ৰফিকুল হোছেইনৰ এটা চিঞৰৰ জন্ম কথা

সত্যজিৎ গগৈ

Issue: Vol. V, No. 1, May-July, 2026

এডৱাৰ্ড মুংক(Edvard Munch)ৰ ‘The Scream’

ৰফিকুল হোছেইন এজন উল্লেখযোগ্য মানৱতাবাদী কবি লগতে নাট্যকাৰ৷ হোছেইনৰ কবিতাবোৰ লোকজীৱনৰ বিভিন্ন অনুষংগ আৰু চিত্ৰকল্পৰ সঘন প্ৰয়োগেৰে মনোৰম। হোছেইনৰ কবিতাত সমকালীন সমাজৰ ৰাজনৈতিক আৰু সামাজিক সমস্যা, বিপন্ন মানুহৰ বেদনাসিক্ত ছবিবোৰে পাঠকক মুগ্ধ কৰে৷ কবি হোছেইনৰ কাব্য সংকলন বিষাদবসন্তৰ ‘চিঞৰ’ কবিতাটোৱে মোক বিশেষভাৱে মুগ্ধ কৰে৷ চিত্ৰশিল্পী এডৱাৰ্ড মুংক(Edvard Munch)ৰ ‘The Scream’ (১৮৯৩-১৯১੦) চিত্ৰখন অভিব্যক্তিধৰ্মী চিত্ৰকলাৰ এক কালজয়ী কীৰ্তিস্তম্ভ৷ চিত্ৰখনে মানুহৰ অন্তৰৰ গভীৰ দুঃশ্চিন্তা আৰু অস্তিত্বৰ সংকটক প্ৰতিনিধিত্ব কৰে৷ কবি হোছেইনে ‘চিঞৰ’ কবিতাটোত কেনে ধৰণৰ এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিত এটা চিঞৰৰ জন্ম হ’ব পাৰে সেই কথা পোহৰলৈ আনিছে৷

সৰল গাঁৱলীয়া কথন ভংগীৰে আৰম্ভ হৈছে কবিতাটো—

“বুলিবলৈ

কান্ধৰ ফিচিকা জোলোঙাত
জীৱনৰ এমুঠি ভেঁকুৰা শাক-পাচলি”

“বুলিবলৈ” – মাত্ৰ এই এটা শব্দৰে কবিতাৰ প্ৰথম স্তৱকটো সামৰি কবিয়ে পাঠকৰ মনত এক কৌতূহল জগাই তুলিছে কবিতাটোৰ প্ৰৱেশপথতেই৷ “বুলিবলৈ” অৰ্থাৎ কবিৰ সমল বুলিবলৈ যি আছে কবিতাৰ দ্বিতীয় স্তৱকৰ চিত্ৰকল্প— “কান্ধৰ ফিচিকা জোলোঙাত/ জীৱনৰ এমুঠি ভেঁকুৰা শাক-পাচলি” অৰ্থাৎ কবি নিৰাপত্তা আৰু সুস্থিৰতা দুয়োটা দিশতে সংকটাপন্ন৷ কবিতাটোৰ পিছৰখন চিত্ৰকল্পত পাওঁ—

“টুলুং-ভুটুং দুখন নাৱত দুখন কুষ্ঠ ভৰি
পাৰ হ’লোঁ হালধীয়া ভৱ নৈ”

এই চিত্ৰকল্পখনে জীৱনৰ অৱক্ষয়ৰ ছবিখনত অধিক তীব্ৰতা আৰু গাঢ়তা সংযোগ কৰিছে৷ সাধাৰণ অৰ্থত ভৱ নৈ মানে জীৱন বা সংসাৰ নদী৷ ই প্ৰৱহমান জীৱনচক্ৰক প্ৰতিফলিত কৰিছে৷ চিত্ৰশিল্পী ভিনচেণ্ট ভ্যান গঘৰ বাবে হালধীয়া ৰং আছিল গভীৰ আৱেগিক ৰং, যি  পোহৰ , জীৱন আৰু আশাক প্ৰতিনিধিত্ব কৰে৷ এই হালধীয়া উল্লেখে ভৱ নৈৰ ছবিখন উজ্জ্বল কৰি তুলিছে৷ কবিয়ে ইয়াৰ পিছতে উল্লেখ কৰিছে—

“আমাক নমাই দুয়ো নাৱৰ নীলকণ্ঠী দুয়োজনা ঘাটৈ
উজালে”

উক্ত শাৰী দুটাত কবিয়ে জন্মদাতা পিতৃ-মাতৃক উপস্থাপন কৰিছে৷ ভগৱান শিৱৰ দৰে যন্ত্ৰণা সহ্য কৰাৰ অৰ্থতে “নীলকণ্ঠী” শব্দটো প্ৰয়োগ কৰিছে৷ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস নীলকণ্ঠী ব্ৰজত এই শব্দটোৰ দ্বাৰা বৃন্দাবনৰ বৈধব্য বৰণ কৰা  শ-শ নাৰীৰ জীৱনৰ কঠোৰ বাস্তৱ যন্ত্ৰণা আৰু অসহায়তা বুজাইছে৷ নীলকণ্ঠী শব্দৰ দ্বাৰা কেৱল কবিয়েই নহয়; ই যে সাৰ্বজনীন তাকো প্ৰতিপন্ন কৰিছে৷ কবিতাৰ পিছৰ স্তৱককেইটাতো আধুনিক জীৱনৰ অসহায়তা, অকলশৰীয়া অৱস্থাৰ কথা নাটকীয় কাহিনীৰ দৰে উপস্থাপন কৰিছে—

“জয়াল গঢ়া
চাপৰি নিজান
ভৰি থৈ কাণিমুনি সন্ধিয়া
নিজেও নোপোৱা হ’লোঁ খেপিয়াই নিজক”

এই স্তৱকৰ “নিজেও নোপোৱা হ’লোঁ খেপিয়াই নিজক” শাৰীটোৰ জৰিয়তে অস্তিত্বহীনতাত ভোগাৰ কথা পোহৰলৈ আনিছে কবিয়ে৷ কবিতাৰ ষষ্ঠ স্তৱকতো বিষণ্ণতাৰ ছবি প্ৰকট হৈ উঠিছে—

“শণ খেৰবৰণীয়া এই চিৰাল ফটা দেহ বিৰিষত
ভৰি দুখন নাই
হাত দুখন আছে
ওঁঠ নাই
চকুযুৰি আছে
চুই চালোঁ বুকুত নাই একতাৰা বুকুখন
শুৱলা বীণখনি ক’ত হেৰাল ক’ত
কলিজাৰ ৰঙা দগৰ!”

 “ভৰি দুখন নাই” বাক্যটোৰ দ্বাৰা কবিয়ে ভৌতিক জগতৰ সৈতে সংযোগৰ গভীৰ অভাৱ, মানসিক আঘাত বা বিচ্ছিন্নতাৰ অৱস্থালৈ পৰিৱৰ্তনক সূচাইছে৷ আকৌ “ওঁঠ নাই/ চকুযুৰি আছে” শাৰী দুটাৰ তাৎপৰ্য হ’ল— কোৱাৰ অধিকাৰ বা প্ৰতিবাদ কৰাৰ অধিকাৰ হেৰুৱা এক অৱস্থা, য’ত মাথোঁ চাই থকাৰ, সকলো সহ্য কৰি যোৱাৰ বাহিৰে গত্যন্তৰ নাই৷ আধুনিক সমাজ জীৱনক এই ছবিকেইখনে শক্তিশালী ৰূপত তুলি ধৰিছে৷ একতাৰা এবিধ ভাৰতীয় বাদ্য যন্ত্ৰ৷ ইয়াৰ এডাল মাত্ৰ তাঁৰে সৰলতা আৰু মনক এটা লক্ষ্যত কেন্দ্ৰীভূত কৰাৰ ইংগিত বহন কৰে; কিন্তু কবিতাৰ বক্তা ব্যৰ্থ হৈছে— “চুই চালোঁ বুকুত নাই একতাঁৰা বুকুখন”৷

একতাৰাৰ দ্বাৰা এই বিশাল পৃথিৱীত জীৱনৰ সংগীত; মানুহৰ যন্ত্ৰণা শুনিবলৈ যেন কোনো নাই তাৰো ইংগিত দিছে৷ “শুৱলা বীণখনি” আৰু “কলিজাত ৰঙা দগৰ” হেৰুৱাৰ উল্লেখে  কবিতাৰ কণ্ঠস্বৰে জীৱনৰ শুৱলা সংগীতৰ অস্তিত্ব হেৰুৱা, আনকি হৃদস্পন্দনৰ অস্তিত্বৰ কথাও পাহৰি গৈছে৷ আকৌ ইয়াৰ পিছৰ স্তৱকত পাওঁ—

“মাজ নৈত ঘাটৈৰ নাও
কোনে শুনে আমাৰ উকি
কোনে শুনে কাৰ উকি”

কবিতাৰ এই স্তৱকতো প্ৰকাশ পাইছে আধুনিক সমাজত সকলো যে আত্মকেন্দ্ৰিক আৰু এক গভীৰ ভাৱে নিঃসঙ্গ৷ আকৌ কবিয়ে ভীতিগ্ৰস্ত হোৱাৰ ছবিখনত সংযোজিত কৰিছে—

“আকাশ নাই, বিজুলী আছে
প্ৰেতাত্মা নাই, অট্টহাস আছে”

আকাশ মানেই অসীম স্বাধীনতা৷ কবিয়ে সেই স্বাধীনতাৰ অস্তিত্ব দেখা নাই৷ দেখিছে বিজুলী , বজ্ৰপাত সদৃশ অপ্ৰত্যাশিত আৰু অপ্ৰতিৰোধ্য শক্তিহে৷ আকৌ প্ৰেতাত্মাৰ দৰে মানৱ নিৰ্মিত ধাৰণাও দেখা নাই৷ দেখিছে অট্টহাসৰ দৰে অশোভন আচৰণ, অহংকাৰ বা উপহাস৷

কবিতাৰ মাজত কবিৰ সমসাময়িক সমাজ জীৱনৰ ছবি অংকিত হয়৷ অসমৰ গুপ্ত হত্যাৰ (১৯৯৮ -২০০১) কালছোৱা আছিল ৰাজ্যখনৰ ইতিহাসৰ এক ক’লা অধ্যায়৷ ৰাজনৈতিকভাৱে প্ৰেড়িত এই হত্যাকাণ্ডত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল৷ আজিও বহুতৰ বাবে এক ভয়ংকৰ স্মৃতি৷ কবি ৰফিকুল হোছেইনৰ সংকলনখন প্ৰকাশ হোৱাৰ সময়লৈ চাই ক’ব পাৰি যে কবিয়ে গুপ্ত হত্যাৰ সেই ভয়াৱহ দিনবোৰৰ ছবি কবিতাটোত ধৰি ৰাখিছে৷

“তেজ আছে কলকল
বমি হৈ এডিঙি বিননিৰ মৰাসুঁতি এটা আছে
হালালৰ ছুৰী আছে
বলিকটা দা আছে
আঁৰে আঁৰে আছে গুপ্ত ঘাতক যেন
মেঘৰ আঁৰৰ মেঘনাদ”
কবিতাৰ শেষৰ ফালে কবিয়ে কৈছে—
“ভালেই হৈছে

মৰণ পাণ্ডুলিপি এটাৰ
এই কেঁকোসাপ যেন ফাণ্দৰ চেপাত
এয়াই চাগে’ নিৰ্বিকাৰ জীৱন এটাই
ছাঁ-পোহৰত মৰা বিকট চিঞৰ এটা”

“ভালেই হৈছে” কবিৰ এই আচহুৱা মন্তব্যৰ আঁৰতো এক সত্য লুকাই আছে৷ কবি সুখী হৈছে, সেই গোপন ৰহস্য উদ্ধাৰ কৰিব পাৰি যে কেনে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিত, কেনে এক গভীৰ মানসিক যন্ত্ৰণাত, এটা চিঞৰ আপোনা আপুনি ওলাই আহে৷ এটা চিঞৰৰ জন্ম হয়৷

লগতে পঢ়ক: সত্যজিৎ গগৈৰ সীমাতেই অসীমৰ আনন্দ : নীলিম কুমাৰৰ এটা কবিতাৰ প্ৰসংগ

লগতে পঢ়ক: সত্যজিৎ গগৈৰ জুবিন গাৰ্গৰ গানত জাতীয়তাবাদী চিন্তা