হৰেকৃষ্ণ  ডেকাৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

মাগ্ৰিত আৰু মই: তিনিটা কবিতা

(১) মাগ্ৰিতৰ সময়

মাগ্ৰিত,
তুমি কোনখন ছুৰীৰে
গৈ থকা সময়ক খোঁচ দিব খুজিছিলা?
তোমাৰ কলা ভাপ-ইঞ্জিনৰ ছুৰীখনে
সময়ক আঁচুৰিব খুজি
ড্ৰয়িংৰুমৰ ফায়াৰ-প্লেইচত
নিজৰ গতিতে দেখোন স্তব্ধ হৈ ৰয়!
আধুনিকতাৰ এই খোঁচটোক সময়ে কিবা
কেৰেপ কৰেনে? আধুনিকতা নিজেই পুৰণি হয়৷
তোমাৰ অচেতনৰ পৰা ওপঙি অহা
ৰূপকত কেৱল ৰয়৷
সময়ে যদিও মানুহৰ বাবে
ইতিহাস মেলি দিয়ে
সেই ইতিহাস মানুহৰ আখৰেৰে
মানুহৰেই
ৰক্তাক্ত আৰু ক্ষত-বিক্ষত পাঠ হয়৷
মানুহে তাত একোকে নিশিকে৷
সময়ে তাক ঘূৰিকে নাচায়, চাবও নোৱাৰে৷
শেষ মুহূৰ্তৰ ধ্বংসৰ বাবে
তাত
কৰুণ এটা পৰিহাস মাথোন থয়৷
তোমাৰ ইঞ্জিনৰ ছুৰী ফায়াৰ-প্লেইচত
ওপঙি ৰৈ
সেই ইতিহাসত আলপিনৰ এটা
খোঁচ দিব নে
মাগ্ৰিত,
নিজে এক পুতৌৰ পুতলা হব?
ইতিহাসৰ পাঠৰ ওপৰত
তোমাৰ ছুৰীৰ সামান্য আচোঁৰে
সময়ৰ গাত কি দাগ থ’ব?
তীব্ৰ বেগেৰে সময় গুচি যাব,
কোন অন্ধ গহ্বৰৰ ফালে
নিজেই নাজানিব৷1


(২) মাগ্ৰিতৰ এটা আপেল

প্ৰলোভনৰ এটা আপেল,
আৰু মানুহে পাহৰিলে নিৰীহতা।
পুৰাকথাৰে ই বাগৰি গ’ল,
আৰু বিবাদৰ এটি আপেল হ’ল।
আপেলটো কোনেও ছিঙা নাছিল,
সৰিছিল,
কিন্তু হেলেনক নিলে ট্ৰয়ৰ প্ৰেমিকে ছিঙি;
ট্ৰয় নগৰ পৰিণত হ’ল ধ্বংসস্তূপত।
মাগ্ৰিত, তোমাৰ ছবিত আদমৰ উত্তৰাধিকাৰীক
তুমি এটা সেউজীয়া আপেলৰ মাজেৰে
পথিৱীখন চাবলৈ দিলা।
তুমি চাবলৈ নিদিলা (নে নিজে চাবলৈ ইচ্ছা নকৰিলা)
সেই গছজোপা— যি জোপা গছ
পৰিৱেশক উলঙ্গ কৰা মানুহৰ অত্যাচাৰত
মৃত্যুৰ ক্ষণ গণি ৰৈ আছে।
সভ্যতা বাগৰি গৈ আছে।
আৰু এতিয়া
তোমাৰ ছবিৰ প্ৰায় ঢাক খোৱা চকুৰ
পোছাকী ভদ্ৰলোকজনে
সমুখৰ দৃশ্যৰ প্ৰায়খিনি নেদেখাৰ দৰে
সভ্য মানুহে নেদেখে—
(আচলতে নাচায়)
পৰিৱেশৰ বলাৎকাৰ।
দোষীসকল তেওঁৰেই সহোদৰ।
আৰু হয়তো তেওঁ নিজেও সিহঁতৰে এজন।2


(৩) মাগ্ৰিতৰ পাইপ

মাগ্ৰিত, তুমি পাইপৰ ছবি আঁকি কৈছা
এইটো পাইপ নহয়।

হয়, এইটো ধঁপাত হোপা পাইপ নহয়।
এইখন পাইপৰ এখন ছবি।
ছবিখনত এইটো পাইপেই,
বেলেগ নহয়।
তুমি এই পাইপটোৰে ধঁপাত হুপিব নোৱাৰা,
কোনো কথা নাই।
তথাপিও ই পাইপৰে এক প্ৰতিনিধি,
কাৰণ দোকানত পোৱা সকলো পাইপৰ লগত
ইয়াৰ মিল আছে।
আৰু মাগ্ৰিত!
তুমি অঁকাৰ দিনৰ পৰা
এইটো তোমাৰ পাইপ।
ছবিৰ তলত চহী কৰি
তুমি তাৰ স্বত্ব স্বীকাৰ কৰিছা।
তুমি যে দাবী কৰিছা, এইটো পাইপ নহয়,
ই ইয়াক আৰু বেছিকৈ পাইপ বুলি আঙুলিয়াই আছে।
তুমি আপেল এটাৰ ছবি আঁকিও কৈছিলা,
সেইটো আপেল নহয়।
নহয়েইতো।
সেইখন তুমি অঁকা ছবি।
কিন্তু চিৰদিনৰ বাবে তেনেকুৱা এটা আপেলে
তোমাৰ মুখখন এনেকৈ ঢাকি ৰাখে যে
তুমি সমুখৰ দৃশ্যৰ সামান্যহে
প্ৰায় ঢাক খোৱা চকু দুটাৰে দেখা পোৱা।
কোৱাচোন, আংশিকত বাদে দৃশ্যক সম্পূৰ্ণকৈ
কোনোবাই দেখা পায়নে?3

  1. কবিতাটোৰ প্ৰসংগ মাগ্ৰিতৰ ‘The Time Transfixed’ নামৰ বিখ্যাত অতিবাস্তৱবাদী ছবিখন৷ মাগ্ৰিতে নিজে ছবিখনৰ নাম দিব বিচাৰিছিল ‘The ongoing Time Stabbed by a Dagger’. ‘The Time Transfixed’ নামটো দিছিল তেওঁৰ পৃষ্ঠপোষক Edward James-এ৷ ↩︎
  2. ইয়াত উল্লেখ কৰা ৰেনে মাগ্ৰিতৰ ছবিখনৰ নাম ‘The Son of Man’. ↩︎
  3. মাগ্ৰিতৰ  ছবিখনৰ  নাম ‘This is not a Pipe’. ↩︎

An English translation of the poems.