গোপাল চন্দ্ৰ হাজৰিকাৰ কবিতা

ইপাৰৰ বগলী কি কি নাও

একেখন বেঞ্চতে বহা আমি কেইটা, 
বেঞ্চ সলাই সলাই যে বহিছিলোঁ,
ইটোৱে সিটোক নেদেখিলে যে থাকিব নোৱাৰিছিলোঁ, 
নিৰ্দোষ হাঁহিবোৰ যেন শেষেই নহ’ব,
 আনে শুনে বুলি মুখত মুখ লগাই পতা
 গোপন কথাবোৰৰ যে অন্ত নাছিল!
একো নুবুজাকৈয়ে,  কোনো স্বাৰ্থ নোহোৱাকৈ
 সুখ-দুখবোৰ ভগাই লৈছিলোঁ আটাইকেইটাই। 
 কিমান যে সহানুভূতি, কম ভাগ্যৱান নে আমি!!
 সময়ৰ সোঁতত, একেখন বেঞ্চতে বহা
 আমিকেইটা যে কেতিয়া কেনেকৈ হেৰাই গ’লোঁ,
একো গমকেই ধৰিব নোৱাৰিলোঁ।
 উৰা মাৰিল কেইটামান বগলী সিপাৰলৈ বুলি!
সময়ৰ ধুমুহাত ইপাৰৰ কেইটাও হ’ল থানবান!

 এতিয়া সৰু কথা এটা ক’বলৈও নাই কোনো লগ।
 বিনাদ্বিধাই কিবা এটা ক’ব পৰাৰ কোনো লগ নোহোৱা হ’ল।
 কাৰ আগত ক’ম মনত খুন্দ খাই থকা গল্পবোৰ 
 আন্তৰিকতাৰে কোনে শুনিব মোৰ দুখৰ কাহিনী!!

সন্মুখৰ ধুসৰ সীমাহীন পথটোৰে যাবলৈও
এজন লগৰীয়া, এজন বন্ধু নেলাগে জানো!!
হাতত থকা খুচুৰা পইচাকেইটা দেখুৱাবলৈ
সৰু ডাঙৰ সুখ-দুখৰ কথাবোৰ ভাগ কৰিবলৈ
আন্তৰিকতাৰে মোৰ দুখৰ কহিনী শুনিবলৈ,
দুখত চুচুৰ্মৈ হোৱা মোৰ অৱস্থাটো চাবলৈ,
মোক এজন লগৰীয়া নেলাগে জানো,
তাহানি সেই একেখন বেঞ্চতে বহা কোনোবা এটা।

তাহানি,
আমাৰ লগৰ কোনোবাটোৰ নাম মনত ৰাখিব নোৱাৰি,
“তোৰ নাওটো কি আছিল” বুলি বৌটিয়ে সুধিলেই খ্ং কৰিছিলোঁ
“নামটোকে ইমান দিনে মনত ৰাখিব নোৱাৰিলি”বুলি ।

এতিয়া,  আজি অত বছৰৰ মুৰত 
মনত পেলাব পৰা নাই  ইপাৰত এৰি অহা
 বগলীকেইটাৰ কি কি নাও আছিল জানো!

নাই, মনতেই পেলাব পৰা নাই আজি কেইবাদিনো, 
সুধিবলৈও লগত কোনো নাই!!




ভটিয়নি ৰেল

ৰাতিপুৱা পাঁচ বজাতে যে উকিটো মাৰি ভাটিফালে 
ৰেলখন যায়গৈ মোৰ ঘৰ কাষৰ আলিটোৱেদি,
তেতিয়াই সাৰ পাওঁ।
জাৰকালি আন্ধাৰ হৈয়ে থাকে।
লগে লগে ওচৰ-পাঁজৰৰ কুকুৰা কেইটাইও ডাক দিয়ে ।
বহুতৰে ৰাতিপুৱাৰ চিকুণ ঘুমতি ভঙাৰ কাৰণে খং উঠে ।
ভোৰ ভোৰায় কাক কি কয় জানো !
জাৰৰ দিনত নিহালিখন ভালকৈ লৈ 
আৰু গৰমৰ দিনত খিৰিকীৰ জাপ খুলি
মানুহবোৰ আকৌ শুই থাকে ।
ৰেল খন যোৱাৰ পাছত মোৰ হে শোৱা নহয় ।
মনত নপৰাই হ’ল, 
প্ৰথম কোন দিনানো ৰেলখন এইফালেদি পাৰ হৈ গৈছিল !
ৰেলখন যোৱাৰ পিছত শুনা দীঘল ৰেল আলিটোলৈ চাই
মোৰ মনটো উদাস লাগে ।
কিবা ৰিঙা ৰিঙা, কোনোবা আপোনজনক লৈ যেন গ’লগৈ ৰেলখন ।
দুচকু সদায় পানীৰে ভৰি উঠে,
ব্যতিক্ৰম নহয় ইয়াৰ ।
এনেকুৱা লাগে যেন মোক অকলশৰীয়া কৰি ৰেলখনে
 মোৰ আপোন মানুহবোৰক লৈ গুছি গ’লগৈ ।
এবাৰ গুছি গ’ল দেউতা, ততকে ধৰিব নোৱাৰিলোঁ ।
গধুলিহে ইমান ৰিঙা লাগিছিল, দেউতাৰ প্ৰতিটো কথা,
আমাক দিয়া প্ৰতিটো উপদেশ, আমি কৰা অৱহেলা
সকলো মনত পৰি ইনাই বিনাই কান্দিছিলোঁ ।
আনৰ অৱহেলাত জীয়াই নাথাকিবলৈকে
ৰেলখনে দেউতাক লৈ গ’ল গৈ, ভটিয়াই বহু দুৰলৈ ।
দেউতা যোৱাৰ পিছত বৌটি অকলশৰীয়া হৈ পৰিছিল ।
দিনটোৰ বেচিভাগ সময় উদাস হৈ
বাহিৰৰ বেঞ্চখনতে বহি থাকে ।
ৰাতিপুৱা ৰেলখন যোৱাৰ পিছত, উদং দীঘল ৰেল আলিটোলৈ
চাই থাকে, কেতিয়াবা ডিঙি মেলি দুৰলৈকে ।
বৌটিৰ উদাস চকুৰে মোলৈ চাই থাকেযে সদায়,
সহিব নোৱাৰি মই আতৰি দিওঁ ।
দেউতাক লগ ধৰিবলৈ বৌটিও গ’লগৈ এদিন ।
বৌটি যোৱাৰ পিছত ৰেলখনৰ উকিটো শুনিলেই
লৰালৰিকৈ বাহিৰলৈ আহি ডবাবোৰত চকু দিওঁ,
বৌটি বা কোনটো ডবাত গ’ল গৈ ।
তীব্ৰ গতিত পাৰ হৈ যোৱা ডবাবোৰত একো ধৰিব নোৱাৰোঁ ।
উদং আলিটোলৈ চাই চাই মোৰ চকুৰ পানী টোপা টোপে সৰে ।
তাৰ পিছত এজন এজনকৈ ভীনদেউ, বাইদেউহঁতো গ’লগৈ ভটিয়াই ।
মই মাথোঁ ৰেলখন যোৱাৰ পাছত, দীঘল আলিটোলৈ  চাই চাই চকুলো সৰাওঁ ।
মানুহ দুনুহ নেথাকে, ওচৰৰ ৰেল ষ্টেচনটো নিজম পৰে ।
এদিন চাগৈ ৰেল ষ্টেচনটোত মইও ৰৈ থাকিবগৈ লাগিব ।
ভটিয়াই যোৱা ৰেলখন আহিলেই উঠিব লাগিব, ক’লৈ বা লৈ যাবগৈ ।
মই যোৱাৰ পিছতো আহিবনে ৰেলখন ভটিয়াই যাবলৈ,
থাকিবনে কোনোবা উদং দীঘল ৰেল আলিটো চাবলৈ
ৰেলখন যোৱাৰ পিছত,
লাগিবনে কাৰোবাৰ ৰিঙা ৰিঙা,
ওলাবনে দুটোপাল চকুৰ পানী!!

Click here to read an English translations of the poems.