দুগ্ধ শংখ
লুণীয়া পানীৰ পৰা তিতি-বুৰি
উঠি আহিছে দুগ্ধ শংখ এটি
পাৰৰ বালিত ৰ’দ ল’ব
বাট চাব শংখ বিচৰা ল’ৰাবোৰলৈ
কোলাহল এটা হৈ ল’ৰাবোৰ আহিব
সিহঁতক তুলি ল’ব
কল্পতৰু বুলি মোনাত ভৰাব
ধুব, ধুই চকচকীয়া কৰিব
ক্ষুদ্ৰ ছিদ্ৰবোৰ বন্ধ কৰি পলিচ সানিব
মেলালৈ নি ল’ৰাবোৰে পোহাৰ মেলিব
তিৰোতাবোৰো মেলালৈ আহিব
সিহঁতৰ শংখ-হাতেৰে তুলি ল’ব
নিখুঁত একোটা শংখ
পঞ্চমুখী নে অষ্টমুখী
লিৰিকি-বিদাৰি তাকেই চাব
এটা চকু মুদি আনটোৰে গভীৰলে’ জুমি চাব
ঠেলি দিব বতাহ এছাটি
ওঁঠ দুটি জোঙা কৰি
শংখ নিনাদে আকাশৰ চন্দ্ৰাতপ
কঁপাই তুলিব
মাটিৰ বিগ্ৰহ, শিলৰ বিগ্ৰহ
সকলোৱে সাৰ পাব
অপ্সৰাৰ কণ্ঠত কি বাজে, কি বাজে
সকলোৰে চকু কপালত উঠিব
ঠিক তেতিয়াই
লুইতৰ বুকুৰ সৰু ঢৌ এটা
সাগৰত ওপঙি উঠিব
An English translation of the poem.