“কবিতাৰ অনুবাদ আনবোৰ অনুবাদ-কৰ্মতকৈ সূক্ষ্ম, জটিল আৰু সৃষ্টিশীল”

নীৰেন্দ্ৰনাথ ঠাকুৰীয়াৰ সৈতে কথোপকথন

অভিজিত কুমাৰ দত্ত

নীৰেন্দ্ৰনাথ ঠাকুৰীয়া অসমৰ এগৰাকী আগশাৰীৰ অনুবাদক৷ তেওঁ শঙ্কৰদেৱ, মাধৱদেৱ, গোৱিন্দ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰপৰা আৰম্ভ কৰি ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, নীলমণি ফুকন, আনিছ উজ জামান, সমীৰ তাঁতী, অনুভৱ তুলসী, নীলিম কুমাৰ, জীৱন নৰহ, বিজয় শঙ্কৰ বৰ্মনলৈকে ভালে সংখ্যক কবিৰ নিৰ্বাচিত কবিতা আৰু গীত ইংৰাজী ভাষালৈ অনুবাদ কৰি কৰিছে। তেওঁৰ অনূদিত কৰ্মসমূহ Kavya Bharati; Chandrabhaga; Yaatra; Indian Literature; International Writers Journal (USA); The Poet (UK); Azahar (Spain) আদি আলোচনীত প্ৰকাশ পাইছে। তেওঁৰ অনুবাদকৰ্ম The Oxford Anthology Writings from North East India— Poetry and Essays; Dancing Earth, An Anthology of Poetry from North East India আদিতো অন্তৰ্ভুক্ত হৈছে। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা তিনিখন৷ গুৱাহাটীস্থ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৰূপে ২০২০ চনত অৱসৰ গ্ৰহণ কৰা শ্ৰীযুত ঠাকুৰীয়া Poetry without Fear-ৰো এগৰাকী নিয়মীয়া লেখক-অনুবাদক৷

নীৰেন্দ্ৰনাথ ঠাকুৰীয়া

আপুনি অনুবাদকৰ্মৰ প্ৰতি কেনেকৈ আকৰ্ষিত ? আপোনাৰ অনুবাদকৰ্মৰ বিষয়ে আমাক অলপমান জনাবনে?

নিশ্চয়। সেই সময়ত মই ভাৰতীয় ৰিজাৰ্ভ বেংকত চাকৰি কৰোঁ। এদিন মোৰ শিক্ষাগুৰু ড হীৰেন গোহাঁই ছাৰে কথাই কথাই বিখ্যাত কবি জয়ন্ত মহাপাত্ৰৰ কবিতাপুথি Selected Poems of Jayanta Mahapatraৰ কথা উল্লেখ কৰিলে। মহাপাত্ৰদেৱৰ কবিতাৰ পুথিখন পঢ়ি মই বৰ ভাল পালোঁ। সেই পুথিখনৰপৰাই দুটামান কবিতা অসমীয়ালৈ অনুবাদ কৰিলোঁ। এনেদৰে প্ৰথমতে মই ইংৰাজীৰ পৰা অসমীয়ালৈ কবিতা অনুবাদ কৰিবলৈ ধৰিলোঁ।

সেয়া নব্বৈ দশকৰ কথা। ইংৰাজী ভাষাটো ভালকৈ শিকিবলৈ মই অভিধান আদিকে ধৰি বিভিন্ন গ্ৰন্থ সংগ্ৰহ কৰি অধ্যয়ন কৰাত গভীৰ মনোনিৱেশ কৰিলোঁ। ১৯৯৬ চন মানৰপৰা মই অসমৰ কবি অনুভৱ তুলসী, নীলিম কুমাৰ, জীৱন নৰহ, সমীৰ তাঁতী আদি আৰু পিছলৈ বিজয় শংকৰ বৰ্মন, গুণ মৰাণ আদি বহু কবিৰ কবিতা অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ কৰাত লাগিলোঁ। পাঠকে মোৰ অনুবাদ আদৰি ল’লে। ১৯৯৮ চনত মই কবি নীলমণি ফুকনৰ কবিতা ইংৰাজীলৈ অনুবাদ কৰাৰ কামত মই ব্ৰতী হ’লোঁ। ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ মই তেওঁৰ ষাঠিটা মান কবিতা অনুবাদ কৰিলোঁ। অসমৰ আন এগৰাকী কবি বিজয় শংকৰ বৰ্মনৰ কবিতাৰ অনুবাদ ২০০৭ চনত কৰিবলৈ ল’লোঁ। ইয়াৰ পিছতেই ড ভূপেন হাজৰিকাৰ দুকুৰিৰো অধিক গীত অনুবাদ কৰিলোঁ। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে অসমৰ আন এজন বিশিষ্ট কবি আনিছ উজ জামানৰ কবিতাও মই অনুবাদ কৰিলোঁ।

কভিডকালীন সময়ত মই নৱকান্ত বৰুৱাৰ গান আৰু কবিতাৰপৰা দহটা গীত অনুবাদ কৰিলোঁ। তদুপৰি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ দহটা গীত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ দুটা গীত তথা শঙ্কৰদেৱৰ ছটা আৰু মাধৱদেৱৰ এটা বৰগীত মই অনুবাদ কৰিছোঁ।

একেদৰে প্ৰতিমা বৰুৱা পাণ্ডেই কণ্ঠদান কৰা দুটা গোৱালপৰীয়া লোকগীতো মই ইংৰাজীলৈ অনুবাদ কৰিছোঁ। একেদৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা গীতো অনুবাদ কৰি মই কৃতাৰ্থ হৈছোঁ। ড°হীৰেন গোহাঁইদেৱৰ কথাত আকৃষ্ট হৈ মই আৰম্ভ কৰা অনুবাদকৰ্ম আজিকোপতি চলি আছে।

আপোনাৰ দৃষ্টিত অনুবাদকৰ্ম আচলতে কি?

মই বিশ্বাস কৰোঁ যে আচলতে অনুবাদকৰ্মই দুটি ভিন্ন সংস্কৃতিৰ মাজত এখন দলঙৰ দৰে কাম কৰে। সেয়েহে অনুবাদকাৰ্যক দুটি সুকীয়া সংস্কৃতিৰ মাজত সংযোগৰ বাবে দলং নিৰ্মাণ বুলি উল্লেখ কৰিবলৈ মই ভাল পাম। এইক্ষেত্ৰত মই Juliane Houseৰ Translation নামৰ কিতাপখনত উল্লেখ থকা এই কথাষাৰ সদায়েই বিশ্বাস কৰোঁ। এই কিতাপখনত লেখকে অনুবাদৰ বিভিন্ন দিশ সম্পৰ্কে উল্লেখ কৰি অনুবাদৰ মূল্যায়ন, ভাষা শিকাত অনুবাদৰ ভূমিকা আদি সম্পৰ্কে ব্যাখ্যা কৰিছে আৰু দুটি ভিন্ন সংস্কৃতিৰ মাজত অনুবাদকৰ্মক সংযোগৰ এখন দলং বুলি অভিহিত কৰিছে ।

অনুবাদকৰ্মক পাঠ একোটাৰ ব্যাখ্যা বুলিও পাৰি নেকি?

আচলতে কথাটো হ’ল এই যে এগৰাকী ভাল অনুবাদক নিজেই এগৰাকী আদৰ্শ পাঠক হ’ব লাগিব৷ এই যে আদৰ্শ পাঠক বুলি কৈছোঁ তাৰ মাজতে আচল কথাটো সোমাই আছে৷ অনুবাদকে উৎস ভাষা(source language)ত থকা লেখাটো যেনেদৰে বুজে তেওঁৰ অনুবাদ পঢ়া পাঠকসকলেও তেনেদৰেই লক্ষ‌্য ভাষা(target language)ত বুজি ল’ব৷ সেয়েহে অনুবাদকজন আদৰ্শ পাঠক হোৱাটো নিতান্তই বাঞ্ছনীয়৷ অনুবাদকে সেয়েহে তেওঁ যি অনুবাদ কৰিব তাক যথেষ্ট ভালকৈ—গভীৰ মনোযোগ আৰু সমমৰ্মিতাৰে পঢ়িব লাগিব৷ কবিতা হ’লে অনুবাদকে কবিতাটো আৰু অধিক সতৰ্কতা আৰু মনোযোগেৰে অধ্যয়ন কৰিব লাগে বুলি মই অনুভৱ কৰোঁ৷ অনুবাদকজনে যি বুজিছে তেওঁৰ অনুবাদ পঢ়া পাঠকসকলেও তেনেকৈয়ে হয়তো বুজিব৷ উৎস ভাষাত থকা মূল লেখাটো পঢ়ি সেই লেখাৰ প্ৰকৃত কথাখিনিৰ অনুবাদ কৰিবলৈ হ’লে অনুবাদকে পাঠ এটা অতি ভালকৈ অধ্যয়ন কৰিব লাগিব৷

অসমীয়া ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰোঁতে, বিশেষকৈ কবিতাৰ অনুবাদ কৰোঁতে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয়?

এইক্ষেত্ৰত সাধাৰণতে দুটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ বিখ্যাত লেখক তথা অনুবাদ অধ্যয়নৰ অধ্যাপক Mona Baker-এ তেওঁৰ গ্ৰন্থ  In Other Wordsত কৈছে যে অনুবাদকৰ্মৰ সময়ত অনুবাদকে প্ৰধানতঃ শব্দৰ প্ৰতিশব্দ (equivalent) বিচৰাত উজুটি খাবলগীয়া হয়৷ কথাটো হয়৷ তেওঁ কোৱাৰ দৰে অনুবাদকে জতুৱা ঠাঁচৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সংস্কৃতি আৰু পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰতো অনুবাদক এজনে সমস্যাৰ সন্মুখীন হয়৷ সমস্যাটো হ’ল এই যে উৎস ভাষাৰ সংস্কৃতিৰ সৈতে যুক্ত হৈ থকা বিভিন্ন শব্দ লক্ষ্য ভাষাত নাথাকিব পাৰে৷ এইক্ষেত্ৰত মোৰ মনলৈ এটা উদাহৰণ আহিছে৷ এই ধৰক এটা অসমীয়া কবিতা বা গীতত ‘সোণৰ সোলেং’ শব্দটিয়ে যি বুজাইছে সেয়া ইংৰাজীত বুজাবলৈ অনুবাদক এগৰাকী অসুবিধাৰ সন্মুখীন হ’ব৷ কাৰণ ইংৰাজী ভাষাত কথা-বতৰা পতা লোকসকলৰ মাজত সোণৰ সোলেং বুলি একো সামগ্ৰী নাই৷ সেইক্ষেত্ৰত অনুবাদকে অনুবাদকৰ্মটিৰ সৈতে টোকা দি কথাটো বুজাব লাগিব৷ ময়ো এই সমস্যাটোৰ সন্মুখীন হৈছোঁ৷ এইখিনিতেই মই কথা এটা কওঁ৷ অসমৰ প্ৰখ্যাত কবি জীৱন নৰহৰ কবিতাত মিচিং সমাজৰ বহু উপাদানৰ কথা উল্লেখ আছে৷ এতিয়া মিচিং সমাজত প্ৰচলিত বিভিন্ন সংস্কৃতি অথবা উপাদান ইংলেণ্ড, আমেৰিকা অথবা বিদেশত কেনেকৈ বিচাৰি পাব? তেনেক্ষেত্ৰত কবিতাটোত উল্লেখ থকা বিভিন্ন মিচিং শব্দ লক্ষ্য ভাষাৰ পাঠকসকলক বুজাবলৈ অনুবাদৰ সৈতে টোকা সংলগ্ন কৰিব লাগিব৷ ‘সংস্কৃতি’ শব্দটোৰে মই লোকসংস্কৃতি, লোকাচাৰ, বিশ্বাসধাৰা, ধৰ্মীয় অনুভূতি আদিও বুজাইছোঁ।

অনুবাদৰ ক্ষেত্ৰত দেখা দিয়া আন সমস্যাটো পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয়৷ এতিয়া ধৰক অসমত আছে আঁহতগছ, বান্দৰকেঁকোৱা আদি৷ আঁহতগছৰ সৈতে অসমত ধৰ্মীয় অনুভূতি এটা জড়িত হৈ থকা দেখা যায়৷ আনহাতে ইংৰাজী ভাষা কোৱা তথা অনুবাদ অধ্যয়ন কৰা পাঠকসকলে (হয়তো) বান্দৰকেঁকোৱা দেখা নাই৷ এতিয়া কেনেদৰে তেওঁলোকক মই আঁহতৰ কথা বা বান্দৰকেঁকোৱাৰ কথা বুজাম? এইবোৰ সমস্যা অনুবাদৰ ক্ষেত্ৰত আহে৷

কবিতাৰ অনুবাদ আৰু সাহিত্যৰ অন্য Genre অনুবাদৰ মাজত মৌলিক পাৰ্থক্য কিবা চকুত পৰেনে?

হয়, কবিতাৰ অনুবাদ আনবোৰ অনুবাদকৰ্মতকৈ বেলেগ৷ কাৰণ কবিতা এটা কবিতাটোৱে বহন কৰা অৰ্থ, পাঠ, শৈলী ইত্যাদিৰে সম্পূৰ্ণ হৈ উঠে। অকল কথাৰেই কবিতা নহয়৷ প্ৰসিদ্ধ ইংৰাজ কবি আৰু পণ্ডিত হাউছমেনে  (Alfred Edward Housman  b. 1859–d. 1936) এষাৰ সাৰুৱা কথা কৈছিল, “Poetry is not the thing said, but the way of saying it.” মানে যিটো কথা কোৱা হ’ল সিটো কবিতা নহয়, কিন্তু কি ধৰণে কোৱা হ’ল সেয়াহে কবিতা৷ অৰ্থাৎ কবিতাত যি কোৱা হয় সেয়া কবিতা নহয়৷ কোৱাৰ ধৰণটো মুখ্য হৈ পৰে৷ কবিতা এটা বুজিবলৈ কবিতাটোৰ মৌলিক উপাদানসমূহৰ ওপৰত গুৰুত্ব দিব লাগে৷ কবিতাত কল্পচিত্ৰ থাকে৷ ইয়াক ইংৰাজীত ‘Imagery’ বুলি কোৱা হয়৷ কবিতাই কোনোদিনে পোনপটীয়াকৈ একো এটা প্ৰকাশ নকৰে৷ কবিতাটো বুজিবলৈ অভিধা অৰ্থাৎ আভিধানিক অৰ্থ পাঠক বা অনুবাদকে জানিব লাগিব৷ কবিতাটোৰ লগত লাগি থকা কল্পচিত্ৰবোৰো পাঠক অথবা অনুবাদকে সম্পূৰ্ণকৈ অনুভৱ কৰিব লাগিব৷

এইখিনিতেই কওঁ যে কবি নীলমণি ফুকনৰ সফল কবিতাসমূহ গঢ়ি তুলিছে এই কল্পচিত্ৰই৷ এতিয়া ধৰক নীলমণি ফুকনৰ ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোত এনেদৰে কোৱা হৈছে:

এতিয়া নীলমণি ফুকনৰ এই কবিতাটোত থকা ‘আছেনে বাৰু তেওঁৰ মুখত সেই উভালি পৰা এজোপা গছ’ৰ অৰ্থটো বুজিবলৈ আভিধানিক অৰ্থটো বুজিলেই যথেষ্ট নহ’ব৷ কবিয়ে ব্যৱহাৰ কৰা কল্পচিত্ৰ,‌ অনুষঙ্গ আৰু ব্যঞ্জনা অনুবাদকজনে বুজিব লাগিব৷ একেদৰে ‘আছেনে বাৰু তেওঁৰ দুচকুত সেই দুটা ক’লা ঘোঁৰা‌’ মানে কবিয়ে কি বুজাইছে? আচলতে দুচকুত থকা ক’লা ঘোঁৰা দুটাৰ কল্পচিত্ৰৰ মাজেৰে ‌কবিয়ে অভিধা চেৰাই অনুষঙ্গ আৰু ব্যঞ্জনাৰে কি বুজাইছে সেয়া অনুবাদকে ভালদৰে বুজি ল’ব লাগিব৷ আলংকাৰিক ভাষাই অৰ্থাৎ Figurative language-এ আচলতে আওপকীয়াকৈহে কবিতাক ইন্দ্ৰিয়গ্ৰাহ্য ৰূপ দিয়াৰ প্ৰয়াস কৰে৷ তাত কি অৰ্থ নিহিত হৈ আছে সেয়া সম্পূৰ্ণ ৰূপে অনুবাদকে বুজি ল’ব লাগিব৷ একেদৰে নীলমণি ফুকনৰ আন এটা কবিতাৰ শাৰীবোৰ চাওকচোন:

এতিয়া এই শাৰীসমূহ অনুবাদ কৰিবলৈ হ’লে অনুবাদকে গাঁওখন এজাক ঢোঁৰা কাউৰী হৈ উৰি যোৱা কথাটো যদি আক্ষৰিক অৰ্থত অনুবাদ কৰি দিয়ে সেয়া অদ্ভূত কথা হ’ব৷ ইয়াত কবিয়ে এই কল্পচিত্ৰৰ দ্বাৰা কি ক’বলৈ বিচাৰিছে সেয়া অনুবাদক এগৰাকীয়ে ভালকৈ অনুভৱ কৰিব পাৰিব লাগিব৷ একেদৰে অনুবাদকজনে কবিতাত থকা আন বিভিন্ন উপাদান যেনে Simile, metaphor, metonomy, irony, paradox আদিও ভালকৈ উপলব্ধি কৰিব পাৰিব লাগিব৷ প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে কবিতা এটাত চমৎকৃত কৰিব পৰা কিবা উপাদান— an element of surprise – থাকিব পাৰে৷

ধৰি লোৱা যাওক যে কবিয়ে কবিতাত এনেদৰে কৈছে— “দূবৰি বনত মুকুতাৰ মণি”৷ এতিয়া ইয়াৰ অৰ্থটো হৈছে যে এই যে দূবৰিত পৰা নিয়ৰকণাৰ উজ্জ্বলতাখিনি মুকুতা এটিৰ দৰেই উজ্জ্বল হৈ পৰিছে৷ এনেবোৰ চমৎকৃত কৰিব পৰা কথা অনুবাদকজনে উপলব্ধি কৰিব পাৰিব লাগিব৷ সামগ্ৰিকভাবে ক’বলৈ হ’লে কবিতাত কেনেকৈ কোৱা হৈছে সেয়া অনুভৱ কৰিব পৰাটো অত্যন্ত জৰুৰী৷ সেয়া অনুবাদকজনে অনুভৱ কৰি অনুবাদ কৰিলে কবিতাৰ অনুবাদ সাৰ্থক হ’ব৷ এনেবোৰ কথাৰ বাবে কবিতাৰ অনুবাদ আনবোৰ অনুবাদকৰ্মতকৈ সূক্ষ্ম, জটিল আৰু সৃষ্টিশীল হয়৷

আপুনি এগৰাকী সাহিত্য সমালোচকো অনুবাদ কৰোঁতে সমালোচক মনটোৱে কেনেধৰণে সহায় কৰে?

সমালোচনামূলক লেখা মই লিখিছোঁ যদিও সমালোচক বুলিলে আমি যি বুজোঁ সেয়া মোৰ ক্ষেত্ৰত হয়তো প্ৰযোজ্য নহ’ব৷ অৱশ্যে এটা কথা হয় যে অসমীয়া সাহিত্যৰ উচ্চস্তৰীয় সাহিত্য সমালোচনাসমূহ মই ভালকৈ অধ্যয়ন কৰিবলৈ সুযোগ পাইছোঁ৷ এই অধ্যয়নে মোক সাহিত্য সমালোচনা সম্পৰ্কে সম্যক জ্ঞান দিছে৷ কেতিয়াবা হয়তো মোৰ অজানিতে আৰু কেতিয়াবা সজ্ঞানে সেই জ্ঞান মই ব্যৱহাৰ কৰিছোঁ৷

অনুবাদ কৰোতে পাঠটি অতি সূক্ষ্ম মনোযোগেৰে অধ্যয়ন কৰিবই লাগিব বুলি মই ভাবোঁ৷ সেই পাঠটি বহুবাৰ পঢ়ি লোৱা ভাল৷ এনেদৰে পঢ়ি পঢ়ি কেতিয়াবা মোৰ সম্পূৰ্ণ কবিতাটো মুখস্থ হৈ হয়৷ কেতিয়াবা কবিতা এটা জোলোঙাত লৈ মই ঘূৰি ফুৰোঁ৷ এনেদৰে পাঠটিৰ লগত একাত্ম হ’ব নোৱাৰাকৈ অনুবাদকাৰ্য সম্পন্ন কৰিব নোৱাৰি বুলি মই ভাবোঁ৷ মই ভাবোঁ যে অনুবাদক এগৰাকী আদৰ্শ পাঠক৷ তেওঁ পাঠটি পঢ়ি তাত কি আছে, কবি অথবা লেখকজনে কি কথা ক’বলৈ বিচাৰিছে সেয়া অনুবাদকজনে অনুভৱ কৰিব লাগিব৷ সেই পাঠ পিছলৈ যেতিয়া অনুবাদকে অনুবাদ কৰে সেই পাঠটি পাঠকৰ আগত যত্নসহকাৰে উপস্থাপন কৰিব পাৰিব লাগিব৷ সমালোচনা পঢ়ি, সমালোচনাৰ মৰ্ম উপলব্ধি কৰিলে সেই সমালোচনাই অনুবাদকক এক জ্যোতিৰ দৰে সহায় কৰে৷

আপুনি অসমীয়া ভাষাৰ প্ৰায়বোৰ প্ৰধান কবিৰে কবিতা অনুবাদ কৰিছে৷ এই ক্ষেত্ৰত কাৰ কবিতা অনুবাদ কৰোতে বেছি কষ্টৰ সমুখীন বলগীয়া হৈছে?

মই সকলো কবিৰ কবিতা ইংৰাজীলৈ অনুবাদ কৰা নাই; যিসকল কবিৰ কবিতা অনুবাদ কৰিছোঁ তেওঁলোকৰ নাম শ্ৰদ্ধাৰে উল্লেখ কৰিছোঁ। মোৰ সমসাময়িক কবি সমীৰ তাঁতী, অনুভৱ তুলসী, নীলিম  কুমাৰ, অনুপমা বসুমতাৰী, অৰ্চনা পূজাৰী, নীলিমা ঠাকুৰীয়া হক, আৰু জীৱন নৰহ, আৰু মোৰ কনিষ্ঠ  কামালুদ্দিন আহমেদ, বিজয় শংকৰ বৰ্মন, গুণ মৰাণ, প্ৰতীম বৰুৱা, বিভা ৰাণী তালুকদাৰ, খঞ্জনা শৰ্মা আদি প্ৰতিষ্ঠিত আৰু সম্ভাৱনাপূৰ্ণ কবিৰ কবিতা মই অনুবাদ কৰিছোঁ৷ প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে মই অনুবাদ কৰা গুণ মৰাণৰ বহু কবিতাৰ ইংৰাজী অনুবাদ বিদেশৰ বহু আলোচনীত প্ৰকাশ পাইছে৷

নীলমণি ফুকন ছাৰৰ বহু কবিতা মই অনুবাদ কৰিছোঁ। এখন কিতাপৰ জোখাৰে তেওঁৰ কবিতাসমূহ মই অনুবাদ কৰিছোঁ৷ প্ৰায় তিনিকুৰি মান কবিতা অনুবাদ কৰিছোঁ৷ আনিছ উজ্ জামানৰ কবিতা মই অনুবাদ কৰিছোঁ আৰু সেই অনূদিত কবিতাসমূহ Sprout Leaves Quicken নামেৰে কিতাপ আকাৰত প্ৰকাশ হৈছে।

কবিতাৰ অনুবাদ দৰাচলতে অতি কষ্টসাধ্য অনুশীলন৷ যদি ছন্দোবদ্ধ কবিতাৰ অনুবাদ কৰা হয়, সেই ক্ষেত্ৰত অধিক সমস্যাৰ সৃষ্টি হয়৷ কাৰণ এনেবোৰ কবিতা অনুবাদ কৰাৰ সময়ত ছন্দ আৰু অৰ্থ অনুবাদত ৰাখিব লাগিব৷ পিছে যিবোৰ কবিতা মই অনুবাদ কৰিছোঁ, সেইবোৰ মানুহে ভাল পাইছে৷

ফুকন ছাৰৰ কবিতাসমূহ অনুবাদ কৰোঁতে সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। কাৰণ তেওঁৰ কবিতাৰ মূল বৈশিষ্ট্য হ’ল indirectness৷ গোহাঁই ছাৰ, হৰেকৃষ্ণ ডেকা, প্ৰদীপ আচাৰ্য, ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী ছাৰ আৰু আন আন সমালোচকৰ সমালোচনা পঢ়ি পঢ়িহে আমি ফুকন ছাৰৰ কবিতা বুজি পাইছোঁ৷ যিবোৰ কথা নীলমণি ফুকন ছাৰে কোৱা নাই অথচ কল্পচিত্ৰৰ মাজেৰে প্ৰকাশ কৰিছে, সেইবোৰ আমি হৃদয়ংগম কৰিব পাৰিছোঁ। তেওঁৰ কবিতাত কিবা বাৰ্তা (message) থাকিলে সেয়া প্ৰত্যক্ষভাবে উপস্থাপন বা অভিজ্ঞাপন কৰা নহয়৷ সেয়া আন ধৰণেহে—মানে ব্যঞ্জনা বা অনুষংগৰ জৰিয়তে কবিয়ে পাঠকলৈ সঞ্চাৰিত হোৱাটো বিচাৰে৷ তেওঁৰ কল্পচিত্ৰসমূহ উপলব্ধি কৰি কৰি আপুনি কবিতাটোৰ বাৰ্তা উদ্ধাৰ কৰিব পাৰে৷ মই ফুকন ছাৰৰ কবিতাসমূহ অনুবাদ কৰাৰ ফলত পিছলৈ অৱশ্যে আন কবিৰ কবিতা অনুবাদ কৰাত সুবিধা হৈছে৷ আনিছ উজ্ জামানৰ কবিতাসমূহ অনুবাদ কৰাৰ সময়ত তেনে অভিজ্ঞতা আৰু গভীৰ অনুভৱ মোৰ কামত আহিছিল৷ তেওঁলোকৰ কবিতাত কল্পচিত্ৰ প্ৰধান৷ তাৰ লগত থকা অনুভৱখিনি, ব্যঞ্জনা, অনুষঙ্গ আৰু পৃষ্ঠভূমিত থকা সাংস্কৃতিক অৰ্থ উপলব্ধি কৰিলেহে প্ৰকৃত অনুবাদ সম্ভৱ৷ ‘আছেনে বাৰু তেওঁৰ মুখত সেই উভালি পৰা এজোপা গছ?’ —এতিয়া এই কথাটোৱে কি বুজাইছে সেয়া অনুভৱ কৰিব পাৰিব লাগিব। আচলতে এই উভালি পৰা গছজোপাই যে কিবা ভয়ংকৰ দুৰ্যোগ বুজাইছে, সেয়া অনুবাদ কৰাৰ সময়ত অনুভৱ কৰিব লাগিব৷ আচলতে কবিতা অনুবাদ বৰ সহজ নহয়। প্ৰত্যেকটো কবিতা আচলতে উপলব্ধি কৰিব পাৰিব লাগিব।

কবিতা এটা অনুবাদ কৰিবলৈ বাছনি কৰোঁতে কোনবোৰ কথাত প্ৰধানকৈ গুৰুত্ব দিয়ে?

হয়, কবিতা এটা অনুবাদ কৰিবলৈ বাছনি কৰাত কেতবোৰ কথাত গুৰুত্ব দিয়া হয়৷ পাঠ বা কবিতা এটাৰ প্ৰতি অনুবাদকে অনুভৱ কৰা একাত্মবোধৰ কথা মই ইতিমধ্যে কৈ আহিছোঁ৷ এই একাত্মতা অনুভৱ কৰাৰ ক্ষেত্ৰত দুটামান বিশেষ কথাও থাকে৷ অনুবাদক এজন আচলতে আদৰ্শ পাঠকজনৰ দৰে৷ পাঠক এগৰাকী অথবা অনুবাদক এগৰাকীৰ বাবে এগৰাকী অথবা কেইবাগৰাকীও লেখক প্ৰিয় হ’ব পাৰে৷ এতিয়া প্ৰিয় লেখকজনৰ অগণন লেখাৰ ভিতৰৰ কোনো এটা লেখা পাঠক অথবা অনুবাদকজনৰ বাবে প্ৰিয় হ’ব পাৰে৷ অৰ্থাৎ প্ৰিয় লেখকজনৰ কোনো এটা বিশেষ লেখা যেনেদৰে পাঠক এগৰাকীৰ বাবে প্ৰিয় হৈ পৰে তেনেদৰে অনুবাদকজনৰ বাবেও কোনো এটি বিশেষ লেখা প্ৰিয় হৈ পৰে৷ অৰ্থাৎ এই লেখাটো পাঠক অথবা অনুবাদকৰ বাছনিত উঠে৷ এটি লেখা এনেদৰে বাছনি কৰা বিষয়টো পাঠক অথবা অনুবাদকৰ বাবে এক মনোগত বিষয় বুলি অভিহিত কৰিব পাৰি৷

এতিয়া কবিতা এটা বাছনি কৰাৰ ক্ষেত্ৰত ওপৰত উল্লেখ কৰা বিষয়ৰ উপৰি আন কেতবোৰ কথা থাকিব৷ অনুবাদকজনে কবিতাটোত কি আছে সেয়া অনুভৱ কৰিব পাৰিব লাগিব৷ কেতিয়াবা আকৌ কবিতাৰ কাব্যিক ভাবনায়ো অনুবাদকৰ মন চুই যায়৷ কবিতা এটাত থকা কল্পচিত্ৰয়ো অনুবাদকক কবিতা এটা বাছনি কৰাৰ ক্ষেত্ৰত সহায় কৰে৷ উদাহৰণ স্বৰূপে নীলমণি ফুকনৰ ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোত বৰ্ণনা কৰা শাৰী, যেনে ‘আছেনে বাৰু তেওঁৰ দুচকুত সেই দুটা ক’লা ঘোঁৰা’ অনুবাদকে পঢ়াৰ লগে লগে ক’লা ঘোঁৰা দুটা অনুবাদকৰ চকুত প্ৰথমে ভাঁহি উঠিব আৰু লাহে লাহে ক’লা ৰঙৰ সাংকেতিক অৰ্থ আৰু ঘোঁৰাৰ আনুষংগিক অৰ্থ— যেনে ঘোঁৰাৰ তেজস্বিতা, দূৰন্ত গতি আৰু তাৰ ব্যঞ্জনা (ঘোঁৰা যৌনতাৰ প্ৰতীক) প্ৰমুখ্য হৈ পৰিব৷ তেতিয়াহে অনুবাদকৰ বাবে অনুবাদৰ কামটো সহজ আৰু মোহনীয় হৈ পৰিব৷

কবিতা এটা অনুবাদ কৰা সময়ত— প্ৰসিদ্ধ ইংৰাজ কবি আৰু পণ্ডিত হাউছমেনে (A.E. Housman) কোৱাৰ দৰেই— অনুবাদকেও অনুভৱ কৰাটো বাঞ্ছনীয়৷ অৰ্থাৎ কি কোৱা হৈছে সেয়া কবিতা নহয়৷  কেনেধৰণে কোৱা হ’ল সেয়াহে কবিতা৷ এই কথাটো অনুবাদৰ বাবে বাছনি কৰা কবিতাটোৰ ক্ষেত্ৰত অনুবাদকে উপলব্ধি কৰাটো জৰুৰী৷ একেদৰে কবিতা এটা অনুবাদৰ বাবে ধ্বনিমাধুৰ্যৰ বিষয়টোয়েও কবিতা এটা বাছনি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে৷ এইক্ষেত্ৰত মই নীলমণি ফুকন ছাৰৰ ‘এটি শিশুৰ স’তে’ কবিতাটোৰ কথা উল্লেখ কৰিবলৈ ভাল পাম৷ কবিতাটোত ‘speaker’ বা কওঁতাই সৰু ল’ৰা এটাৰ সৈতে ৰেলগাড়ী এখনত গৈ আছে৷ কবিতাটোৰ শেষৰ পংক্তিটো হৈছে:

শেষৰ শাৰীটো বেগাই পঢ়িলে ৰেলগাড়ীখনে তীব্ৰ গতিত গৈ থকাৰ ছন্দধ্বনি কাণত যেন অনুৰণিত হয়৷ সেয়ে ধ্বনিমাধুৰ্যৰ কথাটো অনুবাদকে অনুবাদৰ বাবে কবিতা এটা বাছনি কৰোঁতে ভাবি চাব লাগে৷ এনেদৰে কবিতা এটা অনুবাদ কৰিবলৈ বাছনি কৰাৰ সময়ত মই উপৰি উক্ত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ৷

নীৰেন্দ্ৰনাথ ঠাকুৰীয়াৰ সৈতে সাক্ষাৎগ্ৰহণকাৰী

অনুবাদযোগ্যতা পাঠ এটাৰ গুণ পাৰেনে?

অনুবাদৰ ক্ষেত্ৰত এই কথাটো গুৰুত্বপূৰ্ণ বুলি মই অনুভৱ কৰোঁ৷ আচলতে যেতিয়া এটি পাঠ অনুবাদ কৰা যায়, সেই পাঠৰ poetic idea বা কাব্যিক ধাৰণাটোৱে পাঠকক ধৰি ৰাখিবলৈ সমৰ্থ হয়৷ উদাহৰণ স্বৰূপে ভক্তি আন্দোলনৰ অন্যতম গুৰিধৰোঁতা কবীৰৰ পাঠৰ কথা উল্লেখ কৰিব পৰা যায়৷ কবীৰৰ গীতিকবিতাৰ অনুবাদ কিছুমান অনুবাদকে মিতাক্ষৰ ছন্দ বা অন্ত্যমিল ছন্দ(end rhyme)ত কৰিছে৷ আন কেইজনমান অনুবাদকে আকৌ সেই পাঠ অমিতাক্ষৰ ছন্দত কৰিছে৷ পিছে তেওঁৰ কবিতাত থকা উচ্চ কাব্যিক ভাব অথবা ধাৰণাৰ বাবেই তেওঁৰ কবিতাসমূহ যেনেদৰেই অনুবাদ কৰা নহওক কিয় সেয়া পাঠকসকলৰ বাবে উপভোগ্য হৈ উঠিছে৷ যি ধাৰণাই হৃদয়ত দাগ বহুৱাই যায়, সেই ধাৰণা পাঠকৰ বাবে চিৰকাল মনোগ্ৰাহী হৈ থাকে৷‌ অনুবাদ বিভিন্ন শৈলীত হ’ব পাৰে৷ পিছে পাঠত থকা অপৰূপ (striking) ধাৰণাইহে পাঠকৰ হৃদয়ত দাগ বহুৱাবলৈ সক্ষম হয়৷ গ্ৰীচদেশৰ ধ্ৰুপদী সাহিত্যৰ মহাকাব্যসমূহৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য হয়৷ সেইসমূহ মহাকাব্য কেনেদৰে অনুবাদ কৰিছে (পদ্য নে গদ্যত?) সেয়া পাঠকৰ বাবে কেতিয়াবা গৌণ হৈ পৰে। মহাকাব্যসমূহে বহন কৰা ধাৰণাৰ বাবেহে পৃথিৱীৰ সকলো পাঠকে এই মহাকাব্যসমূহ আদৰি লোৱা দেখা গৈছে।

অনুবাদৰ তাত্বিকসকলৰ মতে অনুবাদ অধ্যয়নৰ এটি বিশেষ বিষয় হ’ল অননুবাদ্যতা৷ ইয়াক ইংৰাজীত ‘untranslatibility’ বুলি কোৱা হৈছে৷ কিছুমান পদ্য অনুবাদ কৰাটো (প্ৰায়) অসম্ভৱ বুলি ক’ব পাৰি৷ শংকৰদেৱৰ ‘কৰ তল কমল কমল দল নয়ন’ আৰু কীৰ্তনপুথিৰ ‘হৰমোহন’ৰ তৃতীয় কীৰ্তনত থকা দিব্য উপবনৰ অপৰূপ প্ৰাকৃতিক বৰ্ণনা ইংৰাজীলৈ অনুবাদ কৰিব নোৱাৰাটো অননুবাদ্যতাৰ ধ্ৰুপদী উদাহৰণ। Translation Studies নামৰ গ্ৰন্থখনত Susan Bassnett-এ কিছুমান কবিতাত থকা অনিৰ্ণেয় গুণৰ কথা কৈছে৷ তেওঁ কৈছে— “…the ‘nature’, the ‘spirit’,  or ‘soul’ of the text;  the indefinable quality that the translators are rarely supposed to be able to capture.” অৰ্থাৎ পাঠত সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰা গুণ এটা নিহিত হৈ থাকে আৰু ইয়াকেই পাঠটিৰ প্ৰকৃতি বা সত্তা বুলি অভিহিত কৰিব পাৰি৷ মই ক’ব বিচৰা কথাটো হ’ল কবিতাৰ এই অনিৰ্ণেয় সত্তাই পাঠকক চিৰকাল আকৰ্ষিত কৰে৷

কেতিয়াবা ভাষিক কালিকা আৰু আন কেতিয়াবা অত্যন্ত স্থানীয় বিষয়বস্তু পাঠ একোটাৰ সুগম অনুবাদৰ ক্ষেত্ৰত প্ৰতিবন্ধক হৈ দেখা দিয়ে৷ তেনে প্ৰতিবন্ধকতা দূৰ কৰিবলৈ আপুনি সাধাৰণতে কি কৰে?

কথাটো হয়৷ এই বিষয়টো লৈ মই লিখা তিনিটা প্ৰবন্ধ ইতিমধ্যে প্ৰকাশ হৈছে। অনুবাদ কৰিবলৈ আৱশ্যক হোৱা সাহিত্য পাঠত সাধাৰণতে চাৰিটা বিশেষ সমস্যা থাকে৷ সেয়া হ’ল ভাষিক, পাৰিপাৰ্শ্বিক, সাংস্কৃতিক আৰু শৈলীগত৷ ভাষিক সমস্যা নিৰাময় কৰাত অনুবাদকক উৎস ভাষা আৰু লক্ষ্য ভাষাৰ ওপৰত থকা সম্যক জ্ঞানে সহায় কৰিব৷ পিছে পাৰিপাৰ্শ্বিক সমস্যা সমাধান কৰাত কথাটো অলপ বেলেগ হ’ব৷ কেতিয়াবা দেখা যায় উৎস ভাষাত থকা গছ-গছনি অথবা পাৰিপাৰ্শ্বিকতাৰ অন্যান্য উপাদান সম্পৰ্কীয় কোনো ব্যাখ্যাই লক্ষ্য ভাষাত নাই৷ একেদৰে গছ, লতা, তৰু, তৃণ আদিৰ গুৰুত্বও ঠাইভেদে বেলেগ হোৱা দেখা যায়৷ অনুবাদৰ ক্ষেত্ৰত দেখা দিয়া আন এটা সমস্যা হ’ল সংস্কৃতি৷ এতিয়া আমাৰ সংস্কৃতিত থকা বিষয় এটা আন এটা ভাষাত নাথাকিবও পাৰে৷ একেদৰে আমাৰ কোনো এক বিশেষ অঞ্চলত প্ৰচলিত শব্দৰ ব্যৱহাৰ ঠাই ভেদে ভিন্ন হোৱা দেখা যায়৷ এইক্ষেত্ৰত আমি মামণি ৰয়ছম গোস্বামী বাইদেউৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ কথা উল্লেখ কৰিব পাৰোঁ। দক্ষিণ কামৰূপ অঞ্চলত প্ৰচলিত বিভিন্ন শব্দ এইখন উপন্যাসত বাইদেৱে ব্যৱহাৰ কৰিছে। সেয়া অনুবাদকে অনুবাদ কৰাৰ আগেয়ে জানি ল’ব লাগিব৷ অৰ্থাৎ দক্ষিণ কামৰূপৰ সংস্কৃতি সম্পৰ্কে অনুবাদক অৱগত হ’ব লাগিব৷ একেদৰে অনুবাদকজনে উৎস ভাষা তথা লক্ষ্য ভাষাৰ সংস্কৃতি সম্পৰ্কেও সম্যক জ্ঞান আহৰণ কৰিব লাগিব৷ অনুবাদৰ ক্ষেত্ৰত আন এক সমস্যা হ’ল শৈলীগত সমস্যা৷ এইক্ষেত্ৰত সাধাৰণতে মই যিমান পাৰোঁ ‘monosyllabic’ শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ৷। টান শব্দ ব্যৱহাৰ কৰিলেই যে ভাল অনুবাদ হ’ব তেনে নহয়৷ অনুবাদৰ ক্ষেত্ৰত দেখা দিয়া শৈলীগত সমস্যা আঁতৰ কৰিবলৈ অনুবাদকে লক্ষ্য ভাষাৰ বিকল্প শব্দবোৰ জানি লোৱা আৱশ্যক হয়৷ ভাষিক, পাৰিপাৰ্শ্বিক, সাংস্কৃতিক আৰু শৈলীগত কালিকা আঁতৰ কৰিবলৈ অনুবাদকে বিকল্প বা সমাৰ্থক শব্দ বিচাৰি লোৱাটো জৰুৰী৷ ইয়াক অনুবাদ অধ্যয়নত ‘equivalent word’ বুলি কোৱা হয়৷ লক্ষ্য ভাষাৰ সমাৰ্থক বা একেবাৰে ওচৰৰ শব্দ নিৰ্বাচনত অনুবাদকে গুৰুত্ব দিয়া আৱশ্যক৷ কেতিয়াবা এনে বিকল্প বা সমাৰ্থক শব্দ নহ’লে অনুবাদকে পাদটীকাও ব্যৱহাৰ কৰা বাঞ্চনীয়৷ এইক্ষেত্ৰত মই এটা উদাহৰণ দিবলৈ ইচ্ছা কৰিম৷ ওপৰত উল্লেখ কৰা মামণি ৰয়ছম গোস্বামী বাইদেউৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ এই উঁয়ে খোৱা শব্দ দুটা ইংৰাজী অনুবাদত মই ‘moth-eaten’ বুলি ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ৷ উঁই আৰু ‘moth’ (অৰ্থাৎ চগা বা পতঙ্গ) যদিও দুটা বেলেগ প্ৰাণী, ইংৰাজী সাহিত্যত উঁইৰ বিকল্প মই ‘moth’ বুলি ব্যৱহাৰ কৰিবলৈ ভাল পাম৷

এনেবোৰ প্ৰতিবন্ধকতা দূৰ কৰাৰ বাবে অনুবাদৰ বাবে আৱশ্যকীয় বিভিন্ন সঁজুলি ব্যৱহাৰ কৰাটো জৰুৰী৷ অনুবাদকৰ বাবে থকা সাংস্কৃতিক শব্দকোষ বা ‘Cultural Dictionary’ এনে এবিধ সঁজুলি হ’ব পাৰে৷ অনুবাদকে লক্ষ্য ভাষা আয়ত্ত কৰি লৈ লক্ষ্য ভাষাত ব্যৱহাৰ কৰা স্থানীয় বিষয়বস্তু সম্পৰ্কেও জ্ঞান আহৰণ কৰি ল’ব লাগিব৷ আচলতে অনুবাদৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবন্ধকতা কেনেদৰে নোহোৱা কৰিব পাৰি সেয়া অনুবাদকৰ ওপৰত নিৰ্ভৰ কৰে৷ অনুবাদতত্ত্বৰ মতে অনুবাদৰ ধাৰা দুটা৷ তাৰে এটা হ’ল ঘৰুৱাকৰণ৷ এই ধৰণৰ অনুবাদত বিদেশী ভাষাত লিখা এটা লেখা এনে ধৰণে অনুবাদ কৰা হয় যে অনুবাদৰ কথাটো লেখাটিত উল্লেখ নকৰিলে তাক অনুবাদকৰ্ম বুলি ধৰিব নোৱাৰি৷ উদাহৰণ স্বৰূপে আনন্দচন্দ্ৰ আগৰৱালাৰ অনুবাদত লিখি নিদিলে সেয়া অনুবাদকৰ্ম বুলি ধৰিব নোৱাৰি৷ অনুবাদৰ আনটো ধাৰা অলপ পৃথক হয়৷ ইয়াত কেতবোৰ বিষয় সলনি কৰা নহয়৷ এইক্ষেত্ৰত মই টলষ্টয়ৰ গল্পৰ অনুবাদৰ কথা ক’ব খোজোঁ৷ ইয়াৰ ভাষাটো অসমীয়া৷ কিন্তু গল্পটো পঢ়িলে পাঠকে নিজকে ৰাছিয়াৰ মাটিত থকাৰ দৰেই অনুভৱ কৰিব৷

আধুনিক অনুবাদতত্ত্বৰ মতে অনুবাদত ‘foreignness’ থাকিব লাগে৷ উদাহৰণস্বৰূপে আমি যদি কৃষ্ণাংগ কবিৰ কবিতা এটা অসমীয়ালৈ অনুবাদ কৰোঁতে তাত থকা পটভূমিৰ মূল উপাদানবোৰ নাৰাখোঁ, তেনেহ’লে সেই কবিতাটোৰ সত্তাটো নোহোৱা হৈ পৰিব৷ এই কথাখিনি মই নিজেও হাড়ে-হিমজুৱে বিশ্বাস কৰোঁ৷ সেয়েহে মই অনুবাদ কৰা বিজয় শঙ্কৰ বৰ্মনৰ কবিতা-সংকলনখনৰ ‘Proem’ নামৰ লেখাটিত মই মোৰ অভিমত এনেদৰে প্ৰকাশ কৰিছোঁ: “We cordially invite our readers to be open to Assamese sensibility. We hope that the universal feelings and concerns of the poet will transcend the barriers and strike a chord with the perceptive readers of poetry.”

ধন্যবাদ ছাৰ ইমানপৰে আপুনি অনুবাদ সম্পৰ্কে বিশদভাবে লে৷ আপোনাৰ অনুবাদকৰ্ম তথা অনুবাদ সাহিত্যৰ প্ৰতি থকা বিশাল জ্ঞান ভাণ্ডাৰে আমাৰ লগতে পাঠকসকলকো সমৃদ্ধ কৰিব৷ আপোনাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ৷

অনুবাদ সম্পৰ্কে অনুভৱ কৰা কথাবোৰ মোক কবলৈ সুযোগ দিয়াৰ বাবে ময়ো আপোনালোকক ধন্যবাদ জনালোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *