Issue: Vol. IV, No. 2, August-October, 2025
শিল আৰু নিজৰাৰে ভৰা এই উপত্যকাত
শিল আৰু নিজৰাৰে ভৰা এই উপত্যকাত যেতিয়া বৰষুণ হয়
তেওঁলোকে মোক অকলশৰীয়াকৈ এৰি থৈ যায়।
কেৰেচীয়াকৈ মৰা বৰষুণে মোৰ ভিতৰখন খহাবলৈ ধৰে।
মাজৰাতিৰ বতাহজাকে তেওঁলোকৰ দুচকুত মেলি দিয়ে
বান্ধ ছিঙি উটি যোৱা নাৱৰ পাল।
ৰাতিৰ ধাৰাসাৰ বৰষুণত যন্ত্রণাত কোনোবাই চিয়ঁৰা শুনো।
শিলৰ চেপৰ মাজৰ পৰা ওলাব নোৱাৰি
কোনোবাই চিঞৰিছে।
শিল আৰু নিজৰাৰে ভৰা এই উপত্যকাত যেতিয়া বৰষুণ হয়
পথাৰ সেউজীয়া কৰা জলাতক আন্ধাৰত ওপঙি উঠে
ডিঙিলৈকে ডুব যোৱা কমলা কুঁৱৰীৰ মুখ।
[ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে (১৯৭১) সংকলনৰ ১২ নং কবিতা।]