মাছ

মহিম বৰা

সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ
উজ্জ্বল হীৰাৰ ছটা অযুত অৰ্বুদ মাছ
কামনা-ৰঙীন
সাগৰ দুধাৰ কৰা গতি ক্ষুৰধাৰ,
হে দুৰ্বাৰ।

উৰন্ত ফিচাৰে ঢাকি সাগৰৰো বিৰাট বিস্তৃতি
পৰ্বতৰ টিং চুমা ঢৌকো নেওচি
দুচকুত আদিগন্ত স্বপ্নৰ উজান
হে চিৰন্তন, কামনা-ৰঙীন
সৃষ্টিৰ প্ৰথম সন্তান।

সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ,
জন্মেৰে ৰঙীন মাছ, ৰঙেৰে ৰঙীন আৰু
অজস্ৰ মৃত্যুৰ :
চেপা, খোকা, পল, দলঙাত,
ঘাট-জাল, খেৱালিত, ঘিলাধাৰী নৈৰ বুকুত,
তথাপি অমৰ।
হে মাছ, হে চিৰন্তন মাছ!

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *