তিনিটা গীত

জ্যোতিপ্ৰসাদ আগৰৱালা

১.
জীৱনত যত গান গালোঁ
সেই গানবোৰে মোক
ঘূৰি আহি সুধিলে
নতুন দিনৰ বাবে
মোৰ কবিটিয়ে বাৰু কাক লিখিলে?
হুমুনিয়াহ পেলাই
মই কাকো লিখা নাই বুলি ক’লে কবিটিয়ে
কাকো লিখা নাই
তহঁতেই ঘূৰি আহি
নতুন দিনৰ বাবে
লিখিছ সদায়
মইা আৰু গানো গোৱা নাই
গানো লিখা নাই।



২.
মোৰেই গানৰ অৰ্থ ময়েই
ব্যাকুল হৈ তোক ক’বলৈ
তোকে বিচাৰি যাওঁ
বন বনান্ত ঘূৰি ফুৰি আহি
মোকেই লগ পাওঁ।

মোৰ কোঠালিত 
মোৰ সুৰৰ স’তে
তোৰ ধেমালি দেখি
তোৰে স’তে মোৰ কথা হ’বলে’
থাকোঁ ৰখি ৰখি
মোৰ সুৰৰ স’তে নাচি-বাগি
থকাকে মই চাওঁ
কিজানিবা গানৰ অৰ্থ
তোক ক’বলৈ পাওঁ।



৩.
নৱজীৱনৰ জোনাকী বাটেদি
কোন যাৱ
কোন যাৱ
শুৱনি প্ৰকৃতি শুৱাই থকা
সেউজী দেশৰে ছোৱালী অ’
জোনাকী বাটেদি কোন যাৱ
জোনাকী বাটেদি কোন যাৱ!
নতুন দিনৰ জ্বলে জ্যোতিৰেখা
নবীন ছন্দে নৱ চিত্ৰলেখা
নতুনৰ তয়ে ন চানেকিৰে
পুৱতি সুৰীয়া গীত গাৱ
জোনাকী বাটেদি কোন যাৱ!

Click for an English translation of the songs.

Leave a Reply

Your email address will not be published. Required fields are marked *