কবিতাক হৃদয়েৰে ভাল পাব লাগিব

ইন্দু বৰুৱা

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

কবিতাৰ সৈতে মোৰ আত্মাৰ সম্পৰ্ক। সেইবাবে হৃদয়ৰপৰা তাগিদা নাহিলে মোৰ কবিতা নিগৰি নাহে। কেতিয়াবা এনে হয়, সপ্তাহত দুই-তিনিটাকৈ কবিতা লিখা মইজনী মাহৰ পিছত মাহ কবিতাৰ নামত এডাল আঁচ টানিবলৈও সক্ষম নহওঁ। শিক্ষিত ব্যক্তি হিচাপে মই নিজকে  সমাজৰ বাবে দায়বদ্ধতাৰে কাম কৰিব বিচাৰোঁ।গৰিষ্ঠসংখ্যক মানুহৰ হৃদয় চুই যোৱা সমাজৰ উত্তৰণৰ দিশ নিৰ্ণয় কৰা কবিতাবোৰ সকলোৰে বাবে মঙ্গলজনক। সমাজৰ ক্ষতিকাৰক দিশবোৰ যেনে দুৰ্নীতি, শাসন- শোষণ, সমাজৰ অহিতকাৰী কাৰ্যকলাপবোৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰি গৰিষ্ঠসংখ্যক লোকৰ চেতনা জাগ্ৰত কৰিব পাৰিলেহে কবিতা সাৰ্থক হ’ব বুলি ভাবোঁ।

আপুনি কবিতা কিয় পঢ়ে?

কবিতা মোৰ বাবে মানসিক সন্তুষ্টি দিব পৰা উৎকৃষ্ট সমল। সৰুতে আমাৰ দিনত খেলা-ধূলাৰ বাহিৰে কিতাপ পঢ়াটো আজৰি সময়ৰ চখ আছিল। সহজ-সৰল, ছন্দোবদ্ধ কবিতাবোৰে শিশুমনক আকৃষ্ট কৰিছিল। ক্ৰমশঃ কৈশোৰ আৰু যুৱাৱস্থাত অসমৰ বিদেশী খেদা আন্দোলনৰ সৈতে জড়িত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে যুগজয়ী কবিসকলৰ দেশপ্ৰেমমূলক কবিতাবোৰ পঢ়ি তেনে কবিতাৰ প্ৰতি আকৃষ্ট হৈ তেনেধৰণৰ কবিতা লিখিবলৈ প্ৰয়াস কৰি দেশপ্ৰেমমূলক কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

যিধৰণৰ কবিতাই সাৰ্বজনীন ভাব প্ৰকাশ কৰি মানৱ মন উদ্বেলিত কৰিব পাৰে তেনে কবিতাবোৰ মোৰ প্ৰিয়।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতাই যথেষ্ট উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দেশে-বিদেশে অনুষ্ঠিত হোৱা কবি সন্মিলনবোৰলৈ  আমন্ত্ৰিত হৈ অসমৰ ভালেমান নমস্য কবিয়ে নিজৰ সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। বিশ্বমানৰ কবিতা লিখা আমাৰ ৰাজ্যৰ কবিসকলৰ কবিতা ভিন ভিন ভাষালৈ অনুবাদ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ প্ৰতিভা দেশৰ ভিতৰতে আবদ্ধ হৈ থকাটো বৰ পৰিতাপৰ বিষয়।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

কবিতাৰ পথাৰ চহাই-মৈয়াই উৎকৃষ্ট ফচল জগতসভালৈ উলিয়াই দিবলৈ কচৰৎ কৰি থকাসকলক কিবা ক’ব পৰাকৈ মই যোগ্য হৈ উঠা নাই। এতিয়াও মই শিকাৰুহে। সামাজিক মাধ্যমৰ জৰিয়তে বহু নতুন নতুন কবিয়ে কবিতা চৰ্চা অব্যাহত ৰাখি নিৰ্দিষ্ট স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এটা কথা মই বাৰে বাৰে অনুভৱ কৰোঁ, কবিতা লিখিবলৈ আনৰ ভাল কবিতা পঢ়িবই লাগিব আৰু সময়ে সময়ে ৰূপ সলনি কৰা কবিতাৰ নিৰ্মাণশৈলীক আয়ত্ত কৰিবলৈ কবিতাক হৃদয়েৰে ভাল পাব লাগিব।

ইন্দু বৰুৱা গুৱাহাটী নিবাসী এগৰাকী কবি।

Leave a Reply

Your email address will not be published. Required fields are marked *