অনুবাদ: ডাঃ দেবেন চাপকোটা
Issue: Vol. V, No. 1, May-July, 2026
হৰিভক্ত কটুৱাল এগৰাকী বিখ্যাত নেপালী কবি, গীতিকাৰ আৰু গায়ক। তেওঁ ১৯৩৫ চনৰ ২ জুলাইত অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ কবিতা আৰু গীতসমূহে জীৱনৰ সংগ্ৰাম, মানৱীয় আৱেগ, প্ৰেম আৰু বিদ্ৰোহৰ কথা গভীৰভাৱে প্ৰকাশ কৰিছে। তেওঁৰ ভাষা সহজ, সংগীতময় আৰু হৃদয়স্পৰ্শী। ১৯৬৭ চনত ৰজা মহেন্দ্ৰৰ আমন্ত্ৰণত তেওঁ কাঠমণ্ডুলৈ গৈ নেপালী সাহিত্যত অৰিহণা যোগায়। ১৯৮০ চনৰ ১০ ছেপ্টেম্বৰত মাত্ৰ ৪৫ বছৰ বয়সতে তেওঁৰ দেহাৱসান ঘটে। তথাপি তেওঁৰ সৃষ্টিসমূহে নেপালী ভাষা আৰু গোৰ্খা সমাজত আজিও জীয়াই আছে আৰু লাখ লাখ মানুহৰ হৃদয় স্পৰ্শ কৰি আহিছে। ‘ক্ৰান্তিকাৰী কবি’ হিচাপে পৰিচিত হৰিভক্ত কটুৱালে পাঠক আৰু অনুৰাগীসকলক দুটা গীত-সংকলন, পাঁচটা কবিতা-সংকলন, দুটা চুটি গল্প-সংকলন, এখন খণ্ডকাব্য আৰু এখন নাটকৰ কিতাপ উপহাৰ দি থৈ গৈছে।
আকাঙ্ক্ষা
দেউতা, বিদ্যালয়লৈ নাযাওঁ মই
তাত ইতিহাস পঢ়োৱা হয় মৃত দিনবোৰৰ
মামৰে ধৰা কল-কাৰখানাৰ যন্ত্ৰাংশবোৰৰ দৰে
বহুত পুৰণা হৈ পৰিছে গণিতৰ সূত্রবোৰো।
কোনো ইচ্ছা নাই মোৰ, বাচি থকাৰ
কেৱল ইতিহাসৰ পৃষ্ঠাবোৰতেই
মইতো বাঁচিব লাগিব আগন্তুক দিনবোৰত
ইতিহাসৰ গতিক অতিক্ৰম কৰি,
ইতিহাসতকৈ অধিক কিবা এটা হৈ।
সেইবাবেই দেউতা, বিদ্যালয়লৈ নাযাওঁ মই —
তাত ইতিহাস পঢ়োৱা হয় মৃত দিনবোৰৰ৷
ফ্ৰেমত ভৰাই থোৱা আদৰ্শতকৈ
ভুগি অনুভৱ কৰিব পৰা আদৰ্শকেই মই ভাল পাওঁ।
নিৰ্মাণ কৰি থোৱা পথত খোজ কঢ়াতকৈ
খোজ দি পথ নিৰ্মাণ কৰিবলৈ মোৰ আকাঙ্ক্ষা।
ইতিহাসৰ ভলিউম নহয়,
এখন কোদালৰ প্ৰয়োজন, মোৰ বাহুক
পৰিকল্পনাৰে নহয়,
পদচিহ্নৰে জুখিব বিচাৰোঁ মই প্ৰতিটো উচ্চ শিখৰ,
আৰু পৰিশোধ কৰিব বিচাৰোঁ
এই পৃথিৱীয়ে মোৰ ওপৰত জাপি দিয়া সকলো ঋণ।
দেউতা, বিদ্যালয়লৈ নাযাওঁ মই
তাত ইতিহাস পঢ়োৱা হয় মৃত দিনবোৰৰ৷
আকাশৰ তৰানো কি তৰা!
প্ৰিয়তমা!
আকাশত জিলিকি আছে অলেখ তৰা
দুটা তৰা আনি কাণফুলি বনাই
তোমাৰ উকা কাণলতিত
ঝুমকা সজাব পাৰিলে কেনে লাগিলহেঁতেন!
কিন্তু প্ৰিয়তমা
দূৰৈৰ আকাশত থকাৰ বাবেই সিহঁত তৰা,
হাতেৰে তুলিব পৰা ফলৰ দৰে—
লগা হ’লে সেই তৰাবোৰো গছ-বিৰিখত
তৰা নহৈ ফৰ্মুটি হ’লহেঁতেন।
দূৰৈত আছে— সেইবাবেই সিহঁতৰ সন্মান আছে,
কবি-শিল্পীৰ মুখত
তৰাৰ গুণগান আছে,
সিহঁতৰে তথ্য সন্ধানত
ব্যস্ত বিজ্ঞান৷৷
পৃথিৱীৰ জীৱই—
আকাশৰ সেই তৰাবোৰকহে
কেৱল তৰা দেখে,
দুৰণি দেখা সেই চকুবোৰে
দেখিব নোৱাৰিলে চাৰিওফালৰ
পৃথিৱীৰ তৰাবোৰ,
ৰাম, শ্যাম, যাদু, মধু কত যে কিমান তৰা
আছে পৃথিৱীতেই কিন্তু দেখে কোনে?
তৰা হৈয়ো সিহঁতবোৰ বেচেৰা!
জীৱন যুঁজত ভাগৰি-জুগৰি
ঘটিয়ে ঘটিয়ে পি আছে লুণীয়া অশ্ৰুধাৰা
লেখি লেখি দূৰৈৰ তৰা
কুকুৰৰ দৰে হীনমন্যতাত
বাই আছে জীৱন ডিঙা!
আকাশৰ তৰানো কি তৰা!
না সিহঁতৰ আছে কোনো সত্তা
এটা সূৰ্যৰ জ্যোতিতে
অস্তিত্ব হেৰাই যায় সেই তৰাবোৰৰ,
কিন্তু এই তৰাবোৰ—
ৰাম, শ্যাম, যাদু, মধুহঁত
কোনে চিনি পায় এওঁলোকক?
চিনিব পাৰিলে—
এজন ৰামত, এজন শ্যামত
একো একোটা সূৰ্যৰ শক্তি নিহিত আছে,
এজন ৰামৰ, এজন শ্যামৰ
বিবেক-জ্যোতিয়ে বিশ্ব সজায়৷
অন্ধ পৃথিৱী— অন্ধ আমি
আমাৰ বাবে ঘৰৰ গাখীৰ পানীৰ দৰে হৈছে,
অলেখ তৰা দূৰত থকা বাবে তৰা হৈছে
ৰাম, শ্যাম, যাদু, মধুহঁত ফৰ্মুটি হৈছে !
হব দিয়া প্ৰিয়তমা!
আকাশৰ সেই তৰাবোৰ আনি
ঝুমকা সজাই কিয় পিন্ধিবা?
পৃথিৱীৰ তৰাবোৰৰ আপডালনো কিয় আৰম্ভ নকৰা?
প্ৰিয়তমা, আৰু কেইদিনমান উকা হৈ থাকা!
উকা কাণত ঝুমকা নহয়
পৃথিৱীৰ ৰত্ন গোটাই
তোমাৰ মনৰ ক’লা আকাশত
জ্যোতি সজাই দিম!
ডাঃ দেবেন চাপকোটা এগৰাকী অনুবাদক৷ তেওঁ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান, বেৰিলীৰ পৰা পিএইচিড (১৯৯৫) আৰু আমেৰিকাৰ নৰ্থ কেৰ’লাইনা ষ্টেট ইউনিভাৰ্ছিটিৰপৰা পোষ্ট-ডক্টৰেল (২০১৭)৷ তেওঁ নেপালী, অসমীয়া আৰুইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ এতিয়ালৈকে এখন ভ্ৰমণ কাহিনী, এখন চুটি গল্প-সংকলন, এখন পাৰিপাৰ্শ্বিক কবিতা-সংকলন আৰু এখন পাৰিপাৰ্শ্বিক চুটি গল্প-সংকলন লিখিছে। ২০২০ চনত অসম নেপালী সাহিত্য সভাই তেওঁৰ ভ্ৰমণ কাহিনী এতা হুঁদা উতাকো ঝঝল্কোৰ বাবে সাহিত্য প্ৰভাত পুৰস্কাৰ প্ৰদান কৰে। তেওঁৰ ৪১ টা পাৰিপাৰ্শ্বিক কবিতা সম্বলিত পৰিশ্ৰান্ত পৃথিৱী (নেপালি) গ্ৰন্থখনি ২০২৪ চনত সাহিত্য অকাডেমী বঁটাৰ বাবে মনোনীত হৈছিল। গ্ৰন্থখনি অসম প্ৰকাশন পৰিষদে ২০২৩ চনত অনুবাদ কৰি একে নামেৰে প্ৰকাশ কৰে৷ তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ (পশু চিকিৎসা মহাবিদ্যালয় অনুষদ) অৱসৰী প্ৰাধ্যাপক আৰু বৰ্তমানে গুৱাহাটীৰ পাঞ্জাবাৰীত বাসিন্দা।