কবিতাৰ শব্দময় গা

ড° কৰবী ডেকা হাজৰিকা

বিতা আৰু পাঠকৰ মাজত সংযোগ ৰক্ষা কৰা প্ৰকৃত গুণটো বিশেষভাবে বিচাৰি চাব খুজিলে কেইবাটাও দিশ মনলৈ আহে৷ প্ৰথমতেই হ’ল কবিতাত ব্যৱহৃত শব্দসমূহ। তাৰ পিছতেই আহিব কবিতাৰ বৰ্ণনীয় বিষয় বা ভাব আৰু সাংগীতিক গুণৰ কথা। ইয়াৰে পাছৰ দুটা প্ৰথমটোৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ উপযুক্ত শব্দৰ আশ্ৰয় নাপালে ভাব ফুটি নুঠে আৰু সাংগীতিক গুণ বা ছন্দোবদ্ধ ৰচনাৰ বাবে বিশিষ্ট শব্দৰ প্ৰয়োগ অপৰিহাৰ্য৷ কোনবোৰ শব্দক বিশিষ্ট আখ্যা দিব পাৰি সেই কথাও বিচার্য। কবিতাৰ বাহিৰত দেখা শৰীৰটো সজায় শব্দৰ সুনিপুণ প্ৰয়োগে৷ সেই শৰীৰৰ অন্তৰালত থকা ‘মন’ বা ভাবৰাশি বুজি পাবৰ বাবে শৰীৰৰ গঠনে আকৰ্ষণৰ সৃষ্টি কৰিবই লাগিব৷ যিবোৰ শব্দই পাঠকক কবিতাৰ ভিতৰলৈ সোমাবলৈ উৎসাহিত কৰে সেইবোৰেই উৎকৃষ্ট শব্দ।

একোটা কবিতাৰ সফল নিৰ্মাণ আৰু পাঠকৰ সঁহাৰিৰ বাবে ৰচনাৰ শৈলী বিশেষভাৱে দায়বদ্ধ হৈ থাকে। কবি কীটছে কৈছিল যে কবি-মানসৰ উচ্চতম চিন্তাধাৰাৰ পৰা উদ্ভূত শব্দসম্ভাৰে পাঠকক স্পৰ্শ কৰি এক স্মৰণীয় অভিজ্ঞতা ৰূপে প্রকাশ পাব লাগে (Poetry “should strike the reader as a wording of his own highest thoughts, and appear almost a remembrance”)। এনেকৈয়ে ভাল কবিতাৰ জন্ম হয়। কিন্তু কেৱল দৈহিক লাৱণ্যৰে কবিতা সজালেই সি ভাল কবিতা নহ’বও পাৰে৷ ভাব আৰু ভাষাৰ, শব্দ আৰু অনুভৱৰ সুষম মিশ্রণ নহ’লে অপটু হাতৰ ৰন্ধনকলাৰ দৰে কবিতা বিস্বাদ হৈ পৰিব৷ কবিৰ প্ৰথমটো কাব্য-বাণী নিজৰ বাবে নিজৰ বিচাৰত উত্তীৰ্ণ হোৱাৰ পাছত তাক তেওঁ আনৰ বাবে মুকলি কৰি দিয়ে। কেতিয়াবা নিঃসংগতাত বা নিৰ্জনতাত তেওঁৰ কবিতাৰ প্ৰথম জন্ম ঘটিব পাৰে। (“A poet is a nightingale, who sits in darkness and sings to cheer its own solitude with sweet sound.” –A Defence of Poetry, P.B. Shelly) তাৰপিছত সেই অনুভৱ তেওঁ আনৰ আগত শুৱলাকৈ তুলি ধৰে৷ শ্ৰোতা-পাঠকে গ্ৰহণ কৰিলেহে কবিতাটিৰ দ্বিতীয় জন্ম ঘটে৷ কবিৰ কাম হ’ল বিশ্বমানৱৰ প্ৰাণৰ কথাৰ চিনাক্তকৰণ আৰু বিস্তাৰ, যাৰ জাগৰণ প্ৰথমে হয় তেওঁৰ নিজৰ মাজত আৰু যাক তেওঁ আনৰ মাজলৈ পঠাই দিয়ে৷ এই জাগৰণৰ সুৰ আনৰো চিন্তা আৰু প্ৰাণত খাপ খাবলৈ হ’লে কেৱল ওপৰত কোৱাৰ দৰে “কবি-মানসৰ উচ্চতম চিন্তাধাৰাৰ পৰা” নিঃসৃত শব্দ হ’লেই নহ’ব৷ কাৰণ এই শব্দই ঢুকি পাব লাগিব অজস্ৰ সাধাৰণ মেধাৰ, অমনোযোগী, অলস অথবা অধিক দীপ্ত– যুক্তিবাদী-তার্কিক আৰু নিৰাসক্ত পাঠকৰ বিশাল সংখ্যাক। গতিকে এই কথা নিতান্ত স্পষ্ট যে কবিতা একোটাৰ পূৰ্ণতাৰ বাবে কবিয়ে কৰিবলগীয়া সবাতোকৈ পৰিশ্ৰমৰ কামটো হ’ল উপযুক্ত শব্দৰ সন্ধান৷ কবিৰ মানসিক স্তৰ আৰু পাঠকৰ মানসিক স্তৰ একে উচ্চতাৰ নহ’লেও শব্দসমূহ হ’ব লাগিব উভয়ৰে বাবে গ্ৰহণীয়৷

এসময়ত কবিতাৰ বাবে সুকীয়া আলংকাৰিক ভাষাৰ প্ৰয়োগ কৰাটো অৱধাৰিত নিয়ম আছিল যদিও আধুনিক কালৰ কবিয়ে তেনে নিয়মৰ শিকলিৰে নিজকে শৃংখলিত নকৰে। তেওঁলোকৰ মতে ‘কাব্যিক ভাষা’ বুলি কোনো ভাষা নাই আৰু অচিনাকি শব্দৰো কবিতাত প্ৰৱেশৰ কোনো বাধা নাথাকে (“There is no specially poetic language, there is no bar against the most unlikely looking words.” — H. Coombes, Literature and Criticism)| কবিয়ে তেওঁৰ মনৰ বিমূৰ্ত ধাৰণা প্ৰকাশৰ বাবে যেতিয়া হাতত পোৱা গোটা খহটা, আবেদনহীন আৰু ভোটা অস্ত্ৰৰ দৰে চিকমিকনি নোহোৱা শব্দসমূহৰ কোনো একোটাকে মনোমত বুলি নাভাবে, তেতিয়া তেওঁ নতুন শব্দ একোটা গঢ়ি লয়৷ এনেবোৰ শব্দ কবিতাৰ ভাষাত তেতিয়াহে সোমোৱা উচিত যেতিয়া কবিতাটোৰ বাবে এইবোৰ অপৰিহাৰ্য হৈ পৰে৷

ৱৰ্ডছৱৰ্থে কৈছিল যে গদ্য আৰু কবিতাৰ মাজত থকা পাৰ্থক্য আঁতৰাব লাগে আৰু তাৰ ঠাইত ব্যৱহৃত হ’ব লাগে “মধ্যবিত্ত বা নিম্নশ্রেণীয়ে” কোৱা ভাষা (middle and lower classes of society)| যিমানদূৰ পাৰি মানুহৰ আচল ভাষাকে অনুকৰণ আৰু ব্যৱহাৰ কৰিবলৈ (to imitate and as possible to adopt the very language of the mass) তেওঁ নিজেও যত্ন কৰিছিল। এই প্রচেষ্টা সাধাৰণ ভাবে আদৰণীয় যদিও সকলো কবিতাৰ ক্ষেত্ৰতে সম্ভৱপৰ নহ’বও পাৰে। কবিৰ মনত খেলা কৰা কিছুমান সূক্ষ্ম অনুভৱৰ বাবে কেতিয়াবা কম ব্যৱহৃত ইংগিতপূর্ণ শব্দৰ প্ৰয়োজন হয়। কেতিয়াবা কোনোটো শব্দৰ পৰাই কবিৰ মানসিক তৃপ্তি নাহিলে তেওঁ নিজেও একো একোটা শব্দ নিৰ্মাণ কৰি লয়। এই নতুন শব্দবোৰ কবিতাৰ শৰীৰতহে থাকে, ঘৰুৱা জীৱনৰ কথা-বতৰাত ইহঁতে ঠাই নাপায়। গতিকে এইবোৰ ‘সৰ্বসাধাৰণৰ ভাষাৰ’ ভিতৰুৱা নহয়। মানুহে ব্যৱহাৰ কৰা ভাষাৰ উত্তম অংশটো নিৰ্মিত হয় কল্পনাশক্তি আৰু ৰুচিবোধৰ মিলনত। গতিকে এজন কবিয়ে প্ৰকাশ কৰিবলৈ বিচৰা পৰিশোধিত ভাবৰাশি বহন কৰিবলৈ সক্ষম শব্দসমূহ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ কথা-বতৰাৰ মাজত গা দেখা দি নাথাকিবও পাৰে৷

নতুন কবিতাত সাধাৰণতে ছন্দৰীতিৰ পুৰণি ধৰণে মানি চলা নহয়৷ আগৰ কবিতাত থমকি থমকি চলা খোজৰ যি ছন্দময় গতি আছিল, সি পাঠকৰ কৰ্ণ ভেদি মৰ্মত প্ৰৱেশ কৰিছিল। গতিকে সেইবোৰ কবিতা শাৰীয়ে শাৰীয়ে মনত ৰাখিবলৈ সহজ আছিল। এসময়ত ছন্দৰ মাজত থকা অন্ত্যমিল এৰাই চলিবৰ বাবে অমিতাক্ষৰ ছন্দৰ প্ৰয়োগ কৰা হ’ল৷ এই ৰীতিৰ মাজেৰে কবিতাৰ ভাবৰ প্ৰৱাহ এক নিৰ্দিষ্ট গতিৰে চলি থাকে৷ ইয়াৰ বাবে শব্দৰ দৈৰ্ঘ্য, জোখ, মাত্ৰা আদিত মনোযোগ দিবলগা হ’ল। প্ৰত্যক্ষ ছন্দৰ প্ৰয়োগ নাথাকিলেও নতুন কবিতায়ো ক’ৰবাত নহয় ক’ৰবাত নিজকে বিশেষ গুণৰ যোগেদি গদ্যৰ পৰা নিলগাই ৰাখে৷ এই বিশেষ গুণটো বহু পৰিমাণে শব্দৰ প্ৰয়োগ আৰু নিৰ্দিষ্ট ঠাইত স্থাপন কৰাৰ কৌশলৰ ওপৰত নিৰ্ভৰশীল৷ একো একোটা শব্দৰো একোটা সত্তা থাকে৷ সিহঁতে বহন কৰে সিহঁতৰ জন্মগত মূল্য, পৰম্পৰাগত ব্যাৱহাৰিক প্ৰমূল্য, ব্যক্তিগত আৱেগৰ ৰং আৰু বিশেষ উদ্দেশ্যৰ উদ্যম। কবিৰ হাতলৈ উঠি অহা এনে অসংখ্য শব্দৰ মাজৰ পৰা তেওঁক প্ৰয়োজন হোৱা বিশেষ শব্দবোৰ কেতিয়াবা অপ্রয়াসে খাপ খাই পৰে৷ কেতিয়াবা একোটা শব্দ মনঃপূত নোহোৱাৰ বাবে কবিতাৰ পূৰ্ণতা আৰু সফলতাৰ পথ দীঘলীয়া হয়। কেতিয়াবা প্রথমে একোটা বিশেষ শব্দই ধৰা দিয়ে আৰু তাৰ চাৰিওফালে আলাসতে ভাহি ফুৰা ভাব-অনুভূতি-প্ৰকাশমুখী ইচ্ছাবোৰ আহি শাৰী পাতি থিয় দিয়ে৷ এনেকৈয়ো কবিতাৰ সৃষ্টি হ’ব পাৰে।

লগতে পঢ়ক একেজন লেখকৰ : ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ৰ আঁৰৰ কথা

গতিকে দেখা যায় যে কবিতাৰ অপৰিহাৰ্য শক্তি হ’ল শব্দ। কবিয়ে বিচৰা অবিকল ধৰণেৰে কাব্য-প্ৰৱাহ আগবঢ়াই নিবলৈ শব্দইহে লোৰ খান্দি দিয়ে৷ আনহাতে শব্দ হ’ল সেই প্ৰৱলবেগী বতাহ যি নিজৰ ঘূৰ্ণীচক্ৰৰ মাজলৈ টানি আনিব পাৰে কবিৰ কাব্য-ভাবনাৰ সমস্ত চিন্তা-বীজ। অসমীয়া সাহিত্যৰ নতুন কবিসকল শব্দৰ এই যাদুকৰী গুণৰ বিষয়ে এতিয়াও বৰকৈ সচেতন হৈ উঠা নাই৷

কৰবী ডেকা হাজৰিকা অসমৰ এগৰাকী আগশাৰীৰ কবি, লেখক, সমালোচক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাক্তন অধ্যাপক।

Leave a Reply

Your email address will not be published. Required fields are marked *