ৰেণু ভূঞাৰ দুটা কবিতা

উপলব্ধি

প্ৰাপ্তি-অপ্ৰাপ্তিৰ দোমোজাত
স্থবিৰ জীৱন৷
দুখ আৰু সুখৰ অনুভৱত
এই ছিগো ছিগো
ৰঙীন সূতাৰ পাক৷
বিশ্বাস আৰু অবিশ্বাসৰ
মায়াজালত ডুলি থাকে হৃদয়৷
আশাহত হৈয়ো জন্ম হয় আশা
সূৰ্য উঠাৰ দেশত
ৰঙীন পৃষ্ঠা খুলি
বিচৰণ কৰে
আমাৰ ৰহস্যময়ী মন৷
ইয়াৰ নামেই জীৱন৷

জীৱনৰ স্তৱক

মই মোৰ ছাঁত জিৰাবলৈ
আজুককাৰপৰা শিকিছিলোঁ৷
সদায় দেখা নদীখন
ক্ৰমান্বয়ে দীঘল আৰু বহল হৈ পৰিছিল৷
পাৰ খহায় নিজৰ অস্তিত্ব জাহিৰ কৰিছিল৷

কোনোবাই ক’ৰবাত ভেটা দিলে
নদীখনে অস্তিত্ব হেৰুৱালে৷
মোৰ ছাঁটোও আগতকৈ
চুটি আৰু সৰু হ’ল৷
উচুপিবলৈ মন যোৱা নাই৷

বৰগছজোপাৰ ওপৰলৈ চালোঁ
ডাল-পাতবোৰ একেই আছে
সবল আৰু সাবলীল৷

শ্মশানখনতো জুইকুৰা
দপদপাই জ্বলিছে৷
আশপাশবোৰ পোহৰাই তুলিছে৷
পোহৰখিনি পিছৰ
পুৰুষলৈ থ’লোঁ৷

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *