খগেন শইকীয়া
এইটো সুখৰ কথা যে ত্ৰৈমাসিক কবিতা ই-আলোচনী এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিদ্বৎ সমাজে প্ৰকাশ কৰিছে। এই আলোচনীখনৰ নামটো ‘Poetry without Fear’ ৰখাটোও এক তাৎপৰ্যপূৰ্ণ ঘটনা। ব্যাপক পৰিসৰ সামৰি লোৱা ই-আলোচনীখনৰ ভূমিকাই এটা নতুন মোৰ যে ল’ব, ইয়াত পতিয়ন যোৱাৰ স্থল যথেষ্ট আছে। আলোচনীখনে প্ৰতিষ্ঠিত কবিসকলৰ উপৰি সময়ৰ খোজত পিছ পৰি থকাসকলোকো উৎসাহেৰে আদৰি ল’ব, সেয়া আশা কৰাটো নিশ্চয় অমূলক নহ’ব।
আটাইতকৈ সুন্দৰ কথাটো হ’ল আলোচনীখনৰ উদ্দেশ্য। কবিতাৰ দুৰ্বোধ্যতা আঁতৰাই ইয়াক জনগণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যটো সন্দেহাতীতভাৱে মহৎ। আলোচনীখন এটা Mission বা এক বৌদ্ধিক আন্দোলনৰ আৰম্ভণি বুলিও ক’ব পাৰি। বাস্তৱিকতে কবিতাৰ ভাষা, বিষয় আদি দুৰূহ হ’লে, পাঠকগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়া নিশ্চয় ঋণাত্মক হ’ব আৰু কবিতাৰ ৰস পান কৰাৰ পৰা বঞ্চিত হয় পাঠক। এই বঞ্চিত হোৱাৰ বিপৰীতে পাঠকৰ মনোজগতত ঠাই পাব পৰাকৈ যদি কবিতা সৃষ্টি হয়, সৰল ভাষাৰে তাৰ উপকাৰিতা দুয়ো পক্ষৰ বাবেই (কবি আৰু পাঠক) মঙ্গলজনক আৰু ইয়াকেই শ্ৰীবৃদ্ধি কৰিবলৈ যত্ন কৰিছে শ্ৰদ্ধেয় শ্ৰীযুত আনন্দ বৰমুদৈ ছাৰৰ দৰে সুচিন্তাশীল লোকে। তেওঁলোকৰ ভাষাৰ সৰলতা দেখিলে ভাব হয়, মই কিয় এনেদৰে লিখিব নোৱাৰোঁ। আলোচনীখনৰ যি Mission, সেয়া যে পূৰ্ণ হ’বগৈ, অনুমান কৰিব পাৰি। বৌদ্ধিক জোঁকাৰণি এটা অৱধাৰিতভাৱে ঘটিব। সম্পাদকমণ্ডলীয়ে চিন্তাৰ আন্দোলনটোক যথোপযুক্তভাৱে আগুৱাই নিব।
যদি ‘Poetry without Fear’ নামটোৱে কেৱল দুৰ্বোধ্যতাক বুজাব খোজে, ই এক গতিহীন গতিলৈ ৰূপ ল’ব পাৰে আৰু ভাবাদৰ্শগত ভাবেও এক ধুঁৱলি-কুঁৱলি অৱস্থাৰ জন্ম দিব পাৰে। তেতিয়া জনগণৰ কাষলৈ ভাষাৰ সৰলতা আন্দোলনটো নিব খোজা Missionটোৱে উজুটি খাব পাৰে তাৰ অৰ্থ বিভ্ৰাটৰ বাবে। গতিকে পাঠকগোষ্ঠীৰ মাজত ‘Poetry without Fear’, ‘Without Fear’ৰে হ’ব লাগে। আধুনিক কবিতাই যি দুৰূহ ৰূপ লৈছে, পাঠক নিশ্চয় বিমোৰত পৰে বোধগম্যতাৰ অভাৱত। নুবুজিলে ৰস পাব কেনেকৈ? কবিতাত সোমাব কেনেকৈ? শিকিব কেনেকৈ? এইবোৰতো কবিতা পঠনৰ অংশ।
Fearৰ অৰ্থ অভিধানত এনেকৈ দিয়া আছে—১) an emotion excited by danger, ২) apprehension of danger–অসমীয়াত ভয়, শংকা, আশংকা। দুৰ্বোধ্যতা আৰু ভয়হীনতা একে নহয়। দুটা বেলেগ ভাবনা, চিন্তা। Without fear-য়ে কিন্তু সাহস যোগায়, সত্যৰ সন্ধান নিৰ্ভীকভাবে কৰিবলৈ উৎসাহ দিয়ে। অৰ্থাৎ সত্যাশ্ৰয়ী হোৱা। সমকালীন সমাজ ব্যৱস্থাবোৰৰ ক্ষতিকাৰক ধ্যান-ধাৰণাৰ বিৰুদ্ধে মাত মতা।
পাঠক ভীতিগ্ৰস্ত হোৱাৰ কাৰণ নেদেখোঁ আধুনিক কবিতাক লৈ । ভীতিগ্ৰস্ততাৰ সলনি ই পাঠকৰ মনত অনীহাৰহে সৃষ্টি কৰে। ফলত কবিতা তেওঁলোকৰ মনত তৰাং, অৱহেলিত অৱস্থালৈ গতি কৰে আৰু গুৰুত্বহীন হয়। ভীতিগ্ৰস্ততা আৰু ভয়হীনতা একে নহয়। ভীতিগ্ৰস্ত হোৱা পৰিৱেশটো নিশ্চয় বেলেগ। যেনে হিংস্ৰ জন্তুৰ সন্মুখত পৰিলে ভীতিগ্ৰস্ত হোৱা যায়। Without fear সামাজিক দায়বদ্ধতাৰ এক ৰূপৰেখাহে। পাঠকৰ স্বাধীনতা থাকে– ভীতিগ্ৰস্ত কৰিব পৰা পৰিস্থিতি (সাহিত্যকৰ্মও) এৰাই চলিব পাৰে।
মহাপুৰুষ শংকৰদেৱে যেতিয়া ‘প্ৰসাদো নাখাইবা ভক্তি হৈব ব্যভিচাৰ’ৰ কথা কয়, এয়া কেৱল ধৰ্মোপদেশেই নহয়, ই এক প্ৰতিবাদৰ ছবি। নৰবলি দিয়া প্ৰথাৰ বিৰুদ্ধে কৰা এক প্ৰয়াস। শংকৰদেৱৰ জীৱন নিৰাপদ নাছিল। প্ৰত্যাহবান মানি কাম কৰিব লগা হৈছিল আৰু এই কাম কৰি যোৱাটোৱেই Without fear। কমলাকান্ত ভট্টাচাৰ্যই যেতিয়া কয় ‘উলংগ দেশত কাম কি ধোবাৰ’, ই জাতিপ্ৰেম আৰু Without fearৰ নিশ্চিত পৰিচয়। (I rebuke and punish those whom I love – Bible)
সমাজৰ পৰা কবিতাৰ উৎসক আঁতৰাই ৰাখিব নোৱাৰি। অনুভৱ যদিও সৃষ্টিৰ আকৰ তাক সঠিক পথেৰে নিয়ন্ত্ৰণ নকৰিলে সেই অনুভৱৰ ফল হ’ব পাৰে সমাজৰ কামত নহা বস্তু। অকাজী। অনুভৱ কৰা কথাবোৰ সত্যৰ মাপকাঠি নহ’বগৈও পাৰে। বুদ্ধিমত্তা, কল্পনাশক্তি, চৌপাশৰ পৰিৱেশ, ঘটনাপ্ৰৱাহ আৰু হ’ব পৰা সম্ভাৱনা-দুৰ্ভাবনাবোৰে জন্ম দিয়ে মানসিক চিন্তাৰ। অলৌকিক কোনো শক্তিয়েই সৃষ্টিৰ প্ৰেৰণা নিদিয়ে। বস্তু প্ৰথম। পাছত শব্দ, ভাষা।
মহান কবি আলেকজেণ্ডাৰ পুস্কিনক কৃষকৰ হৈ মাত মতাৰ বাবে চাইবেৰিয়ালৈ নিৰ্বাসন দিছিল জাৰে। মতিগতি ঠিক হ’ল বুলি মতাই আনি থিতাপি লগালে। তেওঁ কৃষকৰ হৈ আকৌ মাত মতা আৰম্ভ কৰিলে। জাৰ বিতুষ্ট হ’ল। এদিন জাৰৰ প্ৰাসাদত দ্বন্দ্বযুদ্ধত পুস্কিনৰ মৃত্যু হৈছিল। জাৰে জানে মল্লযুঁজাৰুৰ লগত পুস্কিনে যুঁজ দিলে মৃত্যুবৰণ কৰিব। তথাপি বাধা নিদিলে। ঠাট্টা-মস্কৰা শুনি অধৈৰ্য হোৱা পুস্কিনে ‘আত্মসন্মান’ ৰক্ষা কৰিবলৈ গৈ মৃত্যুবৰণ কৰিলে।
নিৰ্যাতন এতিয়াও বহু দূৰত নেকি স্বাধীনচিতীয়া, মানৱপ্ৰেমী লেখক-কবিসকলৰ? নিশ্চয় নহয়। কিন্তু ভয় নোহোৱাকৈ সঁচা কথাবোৰ কোৱাটো যে কবি-লেখকসকলৰ কাম। তেওঁলোক অতন্দ্ৰ প্ৰহৰী নহয় জানো সমাজৰ? দায়বদ্ধজনৰ মুখৰ ভাষা Poetry without Fear।
খগেন শইকীয়া নগাঁও নিবাসী এগৰাকী কবি, লেখক।
মনত সাহস বাঢ়িছে ৷ বহু কথা জানিলোঁ৷