ৰবীন্দ্ৰ সৰকাৰ :  সত্তৰৰ পদাতিক

যাৰ যাত্ৰা অনাগত সময়লৈও অবিৰত

ৰিপুঞ্জয় গগৈ

ৰবীন্দ্ৰ সৰকাৰ

ৰবীন্দ্ৰ সৰকাৰে ৰবীন্দ্ৰনাথ(ঠাকুৰ)ক ফৰাচী বুদ্ধিজীৱী ৰোমা ৰ’লাৰ সমস্থানত বুদ্ধিজীৱী হিচাপে বহুৱাবলৈ অনিচ্ছুক আছিল। সাধাৰণতে মানুহৰ একে জাতি, জ্ঞাতি, অথবা একে ক্ষেত্ৰৰ বিচৰণকাৰীৰ প্ৰতি অনুৰাগ আৰু পক্ষপাতিতা থাকে। এই অৱস্থাতো সদৃশ নাম আৰু জাতিৰ ৰবীন্দ্ৰনাথৰ প্ৰতি ৰবীন্দ্ৰ সৰকাৰে পক্ষপাতিত্ব কৰাৰ সলনি বিদেশী, অজাতি (?) বুদ্ধিজীৱী এজনকহে ওপৰত ৰাখিছিল। এয়া কবি, ভাবুক ৰবীন্দ্ৰ সৰকাৰৰ জ্ঞাতি-বৈৰীতা নহয়, এয়া আছিল তেওঁৰ সঠিক ৰাজনৈতিক দৃষ্টিভংগী। ৰাজনৈতিক সঠিকতাৰ (political correctness) বাবেই ভ্ৰমবশতঃ ফেচিষ্ট মুছুলিনিৰ ৰাজ-আতিথ্য গ্ৰহণ কৰি মুছুলিনিক নোবেল বিজয়ী (১৯১৩) ৰবীন্দ্ৰনাথে বিশ্বৰ সন্মুখতে প্ৰশংসা কৰা অপ-ঘটনাটোক ৰবীন্দ্ৰ সৰকাৰে সহজে গ্ৰহণ কৰা নাছিল। ইয়াৰ বিপৰীতে মুছুলিনীৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়াৰ বাবেই ৰোমা ৰ’লাক ৰবীন্দ্ৰ সৰকাৰে বুদ্ধিজীৱী হিচাপে ওপৰত স্থান দিছিল ।

এনে স্থিতি, চিন্তাৰেই কবি ৰবীন্দ্ৰ সৰকাৰ কবি হিচাপে যাত্ৰা আৰম্ভ কৰোতেই যুদ্ধৰ পদাতিকৰ ভূমিকা লৈছিল। সেয়া আছিল যোৱাটো শতিকাৰ সত্তৰ দশকৰ ৰাজনৈতিকভাৱে উত্তাল হৈ থকা সময়খিনি। তেওঁৰ কাব্য-সংকলনৰ নামতো পদাতিকেই সংলগ্ন হৈছিল।

অসমীয়া কাব্য সাহিত্যৰ প্ৰাথমিক ইতিহাসৰ জ্ঞান থকা সকলোৱেই জানে যে যোৱা শতিকাৰ সত্তৰৰ দশকটোত আৱিৰ্ভাব হোৱা কবিসকলক সেই সময়ৰ ভাৰতবৰ্ষৰ নক্সালবাৰী বিদ্ৰোহৰ উত্থানে স্বপ্নাতুৰ কৰি তুলিছিল। বিশ্ব পৰিস্থিতিও আছিল সমাজ পৰিৱৰ্তনৰ এক অনুকুল পৰিৱেশ। এই বাস্তৱতাই আমাৰ ৰবীন্দ্ৰ সৰকাৰৰ দৰে তৰুণ কবিসকলকো ন সৃষ্টিৰ বাবে অনুপ্ৰাণিত কৰিছিল। সেই সময়ত অসমৰ অৱনী চক্ৰৱৰ্তী, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, পুণ্ডৰীকাক্ষ ভৰালী, ৰফিকুল হোছেইন, পুতুল হাজৰিকা, পুলিন শৰ্মা আদি কবি সংহতিটো সবল কণ্ঠেৰে জাকি মাৰি ওলাই আহিছিল। এই বাটতেই ৰবীন্দ্ৰ সৰকাৰ সত্তৰৰ পদাতিক হৈ ৰচনা কৰিছিল বৃত্ত ভঙাৰ সময়। কবিৰ এই গণমুখী যাত্ৰাৰ যতি পৰা নাছিল। ৰাজনৈতিক চিন্তা-চেতনাৰ লগতে মানৱতা-চৰ্চা আছিল কবিৰ কেন্দ্ৰীয় বিষয়। এই চৰ্চাৰ বাটতেই ৰবীন্দ্ৰ সৰকাৰে আঁজুৰি আনিছিল সৰ্বভাৰতীয় স্বীকৃতি। ২੦১৩ চনত তেওঁ কবিতাৰ বাবে লাভ কৰিছিল অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমী বঁটা।

(২)

অতি শান্ত, ভদ্ৰ, বিষণ্ণ কবিজনক আমি ব্যক্তিগতভাৱে লগ পাইছিলোঁ গুৱাহাটীৰ ফাঁচিবজাৰত থকা জীৱন বীমাৰ কাৰ্যালয়ত। সৰকাৰদাৰ সহকৰ্মী আছিল তেওঁৰ সমানেই প্ৰখ্যাত কবি অৱনী চক্ৰৱৰ্তী দাদা। বীমাৰ কাৰ্যালয়ৰ চাকৰি বুলিলেই মোৰ মনত পৰে একেই বীমাত চাকৰি কৰা বিশ্বৰ অনন্য প্ৰতিভাধৰ ফ্ৰানজ কাফকালৈ। আকৌ সৰকাৰ আৰু অৱনীদাৰ চাকৰিৰ স্থিতিয়ে মনত পেলায় বিখ্যাত আমেৰিকান কবি ৱাল্ট হুইটমেনলৈ। এইসকল অতি অনুভৱী কবি, প্ৰতিভাবান ব্যক্তিৰ চাকৰি-ক্ষেত্ৰৰ স্থিতিয়ে কেনে আন্তঃক্ৰিয়া কৰিছিল তাক অনুভৱীসকলে অনুমান কৰিব। কাফকাৰ অতি জটিল চিন্তা, অনুভৱৰ ডায়েৰী পঢ়িছোঁ। পিছে সৰকাৰদা আৰু অৱনীদাক ওচৰৰপৰা বিষণ্ণ ৰূপতো দেখিছোঁ। এই বিষণ্ণতা নাছিল একান্ত ব্যক্তিগত। দেশ, সমাজৰ অবাঞ্ছিত পৰিস্থিতিয়ে তেওঁলোকক বিষণ্ণ কৰি তুলিছিল। ইয়াৰ পৰিণতিত অৱনী চক্ৰৱৰ্তীতো নিৰুদ্দিষ্টয়েই হ’ল! (বন্ধু কবি ৰাম গগৈৰ চিকিৎসাহীনতাৰে হোৱা অকাল মৃত্যুও ইয়াৰ এটা অন্যতম কাৰণ বুলি আমাৰ উমৈহতীয়া বন্ধু, আত্মীয়সকলে কয়।) আকৌ এই একেই অতি অনুভৱী বিষণ্ণ কৱিজনৰ প্ৰভাৱ সহকৰ্মী বন্ধু ৰবীন্দ্ৰ সৰকাৰৰ ওপৰতো পৰিলে বুলি আমি ভাবোঁ। এওঁলোকৰ উমৈহতীয়া সহকৰ্মী বন্ধু তথা বিশিষ্ট লেখক নিত্য বৰাই ৰবীন্দ্ৰ সৰকাৰে অসুখীয়া মাতৃৰ যতন ল’বলৈ কলকতালৈ গুচি গ’ল বুলি আমাক জনালেও আমি আগৰ ঘটনাক্ৰম বিশ্লেষণ কৰি এয়া এক অভিমানজনিত স্বনিৰ্বাসন বুলি অনুমান কৰোঁ।

কাৰণ অসমৰ ৰঙামাটিৰ প্ৰেমত আকণ্ঠ নিমজ্জিত ৰবীন্দ্ৰ সৰকাৰৰ অসম আন্দোলনৰ খুন্দাটোৰ লগতে প্ৰিয় বন্ধু চক্ৰৱৰ্তীৰ নিৰুদ্দেশৰ যাতনাই হয়তো অসম এৰাৰ অভিমানটো ত্বৰান্বিত কৰিছিল। অৱশ্যে ২০২৩ৰ দুই ছেপ্টেম্বৰৰ মৃত্যুৰ আগলৈকে তেওঁ কুৰি বছৰমান কলিকতাত থাকিলেও অসমীয়া কাকত-আলোচনীত সণ্ঢালনিকৈ কবিতা লিখি অসম, অসমীয়াৰ সৈতে নাড়ীৰ সম্পৰ্ক অটুট ৰাখিছিল। বন্ধু নিত্য বৰাৰ দৰে লোকৰ সৈতে ৰখা অবিচ্ছিন্ন সম্পৰ্কটো দৰাচলতে অসম, অসমীয়াৰ সৈতে সম্পৰ্কৰেই অন্য ৰূপ আছিল।

ৰবীন্দ্ৰ সৰকাৰৰ অন্য প্ৰবন্ধ, ভাষণ, আত্মকথা আদিত আমি পাওঁ অসমীয়া সমৃদ্ধ কৃষ্টি, সংস্কৃতিৰ প্ৰতি সীমাহীন আগ্ৰহ আৰু মুগ্ধতা। এই আগ্ৰহেৰেই তেওঁ ডিম্বেশ্বৰ নেওগ, নীলমণি ফুকন আদিৰ ৰচনা অধ্যয়ন কৰিছিল। তেওঁ কোৱা মতেই অসমীয়া বিহু আদি ধৰ্ম নিৰপক্ষ উৎসৱে তেওঁক অতি আকৃষ্ট কৰিছিল। কৰিছিল মুগ্ধ।

(৩)

ৰবীন্দ্ৰ সৰকাৰৰ নামটো উচ্চাৰণ কৰিলেই আমাৰ মনলৈ যেনেকৈ পদাতিকৰ যাত্ৰা, বৃত্ত ভঙাৰ হুংকাৰলৈ মনত পৰে সেইদৰে মনত পৰে নিকোলাছ গিয়েনলৈ। কবি নিকোলাছ গিয়েনক ৰবীন্দ্ৰ সৰকাৰে অসমীয়া কবিতাত বহুৱাই আমাৰ মনত নিকোলাছ গিয়েন আৰু ৰবীন্দ্ৰ সৰকাৰ একাকাৰ হৈ আছে। ৰবীন্দ্ৰ সৰকাৰৰ গদ্য জগতখনো ভাবোদ্দীপক। অনেক অধ্যয়নৰ স্মাৰক। তেওঁৰ মৃত্যুৰ পাছৰ এমাহৰ ভিতৰতেই আগতেই প্ৰস্তুতি পৰ্ব চলা সভ্যতাৰ সংকট আৰু চিন্তা-ভাবনা গ্ৰন্থখন ড হীৰেন গোহাঁয়ে প্ৰেছ ক্লাবত উন্মোচন কৰে। গ্ৰন্থখনৰ গোটেই কামখিনি কৰে কবি ৰাজীৱ কুমাৰ ফুকনে। গ্ৰন্থ উন্মোচনী সভাখনত বিভিন্ন বক্তাই কোৱা এটা উমৈহতীয়া কথা আছিল যে মানুহ হিচাপে কবি ৰবীন্দ্ৰ সৰকাৰ এজন অতি সৎ, নম্ৰ, ভদ্ৰ আৰু মানৱতাবাদী ব্যক্তি আছিল।

লগতে পঢ়ক: ‘পথাৰ’ৰ কবি ৰাম গগৈ : কবিতা আৰু মানুহজন

ৰাজনৈতিক স্থিতি, দৃষ্টিভংগীত ৰবীন্দ্ৰ সৰকাৰ আছিল এশ শতাংশয়েই ৰঙা ৰংপ্ৰেমী বাওঁপন্থী। এই স্থিতি চিন্তাৰ বাটতেই তেওঁৰ কবিতালৈ উঠি আহিছিল শাসকৰ চামৰা কঢ়াৰ আগ্ৰহ, দৃঢ়তা। লিখিছিল স্থিতাৱস্থাৰ বৃত্তটো ভঙাৰ অগ্নিস্ফুলিংগ কবিতা। অৱশ্য ইয়াত নাছিল কোনো অমানৱিক, অকাব্যিক স্থূলতা। ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ যি কেন্দ্ৰীয় সুৰ আৰু সাৰ্বজনীন মানৱতাবাদী আবেদন সেয়া উচ্চাৰণ হৈছে তেওঁৰ এনে ধৰণৰ অবিস্মৰণীয় অজটিল কবিতাত:

"বুদ্ধৰ ভংগীত থিয় দি থকা গছজোপাই
আজিও মোক ছাঁ দিয়ে,
নোসোধে মোৰ
জাতি, বৰ্ণৰ ভাষা পৰিচয়
গছে বেদ, বাইবেল, কোৰান নপঢ়ে 
গছে মানুহৰ দৰে নগ্ন হ’ব নাজানে।"

‘কবিতাৰ জৰিয়তে উশাহ লৈ মনুষ্যত্ব জীয়াই ৰাখোঁ’ বুলি কোৱা আৰু ‘ভাল কবিতাই হাজাৰ বছৰ জীয়াই থাকি মানুহক পোহৰৰ বাট দেখুৱাই’ বুলি ভবা কবি ৰবীন্দ্ৰ সৰকাৰৰ কবিতা আমাৰ বাবে সদায়ে এটা অম্লান, উজ্জ্বল পোহৰৰ বাট হৈ থাকিব।

ৰিপুঞ্জয় গগৈ এগৰাকী লেখক, সমালোচক আৰু সাংবাদিক৷ গুৱাহাটী-নিবাসী গগৈৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ হ’ল: জীৱন আৰু নষ্ট নীতিবাগীশ (২੦੦৯); হাইব্ৰিদ দেৱতা; কল্কী অৱতাৰ আৰু ভণ্ড-ভৰ্তা; স্বাধীনতাৰ সীমা; বন্দুকৰ গুলিত ৰাতি নুপুৱাল; পংখীয়ে যি ভাবে ভাবক; সময়ে-সমাজে পদে-প্ৰমাণে আদি৷