Issue: Vol. V, No. 2, August-October, 2026
পানী-লেখন
উৎসর্গা: অমৃত বসুমতাৰী
সেইদিনা গধূলি ফেৰী-জাহাজখনৰ ডেকত তলমুৱাকৈ হাওলি
ঘোলা পানী ফালি ফালি আগবাঢ়ি যোৱা
নাঙলৰ চিক্চিকীয়া ফালৰ গঢ়ৰ
জোঙাল আগটো চাই চাই ভাবিছিলোঁ:
এই বোঁৱতী সুঁতিটো আঁঠুৱনীয়া পানীৰ পথাৰ নহয়,
ইয়াত শেষ নোহোৱা কৰ্ষণৰ আগতেও বা পাছতো
বৰষুণৰ টোপালবোৰৰ বাহিৰে আন বীজ সিঁচা নহয়:
বৰনৈৰ কৰ্ষিত জলৰাশিত ঘোদা অর্থ-অনৰ্থৰ খলকনি
মাটিৰ মানুহৰ খপজপ মনৰ অগা-ডেৱা।
জাহাজখনৰ পৰা সিটো পাৰত নামিবলৈ লোৱাৰ পৰত
লগৰ এজন সহযাত্ৰীয়ে মাত লগালে:
চাওকচোন চাওক, সৌ পাহাৰটোৰ লগালগি মূধচ দুটাৰ মাজেৰে
নামি যোৱা সেন্দূৰীয়া বেলিটো চাওকচোন
চাওকচোন তেজাল অশ্বাৰোহীৰ কি বেগী ৰূপময়তা,
নিমিষতে তেতিয়া আমি খণ্ডিত সময়ৰ ওপৰলৈ উধাইছিলোঁ
আৰু অকস্মাতে এৰি অহা ঘোদা পানীৰ তলতেই
হাজাৰ হাজাৰ জোপা ফুলেৰে ওপচা মদাৰ গছ দেখিলোঁ
কোটি কোটি টোপাল বৰষুণৰ বীজবোৰ যেন
এতিয়া লেখিব নোৱৰা মদাৰ ফুলৰ ৰঙা অন্ধকাৰ
আৰু ৰঙা আন্ধাৰত পুৱা সন্ধিয়াৰ গোঁঠনি
কেলৈ ফুলিলি ৰূপহী মদাৰ বুলি নুসুধিলোঁ,
কাৰণ গুৰু-ভকত কাকো নলগা মদাৰ ফুল
গুৰু-ভকত নমনাবোৰৰ কলিজা-কোঁহ।
কীটছ, কবিৰ ইপ্সিত সমাধিফলক আছিল:
ইয়াত এজন শুই আছে যাৰ নাম পানীত লিখিত আছে
ভাবি চালে পানীতে আমাৰ নাম-ধাম-কাম খোদিত হয়
সৰস্বতী নদীত বেদ-মন্ত্ৰৰ স্বৰলিপি
কলিংগৰ ডয়া নদীত অশোকৰ নামৰ মজ্জা
লুইতৰ পিঠিয়েদি ৰেখায়িত আমাৰ মাধৱৰ অবিনাশী লতা
বেই নদীৰ ঢৌত ৱৰ্ডৱৰ্থৰ কবিতাৰ ৰূপৰেখা
এভন নদীতে লিপিত খাই আছে শ্বেইক্সপীয়েৰৰ বৰ্ণ
জীৱন-যৌৱন ধন-মান কালস্রোতত ভাহি যায়
সময়ৰ পিঠিত বুটা-বছা নামবোৰ আৱৰি
পানীৰ তলত লাখ লাখ মদাৰ ফুল পুৱা-গধূলি ওলায়
কীটছ কবিৰ সমাধি জাতিষ্কাৰ কৰা ভায়’লেটডৰা
সেই মদাৰৰ ৰূপতে হয়তো মই পাওঁ,
শতাব্দীৰ সৈতে শতাব্দীবোৰ জোৰা লাগি
নতুন সহস্রাব্দ হৈছেহি
তেতিয়া কিজানি পুতলাবোৰ মানুহ হ’ব
আৰু মানুহবোৰ হ’ব পুতলা
পুতলাৰ বেটেৰীত আমাৰ মতিগতিয়ে পাক দি থাকিব
কিজানি নেদেখা সূতাৰে পুতলাবোৰে আমাক নচুৱাব
সকলো আত্ম-সন্মোহনৰে আদি মূল আহাৰ নিদ্ৰা মৈথুন
সকলো পৈণ্ডন্যৰ গুৰি শিপা আত্মম্ভৰিতা
সকলো বিজয়ৰ চূড়ান্ত বিস্তৃতি শেষৰ পৰাজয়
সেয়ে মই নতুন শতিকাক তৰা আৰু গছবোৰৰ দৰে
চৰাই আৰু পাহাৰবোৰৰ দৰে ল’বলৈ বিচাৰোঁ
আমাৰ দিনবোৰ মাহবোৰ বছৰ শতিকা সহস্রাব্দ
সকলোৰে নিয়ামক পাহাৰ চূড়াৰ মাজেৰে আহি ওলোৱা
আৰু সেইভাগেই গুচি যোৱা সোণালী ৰথত অহা বেলিটো;
পানী তলত বিম্বিত সংখ্যাতীত মদাৰ-মুধচতে মোৰ ভাৰসা
ঊর্মিমালাতে আমাৰ কীৰ্তি-কলাপ ৰেৱা কৰা আছে
পানীৰ তলত বাৰ মাহে ফুলা ৰঙা মদাৰণিত
আমাৰ সম্পত্তি-বিপত্তি বা খোলাকটিৰ তাল।