পংকজ গোবিন্দ মেধি
ধৈৰ্য সহকাৰে লাগি থাকিব পৰা গুণ নাথাকিলে, আলোচনী এখন নিৰৱচ্ছিন্নভাৱে প্ৰকাশ কৰি থকা সম্ভৱপৰ নহয়। তাতেই যেতিয়া সংশ্লিষ্ট ব্যক্তিসকল অইন পেশাৰ হয়, সামাজিক দায়িত্ববোধ থকা ব্যক্তি হয়।
১৯৭৬ চন। অসম সাহিত্য সভাৰ টিহু অধিৱেশন। অসমৰ কেইজনমান কবিতাপ্ৰিয় তৰুণে ঠিৰাং কৰিছিল, কবিতা বিষয়ক এখন আলোচনী প্ৰকাশ কৰাৰ। ভবামতে, কথামতে কাম। সেই মৰ্মে সকলো সাজু কৰি তেওঁলোকে অসম সাহিত্য সভাৰ টিহু অধিৱেশনত উন্মোচন কৰিলে তেওঁলোকৰ সপোনৰ কাব্যলোচনী– সেউজী-সেউজী। আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত আছিল তৰুণ বৰ্মন। প্ৰথম সংখ্যাৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছিল ৰোহিনী কুমাৰ পাঠকৰ কবিতা– ‘শ্বহীদৰ শেষ চিঠি'। পৰৱৰ্তী সময়ত ৰোহিনী কুমাৰ পাঠকে কৈছিল– ''মোৰ কবিতা চৰ্চাৰ পাতনি মেলিছিলোঁ সেউজী-সেউজীৰ প্ৰথম সংখ্যা প্ৰথম পৃষ্ঠাৰ পাততেই। তেতিয়াৰ পৰা লেখি আছোঁ। স্বীকৃতি পালেও, নাপালেও। সেউজী-সেউজীৰ লগত মোৰ আন্তৰিক সম্পৰ্ক আছে।'' অসমৰ বহুত কবিৰ প্ৰথম কবিতাৰ কছৰৎস্থলী আছিল সেউজী-সেউজী। তেওঁলোকৰ মাজৰ অনেকেই আছিল সেউজী-সেউজীৰ বিশেষ প্ৰতিনিধি, শুভাকাংক্ষী প্ৰচাৰক। অসমৰ অনেক বৰেণ্য সেই তালিকাৰ অন্তৰ্ভুক্ত। প্ৰহ্লাদচন্দ্ৰ তাছা, সমীৰ তাঁতী, দিলীপ চন্দন আদিৰ নাম সেই তালিকাত সন্নিবিষ্ট হৈ আছে। তিমানেই নহয়, অসমৰ প্ৰত্যন্ত অঞ্চলতো গঢ়ি তুলিছিল ‘সেউজী চ'ৰা'। শুৱালকুছিৰ সাহিত্য চ'ৰা আজিও সুস্থিৰ চিন্তাৰে কৰ্মৰত। অবিৰতভাৱে, নীৰৱচ্ছিন্নভাৱে এখন আলোচনী প্ৰকাশ কৰা, তাতে যদি সেইখন কবিতাৰ আলোচনী হয়, তেন্তে সেইখন পাঠকৰ হাতত তুলি দিয়া অন্ততঃ অসমৰ ক্ষেত্ৰত ল'ৰা-ধেমালি নহয়। কবিতা গোটোৱাৰ পৰা আৰম্ভ কৰি ছপাশালৰ ভূত খেদালৈ, গোটেই প্ৰক্ৰিয়াটো সময় আৰু অৰ্থব্যয়সাপেক্ষ। অৱশ্যে এই ক্ষেত্ৰত সেউজী-সেউজীক সময়ে সংগ দিছিল। অসমত সত্তৰ-আশী দশকৰ কালছোৱাত বৌদ্ধিক চৰ্চাৰ পৰিৱেশ সুকীয়া আছিল। আনকি, অসম আন্দোলনৰ কপৰ্দকশূন্য সময়ছোৱাতো গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ নিকা আছিল। কোনো আলোচনী আৰু গ্ৰন্থৰ প্ৰতি পাঠকসমাজ স্বভাৱজাতভাৱে উৎস্যুক আছিল। গ্ৰন্থ আৰু আলোচনীৰ ওপৰত ভৰসা কৰিয়েই গঢ় লৈ উঠিছিল সুধী সমাজৰ গাঠনি। জনমানসত কবিতাৰ প্ৰতি থকা অতীব উদগ্ৰীবতাই ক্ৰিয়া কৰিছিল। কবিতাই দুৰ্বোধ্য আৰু দুৰূহ অভিধাৰ পৰা এইখিনি সময়তেই আঁতৰি নিৰাপদ দূৰত্বত অৱস্থান কৰিছিল। সেয়েহে সকলোৱে যেন কবিতা লিখাৰ বাবে সাহস গোটাব পাৰিছিল। বিশেষকৈ প্ৰকাশৰ বাবে কবিতা পঠিওৱাৰ ক্ষেত্ৰত তৰুণ কবিচামে ইতঃস্তত বোধ কৰা নাছিল। সেউজী-সেউজী সেইবাবে তেওঁলোকৰ বাবে এখন মঞ্চ হৈ পৰিছিল। অসমৰ তৰুণ কবিকুলে আলোচনীখনক আগ্ৰহেৰে গ্ৰহণ কৰি কাব্যচৰ্চাৰ মাধ্যম হিচাপে আঁকোৱালি লৈছিল। সত্তৰ-আশী-নব্বৈ দশক, এই তিনিটা দশকত কাব্যালোচনী সেউজী-সেউজীয়ে অসমৰ কাব্যচৰ্চাৰ ক্ষেত্ৰখনত বাৰুকৈয়ে বিস্তৃতি লভিছিল। তাৰ প্ৰমাণ পোৱা যায় অৱনী চক্ৰৱৰ্তীৰ কবিতাত। কবি চক্ৰৱৰ্তী আৰু অনেকজন সেউজী-সেউজীৰ লগত ওত-প্ৰোতভাৱে জড়িত হৈ আছিল। সেউজী-সেউজীৰ কাৰ্যক্ৰমণিকাসমূহত আন্তৰিকতাৰে অংশ গ্ৰহণ কৰিছিল। কবি চক্ৰৱৰ্তীয়ে লিখিছিল – কালি ৰাতি নানকাৰ ভয়ৰাত পণবন্দী আছিলোঁ কবিতাৰ খাজনাবিহীন মাটিত দিব লাগিছিল কৰ। কবি চক্ৰৱৰ্তীৰ উপৰি সেই কালছোৱাত কবি নলিনীধৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰ বৰা, ইছমাইল হোছেইন, মঞ্জু দেৱী পেগু, ৰাজেন্দ্ৰনাথ বৰদলৈ, উদয় কুমাৰ শৰ্মা, অনুপমা বসুমতাৰী, কৌস্তুভমণি শইকীয়া আদিয়ে সেউজী-সেউজীৰ কাব্য-অনুষ্ঠানত সহৃদয়তাৰে অংশ গ্ৰহণ কৰিছিল। সমীৰ তাঁতী, সনন্ত তাঁতিৰ কথা কোৱা নিশ্চয়কৈ নিষ্প্ৰয়োজন। তেওঁলোক দুয়োজনেই সেউজী-সেউজীৰ লগত জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত নীলিম কুমাৰ, অনুভৱ তুলসী, অজিত গগৈ, সৌৰভ শইকীয়া আৰু নলবাৰীৰ কবিকূল সেউজী-সেউজীৰ কাব্য-পৰিক্ৰমাৰ অংশ হিচাপে চিহ্নিত হৈছিল। সেউজী-সেউজীৰ বাকৰি অকল কবিসকলৰেই বিচৰণস্থলী নাছিল। ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, মলয়া গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, নিশিতা গোস্বামী, ৰিজু হাজৰিকা, মণিকুন্তলা ভট্টাচাৰ্য, দিলীপ পাটগিৰি, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, ঈশান বৰুৱা, খনীন্দ্ৰ কুমাৰ দাস, দীক্ষু আদি ভিন্ন ক্ষেত্ৰৰ অনেকেই আহি সেউজী-সেউজীক ধন্য কৰি তুলিছিল। সেউজী-সেউজীয়ে কুৰি বছৰ কাল অতিক্ৰম কৰাৰ অন্তত গ্ৰন্থ প্ৰকাশনাৰ ক্ষেত্ৰখনতো ভুমুকি মাৰিছিল। কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ প্ৰকাশ কৰাৰ সুবাদত সেউজী-সেউজী হৈ পৰিছিল কবিসকলৰ কাব্যগ্ৰন্থ প্ৰকাশৰ এক সুপ্ৰতিষ্ঠিত অনুষ্ঠান। জ্যেষ্ঠজনৰ পৰা তৰুণজনলৈ সেউজী-সেউজীয়ে কবিসকলৰ কাব্যগ্ৰন্থ প্ৰকাশ কৰিছিল। সেউজী-সেউজী আলোচনীখন নৈমিত্তিক প্ৰকাশ কৰাৰ উপৰি গ্ৰন্থ প্ৰকাশৰ মাজেৰে সংস্থাটোৱে কাব্য সাহিত্যৰ প্ৰতি নিজৰ দায়িত্ববোধ প্ৰকট কৰি তুলিছিল। উন্নত ছপা, ৰুচিবোধ সম্পন্ন গ্ৰন্থ প্ৰকাশে সেউজী-সেউজীক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এইখিনিতে উনুকিয়াই থোৱা প্ৰয়োজন যে সেউজী-সেউজীৰ ৰূপালী জয়ন্তীৰ সন্ধিক্ষণত আলোচনী আৰু প্ৰকাশনাৰ দায়িত্বভাৰ তৰুণ বৰ্মনৰ বিপৰীতে ঐকান্তিকভাৱে গ্ৰহণ কৰিছিল পুলক বৰ্মনে। তেওঁৰ নেতৃত্বত সেউজী-সেউজী আলোচনীখনে কেইবাটাও সফল অনুষ্ঠান ৰূপায়ন সম্ভৱপৰ কৰি তুলিছিল। ঘূলি সত্ৰত গছৰ তলত অনুষ্ঠিত অনুষ্ঠান, গ্ৰন্থমেলাৰ ক্ষেত্ৰত অনুষ্ঠিত কৰা কবি সন্মিলন, প্ৰেছ ক্লাবৰ অনুষ্ঠান তথা ৯, ১০, ১১, ১২, ১৩ এপ্ৰিল, ২০০৫ চনত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহ অন্যতম। সেউজী-সেউজীৰ কুৰি বছৰীয়া অনুষ্ঠানৰ নিচিনাকৈ বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আদিৰে সেউজী-সেউজীৰ ৰূপালী জয়ন্তী পৰ্বও অধিক উলহ-মালহেৰে অনুষ্ঠিত কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিকূল আহি নানকাৰ ভয়ৰা ভৰি পৰিছিল। ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি সেউজী-সেউজীয়ে প্ৰকাশ কৰি উলিয়াইছিল ৰূপালী জয়ন্তী উৎসৱ বিশেষ সংখ্যা। ৩২০ পৃষ্ঠাৰ ২৯ বছৰ, ষষ্ঠ সংখ্যা, জুলাই ২০০৬ সংখ্যাটোত কেইবা গৰাকী কবিক বিশেষ হিচাপে প্ৰক্ষেপ কৰি তেওঁলোকৰ নিৰ্বাচিত কবিতাগুচ্ছ প্ৰকাশ কৰা হৈছিল। সেউজী-সেউজী আলোচনীখনে পঞ্চাছ বছৰীয়া পথ পৰিক্ৰমাত কেইবাটাও স্তৰৰ মাধ্যমেৰে আগ বাঢ়ি আহিছে। সেয়া প্ৰকাশনৰ মানেই হওক বা প্ৰকাশনাৰ লগত জড়িত ব্যক্তিসকলেই হওক। সেউজী-সেউজীৰ পুৰণি সংখ্যাসমূহত চকু ফুৰালে তেনে দৃশ্য প্ৰকট হৈ পৰে। কোনো কোনো কবি আলোচনীখনৰ এটা পৰ্যায়ত সক্ৰিয় হৈ, পৰৱৰ্তী পৰ্যায়ত অদৃশ্য হৈছে। অৰ্থাৎ তেওঁলোকে নিজৰ ধাৰাবাহিকতা সেউজী-সেউজীত অক্ষুণ্ণ ৰখা নাই, অথবা ৰাখিব পৰা নাই। তেনেদৰে সেউজী-সেউজীৰ লগত জড়িত ব্যক্তিসকলো সময়ে-সময়ে সলনি হৈছে। সম্পাদকীয়ত্ব পুলক বৰ্মনৰ দায়িত্বতেই আছে, কিন্তু আলোচনীখনৰ নেপথ্যত থকা লোকসকল সলনি হৈছে। সেয়া স্বাভাৱিক পৰিক্ৰমা। পোনতে অজিত মহন্ত, বনজিৎ বৰ্মন, দীপক কুমাৰ ডেকা আদি আলোচনীখনৰ লগত জড়িত আছিল।, পৰৱৰ্তী সময়ত শান্তনু শৰ্মা, নৱজ্যোতি পাঠক, বিনয কুমাৰ মজুমদাৰ, বিপুল কুমাৰ দত্ত আদি জড়িত হৈ পৰিল। আৰু শেহতীয়াকৈ জড়িত হৈ পৰিছে কবি প্ৰণৱ কুমাৰ বৰ্মন। প্ৰণৱ কুমাৰ বৰ্মনে পষেকীয়া সেউজী-সেউজী নামেৰে নিজা সম্পাদনাত এখন আলোচনী প্ৰকাশ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল। কিন্তু তেওঁৰ সেই প্ৰচেষ্টা ফলৱতী নহ'ল। কেইটামান সংখ্যা প্ৰকাশৰ পিছতে আলোচনীখনৰ মৃত্যুঘণ্টা বাজি উঠিল। এখন আলোচনী নিৰৱচ্ছিন্নভাৱে প্ৰকাশ কৰা সহজ তথা ধেমেলীয়া কাৰবাৰ নহয়। তাৰবাবে লাগে অপৰিসীম ত্যাগ আৰু কষ্টসহিষ্ণুতা। ধৈৰ্য সহকাৰে লাগি থাকিব পৰা গুণ নাথাকিলে, আলোচনী এখন নিৰৱচ্ছিন্নভাৱে প্ৰকাশ কৰি থকা সম্ভৱপৰ নহয়। তাতেই যেতিয়া সংশ্লিষ্ট ব্যক্তিসকল অইন পেশাৰ হয়, সামাজিক দায়িত্ববোধ থকা ব্যক্তি হয়। পা-পৰিয়াল আৰু জীৱন কেন্দ্ৰিক অন্যান্য সমস্যাৰ কথা কোৱা নহ'লেই যেনিবা। সেউজী-সেউজী আলোচনীখন ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নিৰ্দিষ্ট সংস্থাৰ দ্বাৰা স্বীকৃত। আলোচনীখনৰ আৰ এন আই নম্বৰ হৈছে–64201/94 আৰু অসম চৰকাৰৰ ‘Govt. Approval No.' হৈছে– 230/01/150/Assam। আলোচনীখনে অসম চৰকাৰৰ পৰা দুই-চাৰিটা বিজ্ঞাপন লাভ কৰিছে যদিও এখন আলোচনী সুচাৰুৰূপে প্ৰকাশ কৰিবলৈ সেয়া যথেষ্ট নহয় বুলি ভাবিবৰ থল আছে। আনহাতে, অসমত অপেশাদাৰী প্ৰকাশন ব্যৱস্থাপনাই বাণিজ্যিক দিশটোক শক্তিশালীভাৱে প্ৰতিনিধিত্ব নকৰে। সেয়েহে, সেউজী-সেউজীৰ প্ৰকাশন প্ৰক্ৰিয়াটোও অৰ্থনৈতিকভাৱে ফলপ্ৰসূ হোৱা নাছিল। তাতেই আকৌ কাব্যগ্ৰন্থৰ পাঠকশৃংখল দুৰ্দশাগ্ৰস্ত, পুতৌজনক। কিতাপ কিনি নপঢ়িবলৈ সাহিত্যৰ এই শাখাটোৱে কিজানি নিয়তিৰ ওচৰত শপত খাই থৈছে। যি কি নহওক, সাতে-সোতৰে সেউজী-সেউজীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় পঞ্চাছ বছৰ সময় কবিতাৰ এখন আলোচনী প্ৰকাশ কৰি আহিছে। কিন্তু, ক'ভিডকালে আলোচনীখনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলালে। সম্ভৱতঃ সেইটো কাৰণত আলোচনীখনৰ প্ৰকাশ শেহতীয়াভাৱে বন্ধ হৈ পৰিল অথবা আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত সাময়িক বিৰতি আহি পৰিল। আমি ভাবিম কাৰণ যিয়েই নহওক কিয়, অসমীয়া কাব্য সাহিত্যৰ ধাৰাটোক বৰ্তাই ৰাখিবলৈ সেউজী-সেউজীৰ নিচিনা এখন আলোচনীৰ অপৰিসীম প্ৰয়োজন আছে। আমি আশা কৰিম সেউজী-সেউজী আলোচনীখন পুনৰাই প্ৰকাশ পাব আৰু নতুন উদ্যমেৰে প্ৰতিষ্ঠাপিতসকলৰ উপৰি তৰুণ প্ৰজন্মৰ কবিসকলৰ মাজত জনপ্ৰিয় হৈ পৰিব।
পংকজ গোবিন্দ মেধি এগৰাকী বিশিষ্ট কবি আৰু লেখক। তেওঁ কবিতাৰ অনুবাদ বিষয়ক আলোচনী তৰ্জমাৰ সম্পাদক।