কবিতাৰ অ আ ক খ

চেনীৰাম গগৈ

সাধাৰণতে দেখা যায় যে নতুনকৈ কবিতা লিখা কবিসকলে প্রথমতে ছন্দ মিলোৱা পদ্য লিখে আৰু পাছলৈ আধুনিক কবিতাৰ জ্ঞান আহৰণ কৰি ক্ৰমে পৈণত হোৱাৰ চেষ্টা চলায়। তেওঁলোকে ভাষা আৰু শব্দৰ উপৰি কবিতাত ব্যবহৃত প্রতীক, চিত্রকল্প, উপমা, বিৰোধাভাস ইত্যাদি নানান অনুষংগবোৰৰো গুৰুত্ব উপলব্ধি কৰে; জীৱনৰ শিক্ষা আৰু অভিজ্ঞতাক বর্তমানৰ প্ৰেক্ষাপটত থিয় কৰাই কবিতা লিখাৰ সাধনাত ব্ৰতী হয়। পাঠকক নিজৰ ফলীয়া কৰিবৰ কাৰণে পৰীক্ষা-নীৰিক্ষাৰ মাজেৰে কবিতা লিখি প্রকাশ কৰোতে কবিৰ মনলৈ অনেক দ্বিধা-সংকোচৰ ভাব আহে, কবিতাটোৰ ভাব-বস্তুৱে পাঠকৰ চেতনাক উজ্জীৱিত কৰিব পাৰিলেই কবিসকল সুখী হয় । এটা নিটোল, স্মৰণীয় কবিতা লিখাৰ স্বপ্নই কবিৰ জীৱন ।

আমাৰ নতুন কবিসকলে কবিতা পঢ়া আৰু লিখাৰ প্রতি আগ্রহী হয় ছাত্রাৱস্থাত পাঠ্যপুথিত পোৱা কবিতাবোৰ পঢ়ি। স্নাতক, স্নাতকোত্তৰৰ অসমীয়া পাঠ্যপুথিৰ এমুঠি কবিতাক কেন্দ্র কৰিয়েই চলি আছে আমাৰ কবিতাৰ সৌৰজগত। পাঠ্যপুথিত নথকা কবিসকলৰ যেন নিজা পোহৰ নাই! কিন্তু কবিতাৰ এই সীমাবদ্ধ ক্ষেত্রৰ বাহিৰত থকা ন-পুৰণি কবিসকলৰ উৎকৃষ্ট কবিতাবোৰ নপঢ়িলে কবিতাৰ উৎকর্ষ সাধন হোবাৰ আশা কম। গতানুগতিক, পাঠকবিমুখ অন্তর্মুখী যাত্রাৰে লিখা কবিতাৰ আয়ুস চুটি, এই ধৰণৰ কবিতাৰ সংখ্যা বৃদ্ধিয়ে ভাল কবিতাবোৰৰো গুৰুত্ব নোহোৱা কৰে। আমাৰ নতুন কবিসকলে সমগ্র অসমীয়া কবিতাৰ বিস্তৰ অধ্যয়ন আৰু সিবিলাকৰ ঐতিহাসিক পটভূমিৰ পৰা সমল আহৰণ কৰি আজিৰ চিন্তন-মননক জোঁকাৰি যোৱা কবিতা লিখাৰ কথা ভাবিব পাৰে।

আমাৰ নতুন কবিসকলে জানে যে কবিসকল শব্দ সতর্ক মানুহ। তেওঁলোক দেশ কাল ঐতিহ্য চেতনাৰে সমৃদ্ধ সত্যৰ উপাসক। শব্দই কবি এজনৰ ক’ব খোজা কথাখিনিক পাঠকৰ মাজলৈ নি সংক্রমিত কৰায়। শব্দই কবিতাৰ মূল পৰিবাহক, ঐশ্বর্যও। এটা শব্দ বা তাৰ বিকল্প শব্দবোৰৰ মাজৰ পৰা আটাইতকৈ যোগ্য, উপযুক্ত শব্দটোক বাছি লৈ যথাস্থানত বহুৱাব পৰাটোৱেই কবি এজনৰ কাৰিকৰী দক্ষতাৰ প্রমাণ হ’ব পাৰে। অতি প্রচলিত শব্দ এটাও দক্ষ কবিৰ হাতত পৰি নতুন হৈ পৰে; শব্দটোৱে লাভ কৰে অর্থৰ নতুন মাত্রা। কবিয়ে লিখা কবিতা এটাক মানসম্পন্ন কৰাৰ যি উচ্চতা, ভাব-বস্তুক সেই উচ্চতালৈ নিবৰ বাবেই কবিয়ে জুখি চায় শব্দবোৰৰ সামর্থ্যক। প্রতিজন কবিৰ প্রতিটো কবিতাৰে পাঠকৰ নির্দিষ্ট টার্গেট গ্রুপ থাকে আৰু তেওঁলোকক ঢুকি পোৱাৰ আকাংক্ষাই কবিজনৰ শব্দ সন্ধানত প্রভূত সহায় কৰে। পৃথিৱীৰ প্রতিজন যুগদ্ৰষ্টা কবিৰ ক্ষেত্রতে এই সত্য প্রযোজ্য। কবিসকলে শব্দৰ ব্যৱহাৰ কৰোতে সিহঁতৰ যোগ্যতা, আকাংক্ষা আৰু নৈকট্যৰ প্রতি লক্ষ্য ৰখা উচিত।

লগতে পঢ়ক একেজন লেখকৰ : আমাৰ মৰি যোৱা কবিতাবোৰ

কবিতাত শব্দবোৰক ব্যৱহাৰ কৰাৰ কৌশল কবি অনুসৰি ভিন্ন হ’ব পাৰে। শব্দ এটাক আন এটা শব্দৰ আগত বা পিছত বহুৱাই নাইবা তাক শাৰীটোৰ অন্য ঠাইলৈ নি কবিতাটোক আটিল, ইংগিতময়, সুখপাঠ্য কৰাৰ অনুশীলন কৰিব পাৰি। এই বয়ন কার্যৰ পুনঃপুনঃ কৰা অনুশীলনৰ সময়ত কবিয়ে তেওঁৰ পাঠকজনক সন্মুখত ৰাখি পৰীক্ষা কৰিব লাগে যাতে কবিতাটোত ব্যৱহৃত ভাষাৰ স্তৰ, ছন্দ, অর্থব্যঞ্জনাই তেওঁৰ প্রত্যাশাক পূৰণ কৰিব পাৰে। কবিতা এটা পৰিমার্জিত ৰূপত মেদহীন, অর্থঘন হোৱাৰ অৱকাশ থাকে। কবিতা নিৰ্মাণৰ এই পর্বত কবিয়ে যেতিয়া গম পায় যে তেওঁ বিচৰা যথার্থ শব্দবোৰ তেওঁৰ হাতত নাই, তেতিয়াই প্রতীক, চিত্রকল্প, উপমা, ৰূপক আদিৰ সহায় লৈ উদাহৰণৰ চিত্রায়নেৰে পাঠকৰ কাষ চাপিব খোজে। এনে কৰোতে কবি এজনে অদ্ভুত, দুর্বোধ্য কবিতাৰে পাঠকক বিমুখ কৰাৰ স্বাধীনতা থকা বুলি ভাবিব নালাগে। সচেতন কবিয়ে কবিতাত সততে ব্যৱহাৰ হোৱা প্রকৃতি জগতৰ আকাশ, তৰা, চৰাই, পথাৰ আদি শব্দবোৰ পৰিহাৰ কৰি নতুনকৈ প্রতীক, চিত্রকল্প তৈয়াৰ কৰে, বিজ্ঞান-প্রযুক্তিয়ে সলাই পেলোৱা আধুনিক পৃথিৱীখন হৈ পৰে তেওঁৰ কবিতাৰ নতুন জন্মভূমি।

কবিতা এটাৰ নির্মাণকালত কবিয়ে কেৱল শব্দকেই নহয়, স্তবকবোৰকো অগা-পিছাকৈ সজাই চাব লাগে যে কবিতাটো কোনটো ফৰ্মত থাকিলে সর্বাংগ সুন্দৰ হৈ পাঠকৰ গ্রহণযোগ্য হৈ উঠিব। কবিতা এটাত কিছুমান শব্দ আৰু স্তৱক নাথাকিও থাকে, পৃষ্ঠভূমিত লুকাই থাকিও সিহঁতে পাঠকক প্রৰোচিত কৰে। কবিতা সাঁথৰো নহয়, কুইজো নহয়, কিন্তু ই সঁচাকৈয়ে শব্দৰ আশ্বর্য নির্মাণ। পৰীক্ষিত কবিতাবোৰ পগাই পগাই ঘন কৰা গাখীৰৰ দৰে, ঘন গাখীৰত কেইটামান চাউল অন্য উপাদেয় বস্তুৰ সৈতে সিজোৱা অকণমান সুগন্ধি পৰমান্নৰ দৰে, ক’ৰবাত এদিন খাই মনত থাকি যোৱা। মানুহৰ মনত থাকি যোৱা এটা বা দুটা কবিতাই কবি এজনক সময়ৰপৰা সময়লৈ টানি লৈ গৈ থাকে, জীবনানন্দৰ ‘বনলতা সেন’ৰ নিচিনাকৈ।

লগতে পঢ়ক একেজন লেখকৰ : মই কিয় লিখোঁ?

নতুন বা পুৰণি প্রতিজন কবিয়েই নিজৰ এটা ফর্ম বা ষ্টাইল উদ্ভাবনৰ কাৰণে নিৰন্তৰ গৱেষণাত ৰত হ’ব লাগে। প্রাচীন অসমীয়া কবিতা, প্রচলিত লোক-সাহিত্য, চৌপাশৰ জনসাধাৰণৰ মুখে মুখে চলি থকা গীত-পদ, আনকি কথা-বতৰাবোৰ আত্মসাৎ কৰি এটা পৰিশোধিত বাকভংগী তৈয়াৰ কৰাটো কবিৰ দায়িত্ব। সাধাৰণ মানুহবোৰ কালক্ৰমত যিবোৰ সাংস্কৃতিক পৰম্পৰাত জীয়াই থাকি অভ্যস্ত, কবিতাই সেই পৰম্পৰাৰ বাটেৰে গৈ তেওঁলোকক সহজেই ঢুকি পাব পাৰে। আনক অনুকৰণ, অনুসৰণ কৰা কবিক পাঠকে নাকচ কৰে আৰু তেওঁলোকৰ কোনো নিজা আইডেণ্টিটিও নাথাকে। বহুতো সম্ভাবনা থকা কবিয়ে আনৰ কবিতাৰ প্ৰভাৱত পৰি নিজৰ কবিতা পাহৰি যায়, সাবধানীজনে তাৰ পৰা আঁতৰি আহি নিজে বাট কাটি উলিয়ায়। কেইবাজনো প্রতিষ্ঠিত অসমীয়া কবিয়ে স্বকীয় প্রকাশভংগীৰে লিখা কবিতাবোৰ চালে দেখা যায় যে তেওঁলোকৰ শব্দৰ লীৰিকেল মুখামুখি, অন্তঃমিল, ছন্দ পৰীক্ষা, শ্লেষ, ব্যংগ, কটাক্ষ ইত্যাদিবোৰৰ মৌলিক উপাদানবোৰ জনজীৱনৰ মাটিৰ পৰা তুলি অনা।

কবিতা এটাৰ আৰম্ভণিও এনে হোৱা উচিত যাতে পাঠকজনে কবিতাটো সম্পূর্ণকৈ পঢ়িবলৈ অনুপ্রাণিত হয়। গতানুগতিকভাবে কেজুৱেলি লিখা কবিতাৰ প্রথম দুশাৰী পঢ়িলেই পাঠক অসন্তুষ্ট হয় আৰু সেইবোৰ কবিতা সহজেই মৃত্যু মুখত পৰে। কবিতাৰ আৰম্ভণি নাটকীয় হ’ব পাৰে, আকস্মিক হ’ব পাৰে, চমক সৃষ্টি কৰা বাক্যাংশ হ’ব পাৰে। পাঠকজনে গম নোপোৱাকৈয়ে কবিয়ে তেওঁক নিজৰ ফালে ঢাল খুৱাই কবিতাটোৰ বিকাশৰ মাজেৰে সমাপ্তিৰ আনন্দদায়ক মুহূৰ্তটোলৈ লৈ যায়। কবি এজনে এনেকৈয়ে এজন এজনকৈ পাঠক সৃষ্টিৰ সচেতন প্রচেষ্টা চলাই এদিন এখন সংকলন উলিয়াব পৰা অবস্থা পায়হি আৰু লাহে লাহে তেওঁ হৈ পৰে জনপ্রিয় কবি, বিশিষ্ট কবি, ভাৰতীয় কবি ইত্যাদি। ( ২৩-০১-২৪ তাৰিখে চেপনত অনুষ্ঠিত হোৱা কবিতাৰ কৰ্মশালাত কোৱা কথাৰ আঁত ধৰি৷)

চেনীৰামগগৈ এগৰাকী জ্যেষ্ঠ কবি আৰু বেংকৰ অৱৰসপ্ৰাপ্ত বিষয়া৷

Leave a Reply

Your email address will not be published. Required fields are marked *