হৰেকৃষ্ণ ডেকাৰ কবিতা

প্লেটফৰ্মত এখন্তেক

প্লেটফৰ্ম নং ৮০।
যাত্ৰা-পথত খন্তেকৰ বিৰতি।
এই যাত্ৰাৰ এজন যাত্ৰী।
দূৰৰপৰা ৰেলৰ উকি ভাহি আহিছে।
এদিন কোনোবা এটা ষ্টেচনত 
সোনকালে বা পলমকৈ
পলমতকৈ সোনকালে
ৰেলৰ এটা দবা আহি ৰ'ব 
আৰু
ময়েই হ'ম তাৰ একমাত্ৰ যাত্ৰী।
ৰে'লখন যেতিয়া  অন্তহীন যাত্ৰালৈ ঝকঝককৈ গুচি যাব
এৰি থৈ যাব অলপ শূন্যতা।
গুৰুত্বহীন এটা ঘটনা।
ঘটি থকা এটা ঘটনা।
একোৰে অৰ্থ নাথাকিব।
কেৱল থাকিব অক্ষম সোঁৱৰণে পূৰ্ণ কৰা
এক নিস্তব্ধতা।
আৰু আন্ধাৰত অন্তৰ্হিত হোৱা এটা উকি।

মাথোন এজন যাত্ৰীৰ বাবে আছুতীয়া এটা দবা!
মাথোন এজন যাত্ৰী।
আন সকলো দবাত সদায়েই ভীৰ।
প্লেটফৰ্মত যাত্ৰীৰ ব্যস্ততা।

যাত্ৰাৰ অন্তত সকলো অৰ্থহীন
কেৱল এক বিৰাজমান অসীম
ক'ব পাৰি ই যেন একো নোহোৱা এক অস্তিত্ব
(কিজানি একো নোহোৱাও এক অলীক)
আৰু এক সৰ্বব্যাপী শান্তি
যদিও শূন্যত বাদে একো নাই
তথাপি তাতেই অনুকণাৰ ক্ৰমাগত বুৰবৰণি
আৰু তাৰপৰাই নিঃকিন এটা গ্ৰহত
এৰি থৈ যোৱা কিছু পাঠ
অস্তিত্বৰ কিছু আভাস
যিদিনা সপোনত তেওঁক মই লগ পালোঁ

সপোনত যিদিনা তেওঁক মই লগ পালোঁ,
ঈশ্বৰক,
তেওঁ ক’লে, তুমি মাথোন মায়া
জগত প্রপঞ্চ মায়া৷
মই সপোনত সাৰ পালোঁ,
তেওঁক কলোঁ,
যদি এই সকলো মায়াই হয়,
তেন্তে মায়াই মোৰ সত্য৷ আৰু সেয়ে
সপোনত থাকিবলৈ মই বেয়া নাপাওঁ৷
তেওঁৰ ভুল হ’ল, তেওঁ ভাবি ল’লে,
পদার্থ আচল নহয়৷ মাথোন শক্তিৰহে ৰূপান্তৰ।
আৰু তেওঁহে তাৰ ভৰ৷*
বস্তু আৰু শক্তিৰ সলনা-সলনি হ’লেও
দুয়োৰে মাজত থকা পার্থক্যৰ কথা
তেওঁ নাভাবিলে৷ যদি তেওঁ সকলো বস্তুৰ ভৰ,
বস্তুৰ বাহিৰত কোন জগতত তেওঁৰ অস্তিত্বৰ
প্রয়োজন? 
কি সেই স্থান যি অস্তিত্ব-হীনতা!
কথাটোৰ বিষয়ে ন্যায়-তর্ক জুৰিবলৈ
বাস্তৱত মই তেওঁক লগকে নাপালোঁ৷
তেওঁ তাত মায়া হৈ ৰ’ল৷

.........................
*ভৰ=mass. ভৰ নাথাকিলে শক্তি (energy) বস্তু(matter)লৈ ৰূপান্তৰিত নহ'লে বিশ্ব-ব্ৰহ্মাণ্ডৰো সৃষ্টি নহ'লহেতেন। Higgs-Boson নামৰ উপাদনে আনবোৰ উপাদান(প্ৰটন, নিউট্ৰন, ইলেকট্ৰন আদি)ক এই ভৰ দিয়ে। সেয়ে বৈজ্ঞানিকসকলে ইয়াক god particle বুলি এটা উপনাম দি লৈছে।

Click here an English translation of the poems.