নৱকান্ত বৰুৱা
প্ৰথম পূৰ্ণিমাৰ নিশা যদি সাগৰে কয় : “তুমি আঁতৰৰ পৰা কিয় বাৰু মোক ইমান উতলা কৰা?” “মোৰ আঁতৰৰ নেদেখা চুমাই জগাই তুলিছে তোমাৰ বুকুত ফেনিল এই কবিতাৰ উচ্ছ্বাস দূৰৰ এই যে মিলন কাষত থকাৰ বিৰহতকৈ জানো মধুৰ নহয়?” জোনাবায়ে নক’লেও ৰবি ঠাকুৰে ক’ব।