অনুবাদ: শোণিত বৰঠাকুৰ
Issue: Vol. V, No. 1, May-July, 2026
সুদামা পাণ্ডেয় ‘ধূমিল’ (জ. ১৯৩৬-মৃ.১৯৭৫) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় কবি৷
চহৰত সূৰ্যাস্ত
অৰ্ধদগ্ধ শব্দৰ দ’মৰ মাজত তুমি
কি বিচাৰি ফুৰিছা?
তোমাৰ আত্মীয়তা—
জ্বলি যোৱা কাগজৰ সেই ছবিখন
যিখন স্পৰ্শমাত্ৰকে ছাই হৈ যাব৷
এইখন দেশৰ বাকপটু মগজুত
কোনো বিদেশী ভাষাৰ সূৰ্যাস্ত
পুনৰ জ্বলিবলৈ ধৰিছে
ৰঙা সেউজ পতাকা—
যি কালিলৈকে শিখৰত উৰি আছিল
সময়ৰ তলৰ স্তৰলৈ অধঃনমিত হৈ
মলিন হৈ পৰিল আৰু চৰিত্ৰহীনতা
মন্ত্ৰীবোৰৰ আসনলৈ ৰূপান্তৰিত হৈছে
তোমাৰ নিচিনা মোৰো আপচোচ হয়
ময়ো এইখন দেশক
এজন যুৱকৰ ৰঙীন ইচ্ছাৰ সম্পূৰ্ণ গভীৰতৰাৰে
মৰম দিছিলোঁ
কিন্তু এতিয়া, অতীতত নিজৰ মুখ
চাবৰ বাবে
আইনাৰ ধূলি পৰিষ্কাৰ কৰা বৃথা
তাৰ পলিছ উঠি গৈছে৷
তেওঁৰ বিষয়ে
নাজানো কিমান শূন্যতা আছিল
যিয়েই মোৰ মাজেৰে পাৰ হৈ গ’ল সি ৰিক্ত হৈ গ’ল
নাজানো মোৰ ভিতৰত কিমান অন্ধকাৰ আছিল
গোটেই জীৱন মোৰ জিলিকি উঠাৰ চেষ্টাতেই পাৰ হৈ গ’ল৷
ভদ্ৰতা
আৰু মৌচুমীৰ মাজত থিয় হৈ থকা মই
অক্সিজেনৰ ধৰুৱা;
মই নিজৰ ব্যৱস্থাবোৰৰ মাজত অসুস্থ৷
ৰুটি আৰু সংসদ
এজন লোকে
ৰুটি বেলে
আন এজনে ৰুটি খায়
তৃতীয় এজন লোকো আছে
যি ৰুটি নেবেলে আৰু নাখায়৷
তেওঁ কেৱল ৰুটিৰ সৈতে খেলে
মই সুধিছোঁ—
“এই তৃতীয় লোকজন কোন?”
মোৰ দেশৰ সংসদ মৌন৷