টেণ্টালাচ
মোৰ পাছে পাছে ফুৰিছে
এটি সাপ। ক'লা সাপ।
চুলিৰ আগত ভাহি উঠিছে
এডাল, দুডাল, বহডাল জুইৰ শিখা।
হেৰা টেণ্টালাচ। তোমাক হাঁহিবলৈ
আমি কোন?
প্ৰাচুৰ্যতাৰ অভিশাপ লৈ
আমিও ক্ষুধাজ্বালা জৰ্জত
এই জীৱনত;
যেনেকৈ
তুমিও তৃষ্ণাতুৰ।
………………..
প্ৰথম প্ৰকাশ: সাদিনীয়া নৱযুগ, ১৮ নৱেম্বৰ, ১৯৬৪।