somewhere in the meadow
and you notice: the world is
just the size of an eyeball
it fits perfectly into the eye socket
starkly here
এইখিনিতে শংকৰদেৱ-বিৰচিত গুণমালা পুথিৰ কথাও মনলৈ আহিছে যদিও সকলোৱে জনা কথা বাবে গুণমালাৰ কবিৰ হাতী মাৰি ভুৰুকাত ভৰোৱা গুণটোৰ কথাৰ বিৱৰণী দিয়াৰপৰা বিৰত ৰ’লোঁ৷ তাৰপিছতো এইখিনিতে মোৰ ‘ব্ৰেইল ছিলঠ নামৰ সংকলনখনৰ ৪৪ পৃষ্ঠাত থকা ‘গছ’ নামৰ কবিতাৰ—
‘তেনেতে এবাহ মৌৱে/
যিমান পাৰি সৰু কৰি/
গছৰ ডালত/
ব্ৰহ্মাণ্ড আঁৰে’
এই পংক্তিকেইটালৈও মনত পৰিছে৷
মেলকম বুল নামৰ ইউৰোপৰ এজন নন্দনশাস্ত্ৰীয়ে তেওঁৰ ছিয়িং থিংছ হিডেন নামৰ কিতাপত কলাবস্তুক কলা-কৌশলৰ কিয় প্ৰয়োজন হয় সেই বিষয়ে অভিমত ব্যক্ত কৰিছে৷ সেই বিশেষ অভিমতক মই ‘ভীতিতত্ত্ব’ বুলি নামকৰণ কৰিব খুজিছোঁ— ধৰা হওক আপুনি এজন ফুটবল খেলুৱৈ৷ খেলপথাৰত আপোনাৰ ভৰিত বলটো পৰাৰ লগে লগে সি পোনে পোনে গ’লপোষ্টত সোমাই নপৰে৷ সেইখিনিলৈ নিবলৈ আপোনাক কিছু কলা-কৌশলৰ প্ৰয়োজন হয়৷ যোগ-বিয়োগ, পূৰণ-হৰণৰ কতনা কৌশল খটোৱাৰ পিছতহে বলটো গন্তব্য পাবগৈ পাৰে৷ মেলকম বুলে এই কথাটোকে চিত্ৰকলা, কবিতা আদিৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব খুজিছে৷ তেওঁৰ মতে, “ভীতিৰ বশৱৰ্তী হৈ আমি বাধ্য হওঁ খেলপথাৰৰ কলা-কৌশল অবলম্বন কৰিবলৈ— কলা-কৌশল, যি তেনেই নিৰ্জু-নিমাখিত, আৰু একান্তই কল্পনাশ্ৰয়ী— আৰু সেয়ে অনায়াসে খেলাৰ প্ৰবৃত্তিৰ সৈতে জীণ যোৱা” (Hiding in fear, we are forced to deploy the strategies of the playground, strategies at once so knave and so imaginative that they easily acquire the character of a game.)৷
লগতে পঢ়ক একেজন লেখকৰ: অনুভৱ তুলসীৰ সৈতে কথোপকথন
চুটি বা দীঘল যি ধৰণৰ কবিতায়েই নহওক কিয়, কবিতা লিখিবলৈ সকলো কবিকে কলা-কৌশল লাগিবই— কলা-কৌশল কবিৰ অভিব্যক্তিৰ উদ্দেশ্য সাধনৰ আহিলা৷ ৰামধেনু ডকাইতিৰ চাৰিশৰীয়া (গগনা) লিখোঁতে মই কবিতাৰ নামকৰণত দুই বা ততোধিক শব্দৰ সংযুক্তি কৌশল ব্যৱহাৰ কৰিছোঁ৷ কবিতাৰ প্ৰতিটো শাৰীৰ চৰণ/পদৰ (মাত্ৰাবৃত্ত) চালনালৈ মই বিশেষভাৱে লক্ষ্য কৰোঁ, মন দিওঁ শব্দৰ আৱয়বিক ধ্বনি-সঙ্গীতৰ কথাটোলৈও৷ তাৰ বাহিৰেও তৃতীয় আৰু চতুৰ্থ শাৰীত সাঙোৰ খাই আছে অক্ষৰবৃত্ত ছন্দ প্ৰয়াসৰ হেঁপাহ৷
দুই) প্ৰকাশক বাছনি : উইলিয়াম বাটলাৰ ইয়েৎছৰ ‘The Second Coming’ নামৰ অতিকে স্মৰণীয় এক কবিতা আছে৷ সেই কবিতাৰ প্ৰথম স্তৱকৰ কেইশাৰীমান অনিবাৰ্যভাৱে উদ্ধৃত কৰিবই লাগিব৷ প্ৰকাশক নিৰ্বাচন আৰু কবিতাত অন্তৰ্নিহিত বিষয়ী-শিল্পীৰ অৱস্থান জানিবলৈ এই বিশেষ উদ্ধৃতি নিশ্চয় সহায়ক হ’ব—
“Things fall apart; the centre cannot hold;
Mere anarchy is loosed upon the world,
The blood-dimmed tide is loosed, and everywhere
The ceremony of innocence is drowned;
The best lack all conviction, while the worst
Are full of passionate intensity.”
অসমৰ যিসকল আগশাৰীৰ প্ৰকাশক সেইসকলৰ সামাজিক অৱস্থান শক্তিৰ কেন্দ্ৰত; ৰামধেনু ডকাইতিৰ কবিতাবোৰৰ বিষয়বস্তু যিহেতু প্ৰান্তীয় অৱস্থানৰপৰাহে নিৰ্ধাৰণ কৰা হৈছে, সেয়ে কিতাপখনৰ প্ৰকাশকো হ’ব লাগিব প্ৰান্তীয় অৱস্থানৰে৷ সেয়ে কিতাপখন ‘উত্তৰণ প্ৰকাশন’ৰ হাতলৈ গ’ল৷
লগতে পঢ়ক একেজন লেখকৰ: মই কবিতা লিখোঁ কিয়?
তিনি) কবিতাপুথিৰ নামকৰণ : ইয়েৎছে কোৱা ‘চিৰিমনি অব ইন’ছেন্স ইজ ড্ৰাউনড’ শব্দকেইটালৈ এইখিনিতে আকৌ মনত পেলাব পাৰে আমাৰ পাঠকসকলে৷ অৱশ্যে এই কবিতাপুথিৰ বাবে নাম নিৰ্বাচন কৰোঁতে মই চৌপাশৰ সমাজৰ গতি-প্ৰকৃতিলৈহে লক্ষ্য কৰি ‘ৰামধেনু ডকাইতি’ নামটো পাইছিলোঁ— ই এক ফাইণ্ড, কোনোমতেই কষ্টোপাৰ্জিত নহয়৷ সিদিনা ১০ মাৰ্চ তাৰিখৰ সভালৈ সাজু হওঁতে, কবিতাসমূহৰ সাৰবস্তুৰ কথা ভাবোঁতে, মোৰ মনলৈ নানান কথা আহিছিল৷ তাৰে কেইটামান ব্যক্ত কৰি এই লেখা সামৰিম৷ মাৰ্কিন মুলুকত পীট ছীগাৰ নামৰ এজন গায়কে ১৯৫৫ চনত এটা গীত লিখি গাইছিল৷ গীতটোৰ কথাংশ এনে—
Where have all the flowers gone?
Long time passing
Where have all the flowers gone?
Long time ago
When will you ever learn?
এই গীতটোৰ মাথোন প্ৰথম স্তৱকটোহে উদ্ধৃত কৰিলোঁ৷ উপৰিউক্ত সভাতে মোক এক অনুজ কবিয়ে জনালে যে পীট ছীগাৰৰ ‘ৰেইনব’ ৰেচ’ নামৰ গীত এটাও আছে; অৱশ্যে সেই গীতটো মই আগতে শুনা নাছিলোঁ আৰু পিছত শুনিও মোৰ প্ৰসঙ্গৰ লগত সেই গীতটো সঙ্গতিপূৰ্ণ যেন পোৱা নাছিলোঁ৷ সেইখন সভাৰ দুদিন আগতে মৌচুমী ভৌমিক নামৰ গায়িকাগৰাকীৰ ইউটিউবৰ এটা সাক্ষাৎকাৰৰ যোগেদি বাংলাদেশৰ ‘সহজিয়া’ নামৰ এক সংগীত দলৰ খবৰ পাইছিলোঁ৷ সেইটো দলৰ এটা গীত, যিটোৰ কথা মই সিদিনা সভাতো কৈছিলোঁ, অসমীয়া ভাঙনিত গীতটো এনেকুৱা—
অ’ সৰু চৰাই অ’ সৰু চৰাই
সাংঘাতিক কথা, শুনিছনে নাই
আমি ভালপোৱা যত বস্তু
আমি ভালপোৱা যত মানুহ
পৃথিৱীৰপৰা গৈছে হেৰাই
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ উল্লেখ আমি কথাই কথাই কৰোঁ, যদিও প্ৰায়েই ভুল কাৰণে কৰোঁ৷ বাংলাদেশৰ শিল্প-সাহিত্যৰ খবৰ আমি কেইজনেনো পাওঁ? মোৰ ৰামধেনু ডকাইতিত সংগীত সম্পৰ্কীয় কৌতূহল উপৰিতলত তেনেকৈ পাবলৈ নাই যদিও আবহত থকা কবিমনটোৱে সঙ্গীতৰপৰাও সাৰ-পানী পাই আহিছে— এই কথাই তাকেই যেন ব্যক্ত কৰিছে৷
‘ৰামধেনু ডকাইতি’ নামটো জ্ঞাত-অজ্ঞাতসাৰে আমি বাস কৰা বিশ্বৰ আন বহু কথা-কাণ্ড, ঘটনা, প্ৰপঞ্চৰ সৈতে অনুষঙ্গ ৰূপেও সাঙোৰ খাই থাকিব পাৰে৷
চাৰি) প্ৰতিৰোধবোধ : জাপানৰ পৰম্পৰাগত সাহিত্যত হাইকুৰ স্থান অতিকে উল্লেখযোগ্য৷ দেশ-বিদেশৰ বহু কবি এই পৰম্পৰাৰ প্ৰতি আকৰ্ষিত হৈছে৷ বহু ভাষাত হাইকু লিখা হৈছে৷ মূল জাপানী হাইকু আৰু টাংকা গঢ়ৰ কবিতাৰ অনুবাদো বিস্তৰ হৈছে৷ আমাৰ ভাষাতো হৈছে৷ নাজমা আৰু ৰামধেনু ডকাইতিৰ কবিতাবোৰৰ মাজেৰে এই কাব্য-প্ৰৱাহৰ প্ৰতি সন্মান জনাই সেই প্ৰৱাহৰ বিপৰীতে মোৰ শক্তি-সামৰ্থ্য অনুসাৰে তাৰ এক প্ৰতিৰোধ গঢ়ি তুলিব খুজিছোঁ৷ অসমীয়া কবিতালৈ দেশ-বিদেশৰ কবিতাৰ অবাধ গতি৷ এই ধৰণৰ প্ৰভাৱে চুব নোৱৰা, জাতীয় মন-মানস, সংস্কৃতিৰ লক্ষণা-ব্যঞ্জনাযুক্ত অসমীয়া কবিতাৰ কথা ভাবিবৰ সময় হোৱা নাই জানো! পূব-পছিমৰ সেই কেননসমূহ আওকাণ কৰি, একাষৰীয়া কৰি থৈ স্বকীয় প্ৰতিভাৰ সন্ধান আৰু স্বীকৃতিৰ প্ৰৱণতা বাহিৰত কেতিয়াবাই আৰম্ভ হৈছিল৷ এই প্ৰতিৰোধ আধুনিকতাৰ অনন্য মাত্ৰা প্ৰদানকাৰী গুণ বুলি ছেচোৱাভ মিঅ’ছ নামৰ পোলেণ্ডৰ কবিগৰাকীয়ে কাহানিবাই কৈ গৈছে৷
পোলেণ্ডৰ আন এক প্ৰখ্যাত কবি জ্বিগ্নিউ হেৰ্বাটৰ ‘Study of the Object’ নামৰ কবিতাটোৰ সমুখৰ দুশাৰীৰ উল্লেখেৰে এই লেখা সামৰিম—
The most beautiful is the object
Which does not exist
কবিতাত কৰুণেই মূল ৰস৷ চিৰকালৰ বাবে হেৰাই যোৱা, কাহানিও ঘূৰাই নোপোৱা— এই ট্ৰেজেডিয়েই কবিতাৰ অন্বিষ্ট নেকি! কৰুণৰ কাৰণ-কাৰকসমূহৰ সন্ধানৰ মাজেৰে কবিৰ কাব্যযাত্ৰা চলি থাকে৷ ৰামধেনু ডকাইতিও তেনে এক কাব্যযাত্ৰাই৷
লগতে পঢ়ক একেজন লেখকৰ: অনুভৱ তুলসীৰ কবিতা
ৰামধেনু ডকাইতিত ১১৯টা কবিতা আছে বুলি পুনৰ ক’ব খোজাৰ কাৰণটো হ’ল এয়ে যে, ১০ মাৰ্চৰ পুৱাবেলা মই ১২০ নং কবিতাটো লিখিছিলোঁ, যিটোৰ শিৰোনাম আজিকোপতি দিয়া হোৱা নাই, সেই কবিতাটোৰ উল্লেখেই হ’ব এই লেখাৰ শুভ সামৰণি:
আনকি ঠগাত থকা তুলাপাতৰো
আজি বিহু বিহু কালি বিহু বিহু
সৌৰ তেল মাহ আদি
যেন দুই জগত হালধী
………………………………….
টোকা : হৰেকৃষ্ণ ডেকা আৰু বিভাস চৌধুৰীৰ মন্তব্য ঊৰ্ধ্বকমাৰ ভিতৰত আছে যদিও কথাখিনি স্মৃতিৰপৰাহে দিয়া হৈছে।
অনুভৱ তুলসী এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক। ৰামধেনু ডকাইতি তেওঁৰ শেহতীয়া কবিতা-সংকলন।