ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

ৰাজীৱ দত্ত

Issue: Vol. V, No. 1, May-July, 2026

ভূপেন হাজৰিকা

মহাবাহু ব্রহ্মপুত্র, আদিতে যাৰ নাম লৌহিত্য বা লোহিত, প্রাচীন ভাৰতীয় সাহিত্য, আধুনিক ভাৰতীয় সাহিত্য আৰু বিভিন্ন শিলালিপিসমূহত যিখন নদীৰ বৰ্ণন নদীখনৰ কায়িক ৰূপটোৰ দৰেই গভীৰ আৰু ব্যাপক, অসমৰ জাতীয় জীৱন আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অসমীয়া জাতিৰ ভাগ্য নির্ণয়কাৰী ঘটনাসমূহৰ ভিতৰত অন্যতম শৰাইঘাটৰ যুদ্ধ এই ব্ৰহ্মপুত্ৰৰ বুকুতে সংঘটিত হৈছিল, য’ত অসমীয়াৰ হিয়াৰ আমঠু লাচিত বৰফুকনে মোগলৰ সেনাপতি ৰামসিংহক ঘটুৱাই মানাহলৈকে সীমা স্থিৰ কৰিছিল। গতিকে এনে এক মহৎ ঐতিহ্য আৰু ইতিহাসেৰে সংপৃক্ত নদীক লৈ আধুনিক অসমীয়া চিন্তা নায়কসকলৰো চিন্তাৰ উদ্ৰেক হোৱাটো নিতান্তই স্বাভাৱিক। ড° ভূপেন হাজৰিকাক এইসকল চিন্তানায়কৰ একেবাৰে প্ৰথমজন বুলি ক’লেও নিশ্চয় ভুল নহ’ব। তেওঁৰ ওপৰত ব্ৰহ্মপুত্র নদীখনৰ প্ৰভাৱ কিমান বিপুল সেই কথা এদিন এটা সাক্ষাৎকাৰত কল্পনা লাজমিয়ে কৈছিল এনেদৰে— “তিনিটা ‘বি’ (Bhupen + Brahmaputra + Bihu) ইমান একাত্ম হৈ আছে যে এই তিনিটাৰ যোৰা ভাঙি ভূপেন হাজৰিকাৰ হৃদয়লৈ কোনো ব্যক্তি, কোনো ভাবনা সোমোৱা অসম্ভৱ। মুম্বাইৰ সাগৰ চায়ো যিজন মানুহে ব্ৰহ্মপুত্র দেখে, সাগৰৰ বালি গচকি ব্ৰহ্মপুত্ৰৰ বালি বুলি ভাবে, ব’হাগ মাহটো যি কেৱল অসমৰ বাবেহে বুলি ভাবি ক’তো থাকিব নোখোজে, সেই মানুহজন পৃথিৱীৰ যি প্রান্তত, যাৰ সৈতেই থাকক, প্রকৃততে তেওঁ কাৰো নহয়। তেওঁৰ সৈতে কেৱল ব্রহ্মপুত্র থাকে।” এই কথাষাৰতেই লুকাই আছে ব্রহ্মপুত্র নদীখন তেওঁৰ চেতনাত, তেওঁৰ দৰ্শনত, তেওঁৰ সমগ্ৰতাত কিমান প্রচণ্ড শক্তিৰে চিৰ প্ৰৱহমান হৈ আছে। ব্ৰহ্মপুত্র নদীখন তেওঁৰ বাবে কেৱল এখন নদী নহয়। ই এক শক্তিপুঞ্জ। এক বিৰাট পৰিৱৰ্তনৰ অগ্রগামী হোতা। স্মৰণযোগ্য যে যেতিয়াই এই নদীখনৰ প্ৰসংগ তেওঁৰ গীত, কবিতা বা গদ্যত আহি পৰে সি প্রায়েই ৰূপকাত্মক (Metaphoric) হৈ প্রকাশ পায়।

স্বাধীনতাৰ পিছৰ পৰাই অসমীয়াই বিভিন্ন সময়ত বিভিন্ন আন্দোলন কৰি (সি ভাষা আন্দোলনেই হওক কিম্বা বিদেশী খেদা আন্দোলনেই হওক বা অন্যান্য বিষয়ৰ আন্দোলনেই হওক) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক নিজ প্ৰাপ্যৰ কথা জনাই আহিছে। জন্মসূত্ৰে চিৰদিন অসমীয়া ভূপেন হাজৰিকাই অসমীয়াৰ এই ন্যায্য অধিকাৰ বিচৰাৰ যুঁজ সচেতনভাৱে বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল। তেওঁ বুজি উঠিছিল যে গৰিষ্ঠ সংখ্যক অসমীয়াই সময়ে সময়ে জীয়াই থকাৰ যি দাবী কৰিছে সি অহৈতুকী নহয়। ইয়াৰ এটা হেতু বা কাৰণ নিশ্চয় আছে। ড° ভূপেন হাজৰিকাৰ ভাষাৰেই– “আজি ব্রহ্মপুত্র বহ্নিমান — বহ্নি উৰে কেতিয়া? বহ্নি উৰে, যেতিয়া পুঞ্জীভূত নোপোৱাৰ বেদনা আগ্নেয়গিৰি হয় — আৰু সেই আগ্নেয়গিৰি হঠাৎ উদ্গীৰণ হয় — তেতিয়া কোনেও নভবা নিচিন্তা কথা হয়। লক্ষজনৰ সামূহিক অনুভূতি প্রকাশিত হয়।… পলম যিমানেই হয় সহ্যৰ সীমাও হ্রাস হয়।”

জনতা তেওঁৰ গীতৰ মূল প্রাণ শক্তি। সেইবাবেই হয়তো গৱেষণাতো তেওঁ জনতাকেই মূল বিষয় হিচাপে বাছি ল’লে। তেওঁৰ থেছিছ আছিল “Role of Mass Communication in India’s Adult education”। ভূপেন হাজৰিকাৰ এই যি “Mass” সি সকলো সময়তে আৰু এক ব্যাপক ৰূপত তেওঁৰ সক্রিয় মনত ধুমুহাৰ সৃষ্টি কৰিছিল। মূলতঃ শ্রমজীৱী, শোষিত আৰু ভোকাতুৰ জনতাই হ’ল তেওঁৰ “Mass”। অসমত এই মানৱতন্ত্রক তেওঁক উচ্চাৰণ কৰাইছিল জ্যোতি-বিষ্ণুয়ে আৰু বিদেশত অর্থাৎ আমেৰিকাত তেওঁক ইয়াৰ শিক্ষা দিছিল পৃথিৱী-বিখ্যাত নিগ্রো গায়ক পল ৰবছনে। ৰবছনে গীটাৰখন হাতত লৈ কৈছিল, “ই এখন মনোৰঞ্জনৰ আহিলা নহয়। ই সমাজ পৰিৱৰ্তনৰ অমোঘ মন্ত্র। It’s a social instrument.” আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছত এই কথাকেইষাৰেই অমৃত বাণী হৈ তেওঁক অধিক ক্রিয়াশীল আৰু সাধাৰণ জনতাৰ প্ৰতি অধিক একাত্ম কৰি তুলিলে। ৰবছনৰ শোষিত জনতাৰ “Ol man river” শুনি সেয়ে ভূপেন হাজৰিকাই লিখি উলিয়ালে “বিস্তীর্ণ পাৰৰে”ৰ দৰে কালজয়ী মানৱতাবাদৰ গীত, য’ত ৰবছনে “মিছিছিপি” নদীখনক খং আৰু অভিমানেৰে তিৰস্কাৰ কৰাৰ দৰে ভূপেন হাজৰিকায়ো “ব্রহ্মপুত্র বা লুইত”ক সৰু সৰু মানুহবোৰৰ সৰ্বমঙ্গলময়তাৰ বাবে একো নকৰাৰ বাবে তিৰস্কাৰ কৰি নিজ কৰ্তব্যৰ কথা সোঁৱৰাই দিছে।

১। বিস্তীর্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃশব্দে নীৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়?

লুইতখনক ভূপেন হাজৰিকাই নিজ কর্তব্য সময়মতে সম্পাদন নকৰাৰ বাবে যে অকল তিৰস্কাৰহে কৰে তেনে নহয়। মাজে মাজে লুইতখনক ইয়াৰ সংহাৰী ৰূপৰ বাবে সকীয়নী দিয়ে। কেতিয়াবা এই সকীয়নী মিঠাকৈ আৰু কেতিয়াবা ই কঠোৰকৈ। যথা—

লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি মেলিছ?
হিৰ হিৰ শৱদে কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ?
… … …
বান তই টিঘিল নিঘিলাবি
আশাৰে কঠিয়া নুটুৱাবি
শিশুবধ ভাওনা নাপাতিবি
ঘৰৰে চালতে শগুনক বহুৱাই
মৰণৰ সবাহ নাপাতিবি।

‘বিস্তীর্ণ পাৰৰে’ গীতটিৰ লগত এই গীতটিৰ যৎসামান্য মিল থাকিলেও ইয়াত লুইতৰ ধ্বংসাত্মক আৰু সর্বগ্রাসী চৰিত্ৰ উৎকট ৰূপত প্ৰচ্ছন্ন হৈ উঠাৰ বিপৰীতে প্রথমটিত নদীখনৰ তেনে ৰূপ বর্ণিত হোৱা নাই। অন্যহাতে ‘লুইতৰ বলিয়া বান’ গীতটিত লুইতখনক দাবী আৰু সকীয়নী দিলেও গীতিকাৰে গভীৰ সহমর্মিতাৰে নদীখন তেনে হোৱাৰ কাৰণ বিচাৰিবৰ যত্ন কৰি নদীখনৰ বুকু বাম হোৱাৰ কাৰণেই যে নদীখন অধিক আগ্রাসী আৰু সৰ্বনাশী হৈ পৰিছে তাক জনসাধাৰণক গীতটিৰ মাধ্যমেৰে বুজাই দি তেনেধৰণৰ দুষ্কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰকাৰান্তৰে আহ্বান জনাইছে।

ভূপেন হাজৰিকা

ৰূপান্তৰকামী চেতনাৰে তগবগ ভূপেন হাজৰিকাৰ আকাংক্ষা। সমাজৰ সকলো স্তৰৰ মাজত সমন্বয় আছিল তেওঁৰ ৰূপান্তৰকামিতাৰ প্ৰধানতম চৰ্ত। শংকৰ-মাধৱৰ বিশ্বব্যাপী বাণীৰ পৰা ৰবীন্দ্ৰনাথৰ “মিলিব লাগে মিলাব লাগে” বাণীলৈকে সকলোবোৰ তেওঁৰ চেতনাত সমন্বয়ৰ বীজ ৰোপণৰ অংশীদাৰ আছিল আৰু তাৰেই ফলত তেওঁ হৈ পৰিল অসমৰ লগতে উত্তৰ-পূব আৰু উত্তৰ-পূবৰ লগত মূল সুঁতি ভাৰতক সংযোগ কৰা আধুনিক সময়ৰ একমাত্র ব্যক্তি। মন কৰিবলগীয়া যে যেতিয়াই সমন্বয়ৰ কথা আহে তেতিয়াই অসমক যেন তেওঁ আদর্শ হিচাপে বিশ্বৰ আগত প্রতিষ্ঠাপিত কৰিব বিচাৰে। এই গৌৰৱ গাথা তেওঁ বিশ্বব্যাপি কঢ়িয়াবলৈ সক্ষম হৈছিল অসমীয়াৰ জাতি সত্ত্বাৰ মূল কালিকাটোক নিষ্কাশন কৰিবলৈ তেওঁ আজীৱন অব্যয় এক শক্তিৰে নিজক শক্তিমন্ত কৰি উছৰ্গা কৰাৰ পৰিণতিত। অন্যহাতে তেওঁৰ সমন্বয়ৰ বিশ্বমুখিতা কেৱল ইমানতে সীমাবদ্ধ বুলি ক’লে বিশ্ব নাগৰিকজনক সংকুচিত কৰা হ’ব। অসম তথা ভাৰতৰ সমন্বয়ৰ মাজেদি বিশ্বখনক তেওঁ পাতপাতকৈ চলাথ কৰিছিল আৰু সৌভাগ্যজনকভাৱে তেওঁৰ দিগন্তপ্ৰসাৰী দৃষ্টিৰে তাক সহজেই আয়ত্ত কৰি ভৱিষ্যৎ প্রজন্মৰ ভৱিষ্যতৰ পথ সুগম আৰু মজবুত ৰূপত নিৰ্মাণ কৰিলে।

১। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ।
সুদূৰ কান্যকুব্জৰপৰা বাৰভূঞা আহিছিলে
সেই বংশতে শঙ্কৰদেউ ইয়াতে জনমিলে
মৰুৰ দেশৰ আজান ফকীৰে
মধুৰ জিকিৰ ৰচিলে
পদ্মা নদীৰ ধুমুহাত পৰি ক’ত শতজন আহিলে
লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে।

আকৌ,

হে’ হে’ হে’ চেৰাপুঞ্জীৰে
হে’ হে’ হে’ ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাৱটি ধৰে বাৰিষা ৰূপেৰে
আমাৰ লুইতক।

বিশ্ব জনতাৰ মাজত ভ্রাতৃত্ববোধ স্থাপনৰ লক্ষ্যৰে ৰচিত তেওঁৰ এটা অপূর্ব গীত হ’ল- ‘মই এটি যাযাবৰ’। ভ্রাতৃত্ববোধ আৰু সমন্বয় সাধনৰ সমান্তৰালকৈ গীতটোত প্রকাশিত হৈছে মানৱতাবাদ। আচলতে ক’বলৈ গ’লে ভ্রাতৃত্ববোধ আৰু মানৱতাবাদ এই দুয়োটা এটা মুদ্রাৰ ইপিঠি সিপিঠি। ভূপেন হাজৰিকাই এটা কথা স্পষ্টকৈ বুজি উঠিছিল যে পৃথিৱীত ভ্রাতৃত্ববোধ তেতিয়াহে স্থাপন হ’ব যেতিয়া মানৱতাবাদৰ চৌপাশে কর্ষণ হ’ব। লক্ষ লক্ষ গৃহহীনক যদি শতাব্দীৰ কাল কুঠৰীৰ পৰা উদ্ধাৰ কৰা নাযায় তেতিয়াহ’লে কেৱল সেই মন্ত্ৰ উচ্চাৰণ হ’ব সেইসকল দুৰ্ভগীয়াৰ প্ৰতি চৰম ভ্রূকুটি। উক্ত গীতটিৰ প্ৰসংগত ড° হীৰেন গোঁহায়ে কোৱা এটি কথা প্রণিধানযোগ্য। তেওঁ কৈছে–“বিশ্বক আপোন কৰি লোৱা গীতত তেওঁ কিন্তু কৈছে- ‘বহু যাযাবৰ লক্ষ্যবিহীন, মোৰ পিছে আছে পণ— তেওঁ যে মার্ক টোৱেইনৰ সমাধিত বহি গৰ্কীৰ কথা কোৱা বুলি গাইছে দুয়োজনেই আছিল গণতান্ত্রিক আৰু সমাজবাদী বিপ্লৱৰ বন্ধু আৰু জনগণৰ মাজত সেইবাবেই পৰিচিত। অঘৰী হাজৰিকাই গতিময় বিশ্বৰ প্ৰগতিশীল জনতাৰ মাজত নিজৰ ঘৰ বিচাৰি লৈছে ইয়াত।” যথা,

“মই লুইতৰ পৰা মিছিছিপি হৈ
ভল্গাৰ ৰূপ চালোঁ
অটোৱাৰ পৰা অস্ট্রিয়া হৈ
পেৰিছ সাৱটি ল’লোঁ।
… … …
মার্ক টোৱেইনৰ সমাধিত বহি
গকীৰ কথা ক’লোঁ
বাৰে বাৰে দেখোঁ বাটৰ মানুহো
আপোন হৈছে বৰ;”

পৃথিৱীত দৰিদ্ৰতাৰ শেষ নাই। দহোটা ল’ৰা-ছোৱালীৰ ঘৰখনত ভূপেন হাজৰিকাই দাৰিদ্ৰতা দেখিলে তেনেই ওচৰৰ পৰা। আকৌ পৃথিৱীৰ দাৰিদ্ৰতাক চিনিছিল, দেখিছিল দিহিঙে দিপাঙে ঘূৰি ফুৰি। গতিকে পৃথিৱীৰ অগণিত ভোকাতুৰ মানুহৰ ভোকৰ জ্বালাৰ লগত কোনেও তেওঁক পৰিচয় কৰাই দিব লগা হোৱা নাছিল। কিম্বা কোনো বৃহৎ গ্ৰন্থৰ সূত্র মুখস্থ কৰিও তাক আওৰাবলগীয়া হোৱা নাছিল। সৰুতেই তেওঁৰ চেতনাত ৰোপণ হোৱা ভোকৰ যন্ত্রণা পৰৱৰ্তী পৰ্যায়ৰ অভিজ্ঞতাই অধিক অগ্নিময় কৰি তুলিলে।

মিছৰ দেশৰ নীল নৈৰ পাৰতে
ফাল্লাহীনে বিনালে
কৈ কৃষকৰ বুকুৰে বেথা।
… … …
লুইতৰ পাৰতে গাঁৱৰ মৰিশালিত
ৰংমনে নিতৌ চিঞৰে
কৈ বোঁৱতী মনৰে কথা।

ড° ভূপেন হাজৰিকা নামটো উচ্চাৰণ হ’লেই প্রেমিক ভূপেন হাজৰিকাজন আমাৰ সন্মুখত স্বতঃস্ফুর্তভাবে উঠি আহে। এই স্বতঃস্ফূর্ততাৰ কাৰণ আন কোনো নহয়। বৰঞ্চ ভূপেন হাজৰিকা নিজেই। আজীৱন প্রেমিক হৈ থাকিবলৈ ভালপোৱা ভূপেন হাজৰিকাৰ বাবে পার্থিৱ বা দেহজ প্রেম অস্পৃশ্য নাছিল। ই তেওঁৰ কাম্য আৰু চেতনাত প্রোথিত এক বিৰাট ব্যাকুলতা। অপাৰ্থিৱ প্ৰেমৰ সমান্তৰালকৈ পাৰ্থিৱ প্ৰেমৰ মধুৰ দ্যোতনাৰ সাহস তেওঁ ক’ৰ পৰা পায়? প্ৰকৃতিৰ সন্তান ভূপেন হাজৰিকাক এই সাহস প্রকৃতিয়েই দিয়ে। ব্রহ্মপুত্র বা লুইত যিহেতু প্রকৃতিৰ আদিম উপাদান, স্বাভাৱিকতেই সিয়ো হৈ পৰে প্ৰেমিক ভূপেন হাজৰিকাজনক সাহসী কৰি তোলাৰ অন্যতম দাবীদাৰ।

‘মিঠা মিঠা ব’হাগৰ’ গীতটিত এফালে প্রেম আৰু আনফালে সেই প্রেমক গতিশীল কৰি তোলাৰ উত্তুঙ্গ সাহস একেডাল ডোলতে ইমান সূক্ষ্মভাৱে গঁঠা আছে যে ভালকৈ তাক আমি নাচালে তাৰ সাৰবেত্তা উলিওৱা মস্কিল।

মিঠা মিঠা ব’হাগৰ
গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ
এনেতে, চুচুক চামাককৈ
কাষ চাপিলোঁ
মই যেন ভাষা পালোঁ
… … …
লুইততে তিওৱা তোমাৰ দেহা
মাহ আৰু হালধিৰ সুবাস ঘঁহা
নিচেই কাষতে পোৱাৰ পিছত

ব’হাগ মাহটোক লৈ গীত লিখাৰ কথা কিয় ভাবিলে গীতিকাৰে? কাৰণ ব’হাগ মাহটো যৌৱনৰ মাহ। দেহত স্পন্দন উঠাৰ মাহ। অন্যহাতে ব’হাগ মাহটোৱে ক’ত নিজৰ দেহা তিয়াই আহিছে? লুইতত। এই লুইতখন কিন্তু খৰালিৰ শীৰ্ণ নদীখন নহয়। ব’হাগত ন-ঢল পাই ফেনেফোটোকাৰে বাঢ়ি অহা লুইতখনহে। এফালে ন-ঢল আৰু আনফালে মাহ আৰু হালধি —ই নিশ্চয়কৈ সাহস আৰু প্ৰেমৰেই ইংগিত হ’ব লাগিব। আকৌ গীতটিৰ একেবাৰে শেষৰ শাৰী দুটাত আছে– “বিহুৱা আৱেশে আজি মোক জোকোৱাত/ মই যেন ধুমুহা হ’লোঁ” অর্থাৎ ব’হাগ মাহটোৱে লুইতত দেহা তিয়াই বিহুৱা সাজ পিন্ধি তেওঁক জোকোৱাত (প্ৰেমৰ বাদে আন কিবাত জোকোৱাৰ দৰে ঘটনা হয় জানো?) তেওঁ ধুমুহা অর্থাৎ সাহসী হ’ল।

উক্ত গীতটিৰ দৰেই প্ৰায় একেধৰণৰ তেওঁৰ আন এটি গীত হ’ল ‘শৈশৱতে ধেমালিতে’। যথা—

শৈশৱতে ধেমালিতে
তোমাৰে ওমলা মনত আছে;
ব’হাগ মাহৰ লুইতখনিত
দুয়ো সাঁতোৰা মনত আছে।

ইয়াতো গীতিকাৰে প্ৰেমিকাৰ লগত সাঁতুৰিবলৈ বাছি লোৱা নদীখন আন কোনো নহয়। তেওঁৰ মৰমৰ, তেওঁৰ খঙৰ লুইতখনহে। এই গীতটিতো পাঠকসকলে মন কৰিলে দেখিব, যিখন লুইতত ভূপেন হাজৰিকাই প্ৰেমিকাৰ লগত সাঁতোৰাৰ কথা কৈছে সেইখনো ব’হাগ মাহৰ খঙাল লুইতখনহে। এই মুহূর্তত পাঠকসকলৰ মনলৈ হয়তো এটা প্রশ্ন আহিব পাৰে। সেইটো হ’ল এই গীতটিত প্রেমিক যুগল একেলগ হৈ লুইতত সাঁতোৰাৰ যি ছবি আঁকিছে তাক অসমৰ সমাজ-জীৱনে আজিৰপৰা তিনি দশকৰ পূৰ্বে নালাগে আজিও অনুমতি নিদিয়ে। তেনেস্থলত এই ছবিৰ অন্তনির্হিত মৰ্ম কি? উত্তৰত ক’ব পাৰি, যিখন লুইতৰ কথা গীতটিত উল্লেখ আছে সেইখন ভূপেন হাজৰিকাৰ মনৰ লুইতখনহে। প্রেমত নিজক অব্যৰ্থ আৰু সাহসী কৰিবলৈ ভৰা লুইতখনক মনৰ মাজত সুমুৱাই লৈছে। পৰিশেষত এইটো কথা নিঃসন্দেহে ক’ব পাৰি যে ভূপেন হাজৰিকাই লুইত বা ব্ৰহ্মপুত্ৰক যিদৰে বুজি পাইছিল কোনো অসমীয়াই নদীখনক তেনেদৰে বুজি উঠা নাছিল।

লগতে পঢ়ক: ৰাজীৱ দত্তৰ হীৰেন ভট্টাচাৰ্যৰ কবিতা