ৰেণু ভূঞাৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

উপলব্ধি

(১)
হয়, আইৰ গাৰ ছালবোৰ
শোটোৰা পৰিছে
মুখৰ ছালবোৰে
মাটিৰ অনুকৰণ কৰিছে
নিঃশব্দ উচুপনি এটাই
মোক বেৰি ধৰিছে।

(২)
মই অৰণ্যৰ প্ৰেমিক
অৰণ্যৰ শিপা মোৰ
উশাহৰ অকৃপণ কৰাপাট
নিয়ৰত তিতা সৰাপাতত
ভৰি থ’লেই গম পাবা
সেউজীয়াৰ সৰলতাৰ ইতিহাস।

(৩)
ঢেলা চকুত মাছৰ
উজান উঠে
আকাশে সামৰি লোৱা পোহৰত
হৃদয় কাঢ়া শব্দবোৰ
আৰ্তনাদৰ বৰ্ণমালা হৈ সৰে।


নদীখনৰ সিপাৰেই তোমাৰ ঘৰ

এতিয়া শীতৰ বতৰ
গাঁও, চহৰ সকলোতে শীতৰ খেলা
মাজৰাতি সাৰ পালেই শুনিবলৈ পাবা
টোপ-টোপ নিয়ৰৰ
ৰুণুজুনু নূপুৰৰ কথকতা।
সূৰ্যৰ সৈতে উঠি আহে
নামহীন পখীৰ সুললিত কলৰৱ
নদীখনৰ সিপাৰেই তোমাৰ ঘৰ
নদীৰ এই পাৰে ৰৈ থাকোঁ মই
দিন-ৰাতিৰ পৰিক্ৰমা লিখি।
কিজানিবা গুচি আহা তুমি
মায়াসনা কুঁৱলীৰ সুৰঙ্গ খুলি।
কিজানিবা শুনা পাওঁ
“ওঁম” শব্দৰ ব্ৰহ্মাণ্ড কঁপোৱা
সঞ্জীৱনী ধ্বনি।
তোমাৰ পৰা মোলৈ কিমানৰ বাট!
পাৰ হৈ যায় শীত, বসন্ত
আৰু কত ঋতু
অনাদি অপেক্ষা, অন্তহীন জিজ্ঞাসা
বাট চাই ৰওঁ
জীৱন নদীৰ এইটো পাৰে
নদীখনৰ সিপাৰেই তোমাৰ ঘৰ।

An English translation of the poems.