হাইকুৰ দৰে ১/ আঘোণৰ উমাল ৰ’দালি মহুৱাৰ ৰাগি দিশহাৰা বৈৰাগী। ২/ বসন্তৰ ডুব যোৱা বেলিটো হাকুটিয়াই ধৰিব বিচাৰোঁতেই টোপনি ভাগিল। ৩/ বৰষুণত সৰি পৰা ইন্দ্ৰমালতীবোৰ ভিক্ষুকজনে বুটলি ল'লে। ৪/ তামোলজোপাত পাণ বৰঘৰ শুৱনি গাভৰু জীয়ৰী শুৱনি নৈ ঘাট। ৫/ হেমন্ত কাল নিশাটো হেৰাল নদীত শকুন্তলা হেৰাল আঙঠিত।
![](https://poetrywithoutfear.com/wp-content/uploads/2024/01/pwf-feb-april-2024-as-gitanjali-borkotoky-604x270.jpg)