ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী
এক,
নিজৰ সদ্য প্ৰকাশিত কবিতাপুথি মই সত্যক বিচাৰি আছোঁখনৰ বিষয়ে এটা ইম্প্ৰেছন লিখিবলৈ যেতিয়া সম্পাদকে অনুৰোধ জনালে, মই এক দ্বন্দ্বৰ মুখামুখি হ’লোঁ। নিজৰ কবিতাৰ পুথিৰ বিষয়ে কবি এজনে জানো নিজেই কিবা এটা লিখা উচিত? পুথিখনৰ বিষয়ে লিখিবই বা লাগে কিয়, পঢুৱৈয়ে পুথিখন পঢাটোৱে জানো যথেষ্ট নহয়? পঢ়াৰ পিছত কোন পঢ়ুৱৈয়ে কি উপলব্ধি কৰিলে সেয়া পঢ়ুৱৈৰ নিজা গোপন কক্ষত আৱদ্ধ হৈ থাকিলে জানো কবিতা-সৃষ্টিৰ সমস্ত প্ৰক্ৰিয়াটোৱে পূৰ্ণতা নাপায়? ৰুচিবান পঢ়ুৱৈৰ নিভৃত, আপোনবিভোৰ পাঠেই জানো কবিতাৰ সৰ্বশ্ৰেষ্ঠ উদযাপন নহয়? পাঠৰ সময়ত কবিৰ উপস্থিতিয়ে ৰসগ্ৰহণৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনাই অধিক। তেনেহ’লে লিখোঁনো কিয়? নিজৰ সৈতে কিছু তৰ্ক-বিতৰ্কৰ অন্তত তিনিটা কাৰণত অৱশেষত সম্পাদকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ডেৰকুৰি বছৰৰো আগতে প্ৰকাশ পোৱা মোৰ প্ৰথম উপন্যাস অনুৰাধাৰ দেশখন পঢ়ি সেই সময়ৰ মোৰ অগ্ৰজ কেইবাগৰাকী প্ৰখ্যাত সাহিত্যিকে ৰাজহুৱাভাবেও ঘোষণা কৰিছিল যে উপন্যাস লিখিলেও তেওঁ এজন কবিহে, তথাপি পঢ়ুৱৈয়ে মোক মূলতঃ এজন গদ্য-লেখক বুলিহে জানে। দশকৰ পিছত দশক ধৰি মই গদ্যৰ জগতখনতে বিচৰণ কৰি থাকিলোঁ, কবিতা আহিলেও মনৰ ভিতৰত তলা বন্ধ কোঠালিত পাকঘূৰণি খাই থাকিল, মই বাহিৰলৈ ওলাই অহাৰ অনুমতি প্ৰদান নকৰিলোঁ। কিন্তু এই যে হঠাতে নদী-বান্ধৰ ‘চুইছ গেট’ খুলি দিয়াৰ দৰে কবিতাৰ বাবে মই দুৱাৰ খুলি দিলোঁ, নিশ্চয় এটা কৌতূহ’ল হ’বই পাৰে যে ইয়াৰ কাৰণ কি। সেই কৌতূহ’ল নিবৃত্তি মোৰ কবিতাই কৰিব নোৱাৰে, কৰিব লাগিব কবিয়ে নিজে। কবিতা জানো কবিতাৰ শব্দৰ মাজতে সীমাৱদ্ধ থাকে, সমাজৰ ইতিহাসৰ লগতে ইয়াৰ আঁৰত জানো কবিগৰাকীয়ে মনৰ ভিতৰত খোজ কাঢ়ি অহা বাটটোৰ খলা-বমা, কেঁকুৰিবোৰো নাথাকে, আৰু সেই বাটটোৰ কথা কবিয়ে নক’লে আনে জানো ক’ব পাৰিব? এই দুয়োটা কাৰণৰ উপৰি সম্পাদকৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনোৱাটোও এক দায়িত্ব বুলি গ্ৰহণ কৰিছোঁ। সেয়েহে ভাবিলোঁ কিছু শব্দৰে মই সত্যক বিচাৰি আছোঁ নামৰ সত্তৰ বছৰ বয়সত প্ৰকাশ কৰা কবিতাৰ পুথিখনৰ জন্মক উদযাপন কৰোঁ।
দুই,
মোৰ দহ বছৰমান বয়স তেতিয়া। ১৯৬৩-৬৪ চন মান হ’ব। সেই সময়ত প্ৰবল উৎসাহেৰে কাকতৰ অকণিৰ চ’ৰা, মইনাৰ পৃষ্ঠাত লিখিছিলোঁ। পিতাৰ খঙাল আৰু গম্ভীৰ স্বভাৱ আমাৰ মুকলিমূৰীয়া যোগাযোগৰ ক্ষেত্ৰত এক হেঙাৰ হৈ পৰিছিল। পিতা আৰু আমাৰ মাজত যোগাযোগৰ মাধ্যম আছিল মা। এদিন দেখিছোঁ পিতাই কাকতত সেইদিনা প্ৰকাশ পোৱা মোৰ কবিতা এটা পঢ়ি মাক শুনাই আছে। পিতাৰ মুখত এক সুখৰ অভিব্যক্তি, অজলা মাক কৈছিল—ই ডাঙৰ হ’লে কবিহে হ’ব নেকি। প্ৰায় ছয় দশক জুৰি লেখক হিচাপে গদ্যৰ জগতত বিচৰণ কৰি থাকিলেও এয়াও সত্য যে দহ বছৰত মোৰ কলমেৰে কবিতাই ওলাইছিল অধিক আৰু তাৰ শেহতীয়া পৰিণতি এই কবিতাৰ পুথিখন। বিগত শতিকাৰ আশী নে নব্বৈ দশকত প্ৰকাশিত মোৰ এখন উপন্যাসিকাৰ সংকলনৰ নাম আছিল ‘সত্যানুসন্ধান’ আৰু আজি এই মুহূৰ্তত যিখন কবিতা পুথিক উপলক্ষ কৰি এই লেখাটো লিখি আছোঁ, সেইখনৰ নাম হ’ল ‘মই সত্যক বিচাৰি আছোঁ’। মাজত ত্ৰিশ বছৰৰো অধিক এক সময়ৰ ব্যৱধান, এখন গদ্য আৰু আনখন কবিতাৰ পুথি, তৎসত্ত্বেও দুয়োখনৰ নামে কিন্তু একেই অৰ্থ বহন কৰিছে। মনৰ ভিতৰৰ একেটা বাটেৰেই দুয়ো খোজ কাঢ়ি আহিছে নেকি? মাথোঁ সময় ভিন্ন। হয়তো অভিজ্ঞতা আৰু উপলব্ধিৰো ভিন্নতা থাকিব। কিন্তু বাট জানো একেটাই নহয়।
কিছুমান লেখক থাকে যিয়ে ন ন বিষয়েৰে পঢ়ুৱৈৰ বাবে আকৰ্ষণ সৃষ্টি কৰে। মোৰ প্ৰথম লেখাৰ পৰাই, আঙ্গিকৰ সলনি হ’লেও, উপন্যাসৰ পৰা গল্পলৈ, গল্পৰ পৰা নাটকলৈ, নাটকৰ পৰা ৰচনালৈ, ৰচনাৰ পৰা কবিতালৈ বিচৰণ কৰিলেও সেই তাহানিৰ পৰাই আজিলৈকে সকলো লেখাৰ মূল সুৰ একেটাই—মই কিবা এটা বিচাৰি আছোঁ, হয়তো কিবা এক সম্পৰ্ক যিয়ে এখন নতুন জগতৰ সন্ধান দিব, হয়তো প্ৰেমৰ কিবা এক ৰূপ যিয়ে জীৱন কৰি তুলিব সুন্দৰ, হয়তো কিবা এক সত্য যিয়ে এখন অনাৱিষ্কৃত ঈপ্সিত জগত অভিমুখে মানৱজাতিক বাট দেখুৱাব। ত্ৰিশ বছৰৰ আগৰ ‘সত্যানুসন্ধান’ সেয়েহে আজিও ‘মই সত্যক বিচাৰি আছোঁ’। লেখা যেন বহু দূৰৈৰ কোনোবা অজানা গন্তব্যলৈ ধাৱমান এখন ৰেলগাড়ী, প্ৰতিটো ষ্টেশ্যনেই একোখন কিতাপ, কিন্তু চিৰি দুটা সকলো ষ্টেশ্যনতেই একেই। মোৰ এতিয়ালৈকে অন্তিম এই কবিতাৰ পুথি মই সত্যক বিচাৰি আছোঁখনক, মোৰ প্ৰথম কিতাপখনৰে এক সম্প্ৰসাৰিত ৰূপ বুলি মই ভাবিবলৈ ভাল পাওঁ। যদিও কুৰিখনৰো অধিক কিতাপ প্ৰকাশ হ’ল, এনেকুৱা ভাব হয় মই এখন কিতাপেই লিখি আছোঁ আৰু প্ৰতিখন কিতাপেই একো একোটা স্বতন্ত্ৰ অধ্যায়।
তিনি,
সত্যানুসন্ধান নামৰ উপন্যাসিকাখনত এটা নাৰী চৰিত্ৰ আছিল, নিৰ্মলা, যাৰ এটা স্তন নাই। বাস্তৱৰ পৰা লোৱা সেই চৰিত্ৰটোৱে চাদৰেৰে গাটো এনেদৰে ঢাকি ৰাখিছিল যে তাইৰ স্তনৰ সেই অসম্পূৰ্ণতাৰ কথা জনাৰ কোনো উপায় নাই। এই যে তাই নিজকে ঢাকি ৰাখিছে, তাই ঢাকি ৰাখিছে যন্ত্ৰণা, কত ল’ৰাই তাইৰ অসম্পূৰ্ণতাৰ কথা নজনাকৈয়ে হয়তো তাইৰ প্ৰেমত পৰিছে, জনাৰ পিছত আঘাত দি আঁতৰি গৈছে। এক স্তনৰ নাৰীগৰাকী সেই প্ৰথম দেখাৰ পৰাই মাটিৰ তলত গছৰ শিপাই বিভিন্ন ৰূপ লৈ প্ৰসাৰিত হোৱাৰ দৰে মোৰ মনোজগতত শিপা মেলি বিয়পি পৰিছে আৰু অহৰহ মোক সোঁৱৰাই আছে যে বাস্তৱৰ সত্য এতিয়াও অনাৱিষ্কৃত, সমাজখন ছানি ধৰি আছে অৰ্ধসত্যই। এচামে নিজৰ দুখ-যন্ত্ৰণা ঢাকি ৰাখি এটা অৰ্ধসত্য জীৱন যাপন কৰিবলৈ বাধ্য হয়। আন এচামে ভ্ৰান্তিৰ কবলত কৰা পাপৰ সৈতে মুখামুখি হোৱাৰ সাহস হেৰুৱাই এক অৰ্ধসত্য জীৱনত বন্দী হৈ ৰয়। আন এচামৰ বাবে অৰ্ধসত্যই হ’ল আনক আভুৱা ভাৰি অসাধুতাক সমাজত বিয়পাই দিয়াৰ এক আহিলা। এই তৃতীয় শ্ৰেণীৰ অৰ্ধসত্যক উন্মোচন কৰাটো সামাজিক দায়িত্ব। প্ৰথম দুই অৰ্ধসত্যৰো সহমৰ্মিতাৰে ধীৰে ধীৰে আভৰণ আঁতৰাই তেনে জীৱন যাপন কৰা ব্যক্তিক সত্যৰ সৈতে মুখামুখি হোৱাৰ সাহস প্ৰদান কৰাটো মানৱীয় সম্পৰ্কৰ আন্তৰিকতা বৰ্তাই ৰখাৰ বাবে জৰুৰী। লেখক এজনে এই কাম কৰিব পাৰে তেওঁৰ লেখাৰে, আৰু পৈণত বয়সত এয়া মোৰ উপলব্ধি যে এই কাম আটাইতকৈ ভালদৰে কৰিব পাৰে কবিতাই।
কবিতা মোৰ বাবে শব্দৰ চুপতি নহয়, অৰ্থহীন আনন্দৰ কছৰতো নহয়, নহয় দুখৰ আত্মৰতি। অন্তিম বিচাৰত কবিতায়ো মানুহৰ উত্তৰণৰ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰিব পাৰিব লাগিব, লাগে সেয়া ‘ছীয়েৰ লীডাৰ’ৰ ৰূপতেই নহওক কিয়। কিন্তু এই সকলোবোৰৰ বাবে প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল : পঢুৱৈৰ সৈতে যোগাযোগ স্থাপন। নিজে সৃষ্টিৰ আনন্দ লাভ কৰিলেও, কবিৰ সৃষ্টিৰ আনন্দতে কবিতাৰ কাম শেষ নহয়, ই পূৰ্ণতা লাভ কৰে পঢ়ুৱৈৰ চেতনাক স্পৰ্শ কৰিলেহে। স্পৰ্শ সম্ভৱ যোগাযোগৰ জৰিয়তে।
চাৰি,
সুদীৰ্ঘ কাল গদ্যৰ জগতত লেখক হিচাপে বিচৰণ কৰিলেও গোটেই জীৱন কবিতা পঢি আহিছোঁ। ই অন্ততঃ কবিতাৰ ইতিহাস আৰু পৰম্পৰাৰ সৈতে মোক পৰিচয় কৰাই দিছে। সময়ৰ লগে লগে হোৱা কবিতাৰ ৰূপান্তৰৰ সাক্ষীও হৈ আহিছোঁ। কিছু পৰিৱৰ্তনৰ মাজত আৱিষ্কাৰ কৰা কবিতাৰ জীৱন্ত গতিময় ৰূপটো সঁচাকৈ মোৰ বাবে এক মধুৰ বিস্ময়। কিন্তু কিছু পৰিৱৰ্তনে যেন কঢ়িয়াই আনে এক সংশয়ো। এই সংশয় মূলতঃ কবিতাৰ সৈতে পঢ়ুৱৈৰ যোগাযোগহীনতাৰ সম্ভাৱনাৰ সংশয়। এই কথা মোৰ অজানা নহয় যে কবিতাৰ আধুনিকতা, জটিলতা, দুৰ্বোধ্যতা আদি বিষয়বোৰ এতিয়া নতুন নহয়। পৰ্যবেক্ষণ আৰু অধ্যয়ন, নিজৰ বোধ আৰু অভিজ্ঞতা—এই সকলোবোৰে এনে বিষয়সমূহত শিক্ষিত পঢ়ুৱৈৰ মাজত এক সহনশীল আৰু গ্ৰহণযোগ্য ধাৰণাৰ গঢ় দিছে। বিজ্ঞানৰ ছাত্ৰ বাবে এই কথাটো বুজিবলৈও মোৰ অসুবিধা নহয় যে অভিযান্ত্ৰিক ডিগ্ৰীৰ বাবে ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ প্ৰযুক্তি বিজ্ঞানৰ উচ্চ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা সত্ত্বেও, বিজ্ঞানৰ বহু কথা মোৰ বোধৰ বাহিৰত। তাৰ বাবে যে বিজ্ঞানক জগৰীয়া কৰিব নালাগে, সেই কথাটো উপলব্ধি কৰিব নোৱাৰাকৈ নিজকে ইমান অজ্ঞ বুলিও নিশ্চয় স্বীকাৰ কৰিবলৈ টান পাম। চিন্তা-চেতনাৰ জটিলতাৰ বাবে বহু সময়ত কবিতা এটা এবাৰ পঢ়িয়েই আপ্লুত হ’বলগীয়াকৈ সহজবোধ্য হৈ নুঠে, কিন্তু প্ৰথম পঠনতে কবিতাটোৱে বাবে বাৰে পঢ়ি বুজিবলৈ, উপলব্ধি কৰিবলৈ এক আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। বাৰে বাৰে পঢ়াৰ পিছত যি কবিতাৰ অৰ্থ ধীৰে ধীৰে বোধগম্য হৈ এক অৰ্থপূৰ্ণ প্ৰাপ্তিৰ আনন্দ দিয়ে, সেই কবিতাৰ আপাত-দুৰ্বোধ্যতা শিক্ষিত পঢ়ুৱৈৰ বাবে এক হেঙাৰ হৈ নুঠে। কিন্তু এতিয়া প্ৰায়েই এক সংশয় হয় যে যোগাযোগৰ সূতাডাল ক’ৰবাত লাহে লাহে হাতৰ পৰা সৰি পৰিছে, খেপিয়াই খেপিয়াই সূতাডাল বিচাৰি উলিয়াই দুই আঙুলিৰে ধৰি ৰখাৰ প্ৰয়োজন হৈ পৰিছে।
পাঁচ,
যোগাযোগহীনতাৰ সঙ্কট হয় তেতিয়া, যেতিয়া কবিয়ে দুৰ্বোধ্যতাকে পঢ়ুৱৈক চমক দিব পৰা এক বুদ্ধিদীপ্ত অলঙ্কাৰ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে, যেতিয়া কবিয়ে নিজৰ চিন্তাৰ অস্বচ্ছতা আৰু শিল্পনৈপুণ্যৰ অভাৱ ঢাকি ৰাখিবলৈ ব্যৱহাৰ কৰে দুৰ্বোধ্যতা। পাকৈত আৰু অভিজ্ঞ কবিয়ে সাধাৰণতে এনে অৰ্থহীন দুৰ্বোধ্যতাৰ আশ্ৰয় নলয়। তাৰ বিপৰীতে তেওঁলোকৰ কবিতাত জটিল বাস্তৱ আৰু অভিজ্ঞতাৰ নিৰ্যাস দুৰ্বোধ্যতাৰ আশ্ৰয় নোলোৱাকৈ সহজ, বোধগম্য ৰূপত পঢ়ুৱৈৰ কাষলৈ লৈ যোৱাৰ কলানৈপুণ্য প্ৰথম পাঠতে পৰিলক্ষিত হয়, যিয়ে কৌতূহ’লৰ সৃষ্টি কৰে। তেনে কবিতা বাৰে বাৰে পঢ়ি হ’লেও পঢ়ুৱৈয়ে জীৱনৰ জটিল চিন্তা, বোধ, অনুভূতিৰ লগত একাত্মবোধ অনুভৱ কৰে। অন্তঃসাৰশূন্য কবিতাক দুৰ্বোধ্যতাৰ পোছাক পিন্ধাই উচ্চ মান আৰু মহত্ত্ব প্ৰদান কৰিব নোৱাৰি। এনে কবিতাই এটা কামেই ভালদৰে কৰিব পাৰে আৰু সেয়া হ’ল পঢ়ুৱৈক আঁতৰাই পঠোৱা যোগাযোগহীনতা। দুৰ্বোধ্যতা যেতিয়া অনিবাৰ্য, তেতিয়া কাব্যপ্ৰেমীয়ে নুবুজাকৈ নাথাকে আৰু তাৰ প্ৰতি সহানুভূতিশীল মনোভাব পোষণ কৰে, কিন্তু দুৰ্বোধ্যতা যেতিয়া প্ৰদৰ্শনকামিতা, অৰ্ধসত্যৰ লক্ষণ, ছলনা বা অৰ্থহীন হয়, পঢ়ুৱৈয়ে ঠিকেই উপলব্ধি কৰে যে কবি দুৰ্বোধ্যতাৰ ৰোগত আক্ৰান্ত। এই ৰোগক প্ৰশ্ৰয় দিয়াটো নহয়, তাক প্ৰতিৰোধ কৰাৰ উপায় চিন্তা কৰাটোহে কাব্যপ্ৰেমীৰ দায়িত্ব, কাৰণ এই ৰোগ সংক্ৰামক আৰু নতুন কবিৰ গালৈ ই দ্ৰত গতিত সোঁচৰে। মোৰ সৰল কবিতাৰ আন্দোলন প্ৰকৃততে এই ৰোগৰ এক প্ৰতিৰোধৰ প্ৰয়াসহে, অনিবাৰ্য দুৰ্বোধ্যতাৰ প্ৰতি কোনো প্ৰত্যাহ্বান নহয়।
ছয়,
পূৰ্বৰ বিশিষ্ট কবিসকলৰ কবিতা সুদীৰ্ঘ কাল ধৰি পঢ়ি অহাৰ বাবে মাজে মাজে এনে এক ধাৰণাও গঢ় লৈ উঠিছে যে বহু কবিৰ কবিতাৰ কাব্য-ৰীতি, উপমা, প্ৰতীক, ব্যঞ্জনাই প্ৰায়েই পূৰ্বসুৰী কবিৰ সৃষ্টিৰ যেন এক শুনা-নুশুনা প্ৰতিধ্বনি। তাত মৌলিকতা, কাব্য-ৰীতিৰ নতুনত্ব, আনকি এক নিজা বক্তব্যও অনুপস্থিত। ক’ৰবাত যেন অনুকৰণ আৰু সৃজনশীলতাক একাকাৰ কৰি দিয়াৰ এক প্ৰয়াস। বাস্তৱক, মনটো শূন্য কৰি চাই সৃষ্টি হোৱা অনুভৱ আৰু উপলব্ধিৰ আধাৰত কবিতা লিখিব নোৱাৰিনে? তেনে কৰিলে যেন কবিতাই অনুকৰণৰ পৰা মুক্ত হৈ এক মৌলিক বাট বিচাৰি উলিয়াব। মইনো তেনে কবিতা ৰচনাৰ প্ৰয়াস নকৰোঁ কিয়? যেতিয়া লিখিবলৈ আৰম্ভ কৰিলোঁ এৰি অহা দীঘল বাটটো চকুৰে মনিব পৰালৈকে বহু দূৰলৈ চাই থাকিলোঁ। দহ বছৰত কবিতা লিখিবলৈ আৰম্ভ কৰা ল’ৰাজন এতিয়া পক্বকেশী সত্তৰ বছৰৰ কাব্য-প্ৰেমী। বিগত তিনিকুৰি বছৰত কি পঢ়া নাই, দৰ্শন, বিজ্ঞান, পুৰা-কাহিনী, ৰামায়ণ, মহাভাৰত, বাইবেল, কোৰান, গল্প, উপন্যাস, কবিতা, কোনো হিচাপ নাই। চেতনাৰ গভীৰত এই সকলোৰে নিৰ্যাসৰ গেদ এটা ৰৈ গ’ল । দুই চকুৰে দেখিলোও সময়ৰ বহু আঁক-বাক, বাটো বুলিলোঁ বহুত, চহৰ-নগৰ, সমুদ্ৰ অথবা কাঁইটীয়া অৰণ্যৰ মাজেৰে, আঘাতেও কোবাই গ’ল জীৱন, সৰু সৰু সন্তুষ্টিয়ে তাত সানিলে প্ৰলেপ। দীঘলীয়া বাটৰ অভিজ্ঞতাক যেতিয়া পৈণত বয়সৰ বোধৰ আলোকত নতুনকৈ আৱিষ্কাৰ কৰিলোঁ, প্ৰথমতে সেই আৱিষ্কাৰত নিজেই মতলীয়া হৈ ৰ’লোঁ, পিছ মুহূৰ্ততে যেনেকৈ ৰাতিৰ আকাশত উজ্জ্বল নক্ষত্ৰ এটা দেখিলে ওচৰে-পাজৰে থকা সকলক ক’বলৈ মন যায়, সেইটো চাচোন চা, আগতেতো এই তৰাটো ইয়াত দেখা নাছিলোঁ, ঠিক তেনেদৰে মোক আলোড়িত কৰা জীৱন সম্পৰ্কীয় বিচিত্ৰ উপলব্ধিৰ ভাগ পঢ়ুৱৈক দিয়াৰ এক তীব্ৰ আকুলতাই মোক আচ্ছন্ন কৰিলে। এই বিশ্বাস গাঢ় হৈ উঠিছিল যে এই উপলব্ধিবোৰে নিশ্চয়কৈ বহুতৰ বুকুত বাহ সাজিবলৈ অকণমান ঠাই উলিয়াই ল’ব। অকল নিৰ্মাণৰ স্বাৰ্থত মইতো কোনোদিনে কবিতা নিৰ্মাণ কৰা নাই। যি অভিজ্ঞতাই মোক আলোড়িত কৰিছে, কলিজা ছিন্ন-ভিন্ন কৰিছে, দলিয়াই দিছে দপদপাই জ্বলি থকা জুইত, অন্তৰৰ এক দহনত মোক ছটফটাই থাকিবলৈ বাধ্য কৰিছে, অকস্মাতে এফালি ৰ’দৰ দৰে উদ্ভাসিত কৰি তুলিছে সত্যৰ ছয়া-ময়া মুখ, তাৰ পৰাই উঠি আহিছে মোৰ শব্দ। এই সকলোবোৰৰ পৰা উঠি অহা এক গভীৰ বোধৰ লগত যোগ হ’ল ল’ৰালিৰ আইতাৰ চোতালৰ কল্পনা আৰু সপোন। ভাব হ’ল মই যেন হাজাৰ বছৰ ধৰি বিশ্বব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰি কোনো সমুদ্ৰতীৰত বহি আছোঁ, মনৰ মাজেৰে হাজাৰ বছৰৰ এটা স্ৰোত, প্ৰথমতে উত্তাল, আৱেগময়, সমুদ্ৰৰ জোৱাৰ-ভাটাৰ দৰে, লাহে লাহে যিদৰে কোনোবা সময়ত সমুদ্ৰপৃষ্ঠ নিস্তৰঙ্গ হৈ পৰে, মনৰ ভিতৰৰ কালস্ৰোতো যেন সেইদৰে শান্ত আৰু সমাহিত হৈ পৰিছে, যেন ধুমুহা-বৰষুণৰ পিছত দৃশ্যমান হোৱা এখন নতুন পৃথিৱী, উল্কা-বজ্ৰপাতৰ পিছত ধীৰে ধীৰে মেঘহীন হৈ পৰা আকাশত নীলাৰ আঁচল, অথবা এফালি ৰ’দ। চোতালৰ কল্পনা আৰু জীৱনৰ দীঘলীয়া বাটৰ পৰা বুটলি বুটলি অনা সূক্ষ্ম বোধে এক শান্ত আৰু বিশ্বাসী পোহৰ হৈ মোলৈ হাতখন আগবঢ়াই দিছে, মই সেই পোহৰৰ আঙুলিত ধৰি আৰম্ভ কৰিছোঁ সত্যক বিচাৰি মোৰ অন্তহীন যাত্ৰা। মই সত্যক বিচাৰি আছোঁ—মোৰ বাবে এখন কবিতাৰ পুথি নহয় : ই মোৰ পৈণত বয়সৰ উপলব্ধিৰ নিৰ্যাস, জীৱনে মোক প্ৰদান কৰা অন্তৰ্দৃষ্টি।
ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী অসমৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু লেখক। শেহতীয়াকৈ তেওঁ স্বকীয় শৈলীৰে কাব্য-চৰ্চা কৰি পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছে।
কিতাপখন কিনি থৈছোঁ ৷পঢ়িবলৈ আৰম্ভ কৰিম আৰু ৷
পক্ককেশীৰ অন্তৰ্দৃষ্টি : ‘ মই সত্যক বিচাৰি আছোঁ ‘ৰ সন্দৰ্ভত আপুনি লিখা চিত্তাকৰ্ষক আত্মকথা পঢ়ি সুখী হৈছোঁ । সঁচাঅৰ্থত জীৱনযুৰি সত্যৰ অন্বেষণ এক অবিমল অনুভৱৰ প্ৰাণৱন্ত নিৰ্য্যাস। য’ত উন্মোচিত হয়, জীৱনৰ প্ৰজ্ঞা, আনন্দ, আত্মোপলদ্ধি, স্মৃতিকাতৰতা আৰু জীৱনৰ মহত্তম কলা । আপোনাৰ এই সত্যৰ প্ৰতি থকা আজীৱন জিজ্ঞাসাৰ ফলশ্ৰুতিত প্ৰকাশ পোৱা আপোনাৰ কাব্যগ্ৰন্থখনক আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আচলতে ই জীৱনৰ মহত্তম প্ৰাপ্তিৰ এক নামান্তৰ মাথোঁ। আমি বিশ্বাস কৰোঁ; শব্দৰ এই ৰৌদ্ৰজ্বল আলোকত আলোকিত হ’ব কবিতাৰ অবিনাশী আৰু মংগলময় যাত্ৰা !! আপোনাৰ এই অবিৰত সত্যানুসন্ধানৰ প্ৰতি আমাৰ আন্তৰিক শুভ ইচ্ছা সদায়েই থাকিব।
নিজৰ সৃষ্টিৰ বিষয়ে, সৃষ্টিৰ অন্তৰালত থকা দেৱচৌধুৰী মানুহজনৰ সৃষ্টিৰ তাড়নাৰ কথা ইমান সুন্দৰ আৰু সৰলকৈ উপস্থাপন কৰিছে ।পঢ়ি অভিভূত হৈছোঁ ।