ড੦ পৰিণীতা বৰা
Issue: Vol. V, No. 1, May-July, 2026

অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ নিৰ্মলপ্ৰভা বৰদলৈৰ অৱদান সুকীয়া আৰু অনন্য৷ ভাৰতীয় কবিতাৰ সমসাময়িক চৰিত্ৰৰ সমানুপাতিক অসমীয়া পৰম্পৰাগত লোক-সাহিত্য আৰু লোককথাৰে পৰিচাৰ্যিত তেওঁৰ কবিতা ঐতিহ্য আৰু আদৰ্শগামিতাৰে যথেষ্ট উৰ্বৰ বুলিব পাৰি৷ জীৱনৰ উপলব্ধি, ভাবাৱেগক চিৰন্তন ৰূপান্তৰৰ ৰূপ দিয়াৰ প্ৰয়াস তেওঁৰ কবিতাত পৰিলক্ষিত হয়৷ সংস্কৃতি আৰু পৰম্পৰাৰ হাতে হাত ধৰি ৰূপান্তৰৰ বাৰ্তা কবিয়ে কবিতালৈ প্ৰসাৰিত কৰিছে৷ সীতা, গান্ধাৰী, দ্ৰৌপদীৰ দৰে মহাকাব্যিক চৰিত্ৰৰ অঘোষিত হৃদয়ৰ বেথা-বেদনাক কবিতাৰ মাধ্যমেৰে ব্যক্ত কৰা বৰদলৈৰ কবিতাত আছে এক সুকীয়া নাৰী কণ্ঠ৷ নাৰীমনৰ গোপন বেদনাই তেওঁৰ কবিতাত ঠাই পাইছে যদিও নিৰ্মলপ্ৰভা বৰদলৈক প্ৰকৃততে নাৰীবাদী কবি বুলিব নোৱাৰি৷ ‘মোৰ সৃষ্টিসমূহৰ নেপথ্যৰ কিছু কথা’ত কবিয়ে নিজেই উল্লেখ কৰিছে: ‘‘মোৰ কবিতাৰ অনুৰাগী পাঠক অজস্ৰ আৰু সমালোচনাও বহুতে কৰিছে যদিও এতিয়ালৈকে মোৰ কবিতাৰ মূল সুৰ যথাৰ্থতে বুজি পোৱা মানুহ মাত্ৰ ভবেন বৰুৱাহে৷ তেওঁৰ সুগভীৰ অন্তৰ্দৃষ্টিয়ে সৃষ্টিৰ ৰহস্যময় সকলো তৰপ ভেদ কৰি যায় আৰু পৰম সত্য ধৰা পেলায়৷ তেওঁ এই আচৰিত দক্ষতাৰ মই চিৰকালেই শলাগ লৈছোঁ৷’’ (শৰ্মা ১৫) বৰদলৈৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ’ল– বনফৰিঙৰ ৰং (১৯৫৭); সমীপেষু (১৯৭৭); অন্তৰংগ (১৯৭৮); দিনৰ পিছত দিন (১৯৭৭); সুদীৰ্ঘ দিন আৰু ঋতু (১৯৮২); শব্দৰ ইপাৰে শব্দৰ সিপাৰে (১৯৯২); অমিতাভ শব্দ (১৯৯৪); নিৰ্বাচিত কবিতা (১৯৯৫); বন্দুক কে আৱাজ মে সুৱাহ হোতি হে ক্যা (২০০০); বসন্তৰ এদিন ইত্যাদি৷ তেওঁ সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে ১৯৮৩ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰে৷
নিৰ্মলপ্ৰভা বৰদলৈয়ে একক আদৰ্শ আৰু স্বকীয় দৃষ্টিভংগীৰে সমাজ-জীৱন আৰু ব্যক্তি-জীৱনৰ মাজৰ অন্তৰ্মুখী যন্ত্ৰণাক কবিতাৰ মাজেৰে ৰেখাপাত কৰে৷ তেওঁ সমাজৰ ধাৰাল ছবিবোৰ কবিতাৰে তুলি ধৰিয়ে ক্ষান্ত নাথাকি অন্তৰ্মুখী জীৱন দৰ্শন, চিন্তাৰে সমাজৰ যন্ত্ৰণাময় পৰিকাঠাম অঁকাৰ প্ৰয়াস কৰে৷ ভাৰতীয় কাব্য পৰম্পৰাৰ সমন্বিতে লোকসাহিত্যৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালালৈকে সমগ্ৰ কাব্যিক ঐতিহ্যৰ লগত সম্পৰ্ক ৰাখিও বৰদলৈয়ে অসমীয়া সাহিত্যত ৰাখি গ’ল নিজাকৈ এক পৃথক স্থান৷ তেওঁৰ কবিতাত কেতিয়াবা যদি গাঁৱলীয়া খেতিয়ক ডেকা-গাভৰুৰ প্ৰেমৰ ছবি চিত্ৰিত হৈছে, কেতিয়াবা আকৌ প্ৰতিভাত হৈছে বিধৱা নাৰীৰ জীৱনৰ মৰ্মন্তুদ প্ৰকাশ৷ এফালে যদি প্ৰস্ফুটিত হৈছে পুৰুষপ্ৰধান সমাজৰদ্বাৰা প্ৰতাৰিত নাৰীৰ অন্তৰ্দ্বন্দ্ব, আনফালে আকৌ সন্তানহীন মাতৃৰ হৃদয়সংবেদী বৰ্ণনা৷ বহু কবিতাত নাৰী মনৰ সূক্ষ্ম অনুভৱ-অনুভূতি, সৌন্দৰ্যবোধ, নাৰী মনস্তত্ত্বৰ ভিন্ন ইন্দ্ৰিয়বোধ ৰূপায়িত কৰাত কবি সাৰ্থক হৈ উঠিছে৷
সময়ৰ চাকনৈয়াত পৰি মানুহ মানুহৰপৰা আঁতৰি আহিছে, পৰম্পৰাৰ মূল্যবোধ সাৰশূন্য হৈছে যদিও জাতীয় জীৱনৰ ঘাত-প্ৰতিঘাতত চিন্তিত কবিৰ কবিতাত দেশপ্ৰেমৰ জাতীয় অনুৰণন বিচাৰি পোৱা যায়৷ বৰদলৈৰ কবিতাৰ আন এটি আলোকিত দিশ হৈছে নাৰী জীৱনৰ ঘাত-প্ৰতিঘাত আৰু আশ্বৰ্য জীৱনবোধ৷ গ্ৰাম্য পটভূমিৰ আধাৰত ৰচিত তেওঁৰ কবিতাত আমি দেখা পাওঁ গাঁৱলীয়া নাৰীৰ জীৱন সংগ্ৰাম আৰু অকথিত সংবেদন৷ কবিয়ে ‘বৰ্ষা শেষৰ গান’ কবিতাত গাঁৱলীয়া খেতিয়ক ডেকা-গাভৰুৰ প্ৰেমৰ এক সুমধুৰ চিত্ৰপট অংকন কৰিছে কৰ্ম প্ৰৱণতাৰ ইংগিতেৰে৷
নাঙলত ধৰি ধৰি খেতি কৰি কৰি
ৰাজহাড় বেঁকা হোৱা খেতিয়ক যেন
… … …
সন্মুখতে দেখিলে এজনী
নতুন বোৱাৰী : ধুনীয়া ভৰুণ :
আঁচলত এতিয়াও যেন মাহ-হালধীৰ
কইনা কইনা গোন্ধ (‘বৰ্ষা শেষৰ গান’, শাৰী ১-৯)
অন্যহাতে কবিয়ে ‘চিঠি’ কবিতাটিত এগৰাকী বিধৱা নাৰীৰ জীৱন-যন্ত্ৰণা তুলি ধৰিবলৈ প্ৰয়াস কৰিছে৷ কবিয়ে আৱেগ আৰু দুখৰ চাকনৈয়াত সোঁৱৰণ কৰে সময়ৰ খোজ৷ ‘চিঠি’ কবিতাত সেয়ে কবিয়ে লিখিছে—
মৰমী বকুল,
ঘড়ীৰ কাঁটাৰে যদি জীৱনক জোখ
বহুদিন, বহু মাহ পাৰ হৈ গ’ল
চিঠি লেখা নাই৷
সেই বুলি তই জানো বহু আঁতৰত?
তই মোৰ কাষতে সদায়৷ (‘চিঠি’ শাৰী ১-৬)
সমাজৰ বিধি-বিধান মানিও মানুহৰপৰা পোৱা অত্যাচাৰ, অবিচাৰে কিদৰে জীৱন জীয়াই থকাৰ বাবেই দুৰূহ কৰি তোলে সেই কথাও ‘চিঠি’ত লিখা কথাবোৰৰ মাজেৰেই কবিয়ে উজাগৰ কৰিবলৈ যত্ন কৰিছে৷ হুঁটা মাত আৰু মৰ্মবেদনাৰ মাজত বিধৱা নাৰীৰ জীৱনৰ কঠিনতা সঁচাই বেদনাগধুৰ৷ বিধৱা নাৰীৰ প্ৰতি কৰা অৱহেলা আৰু ককৰ্থনাৰ জীৱন্ত ছবি উদঙাই দিয়াত কবি সফল হৈছে৷ এই কথাৰ উমান দিবলৈ গৈ কবিয়ে লিখিছে—
পুলকে বিহ্বল আৰু আনন্দ উচ্চল
কঁপা কঁপা হাত লৈ
… … …
শাঁখিনীক সোনকালে দিয়া পঠিয়াই
শৰাধৰ কাম কাজ কৰিবহি লাগে
যোৱা ৰাতি হঠাতেই উশাহ-ফুটনি হৈ
মোৰ ল’ৰা আঁতৰিল চিৰকাললৈ৷ (‘চিঠি’, শাৰী ১০১-১১০)
‘আইতা’ কবিতাটিত কবিয়ে নাৰী জীৱনৰ এক দীঘলীয়া ইতিহাস ৰেখাংকিত কৰিছে৷ প্ৰকৃতাৰ্থত শহুৰেকৰ ঘৰত পদে পদে নাৰীয়ে নিষ্পেষিত হোৱাৰ জীৱন প্ৰেক্ষাপটক যথাৰ্থভাৱে কবিতাত আঁকি দেখুওৱাটো কবিৰ সাৰ্থক প্ৰয়াস বুলিব লাগিব৷
ধোঁৱা আৰু ছাই
আঙঠাৰ তেজ নাই
… … …
মাজে মাজে ফিৰিঙতি হাঁহি আৰু
ঘন বেদনাৰ৷ (‘আইতা’, শাৰী ১-১৩)
কবি নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ কবিতাত ৰেখাংকিত কৰিছে তিনিগৰাকীকৈ পৌৰাণিক নাৰীৰ মনৰ এক আধুনিক বিশ্লেষণ৷ লক্ষণীয়ভাৱে আপাতত নাৰী মনঃস্তত্ত্বৰ এক বিচিত্ৰ ৰূপ ‘দ্ৰৌপদী’ কবিতাৰ মাজেৰে প্ৰকাশ পোৱা দেখা যায়৷ মহাভাৰতৰ স্বয়ম্বৰ সভাত দ্ৰৌপদীয়ে কৰ্ণক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত কৰ্ণই বিমুখ হৈ ঘূৰি আহিব লগা হৈছিল ‘মৎস্যভেদ’ পৰীক্ষাৰপৰা৷ কিন্তু সেই পৰিঘটনাৰ আঁৰতো কবিয়ে বিচাৰি পাইছে নাৰী মনৰ এক অনন্য অভিব্যক্তি৷ দ্ৰৌপদীয়ে গোপনে ধাৰণ কৰিছে মহা শক্তিমন্ত আৰু সৌন্দৰ্যৰূপী কৰ্ণৰ প্ৰতি গভীৰ আকৰ্ষণ৷ কবিয়ে ক’ব খোজে নাৰীয়ে সৌন্দৰ্যক সঞ্চয় কৰিব খোজে৷ মাতৃত্বৰ ৰূপত সেই সৌন্দৰ্যক সাঁচি ৰাখিব খোজে৷ সেই সৌন্দৰ্য আৰু লালনৰ মাতৃত্বৰ ৰূপ ইচ্ছাৰেই দ্ৰৌপদীৰ কথাৰেই কবিয়ে লিখিছে—
মাতৃৰ সঞ্চয় তৃষ্ণা, লালনৰ মায়া থাকে
অচিনাকি ৰূপ লৈ হৃদয় মাজত
: প্ৰতিটো ৰঙৰে, প্ৰতিপাহ ফুল যদি
থাকিলেহেঁতেন মোৰ
মৰমৰ, জীৱনৰ সৰু এই বননিখনিত৷ (‘দ্ৰৌপদী’, শাৰী ৪৪-৪৮)
একেটা কবিতাতে বহুতে মিছাৰ আশ্ৰয় লৈ সত্যক ঢাকি ৰখাৰ প্ৰসংগতেই কবিয়ে কৈছে—
মই মাথোঁ কৰি গ’লোঁ
সত্যৰ সহজ স্বীকাৰ৷
যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত
সৰ্বদায় গুপ্ত হৈ থাকে৷
হাঁহি উঠে, আৱৰণৰ আঁৰত আমি সকলো উলঙ্গ৷ (‘দ্ৰৌপদী’, শাৰী ১০-১৪)
সাধাৰণ নাৰীৰ দৰে দ্ৰৌপদীৰ মনত কামনা-বাসনা থকাটো একেবাৰে সাধাৰণ কথা যদিও বাস্তৱ সত্যক সহজভাৱে স্বীকাৰ কৰি লোৱাৰ গুণতেই আছে দ্ৰৌপদীৰ নতুনত্ব নাইবা অগতানুগতিকতা৷ দ্ৰৌপদী চৰিত্ৰৰ আদৰ্শগত দিশটোৰ পৰিৱৰ্তে এক চিৰন্তন নাৰীসত্তাৰূপে দ্ৰৌপদীক অতি সচেতনভাৱে তুলি ধৰাৰ সমান্তৰালকৈ কবিয়ে নাৰীৰ চিৰ ৰহস্যময়ী ৰূপটোৰ কথাটোও প্ৰকাৰান্তৰে স্বীকাৰ কৰিছে৷

আনফালে এনে অনুৰূপ নাৰী চৰিত্ৰৰ প্ৰকাশ পাইছে নিৰ্মলপ্ৰভাৰ ‘গান্ধাৰী’ কবিতাটিত৷ সন্তানহাৰা মাতৃ হিয়াৰ কৰুণ বেদনা আৰু পৰম সান্ত্বনাৰ উন্মেষ চৰিত্ৰটোৰ মাজত পৰিদৃশ্য হৈছে৷ মাতৃৰূপৰ এনে কৰুণ বৰ্ণনা নাৰী কবিৰ বাবেহে সম্ভৱ হৈছে বুলিব পাৰি৷ কবিয়ে লিখিছে—
কত শত অসংখ্যাত
ছায়া ঘেৰা কুটীৰ কুটীৰে
… … …
স্নেহৰ পাপৰি
আচলৰ প্ৰাচীৰত (‘গান্ধাৰী’, শাৰী ৪১-৫২)
আনহাতে কবি নিৰ্মলপ্ৰভাৰ ‘সীতা’ কবিতাটিত পুৰুষপ্ৰধান সমাজত পুৰুষৰ প্ৰতাৰণাৰ নিৰ্মম অধ্যায় তুলি ধৰিছে৷ সীতাই সহি ৰোৱা ৰামৰ চাৰিত্ৰিক বিচাৰ কৰিবলৈ গৈ কবিয়ে লিখিছে—
জীৱন্ত সীতাক নিজ হাতে আঁতৰাই থৈ
স্বৰ্ণসীতা গঢ়াৰ প্ৰয়াস
কি যে এক হাঁহি উঠা ভুৱা প্ৰতাৰণা৷ (‘সীতা’, শাৰী ৯৬-৯৮)
পুৰণি চৰিত্ৰৰ আধুনিক ৰূপ বিচাৰ অন্তৰ্দৃষ্টি, সাহস আৰু অনুসন্ধিৎসু মনৰ পৰিচায়ক গভীৰ সংবেদনশীল একোজন কবিৰ বাবেহে সম্ভৱ৷ এই ক্ষেত্ৰত নিৰ্মলপ্ৰভা বৰদলৈক সফল বুলিব পাৰি৷ কবিয়ে অনুভৱ কৰিব পাৰে নাৰী মনৰ সেই সূক্ষ্ম অনুভূতি, যি অনুভূতি এগৰাকী নাৰীৰ বাবে কেতিয়াও সহজ নহয়৷ মন আৰু মানৱীয়তাৰ প্ৰেক্ষাপট কবিয়ে কবিতাৰে নিৰ্মাণ কৰি থৈছে৷ কবিৰ দৃষ্টিত যেন সধৱা শব্দটোৱে হৈ পৰিছে এক বিদ্ৰূপৰ দৰে৷ কবিৰ অনুভৱৰ নাৰীয়ে জীৱনৰ প্ৰত্যেকটো ক্ষণতে যি পুৰুষৰদ্বাৰা সুৰক্ষিত হোৱাৰ সপোন পুহি ৰাখে সেই পুৰুষৰ দ্বাৰাই নিৰাপত্তাৰ অভাৱ হৈ পৰাত এক কৰুণ অনুভূতিয়ে সীতাক দোদুল্যমান কৰি তুলিছে৷ কবিয়ে কৈছে:
সীমান্তত মোৰ এয়া ডগ্মগ্ কৰি থকা
ৰক্তধাৰা – সধৱা শব্দৰ এক নিষ্ঠুৰ বিদ্ৰূপ! (‘সীতা’, শাৰী ১-২)
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত লোকজীৱনৰ শিপাত ধৰি নিপুণ শব্দৰে চিত্ৰ নিৰ্মাণ, একে সময়তে শব্দৰে ভাৱ-আৱেগৰ পূৰ্ণ ব্যৱহাৰ কৰি মনৰ নিসৰিত কাব্যকথন মন কৰিবলগা দিশ৷ গাঁৱৰ জীৱনৰপৰা তুলি অনা টুকুৰা-টুকুৰ চিত্ৰবোৰ কবিয়ে এনেদৰে ৰং-সুষমা, সঙ্গীতেৰে কবিতাত আঁকে যে সেয়া জীৱন্ত হৈ পঢ়ুৱৈৰ আগত ধৰা দিয়ে৷ নাৰীমনৰ গুপুত অনুভূতি, সুখ-অসুখকো কবিয়ে ইমান সৰল শব্দৰে কবিতাত গাঁঠে যে সেয়া সাৱলীলেই নহয় এনে লাগে যেন কবিৰ মুখৰ পৌনঃপৌনিক উচ্চাৰণ৷
সঁজাল ধৰা আহিনৰ পথাৰৰ দৰে
তোমাৰ চিঠিখন হাতত লৈ থাকোঁতেই
মই টোপনি গ’লোঁ৷ (‘জোনাকী প্ৰহৰ’, শাৰী ১-৩)
পাটমাদৈ চৰাইটোৰ ঠোঁটত
এখন নীলা চিঠি (‘নীলা চিঠি’, শাৰী ৪-৫)
নাৰীৰ মনোজগতৰ মনঃস্তাত্ত্বিক অন্বেষণ আৰু অব্যক্ত মনোকথন কবি নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ সহজ বিচৰণথলী৷ বছৰ বছৰ ধৰি নাৰী মনত পুঞ্জীভূত অপ্ৰকাশিত বেদনা আৰু সহনশীলতাক কবিয়ে সৰল ভাষাৰে ‘আইতা’ নামৰ কবিতাটিৰ মাজেৰে ব্যক্ত কৰিছে—
ফু লাগি মোৰ সি কথাৰ
ফুট ছাই বহুত উৰিল
… … …
মনত পৰাৰে পৰা
গাত কাপোৰ লোৱা দিন ধৰি (‘আইতা’, শাৰী ১০-২০)
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ নাৰীকেন্দ্ৰিক বিশ্লেষণ কৰিবলৈ যাওঁতে দেখা যায় যে মহাকাব্যৰ আহৰিত চৰিত্ৰ, বিষয়বস্তুৰ উপস্থাপনেৰে আধুনিক সমাজ-জীৱনত নাৰীৰ স্থান নিৰূপণ কৰা কবিসকলৰ ভিতৰতে তেওঁৰ অৱদান অনস্বীকাৰ্য৷ কৰবী ডেকা হাজৰিকাই অসমীয়া কবি আৰু কবিতা নামৰ গ্ৰন্থখনত নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সম্পৰ্কে মন্তব্য কৰিছে: ‘‘নাৰীমনৰ শংকা, যন্ত্ৰণা আৰু ক্ষোভ তেওঁৰ কবিতাৰ অন্যতম বিষয়৷ দ্ৰৌপদী, গান্ধাৰী আৰু সীতাক তেওঁ নতুন ৰূপেৰে মূল্যায়ন কৰিছে৷’’(হাজৰিকা, পৃ.১২৬) কবিয়ে আধুনিক দৃষ্টিভংগীৰে অতীতক বিচাৰ কৰি সাম্প্ৰতিক সমাজৰ ৰূপ দাঙি ধৰিবলৈ ৰামায়ণ আৰু মহাভাৰতৰ নাৰী চৰিত্ৰসমূহক প্ৰতীকী ৰূপত অংকন কৰিলেও কিন্তু মহাকাব্যৰ তথাকথিত ৰূপটোক কবিতাত উপস্থাপন নকৰি স্বকীয় জীৱন অভিজ্ঞতাৰে তাক নতুন ৰূপ প্ৰদান কৰিছে৷ কবিয়ে মহাকাব্যৰ দ্ৰৌপদী চৰিত্ৰৰ মনৰ গোপন কুঠৰীত প্ৰৱেশ কৰি দ্ৰৌপদীৰ চেতন-অৱচেতন মনৰ মানৱীয় প্ৰবৃত্তি, অনুভূতিক উজাগৰ কৰি পঢ়ুৱৈৰ সন্মুখত তুলি ধৰিছে এগৰাকী চিৰন্তন নাৰী ৰূপেহে৷ কবিয়ে কৈছে—
মই বতিক্ৰম?
নহয়, নহয়৷
মই যে মই যে মাথোঁ চিৰন্তন নাৰী
যুগময়ী ৰহস্যেৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ
প্ৰকাশ৷ (‘দ্ৰৌপদী’, শাৰী ১-৫)
বিশিষ্ট লেখক, সমালোচক প্ৰভাত বৰাই যথাৰীতিত সন্নিৱিষ্ট ‘নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা’ শীৰ্ষক লেখাটিত বৰদলৈৰ কবিতাৰ বিষয়ে কৈছিল: ‘‘সাধাৰণতে নাৰী কবিৰ প্ৰতি সমালোচকসকল অধিক হৃদয়ৱান যেন অনুমান হয়৷ বোধহয় নাৰী কবিৰ লক্ষণীয় সংখ্যালঘিষ্ঠতাই ইয়াৰ কাৰণ৷ এমিলী ডিকিনছন ভাবৰ গভীৰতা আৰু কাব্যিক বিশুদ্ধতাৰ মাপকাঠীৰে সমালোচকৰ দৃষ্টিত বিশিষ্ট কবি হিচাপে উত্তীৰ্ণ হ’ব পৰা নাছিল৷ তথাপি আছিল সমালোচকসকলৰ কাৰণে আদৰৰ কবি৷ নিৰ্মলপ্ৰভা আমাৰ সমালোচকসকলৰ কাৰণে এমিলী বুলি ক’লে বোধহয় বেছি ভুল কৰা নহ’ব৷” (বৰা, পৃ.১১২) কিন্তু বৰদলৈয়ে নিজেই তেওঁৰ সুদীৰ্ঘ দিন আৰু ঋতু কাব্যগ্ৰন্থখনৰ ‘মোৰ মনৰ এষাৰ’ত লিখিছে: ‘‘সুদীৰ্ঘ দিনত প্ৰতিবিম্বিত হৈছে জীৱন৷ এই জীৱন একে সময়তে ব্যক্তিগত, একে সময়তে সামাজিক, সামূহিক৷ দৃশ্য-অদৃশ্য, গভীৰ, সুগভীৰ তাৰ অভিজ্ঞতা— বিভিন্ন তৰপৰ— নিজস্ব পটভূমিত৷’’ মানুহৰ মনোজগত আৰু চাৰিওফালৰ বিচিত্ৰ জগতখনৰপৰা কবিতাৰ বিষয়বস্তু আহৰণ কৰা কুৰি শতিকাৰ শীৰ্ষস্থানীয় মহিলা কবি নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত প্ৰকৃতিৰ সুকুমাৰতা, পাৰ্থিৱ-অপাৰ্থিৱ প্ৰেমৰ ৰূপ, হৃদয়ৰ নিঃসংগতা, আধুনিক জীৱনৰ অন্তঃসাৰশূন্যতা, স্বদেশপ্ৰীতি ইত্যাদি বিভিন্ন দিশ মনপৰশা ৰূপত চিত্ৰিত হৈছে বুলিব পাৰি৷
সহায়ক গ্ৰন্থ:
শৰ্মা, মনোৰমা. সম্পা. ড੦ নিৰ্মলপ্ৰভা বৰদলৈৰ গীত আৰু কবিতা সমগ্ৰ.সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ হৈ সাহিত্য প্ৰকাশ, পৃষ্ঠা ১৫, জানুৱাৰী, ২০০৮.
হাজৰিকা, কৰবী ডেকা. অসমীয়া কবি আৰু কবিতা.বনলতা,পৃষ্ঠা ১২৬, ২০১১.
বৰা, প্ৰভাত. যথাৰীতি.আঁক-বাক,পৃষ্ঠা ১১২, জানুৱাৰী, ২০১৩.
ভট্টাচাৰ্য, পৰাগ কুমাৰ. সম্পা. ড੦ নিৰ্মলপ্ৰভা বদৰদলৈ ৰচনাৱলী (প্ৰথম খণ্ড).অসম প্ৰকাশন পৰিষদ, ডিচেম্বৰ, ২০১৭.
লগতে পঢ়ক: ড੦ পৰিণীতা বৰাৰ লুটফা হানুম ছেলিমা বেগমৰ কবিতা
লগতে পঢ়ক: ড੦ পৰিণীতা বৰাৰ নব্য মাধ্যমত অসমীয়া কবিতাৰ চৰ্চা