মই কিয় কবিতা লিখোঁ

কৰবী ডেকা হাজৰিকা

কৰবী ডেকা হাজৰিকা

মই কিয় কবিতা লিখোঁ সেইটোও যে এটা প্ৰশ্ন হ’ব পাৰে সেই কথা কেতিয়াও ভাবি চোৱা নাছিলোঁ৷ কাৰোবাক যদি সোধা হয় যে তুমি কিয় টোপনি যোৱা বা তুমি কিয় আহাৰ খোৱা, তাৰ যেনেকৈ চমৎকাৰ কোনো উত্তৰ নাথাকে, মোৰ বাবেও এই প্ৰশ্নৰ কোনো বিশেষ উত্তৰ নাই। মই লিখিব পাৰোঁ, মই লিখি আনন্দ পাওঁ, এনেকুৱা কিছুমান কথা হয়তো ক’ব পৰা যায়। তথাপি সেইবোৰে প্ৰকৃত কাৰণটোৰ কাষ নাচাপে৷ তেন্তে কাৰণটোনো কি? কবিতা মোৰ জীৱন-ধাৰণৰ লগত অভিন্নভাবে জড়িত। উশাহ লোৱাৰ দৰেই মই কবিতা লগত লৈ ফুৰোঁ। কবিতা নিলিখি মই নোৱাৰোঁ, সেইটোহে আচল কথা।

মনৰ মাজত কেতিয়াবা এনেকুৱা একোটা অনুভৱ বা ধাৰণা আহে, যিবোৰক প্ৰকাশ কৰাটো বৰ টান। অথচ প্ৰকাশ নকৰাকৈ লৈ ফুৰাটো তাতোকৈও টান। সেই অনুভৱ আনক বুজোৱাও সহজ নহয়৷ যেতিয়া এটা বিমূৰ্ত ধাৰণা মনলৈ আহে অথবা এটা অনুভৱৰ এচমকাই দেখা দি মনৰ কোনোবাখিনিত খুন্দিয়াই থাকে তেতিয়া সেই ধাৰণাক এটা ৰূপ দিবলৈ মন যায়৷ সেই আধৰুৱা অনুভৱৰ বাকীখিনিৰো এটা নিটোল পূর্ণ ৰূপ দিবলৈ বৰকৈ মন যায়। তেনেবোৰ সময়তে কবিতাই ধৰা দিয়ে৷ মই সেই শ্ৰেণীৰ কবি, যি নিজে ভাবৰ বীজটোৱে ধৰা নিদিয়ালৈকে সাজি সাজি কবিতা লিখিব নোৱাৰোঁ। গতিকে প্ৰথমতে কবিতাৰ এক অস্পষ্ট ৰূপে ভিতৰত দেখা দিয়াৰ পাছত পূৰ্ণ ৰূপটো বিচাৰি নোপোৱালৈকে এডোখৰ অস্থিৰ সময় পাৰ কৰিবলগীয়া হয়৷ এই অস্থিৰতা শাম কাটি ভিতৰখন মুকলি কৰিবৰ বাবেই মই কবিতা লিখোঁ৷ হয়, কবিতাত বার্তা ময়ো দিবলৈ বিচাৰোঁ, কিন্তু মোৰ কবিতাৰ বাবে বাৰ্তা প্ৰেৰণ প্ৰথম দাবী নহয়৷ সমাজলৈ, পাঠকলৈ দিবলগীয়া বাণী, বাৰ্তা বা উপদেশৰ বাবে গদ্য মোৰ সহজ মাধ্যম। গদ্য ৰচনাৰে আৰু বিশেষকৈ স্তম্ভ লেখনেৰে ক’বলৈ বিচৰা কথাখিনি মই সুচল ভাবেই কৈ আহিছোঁ৷ কিন্তু কিছুমান এনেকুৱা কথাও থাকে যিবোৰক ম‍ই গদ্যৰ মাজেৰে নিজে সন্তুষ্ট হোৱাকৈ কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ৷ গতিকে গদ্যত ফুটাই তুলিব নোৱৰা অনুভূতি বা বক্তব্যৰ বাবেই ম‍ই কবিতা লিখোঁ৷ উদাহৰণ স্বৰূপে মোৰ পাঠকে আদৰি লোৱা কবিতা ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ৰ মূল কথাখিনি গদ্যৰ মাজেৰে আগতেও লিখিছোঁ। কিন্তু সেই লেখাত বর্ণনা আছে, তথ্য আছে, সজাগতা সৃষ্টিৰ প্ৰচেষ্টাও আছে; অথচ সেই লেখা সার্থক নহ’ল৷ ম‍ই নিজেও সন্তুষ্ট নহ’লোঁ৷ কাৰণ মোৰ ভিতৰত থকা মূল আৱেগজড়িত অনুভূতিখিনি গদ্যৰ মাজেৰে প্ৰকাশ কৰিব নোৱাৰি৷ তাৰ আলম্বন হ’ব লাগিব নিঃসন্দেহে কবিতা। সেয়েহে গদ্যই সহায় নকৰা ঠাইত মই কবিতাৰে কথা কওঁ৷ মানুহ, প্রকৃতি, ভালপোৱা, নাৰী-অৱমাননা, ৰাতিৰ ৰহস্যময়তা, বৰষুণ আদিৰ বিষয়ে মনলৈ অহা ভাববোৰ গদ্যৰে লিখিলে সি হৈ পৰে বিশেষত্বহীন উক্তি৷ অথচ মই সেইবোৰ তাতকৈ ভালকৈ ক’বলৈ বিচাৰোঁ৷ বহুত ব্যাপক আৰু গভীৰ অনূভূতি কবিতা দুই-তিনিশাৰীৰ মাজতে ভৰাই থোৱাৰ চাবি-কাঠি মই বিচাৰি পাইছোঁ৷ সেই সঁচাৰ-কাঠি খুলিব জনা পাঠকৰ বাবেই মোৰ কবিতা৷ কবিতা মোৰ বৰ মৰমৰ আৰু আটকীয়া সম্পদৰ দৰে, টানি-আঁজুৰি আনিব নোৱাৰোঁ৷

মোৰ কবিতা লিখাৰ আঁৰৰ প্ৰকৃত আৰু একান্ত ব্যক্তিগত কাৰণটোৰ আঁৰত এটা গোপন কথাও আছে। মোৰ এখন নিজা পৃথিৱী মই সদায় গোপনে লগত লৈ ফুৰোঁ। সেই পৃথিৱীত আশা-কামনা-প্রেম-বিষাদ-হেঁপাহ-সপোন-নিঃসংগতা আদি বহুত কিবাকিবি আছে। মোৰ সুখৰ বা দুখৰ বহুত অনুভূতি ম‍ই নিজে অকলে বহন কৰোঁ, কাকো তাৰ ভাগ দিব নোৱাৰি। তাৰে এটি এটি মুহূর্ত দিনলিপি লিখাৰ দৰে মোৰ কবিতাৰ মাজত মই কেতিয়াবা সাঁচি থওঁ। কাঁচৰ পাত্ৰত ভৰাই থোৱাৰ দৰে সেই একান্ত অনুভৱবোৰ মানুহে হয়তো দেখে, কিন্তু চুই চাব নোৱাৰে। গতিকে এটা কবিতাত কোৱাৰ দৰে “কবিতা মোৰ বিলাস নহয়, এক তীব্রতম প্রয়োজন”। কবিতাত মনটো নিগৰাইহে মই জীয়াই আছোঁ৷ কবিতা মোৰ শান্তি। কবিতা মোৰ জীৱনৰ বাবে অপৰিহাৰ্য।