জীৱন নৈৰ মালিতা
এদিন আকাশ চুব খোজা ঢৌবোৰ
এতিয়া শান্ত সমাহিত
মই হৃদয়ৰ জলঙাৰে জুমি চালোঁ নৈখন
আপোন মনে বৈ আছে গুণগুণাই জীৱন
স্বচ্ছ পানীত নীলা দুখবোৰ
মোৰ দৃষ্টিলে’ বিয়পি আহিছে
চাই আছোঁ
ঢৌবোৰৰ শান্ত বুকুত
আহিনৰ ক্ৰমশঃ অৱক্ষয়
এই আহিনকে এদিন জানো
লালন কৰা নাছিলা
গভীৰ প্ৰেমেৰে
অচিন চৰাইটোৰ সুহুৰিত
নৈৰ বুকুত হেলনীয়াকৈ নামিছে সন্ধ্যা
এপলক শ্যামল স্বপ্নত দেখিছোঁ
উন্নয়নৰ ধামখুমিয়াত ক্ৰমান্বয়ে
পানীলে’ নামি আহিছে
শতিকা পুৰণি গছবোৰ শাৰী-শাৰীকৈ
আৰু
প্ৰতিজোপা গছেই কৈছে
নিজৰ নোকোৱা কাহিনীবোৰ
জীৱনদায়িনী পানীক
হৃদয় ক্ৰমে মৰুভূ হোৱা
নিঠুৰ মানুহবোৰৰ
মন যদি পোহৰপিয়াসী
এদিন
সমাহিত হৈ তুমিয়েইতো কৈছিলা
দোদুল্যমান নেপথ্যত এতিয়া
বিপন্ন জীৱন
তথাপি জানো নুই কৰিব পাৰি
মৰম-মায়াৰ এই
অপাৰ বিস্তাৰ
অন্য এদিন
আকাশলে চাই কৈছিলা
কোনে জানে কাৰ বুকুত
কেতিয়া জ্বলে
শোকৰ নীল দাবানল
মন যদি
পোহৰপিয়াসী
ৰূপালী ফিছাৰ মাছৰ দৰে
হ’লেও উচাটন, অস্থিৰ
হেলাৰাঙে জয় কৰিব পাৰি
মৰণ কাতৰ জীৱনো
হেজাৰ ছায়াপথৰ শেষ প্ৰান্তত
সোঁৱৰণিও সোণালী আভা
হৈ জ্বলে তোমাৰ অনাবিল
ৰৌদ্ৰ কামনাৰে৷
An English translation of the poems.