মই কবিতা কিয় লিখোঁ?

বীৰেন গগৈ

Issue: Vol. V, No. 1, May-July, 2026

বীৰেন গগৈ

মোক লিখিবলৈ কিবা এটাই অনুপ্ৰেৰণা যোগায়৷ সেইটো দুখ-সুখ-প্ৰেম আদি যিকোনো এটা হ’ব পাৰে৷ হাইস্কুলত থাকোতে বাপুজী, কনকলতাক লৈ পদ্য লিখিছিলোঁ৷ স্কুলৰ পাঠ্যক্ৰমৰ কবিতাবোৰ পঢ়িছিলোঁ৷ সাৰাংশ লিখিছিলোঁ৷ এইবোৰ আছিল পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ, নম্বৰ পাবলৈ৷ মোৰ বোধেৰে এনেকৈয়ে এজন ব্যক্তি স্কুলীয়া দিনবোৰত সাহিত্যৰ প্ৰতি আকৰ্ষিত হয়৷ সাহিত্য-চৰ্চাৰ বাবে পৰিৱেশ ডাঙৰ কথা৷ সাহিত্য সৃষ্টিৰ বাবে সাহিত্য অধ্যয়নৰ প্ৰয়োজন৷ সাহিত্য অধ্যয়নৰ সেই পৰিৱেশৰপৰা আমি বহুতেই বঞ্চিত হওঁ৷ ময়ো হৈছিলোঁ৷ বিয়াত উপহাৰ হিচাপে উঠা হোমেন বৰগোহাঞি, চৈয়দ আব্দুল মালিক, হিতেশ ডেকা আদিৰ গল্প, উপন্যাসৰ বাহিৰে মই একো পঢ়িবলৈ সুযোগ পোৱা নাছিলোঁ৷ কলেজত পঢ়িবলৈ যেতিয়া নগৰলৈ গ’লোঁ, তেতিয়া নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য আদি কবিৰ কবিতা পঢ়িবলৈ সুযোগ পাইছিলোঁ৷ এইসকল স্বনামধন্য কবিৰ উপৰি গুৱাহাটীলৈ যোৱাৰ পিছত ৰাম গগৈ, অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন শৰ্মা, ধনঞ্জয় শৰ্মা, ৰোহিনী কুমাৰ পাঠক, ৰফিকুল হোছেইন আদি কবি-সাহিত্যিক-চিত্ৰশিল্পীসকলৰ সান্নিধ্যই মোক লিখিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷

মই বিদ্ৰোহীও নহ’লোঁ, ৰোমাণ্টিকো নহ’লোঁ৷ আৰম্ভ হৈছিল এজন দেশপ্ৰেমিক হিচাপে, যিটোৰ পঢ়ুৱৈ সংখ্যা নগণ্য৷ কবিতাত প্ৰেম থাকিবই লাগিব নেকি? ইয়াৰ দিশ-নিৰ্দেশনা মোৰ নাছিল৷ সেয়ে মই ঘৰচিৰিকাও নহয়, ৰাজহংসও নহয়৷ জীৱনৰ বাবে কবিতা নহয়, কলাৰ বাবেহে কবিতা, এনে এটা ধাৰণা মোৰ প্ৰথমতে আছিল৷ দুই-এক সাম্যবাদী কবি-সাহিত্যিকৰ সান্নিধ্য লাভৰ পিছত মোৰ সেই ধাৰণা নোহোৱা হৈছিল৷ কথাটো ভুল আছিল৷ আৰু এই ধাৰণাৰ বাবে কবি হিচাপে মই বহুদূৰ পিছ পৰি গ’লোঁ যেন লাগে৷ অৱশ্যে তাকে নথকা হ’লে কিমান উৎকৃষ্ট কবিতা লিখিলোঁহেতেন এতিয়া ক’ব নোৱাৰোঁ৷

সাহিত্যত অনুপ্ৰেৰণা আৰু পৰিৱেশৰ অৱদান থাকিবই লাগিব৷ বিশেষকৈ চেমনীয়া অৱস্থাত দেখি-শুনি ভাল লগা কামবোৰ কৰিবলৈ মন যায়৷ ভাল গল্প এটা পঢ়িলে গল্পকাৰ হ’বলৈ মন যায়, সেইদৰে উপন্যাস এখন পঢ়িলে ঔপন্যাসিক হ’বলৈ মন যায়৷ যৌথ পৰিয়ালৰ কোনোবা নহয় কোনোবা এগৰাকীৰ কাম-কাজে লিখিবলৈ অনুপ্ৰেৰণা যোগায়৷ যাৰ ঘৰত গান-বাজনাৰ বাদ্যযন্ত্ৰ থাকিব, সেইখন ঘৰত এজন নহয় এজন গায়ক সৃষ্টি হ’বই৷ তেনেদৰে যাৰ ঘৰত কিতাপ-পত্ৰ, আলোচনীৰ সংগ্ৰহালয় থাকিব, সেইখন ঘৰত লেখকৰ সৃষ্টি হ’বই৷ অসমীয়া সাহিত্য-ক্ষেত্ৰত এনে পৰিৱেশত জনপ্ৰিয় সাহিত্যিক সৃষ্টি হোৱা বহু উদাহৰণ আছে৷

পৰিৱেশে সৃষ্টি কৰা অনুপ্ৰেৰণাই মোকো আকৃষ্ট কৰিছিল৷ আশা-নিৰাশা, দুখ-বেদনাই মোকো কবিতা লিখিবলৈ বাধ্য কৰিছে৷ হাতত কাগজ-কলম লৈ মই লিখোঁ বুলি একো লিখিব নোৱাৰোঁ৷ কিবা এটাৰ অভিজ্ঞতা-পৰিৱেশ-অনুপ্ৰেৰণাৰ প্ৰয়োজন হ’বই লাগিব৷ মই জীৱনৰ এছোৱা কাল যৌথ পৰিয়ালৰ মাজত কটাইছিলোঁ৷ ঘৰখনতেই বহুতো চৰিত্ৰ, বিষয় লিখাৰ সমল হিচাপে পাইছিলোঁ৷ মই গল্প-কবিতা-উপন্যাসৰ যোগেদি সেইবোৰ চৰিত্ৰক প্ৰকাশ কৰিব নোৱাৰিলোঁ৷ শেষত কবিতাৰ ফালে মোৰ সাহিত্যকৰ্ম আগবাঢ়িল৷ কলেজত লিখা বহুতো প্ৰেমৰ কবিতা হেৰাই থাকিল৷ গুৰুত্বও নিদিলোঁ৷ সময়ত কিবা এটা ঢৌ আহিছিল, সেই ঢৌত অলপ হাত উজান দিছিলোঁ৷ বিশেষ একো নাছিল৷ পিছত লাহে লাহে দেখিলোঁ যে কবি-কবিতাৰ এখন স্বৰ্গীয় ক্ষেত্ৰ আছে, সমাজৰ বাবে চিন্তা-চৰ্চা কৰাৰ থল আছে, নিজৰ উদ্দেশ্য পালন কৰাৰ পৰিৱেশ আছে৷ এই ক্ষেত্ৰত ব্যক্তি-সান্নিধ্যই এক বিশেষ দায়িত্ব পালন কৰে৷ মোৰ ক্ষেত্ৰত এই ঘটনাবোৰ ঘটিছিল৷ হুবহু প্ৰকাশ কৰিব নোৱাৰিলেও খণ্ড-খণ্ডকৈ কথাবোৰ মোৰ মনলৈ আহিছে, আৰু মই কবিতাৰ মাধ্যমেৰে মানুহক জনাব খোজোঁ৷ কিন্তু এই প্ৰচাৰ-প্ৰসাৰৰ বাবে কবিতাক মই বৰু উজু মাধ্যম হিচাপে গ্ৰহণ কৰা নাই৷ ই যথেষ্ট কঠিন আৰু কষ্টকৰ মাধ্যম৷ যদি কিবা ন্যূনতম পঢ়ুৱৈক দিছোঁ, আজিৰ তাৰিখত মই কবিতাৰেই দিছোঁ৷ সেয়ে কবিতাৰ কথা-কোৱাৰ, কবিতা পাঠ কৰাৰ, কবিতাৰ বিষয়ে আলোচনা-সমালোচনা কৰাৰ বাবে অৱশেষত মোৰ জীৱনত থাকিলগৈ একমাত্ৰ কবিতা৷

An English translation of the article.