কবিতাত জীৱনৰ উদযাপন

প্ৰকল্প ৰঞ্জন ভাগৱতী

সংকলনটিৰ অনেক কবিতাত সমকালীন সমাজ, প্ৰকৃতি আৰু মানুহৰ প্ৰতি সঁহাৰি এক সূক্ষ্ম কাব্য-চেতনাৰে প্ৰকাশ পাইছে। অসমীয়া আধুনিক কবিতাৰ ঐতিহ্য আৰু পৰম্পৰাটোৰ সৈতেও কবি সুপৰিচিত।

        খগেন শইকীয়াই তেওঁৰ নিৰ্বাচিত কবিতাৰ সংকলন হৃদয় বিনন্দীয়া দ্বীপৰ শিৰোনামত হৃদয়ক বিনন্দীয়া দ্বীপ আখ্যা দিয়া কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। জনসমাগমৰ যান্ত্ৰিকতা আৰু কোলাহলৰ পৰা দূৰৈত দ্বীপ হ'ল এক বিনন্দীয়া নিৰলা। অৰ্থাৎ শান্তিৰ এক উৎস। ‘হৃদয়' শব্দটো বিভিন্ন ধৰণে সংকলনটোৰ প্ৰথম তেৰটা কবিতাৰ আঠটাতে ব্যৱহৃত হৈছে; যেনে, ‘হৃদয় প্ৰসাদ', ‘হৃদয়স্পৰ্শী হাঁহি', ‘মুকলি হৃদয়', ‘হৃদয়গন্ধী মাৰ্গ', ‘কান্দি উঠিল হৃদয়', ‘হৃদয় হয় জংগম', ‘সহৃদয় সময়', ‘হৃদয় শৰাই', ‘হৃদয়খনেই যেন নাও', ‘হৃদয়-কুঠী', ‘মোৰ হৃদয় চোতালত', ‘হৃদয়-জ্যোতি' ইত্যাদি। সংকলনটোৰ তৃতীয় কবিতা ‘প্ৰতীক্ষা'ৰ অষ্টাদশ শাৰীত থকা ‘কান্দি উঠিল হৃদয়' বাক্যাংশৰ বাহিৰে উল্লেখ কৰা আটাইকেইটা বাক্যাংশই হৃদয়ৰ প্ৰশান্ত ৰূপটোৰে ইংগিত বহন কৰিছে। সংকলনটোৰ কবিতাবোৰক ভিতৰি বৈ থকা এই প্ৰশান্ত ৰূপটোৱে ঐকসূত্ৰত গাঁঠিছে৷

       সংকলনটোৰ এটা কবিতা ‘নাৰ্ছিংহোম'ত নাৰ্ছিংহোমক আনন্দ আৰু বিষাদ, জন্ম আৰু মৃত্যু, আশা আৰু নিৰাশাৰ কেন্দ্ৰ হিচাপে উল্লেখ কৰিও শেষৰ স্তৱকত জীৱনৰে জয় ঘোষিত হৈছে--
       তথাপি
       জীৱন আনন্দ, হাঁহি আৰু বিজয়ী দিনৰ মিচিল উত্তেজনা
       সেয়েতো জন্মৰ পৃষ্ঠাত বাদাম ৰঙৰ আখৰ
       হৃদয়খনেই যেন নাও, প্ৰেমৰ জলতে ভাহি থাকে
       শীত, হেমন্ত, শৰতেই জীৱনক প্ৰদান কৰে
        অনাহূত কাব্যৰস, জীৱনৰস। (পৃ.৩০)
‘জীৱনৰ ছন্দ বিচাৰি', ‘জীৱনৰ শোভাযাত্ৰা' আদি কবিতাতো স্পষ্টকৈয়ে জীৱনক উদযাপন কৰা হৈছে। ‘জীৱনৰ ছন্দ বিচাৰি'ত জীৱনক ‘আমৃত্যু এক ক্লান্তিহীন যাত্ৰা' বোলা হৈছে। আনহাতে ‘জীৱনৰ শোভাযাত্ৰা' শীৰ্ষক কবিতাত যিকোনো পৰিস্থিতিকে আঁকোৱালি ল’ব পৰা জীৱনৰ স্থিতিস্থাপক গুণৰ কথা কোৱা হৈছে--
        পানীৰ দৰে শুকাই যায়, বৰফৰ দৰে গলে
        ভৰা নৈৰ দৰে বাঢ়ি আহে, বাৰিষাত পৃথিৱীৰ দৰে তিতে
        ঋতুৰ দৰে  ৰূপ সলায়, বলুকাৰ দৰে উত্তাপময় হয়
        শলিতাৰ  দৰে জ্বলি ৰয় জীৱন। (পৃ.৬৯)

        জীৱনৰ প্ৰতি একধৰণৰ ইতিবাচক দৃষ্টিভংগী সংকলনটোৰ কবিতাবোৰৰ কেন্দ্ৰীয় সুৰ। কবিতাবোৰ একাদিক্ৰমে পঢ়ি গৈ থাকোতে সেই সুৰটোও ক্ৰমাৎ আমাৰ মানস-কুঠৰীত স্পষ্টৰপৰা স্পষ্টতৰ হৈ গৈ থাকে। এই ইতিবাচক দৃষ্টিভংগীৰ বাবে দুখো তেওঁৰ কবিতাত আনন্দৰ উহ হৈ ধৰা দিছে। বিভিন্ন ঠাইৰ বিভিন্ন কবিসকলৰ দুখৰ প্ৰতি সঁহাৰি ভিন ভিন। পুলিৎজাৰ বঁটাপ্ৰাপক আমেৰিকান কবি Edna St. Vincent Millay-ৰ কবিতাত দুখক হৃদয়ত অবিৰাম আঘাত হনা বৰষুণ হিচাপে পাওঁ। হীৰেন ভট্টাচাৰ্যৰ কবিতাত দুখ কোলাৰ কেঁচুৱা। লেবানীজ কবি খলিল জিব্ৰানেও দুখ উপজিলে তাক যত্নেৰে লালন-পালন কৰাৰ কথা এটা কবিতাত উল্লেখ কৰিছে (When my Sorrow was born I nursed it with care, and watched over it/with loving tenderness.)। খগেন শইকীয়াৰ কবিতাত দুখ ‘জীৱন সুৰভি', ‘অস্তিত্বৰ সুৱাগ'। এটা কবিতাত তেওঁ লিখিছে--
         দুখেই মোক দান কৰে অমৃত সুধা, দুখ মোৰ জীৱন চেতনা।
         দুখেই আঁতৰাই মৃত্যুভয়, দুখতে জন্ম হয় সেউজ বন-উপবন
         ঈশ্বৰেও ঈৰ্ষা কৰে যি— (পৃ.৮২)
দুখ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আন্ধাৰ অবিহনে পোহৰৰ মূল্য যেনেকৈ বুজা নাযায়, দুখ অবিহনেও জীৱনৰ অমৃত সুধাৰ মূল্য উপলব্ধি কৰিব পৰা নাযায়। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ পৰা জীৱনৰ অমিয়া আহৰণ কৰিব পৰাতে যেন মানৱ জীৱনৰ সাৰ্থকতা।

         সংকলনটিত কবিতাবোৰ ৰচনাৰ কালানুক্ৰম অনুসৰি সজোৱা হৈছে। ফলত কবিৰ কাব্যচিন্তা, কাব্য-কৌশল আৰু সমাজ-ভাবনাৰ বিৱৰ্তন পাঠকৰ দৃষ্টিগোচৰ হয়। প্ৰথম পৰ্যায়ৰ কবিতাত থকা মেদ শেহতীয়া কবিতাবোৰত কমি আহিছে। ভাষাও অধিক ইংগিতধৰ্মী আৰু ব্যঞ্জনাময় হৈ আহিছে। বিষয়বস্তুৰ ক্ষেত্ৰতো প্ৰথমৰ ফালৰ অন্তৰ্মুখী চেতনাই পিছলৈ সমাজ আৰু মানুহৰ মৌলিক প্ৰশ্নবোৰলৈ সম্প্ৰসাৰিত হৈছে। ‘আত্মকথন'ত কবিয়ে কৈছে--“কবিসকল হাত সাবটি বহি থকা লোক নহয়। তেওঁলোক সমাজৰ বিবেক স্বৰূপ। মই এনেকৈ বুজোঁ যে কবিসকলে সমাজখনৰ, পৃথিৱীখনৰ দ্বন্দ্ববোৰ বুজিবলৈ যত্ন কৰা এটা দৰকাৰী বিষয়।” ‘বান্ধৱ', ‘দাসত্ব', ‘শ্লোগান' আদি কবিতাত কবিৰ সামাজিক চেতনাই প্ৰখৰ ৰূপত প্ৰকাশ লাভ কৰিছে। ‘শ্লোগান' কবিতাত শ্ৰমৰ জয়গীতি গোৱা হৈছে--
        শ্ৰম যাৰ মাটি তাৰ
        শ্ৰম যাৰ পৃথিৱীখন তাৰ। (পৃ.৭২)
       ‘তললৈ, আৰু তললৈ' কবিতাত শ্লেষাত্মক ভাবে মানুহে অজ্ঞতাবশতঃ অথবা মূৰ্খামি কৰি সমাজ আৰু সভ্যতাক পোহৰৰ পৰা আন্ধাৰলৈ, আন্ধাৰৰ পৰা ঘনঘোৰ আন্ধাৰলৈ, সুন্দৰৰ পৰা অসুন্দৰলৈ অধঃপাতে নিয়াটোক ভ্ৰুকুটি কৰিছে।

       ঐতিহ্য আৰু ইতিহাসৰ প্ৰতি কবি সচেতন। ‘কল্পদ্ৰুম', ‘বুদ্ধ' আদি কেইটামান কবিতাত বুদ্ধদেৱৰ জীৱন আৰু চিন্তা-দৰ্শনে ভুমুকি মাৰিছে। ‘ইতিহাস' কবিতাত ইতিহাস ‘মানুহৰ গৰ্বিত দৃষ্টিৰ নক্ষত্ৰ' হোৱাৰ হাবিয়াস ব্যক্ত হৈছে। কোনো কোনো কবিতাত বৈজ্ঞানিক তথ্য আৰু চিন্তা-চেতনায়ো ভুমুকি মাৰিছে। ‘নক্সাৰ সূত্ৰ' শীৰ্ষক কবিতাত ছাৰ আইজাক নিউটন, এলবাৰ্ট আইনষ্টাইন আৰু চাৰ্লছ ডাৰউইনৰ প্ৰসংগ আহিছে। ‘অনিয়ন্ত্ৰিত' কবিতাত পদাৰ্থবিজ্ঞানৰ সম্প্ৰসাৰণশীল ব্ৰহ্মাণ্ডতত্ত্বৰ প্ৰসংগ কেন্দ্ৰীয় বিষয় হৈছে। ‘মৰা মানুহৰ ঈশ্বৰ' কবিতাত ঈশ্বৰক পৃথিৱীৰপৰা নিৰ্বাসন দিয়াৰ কথা কোৱা  হৈছে।

        হৃদয় বিনন্দীয়া দ্বীপ খগেন শইকীয়াৰ পূৰ্বে প্ৰকাশ পোৱা ছখন কাব্য-সংকলনৰ পৰা বাছনি কৰা এমুঠি কবিতাৰ সংকলন। সংকলনটিৰ অনেক কবিতাত সমকালীন সমাজ, প্ৰকৃতি আৰু মানুহৰ প্ৰতি সঁহাৰি এক সূক্ষ্ম কাব্য-চেতনাৰে প্ৰকাশ পাইছে। অসমীয়া আধুনিক কবিতাৰ ঐতিহ্য আৰু পৰম্পৰাটোৰ সৈতে কবি সুপৰিচিত। কেইবাটাও কবিতাত কলং সুঁতিৰ প্ৰসংগ আহিছে৷ সংকলনটোৰ প্ৰথম কবিতা ‘কলংপাৰৰ বুঢ়া শিমলু’ত অনেক ঘটনা-পৰিঘটনাৰ নিৰ্ভীক সাক্ষী হৈ ৰোৱা বুঢ়া শিমলু এজোপাৰ কথা কোৱা হৈছে৷ ‘কলংপাৰত জোনাকৰ এৰাতি’ কবিতাত জনসমুদ্ৰৰ কোলাহলৰ পৰা খন্তেক আঁতৰি আহি বক্তাই প্ৰকৃতিৰ নিৰ্মল পৰিৱেশত পৃথিৱী আৰু মানুহৰ কল্যাণ কামনা কৰিছে৷

         খগেন শইকীয়াৰ সৰহখিনি কবিতাতে জীৱনৰ উদযাপন, আৰু মানুহ আৰু জীৱনৰ প্ৰতি প্ৰবল আশাবাদ প্ৰকাশ পাইছে৷ জীৱন আৰু জগতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সৰল৷ কবিতাবোৰৰ ভাষা আৰু শৈলীত এই সৰলতা চকুত পৰে৷ অনুশীলন আৰু কাব্য অভিজ্ঞতা সংগ্ৰহৰ জৰিয়তে তেওঁ নিজৰ প্ৰতিভাক ভৱিষ্যতে অধিক উজলাই তুলিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি।
হৃদয় বিনন্দীয়া দ্বীপ
খগেন শইকীয়া
প্ৰথম প্ৰকাশ: জানুৱাৰী, ২০২২
প্ৰকাশক: স্পন্দন প্ৰকাশ, গুৱাহাটী
দাম: ২০০.০০ টকা, পকা বন্ধা, ১৬৮ পৃষ্ঠা
বেটুপাত: সুজিত দাস

লগতে পঢ়ক: উদয় কুমাৰ বৰুৱাৰ ক’ৰবাত জীৱনৰ আয়োজন

Leave a Reply

Your email address will not be published. Required fields are marked *