ড০ প্ৰদীপ কুমাৰ গগৈ
উক্ত শিৰোনামাৰে মোক Poetry without Fearৰ ফালৰ পৰা সাতশ মান শব্দৰ ভিতৰত লিখিবলৈ কৈছে। মই কবি নহওঁ, মাজে সময়ে কবিতা পঢ়োঁ, সেই বুলি কবিতাৰ ‘চমজদাৰ’ হৈ লিখাৰো সামৰ্থ্য নাই। মনত পৰিল C.P. Snow- ৱে ১৯৫৯ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া The Two Cultures নামৰ Rede বক্তৃতালৈ, যিটো পাছত গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল আৰু বিজ্ঞানসেৱী আৰু আন বুদ্ধিজীৱীসকলৰ মাজত খলকনি লগাইছিল। চীন দেশৰ চাহৰ চমজদাৰৰ বিষয়ে লিন উটাঙে The Importance of Living গ্ৰন্থত আৰু আমাৰ ‘ৰূপৰ টিলিঙাৰ মাত’ৰ কবি প্ৰয়াত ড০ মহেন্দ্ৰ বৰাই বিভিন্ন দেশৰ কবিতাৰ জুতিৰ বিষয়ে লিখা অপূৰ্ব পুথি ফুল তৰা গানৰ মুখবন্ধত এনেকৈ কৈছে–‘‘চীনদেশৰ চাহৰ চমজদাৰে হেনো পিয়লাত সোহা মাৰি উঠিয়েই ক’ব পাৰে, সেইখিনি কোন বাগিচাৰ চাহপাত! চাং টাই নামৰ এজন চমজদাৰে মিন ৱেনচুই নামৰ আন এজন চমজদাৰৰ ঘৰত চাহ খাবলৈ বহিছিল। মিন ৱেনচুৱে আগবঢ়াই দিয়া চাহৰ পিয়লাটো হাতত লৈ চাঙে দেখা পালে, চাহ আৰু পিয়লাৰ ৰং একেই; চাহ পিয়লাটোৰ কিমানলৈকে আছে মনিবই নোৱাৰি, কেৱল নামত এটা সুন্দৰ গন্ধ লাগিছে। তেওঁ তেতিয়া মিনক সুধিলে, ‘‘চাহপাত খিনি ক’ৰ?” মিনে উত্তৰ দিলে, ‘‘লাংৱানৰ।” চাঙে পিয়লাটোত সোহা মাৰি ক’লে, ‘‘ওঁহো নহয়। চাহ কৰা নিয়মটোহে লাংৱানৰ, পাতখিনি কিন্তু লোচিয়েহৰ।” মিনে মিচিকিয়ালে। মই কিন্তু কবিতাৰ ইমান চমজদাৰ নহয় আৰু কবিতাৰ বিষয়ে মোৰ ধাৰণা, জুতি, ভাল লগাৰ কাৰণ সকলোৰে গ্ৰহণযোগ্য নহ’ব।
মোৰ বাবে কবিতা হ’ল অতি কম শব্দত প্ৰকাশ কৰা প্ৰকৃতি আৰু সমাজৰ কোনো বিষয়ক লৈ কবিৰ অভিজ্ঞতা, কল্পনা; তাত থাকে ব্যঞ্জনা, ছন্দ, শব্দ অলংকাৰ, প্ৰতীক, পটভূমি, সমমিতি বা Symmetry আৰু কোনো কোনো ক্ষেত্ৰত কবিতাৰ সাংগীতিক লয়। ধ্বনি আৰু শব্দ চয়ন কবিতাৰ সৌন্দৰ্যৰ আন দুটা উপাদান।
মই ভালপোৱা অসমীয়া কবিসকল : দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, অমূল্য বৰুৱা, গণেশ গগৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা (গীতি কবিতা), বীৰেশ্বৰ বৰুৱা, হেম বৰুৱা, ৰাম গগৈ, ৰবীন্দ্ৰ সৰকাৰ, মহেন্দ্ৰ বৰা, নলিনীধৰ ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য ইত্যাদি। অসমৰ অতি নতুন চামৰ কবিসকলৰ বহুতৰে কবিতা বুজি পাবলৈ টান বা মই বিচৰা সৌন্দৰ্য নাপাওঁ, শব্দৰ কোলাহলত যেন কবিতাৰ ছন্দ হেৰাই যায়। বিদেশী কবিসকলৰ ভিতৰত মোৰ প্ৰিয় আছিল খলিল জিব্ৰান (The Prophet), ওৱৰ্ডছৱৰ্থ, কীটছ, ছীলভিয়া প্লাথ, ৰিলকে, টি. এছ. এলিয়ট, এমিলী ডিকিনছন, নাজিম হিকমত, পাবলো নেৰুডা ইত্যাদি আৰু বঙালী কবি সুকান্ত ভট্টাচাৰ্য, জীবনানন্দ দাশ আৰু ৰবীন্দ্ৰনাথ। অসমৰ নতুন কবিসকলৰ প্ৰসঙ্গত ৰামধেনু যুগৰ কবি, সমালোচক ড০ দিলীপ বৰুৱাই দিয়া কলৰিজৰ এটা উদ্ধৃতি দিবলৈ মন যায় (ড০ দিলীপ বৰুৱাৰ সমালোচনা সাহিত্য, সম্পাদক ৰঞ্জন ভট্টাচাৰ্য, যোৰহাট, ২০২০) “Poetry gives most pleasure when only generally and not perfectly understood.”
ৰবীন্দ্ৰ সৰকাৰৰ কবিতাবোৰ মূলভাবাৰ্থৰ যেন এক মণিময় অবিৰত যাত্ৰা, ক’তো যতি নাই আৰু শব্দৰ জোনাকীয়ে যেন স্নিগ্দ্ধ আলোক প্ৰদান কৰে। তেওঁৰ আত্মকথা ‘দিনবোৰ মোৰ সোণৰ সজা’তখনো আৰম্ভণিৰে পৰা কাব্যিক বিস্ময়েৰে ভৰা। সৰু অথচ কাব্যিক মাধুৰ্যৰে পূৰ্ণ, শৰৎকালৰ জোনাক নিশাৰ পোহৰে যেন আৰু কবিত্বময় কৰি তুলিছে।
দেৱকান্ত বৰুৱা মূলতে যৌৱনৰ, প্ৰেমৰ আৰু অসমীয়া আধুনিক কবিতাৰ ভগীৰথ, অগ্ৰদূত। তেওঁৰ কবিতাত জগতৰ শাশ্বত নীতি– সকলোৰে আৰম্ভণি আৰু শেষ আছে; প্ৰেম-নিৰাশাৰ মাজতো আছে আদি-অন্ত। তেওঁৰ শব্দৰ যাদুময় ঝংকাৰ আৰু সমমিতি (Symmetry) কবিতাৰ সৌন্দৰ্যৰ মূল উপাদান।
“পদুমৰ পাহি সৰে, বসন্ত লেৰেলি পৰে মাৰ যায় তৰা হাঁহি আৰু মৰণৰ অপূৰ্ব আভাৰে দীপ্ত এই বসুন্ধৰা” (পৃথিৱী) এনেধৰণৰ আন এটি কবিতাৰ স্তৱক হ'ল– “প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি! কিনো বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেবীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত” (সাগৰ দেখিছা) অথবা, “আমাক পাহৰি যাব অনাগত ভৱিষ্যই, মানুহৰ মিছা ইতিহাস, আমাক পাহৰি যাব প্ৰভাতৰ পূবেৰুণে সন্ধিয়াৰ সুন্দৰ আকাশে।” (কলংপাৰত)
দেৱকান্তৰ ‘বিহুৰ পেঁপা’ কবিতাটো যেন প্ৰকৃতি-মানুহৰ নৱযৌৱনৰ লহৰ, অপূৰ্ব। সেইদৰে ‘লাচিত ফুকন’, ‘যৌৱন’, ‘আমি দুৱাৰ মুকলি কৰোঁ’ আৰু ‘মোৰ দেশ মানুহৰ দেশ’ কবিতাকেইটা যৌৱনৰ পাৰ বাগৰা পৰিপক্ব বয়সৰ কবিতা। বহু ক্ষেত্ৰত কবিতাৰ ৰসাচ্ছাদন কৰিবলৈ হ’লে পটভূমিৰ ঐতিহাসিক জ্ঞানৰ প্ৰয়োজন। এই কথা মোৰ ভাল লগা দেৱকান্ত, নৱকান্ত, এলিয়ট, ৰিলকে, ছীলভিয়া প্লাথ, জীৱনানন্দ সকলোৰে ক্ষেত্ৰত অনুভব কৰোঁ। দেৱকান্তৰ বিখ্যাত সঙ্গীতময় কবিতা ‘আমি দুৱাৰ মুকলি কৰোঁ’ৰ কোন এই নিক’লাচ ৰ’ৰিক? ৰ’ৰিক (১৮৭৪-১৯৪৭) হ’ল এক ৰহস্যবাদী চিত্ৰকৰ, UNESCOৰদৰে অনুষ্ঠান স্থাপনৰ প্ৰেৰণা; জন্ম হৈছিল ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত। ১৯১৭ চনৰ ৰাছিয়াত সাম্যবাদ প্ৰতিষ্ঠাৰ পাছত আমেৰিকালৈ প্ৰব্ৰজন কৰি ১৯২৩ চনত ভাৰতলৈ আহে হিন্দু আৰু বৌদ্ধ দৰ্শনৰ প্ৰতি আগ্ৰহী হৈ। ইতিমধ্যে প্ৰথম মহাযুদ্ধ শেষ হৈছে, সমগ্ৰ ইউৰোপ-এছিয়াত ভীষণ মন্দাৱস্থা হ’লেও আমেৰিকাৰ অৰ্থনীতিৰ জয়জয়কাৰ অৱস্থা আৰু প্ৰায়বোৰ লোক ভোগবাদৰ চৰম শিখৰত, কিন্তু একে সময়তে সমাজত হতাশা, নৈৰাশ্য তথা পুঁজিবাদৰ হাতোৰাত মানৱতা ভূলুণ্ঠিত। এনে সময়তে ৰ’ৰিকে ‘And we are opening the Gate’ নামৰ ছবিখন আঁকিছিল, যিটো ইতিহাসবেত্তা দেৱকান্তৰ কবিতাৰো শিৰোনাম। ছবিখনত দেখা যায় যে এখন সুউচ্চ পুৰণি, এন্ধাৰ ৰঙৰ কোনো গীৰ্জাৰ খোলা দুৱাৰেদি সুদূৰৰ নাতিউচ্চ পাহাৰৰ নামনিত এটি উজ্জ্বল মঠ, যাৰ চাৰিওফালে সোণালী হালধীয়া ৰঙৰ পোহৰৰ তিৰবিৰণি; এন্ধাৰ দেৱালৰ মুখত দুজন সন্তৰ মূৰ্তি আৰু একাষে এটা ঘণ্টা ওলমি আছে। প্ৰতীকি অৰ্থত ই ইংগিত দিছে ভোগবাদী, এন্ধাৰ হতাশাৰ যৱনিকা ভাঙি আধ্যাত্মিকতাৰ পোহৰ দৰ্শন। দেৱকান্তয়ো বাস্তৱত সেই দ্বিতীয় মহাসমৰৰ পাছত ইউৰোপ, এছিয়াত ক’তো যেন মুকলি দুৱাৰেদি আলোকিত পৃথিৱী নেদেখিলে, সকলোতে মাত্ৰ যুদ্ধোত্তৰ পৃথিৱীৰ হতাশা! কেৱল সেই কিতাপৰ দ’মৰ ওপৰত থকা ছবিখনতহে দুৱাৰ মুকলি দেখা পাইছে। আন এটা কবিতা ‘মোৰ দেশ মানুহৰ দেশ’ত পাওঁ–
‘‘সৃজনৰ আবেগত হাবি কাটি নগৰ সাজিছে জীৱনৰ মৃত্যু দীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি পাৰ হৈ গভীৰ অৰণ্য দীপময় ভাৰত গাঢ়িছে কম্বোজত সাজিছে ওঙ্কাৰ ধাম।''
এয়া হ’ল সপ্তম-অষ্টম শতিকাত দক্ষিণ ভাৰতৰ চোল-পাণ্ড্য ৰাজত্বৰ সময়ত বহুতো সদাগৰে ইন্দোচীনত উপনিবেশ পাতি ভাৰতীয় সংস্কৃতিৰ পোহৰ বিলাইছিল। আজিৰ কম্বোডিয়া সেই কালৰ কম্বোজ আৰু ভিয়েটনাম আছিল চম্পা, বালি-সুমাত্ৰাতো একেই কথা। বৰ্তমানৰ কম্বোডিয়াৰ চিয়েম-ৰিয়েপ নগৰত অঙ্কোৰ বা নগৰ সাজি বিশাল ৱাট (মন্দিৰ) সাজিছিল বিষ্ণু মন্দিৰ ৰূপে, আজিও অক্ষত পৃথিৱীৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ, UNESCO Heritage ঘোষিত, পাছলৈ বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰ হ’ল। তেনেদৰে–
‘‘আত্মাৰ আদেশ মানি অতিক্ৰমি হিমালয় তিব্বতৰ বৰফ স্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ শলিতা জলালে...''
খ্ৰীষ্টীয় ষষ্ঠ-সপ্তম শতিকাতে নালন্দা আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ বৌদ্ধ পণ্ডিত শান্ত ৰক্ষিত, পদ্মসম্ভৱ আৰু শ্ৰীজ্ঞান দীপাঙ্কৰে তিব্বতত বৌদ্ধবিহাৰ প্ৰতিষ্ঠা কৰি জিংঘাসু লোকসকলক শান্তি, মৈত্ৰী, অহিংসা আৰু কৰুণাৰে দীক্ষিত কৰিলে। ঠিক তেনেকৈ এলিয়টৰ The Waste Land কাব্য (প্ৰকাশ ১৯২২) সেই প্ৰথম বিশ্বযুদ্ধৰ পাছৰ অশান্ত আৰু বিশৃংখল সমাজৰ প্ৰতীকবাদী প্ৰকাশ। ইয়াত পাঁচটি কবিতা The Burial of the Dead, A Game of Chess, The Fire Sermon, Death by water আৰু What the Thunder said। পঞ্চম কবিতাটোৰ শেষৰ ফালে তেওঁ বৰ্ণনা কৰিছে এই অশান্ত জৰ্জৰিত সংসাৰত শান্তিৰে থাকিবলৈ হ’লে আমি সেই বৃহদাৰণ্যক উপনিষদৰ (৫.১) মহাণ মন্ত্ৰ মনত ৰাখিব লাগিব–
Datta, Dayadham, Dayamata Santih, Santih, Santih
অৰ্থাৎ দিয়া (দান কৰা), অনুকম্পা-কৰুণা প্ৰদৰ্শন কৰা, নিজকে দমন কৰি ৰখা। তাৰ পাছত সকলোৰে শান্তি, শান্তি, শান্তি।
সেইদৰে ছীলভিয়া প্লাথ আৰু ৰেইনাৰ মাৰিয়া ৰিলকেৰ কবিতাত বাইবেলৰ Lazarus প্ৰসঙ্গ পোৱা যায়। ৰিল্কেৰ ‘The Raising of Lazarus’ আৰু ছীলভিয়া প্লাথৰ ‘Lady Lazarus’ কবিতাত থকা Lazarus প্ৰসঙ্গই কি সূচায়? বাইবেলৰ কাহিনীটো হ’ল যীশুৰ প্ৰিয় শিষ্য মাৰ্থা আৰু মৰিয়মৰ ভায়েক Lazarus বেমাৰ হৈ ঢুকালত তেওঁক চাৰিদিনৰ পাছত কবৰৰ পৰা জীৱিত অৱস্থাত উলিয়াই আনিছিল (বাইবেল, জ’ন ১১), ঠিক যেন ছাইৰ পৰা ফীনিক্স পক্ষীৰ পুনৰ জনমৰ দৰে। অৰ্থাৎ প্লাথে মৃত্যুলৈ ভয় নকৰে, কাৰণ তেওঁ পুনৰ জন্ম হৈ অন্যায়ৰ প্ৰতিশোধ ল’ব। সেয়েহে কৈছে–
‘Dying Is an art, like everything else I do it exceptionally well’
ঠিক সুগন্ধি পখিলাৰ কবিয়ে কোৱাৰ দৰে ‘মৃত্যুওতো এটা শিল্প…’। আচৰিত মিল! সেইবাবেই ছীলভিয়া প্লাথে আত্মহত্যা কৰিছিল। মোৰ ধাৰণা কবিতা অতি কম শব্দত কবিৰ অভিজ্ঞতা, অনুভৱক নান্দনিক ৰূপে, সৌন্দৰ্যৰ বিবিধ আহিলাৰে ভূষিত হৈ প্ৰকাশ কৰা এক মাধ্যম। খলিল জিব্ৰানৰ Prophet কাব্যৰ দুটামান উদাহৰণ : দানৰ বিষয়ে কৈছে–
‘‘And there are those who give and know not pain is giving, nor do they seek joy, nor give with mindful of virtue; they gave as in yonder valley the myrtle breath its fragrance into space. Through the hands of such as those God speaks, and from behind their eyes He smiles upon the earth.''
নাৰী-পুৰুষৰ বিবাহৰ সম্পৰ্কত কৈছে :
“But let there be spaces in your togetherness And let the winds of heavens dance between you... And stand together yet not too near together For pillars of the temple stand apart And the Oak tree and the Cypress grow not is each other's shadow''
সেইদৰে অকালতে মৃত্যু হোৱা কবি অমূল্য বৰুৱাৰ ‘কয়লা’, ‘কুকুৰ’, ‘বেশ্যা’ আদি কবিতাত দ্বিতীয় মহাসমৰৰ সময়ৰ কলিকতাৰ এখন স্পষ্ট ছবি দেখা পাওঁ। তেনেধৰণৰ অভিজ্ঞতাকেই যেন প্ৰকাশ কৰিছিল অমূল্য বৰুৱাৰ সমসাময়িক আৰু কম বয়সতে মৃত্যু হোৱা কবি সুকান্ত ভট্টাচাৰ্যই। তেওঁৰ ‘ৰানাৰ’ আৰু ‘হে মহাজীবন’ মোৰ প্ৰিয় কবিতা। ‘হে মহাজীৱন’ত জীৱনৰ ৰূঢ় বাস্তৱ প্ৰকাশ পাইছে এনেদৰে :
‘‘হে মহাজীবন, আৰ এ কাব্য নয় এবাৰ কঠিন, কঠোৰ গদ্যে আনো, পদ-লালিত্য-ঝঙ্কাৰ মুছে যাক গদ্যেৰ কড়া হাতুৰিকে আজ হানো! প্ৰয়োজন নাই, কবিতাৰ স্নিগ্ধতা কবিতা তোমায় দিলাম আজকে ছুটি, ক্ষুধাৰ ৰাজ্যে পৃথিবী-গদ্যময় : পূৰ্ণিমা-চাঁদ যেন ঝলসানো ৰুটি।''
যৌৱনৰ সন্ধিক্ষণত ভাল লাগিছিল জীবনানন্দ দাশৰ বনলতাসেন কবিতাপুথিৰ ‘বনলতা সেন’, ‘ধানকাটা হয়ে গেছে’ আৰু ধূসৰপাণ্ডুলিপিত থকা ‘পঁচিশ বছৰ পৰে’ আদি কবিতা। শেষত আৱাহন যুগৰ কবি হেম বৰুৱা আৰু দেৱকান্ত বৰুৱাৰ খুব মিল থকা দুটি কবিতাৰ কলিৰে সামৰিছোঁ।
‘‘আমাৰ পথাৰ ৰমক জমক ভদাইৰ আগ চোতালত দোৰপতি থৰক বৰক মাকো সৰি সৰি পৰে।'' (হেম বৰুৱা) ‘‘দহোটি আঙুলি চপাঁকলি যেন পদুমৰ ঠাৰি দুখনি হাত চুই দোৰপতি থৰক বৰক তত নাইকিয়া মাকোৰ গাত।'' (দেৱকান্ত বৰুৱা)
এনেদৰেই কবিতাৰ সৌন্দৰ্যই আমাৰ অনুভূতিক জগাই তোলে।
ড০ প্ৰদীপ কুমাৰ গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়নবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু অসমৰ এগৰাকী বিশিষ্ট লেখক আৰু অনুবাদক। উচ্চ মানৰ গৱেষণাপত্ৰিকাত ৰসায়নবিজ্ঞানৰ ভালেমান গৱেষণাপত্ৰ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ ছখন গ্ৰন্থ প্ৰকাশ পাইছে। বৌদ্ধ আৰু চুফী দৰ্শন তেওঁৰ বিশেষ আগ্ৰহৰ বিষয়।