ঠিক যেন এপাহি পদুম
আজি এই জীৱনৰ সন্ধিয়া বেলিকা
অতীতৰ কত স্মৃতি জাগিছে প্ৰাণত;
আপোন পাহৰা হই কৰিছিলোঁ আহা,
ল'ৰালি ধেমালি কত প্ৰিয়ৰ লগত!
ৰচি লই এটি দুটি প্ৰণয়ৰ গান
বীণৰ তাঁৰত মোৰ বান্ধিছিলোঁ সুৰ,
নাচিছিল আৱেগত জোন, বেলি, তৰা
বই গ'ল বসন্তৰ মলয় মধুৰ!
কুলি-কেতেকীয়ে আহি বিশ্ব-ব্ৰহ্মাণ্ডত
ঢালি দিলে সৰগৰ অমৃতৰ ধাৰা,
নুবুজিলোঁ-- এতিয়া কল্পনা-পটত
অঁকা ৰ'ল কাৰ সিটি ছবি মনোমোহা!
প্ৰিয় মোৰ জীৱনৰ কোমল কুসুম,
ফুলি থকা ঠিক যেন এপাহি পদুম।
(প্ৰথম প্ৰকাশ: 'আৱাহন', ৯ম বছৰ, ৭ম সংখ্যা, আহাৰ, ১৮৬০ শক)
An English translation of the poem.