ড° মীনা দেৱী বৰুৱাৰ কবিতা

কেইটামান স্তৱক

(১)
জুই আকাশ
বাউলি গছ লতা বন
বেলি ডুবিবৰে হ'ল
 (২)
চঞ্চল  দুৰু দুৰু চিত
মায়াময় আবিৰৰ ৰহণ
ঘোঁৰাবোৰ উচ্ছ্বল
(৩)
পছোৱাৰ খেলা
ধূলি ধূসৰিত উন্মনা ধৰা
পলাশত আঁচলে লাজ হেৰুওৱা 
 (৪)
সৰি সৰি উচুপি উঠে
পছোৱাই নিচুকায়
পলাশত ফাগুন জ্বলে
(৫)
লঠঙা ডালে সপোন দেখে
আকুল মেঘে সাবটি ধৰে
বিৰিখত বসন্ত
(৬)
উকিটোৱে ঘূৰি চায়
বাউলি ফাগুনত
জীৱনৰ ৰং৷

অসম্ভৱ সম্ভৱ

সহজ নহ'লেও
জীৱন সজোৱা বৰ অসম্ভৱো নহয়
ওন্দোলা আকাশে আঁকে
ৰামধেনুৰ সাতো ৰং

যন্ত্ৰণাই কোঙা কৰে, সঁচা
পুৱতি নিশা চৰাইবোৰে 
গান গাবলৈ এৰিতো নিদিয়ে!

হেৰুওৱাৰ আশংকাত
উদভ্ৰান্ত 
নৱজাতকে নতুনৰ স্বাক্ষৰ
ঘোষণা কৰাই শাশ্বত

ৰামধেনুৰ সাতোৰঙে
আকাশ নসজাব পাৰে
(সেইবুলি) আকাশে আচ্ছাদনখনি
নধৰাকৈ নাথাকে

চৰাইবোৰে সুখবোৰ বুটলিব জানে

শান্ত, সমাহিত নৈ
এখুন্দা যুঁজিয়েই আহিছে বৈ
সাগৰমুখী
নিৰৱধি নৈ

যন্ত্ৰণা কাৰনো নাথাকে! 
যন্ত্ৰণাই দহি নিয়া জীৱনে
সুখবোৰ বুটলিবও জানে

যন্ত্ৰণাৰ জুইতো
তেজীমলা ফুল হৈ ফুলে

জটিল হ'লেও জীৱন সজোৱা বৰ অসম্ভৱো নহয়
তাঁৰবোৰ আছেই
আঁত লগাই শিল্পৰে
লহৰ তোলাৰ অনিৰুদ্ধ সময়৷

ড. মীনা দেৱী বৰুৱা সাম্প্ৰতিকৰ সময়ৰ এগৰাকী অসমীয়া কবি, লেখক। তেওঁৰ দুখন কাব্য-সংকলন প্ৰকাশ পাইছে। তেওঁৰ ইমেইল আইডি meenabaruah2@gmail.com

Click here to read an English translation of the poems

Leave a Reply

Your email address will not be published. Required fields are marked *