বীৰেন বৰকটকীৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

বৰজহা গাঁৱলৈ কিমান দূৰ?

বৰজহা গাঁৱলৈ কিমান দূৰ?
কোনেনো সুধিলে জানো
সময়ৰ বুলনিয়ে মনটিক খেলি-মেলি কৰিলে যদিও
তথাপিও বৰজহা গাঁৱৰ স্মৃতিয়ে
কেতিয়াবা মনটিক টানি লৈ যায়।
মেচটি ঘূৰিলে পাবা
দিখৌৰ পাৰতে সেয়া
চেনেহৰ বৰজহা গাঁও
ফাগুনৰ পৰশত ফুলিল কিমান তাত
জুই যেন ৰঙা হৈ শাৰী শাৰী পলাশ মদাৰ।
হাজাৰ গাঁৱলৈ গই দিবলই বিহুৰ বাতৰি
গাঁৱৰ মূৰত থকা ওখ সেই কদমজোপাত
বিহুৱতী পৰিল চাগৈ বিহু বিহু মাতি।
চোমনিৰ ওপৰেদি সেইখন আকাশত উৰি
কেতেকীজনীয়ে চাগৈ কিমান মাতিলে
মাজনিশা কেতেকীৰ মাতটি শুনাৰে পৰা
সুমলাৰ মহুৰাত আঁৰ চাগৈ কিমান লাগিল।

বৰজহা গাঁৱলৈ কিমান দূৰ?
পালেহি খৰালি চ’ত
ঘৰে ঘৰে আগচোতালত
মূৰত ওৰণি টানি
আঘোণ বা ফাগুনত ৰভাৰ তলত বহা
কতজনী ন-বোৱাৰীয়ে
ঘৰৰ জীয়ৰীৰ স’তে
তাঁত বাটি কৰিলে এতিয়া
ৰঙা আঁচুৰ পাৰি দি ৰং যেন
পদুলিমূৰত থকা শিমলুফুলীয়া।
খৰিৰ বোজাটি লই
বৰজনা সেইপিনে অহা যোৱা কৰে
ঘনে ঘনে ওৰণি টানোতে
বোৱাৰীৰ ভুল লাগি যায়
পাৰি জানো কেইযোৰা দিলে?
মেটেকাৰ চিনাকি ডেকাটি
সমুখৰ বাটেদি যাওঁতে
জীয়ৰীৰ মনৰ উঘাটি ঘূৰে
নুঘূৰিল কোনোমতে হাতৰ উঘাটি।
অতপৰে কেঁচা খৰি ফুৱাই ফুৱাই
যদিওবা চৰুৰ তলত জুই
কোনোমতে দিব পৰা নাই
তামোলৰ ৰাঙলী মুখেৰে
শাহু আয়ে বকি জকি ভাঙিলেহি
গামোচাৰ তাঁত বাটিৰ শালিকী যুটীয়া।
দূৰণিৰ গাঁৱৰ পৰা ঘৰৰ মনটি লই
মাজে মাজে কেশৰাম আহিছিল এই গাঁৱলই
তাঁতৰ পাটতে পাই উমলিক কৈ থ’লে
বহাগৰ প্রথম দিনত
তুমি দিবা বাবৰি ফুলীয়া মোক ফুলাম গামোচা
মই বাৰু আনি দিম কেতেকী এপাহ।
বৰজহা গাঁৱলৈ কিমান দূৰ?
এতিয়া চাগৈ বুঢ়া-মেথা গাঁৱৰ ধৰণী
নামঘৰৰ বকুল তলত বহি
গুণ লয় বিহুৰ পঘাৰ
গুণৰ প্রতিটো পাকে কিমান মেৰালে
সোঁৱৰণী জীৱনৰ ফাগুন দিনৰ।
বৰজহা গাঁৱলৈ নাই আৰু বহুদূৰ বাট
পাবা গই পানী অনা ঘাট
শুনিবা দূৰৰপৰা পেঁপাৰ টিহিটি মাত
ম’হৰ পিঠিত উঠি ঘাটেদি পাৰ হোৱা
চিনাকি চিনাকি লগা কোনোবা ডেকাৰ।
কিমান পিছল খায় কমলা বিমলা
পানীৰ কলহ লই এইটো বাটত।
ৰৈ ৰৈ বাজি থাকে ঢোলৰ ছেওটি,
গগনাই সঁহাৰি জনায়
কোনোবাই ক’ৰবাত বনগীত গাই
প্রতিটো ঢেঁকীৰ মাতে
বিহু অহা বাতৰি শুনায়।
বৰজহা গাঁৱলৈ নাই বহু দূৰ
সেইখন বৰজহা পাওঁ।

An English translation of the poem.