প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতা

কৃষ্ণ সংস্কৃতি

পোতাশালত বহি 
এটা কবিতাই 
নিজকে ৰিজালে 
কৃষ্ণ সংস্কৃতিৰে।

কিংবদন্তী অনুসৰি
কবি নিজে হ'ল দৈৱকী,
পাঠকলৈ যাচিলে যশোদা চৰিত্ৰ।

এতিয়া 
সংস্কৃতিৰ সোঁত বলিছে
ছাৰ্ফ-চাবোনৰ বিজ্ঞাপনৰ অনুক্ৰমে।

দৈৱকী কবিৰ এপিটাফত 
কেইটামান ডট 
(…)।

যশোদা পাঠক
কৃষ্ণৰ কিংকৰ!
ভাবমূৰ্তি

মই ভাবোঁ বাবে মই বাচোঁ,

ভাবমূৰ্তিটোহে আচল,

দিনে-ৰাতিয়ে
ডেটা খৰচ কৰি কৰি,
নিজে নিজৰ ভাবমূৰ্তি
গঢ়িছোঁ নে ভাঙিছোঁ

নাজানো, নাজানো!

জানো কেৱল
জীয়াই আছোঁ,
অকৃপণভাৱে,
সময় খৰচ কৰিবলৈ!

Click here for an English translation of the poems.