All posts by Poetry without Fear

কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত সহায়ক হয়

মণিকা টেৰণপী

মণিকা টেৰণপী

এজন উচ্চ শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?

কবিতাৰ সৈতে সম্পৰ্ক নতুন বুলি ক’লে ভুল কোৱা হ’ব যিহেতু আনুষ্ঠানিক শিক্ষাৰ প্ৰাৰম্ভতে কবিতাৰ সৈতে আমাৰ প্ৰথম চিনাকি। অৱশ্যে সময়ৰ বিভিন্ন স্তৰত কবিতাৰ প্ৰতি আমাৰ আগ্ৰহ আৰু দৰ্শনৰ তাৰতম্য ঘটে। আৱেগবিহ্বল জীৱ হিচাপে কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত যথেষ্টখিনি সহায়ক হয়। কাৰণ বিখ্যাত ইংৰাজ কবি ওৱৰ্ডছ্ওৱৰ্থৰ মতে–“তীব্ৰ অনুভূতিৰ স্বাভাৱিক প্ৰকাশেই কবিতা।” কবিতাই আমাক উজ্জীৱিত কৰি তোলাৰ লগতে চাৰিওফালৰ পৰিৱেশ উপলব্ধি কৰিবলৈ শিকায়।

আপুনি কবিতা কিয় পঢ়ে?

সাহিত্যৰ আন আন শাখাৰ তুলনাত কবিতাৰ দৈৰ্ঘ্য কম। কবিতাৰ মাধ্যমেৰে, গভীৰ অৰ্থৱহ একো একোটা শব্দৰে এখন বহল জগতৰ সন্ধান কৰিবলৈ সমৰ্থ হওঁ। সেয়ে কবিতা মোৰ আটাইতকৈ প্ৰিয়।

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

মেথিউ আৰ্নল্ডৰ ভাষাত কবিতা হ’ ল–“মূলতঃ জীৱন জিজ্ঞাসা৷” প্ৰকৃতি, জীৱন আৰু দৰ্শনৰ কবিতা মোৰ বাবে অধিক তৃপ্তিদায়ক। কাৰণ এনেবোৰ কবিতাই আমাক জীৱনৰ প্ৰতি জিজ্ঞাসা আনি দিয়ে। কবিতাই আমাক সামাজিক জগতত যুক্ত হ’বলৈ আৱশ্যকীয় বোধজ্ঞান দিয়ে আৰু আধ্যাত্মিক বিকাশ সাধন কৰি তোলে। কবি ড নিৰ্মলপ্ৰভা বৰদলৈৰ মতে–“কবিতা এক সৃষ্টি, য’ত তৰপে তৰপে সামাজিক পটভূমি, ব্যক্তিগত চেতন-অৱচেতন মনৰ প্ৰতিক্ৰিয়া তথা এটা জাতিৰ এটা সময়ৰ বৰ্ণাঢ্য মানসিকতা প্ৰকাশ পায়।”

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতাবোৰ খুব সুন্দৰ, সংবেদনশীল আৰু আশাব্যঞ্জক। কবিসকলে নিজৰ সাধনা, চিন্তাশক্তিৰে সাম্প্ৰতিক সময়বোৰ, আমাৰ জীৱনশৈলী, পৰিৱেশ-পৰিস্থিতিৰ লগতে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ কবিতাত প্ৰতিফলন ঘটাবলৈ কৰা প্ৰয়াসত সফল হোৱা যেন অনুভৱ হয়।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

এটাই কথা ক’ব বিচাৰোঁ যে কবিতা জীৱনমুখী আস্থাৰ গীত হওক। প্ৰেম, বিশ্বাস তথা সমন্বয়ৰ সেঁতুখন মজবুতকৈ গঢ়ি তুলিবলৈ লেখক-কবিসকল সৃষ্টিত নিমজ্জিত হৈ ৰওক তাৰেই কামনা কৰোঁ।

মণিকা টেৰণপী এগৰাকী তৰুণ কবি আৰু সমাজসেৱী৷ তেওঁ কাৰবি আংলঙৰ ডিফুৰ বাসিন্দা৷

কবিতাত তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ

উদয় কুমাৰ শৰ্মা

উদয় কুমাৰ শৰ্মা
'তৎসম শব্দ' মানে হ'ল সংস্কৃতৰপৰা অবিকৃত অৱস্থাত আধুনিক ভাৰতীয় ভাষাত প্ৰচলিত হোৱা শব্দ। যেনে-- স্বপ্ন, শৃগাল। 'তদ্ভৱ শব্দ'ৰ অৰ্থ হ'ল সংস্কৃতৰপৰা প্ৰাকৃত ভাষা (যেনে-- 'বংক', 'ব'গন'; যাৰ অসমীয়া ৰূপ হ'ল-- 'বোকা', 'বেঙেনা')ৰ মাজেদি পৰিৱৰ্তিত হৈ আধুনিক ভাষালৈ অহা শব্দ। যেনে-- 'সপোন', 'শিয়াল'।
 
ভাষাক মিহি-সৰল কৰিবৰ বাবে কবিতাত, আমি সাধাৰণতে তদ্ভৱ শব্দহে ব্যৱহাৰ কৰোঁ; যেনে-- মাকৰ গাখীৰ, মাকৰ মৰম/চেনেহ; 'মাতৃৰ গাখীৰ' বা 'মাতৃৰ মৰম' বুলি নকওঁ আৰু নিলিখোঁও। কওঁ-- 'মাতৃ-দুগ্ধ', 'মাতৃ-স্নেহ'। ইয়াত, 'মাতৃ', 'দুগ্ধ', 'স্নেহ'  শব্দকেইটা তৎসম শব্দহে। অৰ্থাৎ তৎসমৰ লগত তদ্ভৱ শব্দ লগাই নিলিখি তৎসমৰ লগত তৎসম আৰু তদ্ভৱৰ লগত তদ্ভৱ শব্দৰহে ব্যৱহাৰ উপযোগী বুলি মানি লোৱা হয়-- ধ্বনিৰ কাৰণেও। কিয়নো, আমি শিয়াল খেদোঁ, 'শৃগাল' নেখেদোঁ; সপোনহে দেখোঁ, 'স্বপ্ন' দেখোঁ বুলি নকওঁ। 

অৰ্থৰ খাতিৰত বা প্ৰচলিত মাত-কথা অনুযায়ী, কেতিয়াবা এনে কথাকো নিৰ্ঘাত সত্য বুলি সততে মনা নহয়। যেনে-- মৃতকৰ 'অস্থি'('হাড়' নহয়)হে উটুওৱা হয়; কুকুৰে 'হাড়'('অস্থি' নহয়)হে চোবায়। 
'তই কি বাঁহী বজালি' নামৰ কবিতাটিত নীলমণি ফুকনে লিখিছে :
 'বাঁহী নে ওঁঠত তোৰ
  অনুভূত সান্ত্বনাৰ পৃথ্বী'
ইয়াত, মূল সংস্কৃত শব্দ (তৎসম) 'সান্ত্বনা'ৰ লগত তৎসম শব্দ 'পৃথ্বী'হে ব্যৱহাৰ কৰিছে। তদুপৰি, এই দুয়োটা শব্দই যুক্তাক্ষৰযুক্ত ('পৃথিৱী'ৰ সলনি) হোৱা হেতু ধ্বনি সুন্দৰ হৈছে। 

একেদৰে, হীৰেন ভট্টাচার্যই লিখিছিল :
    'ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য / ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষ / অন্ধকাৰত জ্বলে কালপুৰুষৰ তৰোৱাল অনিবাৰ্য'
ইয়াতো, 'ত্ৰস্ত' তৎসম শব্দটোৰ লগত ('আকাশ'ৰ ঠাইত) 'অন্তৰীক্ষ' তৎসম শব্দটিহে প্ৰয়োগ কৰা হৈছে। 

    সুৰৰ প্ৰয়োজনত, গীতৰ ক্ষেত্রত, এনে কথা নাখাটিবও পাৰে। যেনে --
   'বৰষা, তোমাৰ চকুত মেঘৰ অঞ্জন/ বিজুলীলতাৰে তোমাৰ কৱৰী বন্ধন'
কবিতাত, 'মেঘৰ অঞ্জন'ৰ ঠাইত 'মেঘৰ কাজল' বুলি নিলিখিম জানো? এই গীতৰ কলিটিত, সুৰৰ প্ৰয়োজনতহে ('বন্ধন'ৰ লগত মিলাবলৈ) 'মেঘ' তদ্ভৱ শব্দটোৰ লগত 'অঞ্জন' তৎসম শব্দটি ব্যৱহাৰ কৰা হৈছে। 

    আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত মাত-কথাকে, কবিতাত ৰহস্যময় কৰি তুলিবৰ বাবে আমি সাধাৰণতে তদ্ভৱ শব্দৰহে যথাসম্ভৱ প্ৰয়োগ কৰিবলৈ যত্নপৰ হওঁহঁক।
উদয় কুমাৰ শৰ্মা অসমৰ এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক।

কবিতাই নিঃসংগতা দূৰ কৰিব পাৰে

প্ৰণীতা সন্দিকৈ

প্ৰণীতা সন্দিকৈ

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

মই ভাবোঁ কম বেছি পৰিমাণে কবিতা সকলোৱে ভাল পায়। ময়ো ভাল পাওঁ, বিশেষকৈ মনোগ্ৰাহী কবিতাসমূহ চিঞৰি-চিঞৰি গাই ভাল পাওঁ।

আপুনি কবিতা কিয় পঢ়ে?

ভাল লগা কবিতাই নিঃসংগতা দূৰ কৰিব পাৰে, সেয়ে মই কবিতা পঢ়োঁ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

যি কবিতা বাস্তৱবাদী, সহজে বোধগম্য, যি কবিতাই জীৱনৰ সুখ-দুখৰ উপলব্ধি কৰাব পাৰে তেনে কবিতাই মোক তৃপ্তি দিয়ে।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

অসমীয়া কবিতাৰ ইতিহাস অতি পুৰণি।বহু কেইজন স্বনামধন্য কবিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অথচ বহুতো আধুনিক কবিয়ে কঠিন ,বছা বছা শব্দ প্ৰয়োগ কৰি কবিতা লিখিবলৈ চেষ্টা কৰিছে। মই ভাবোঁ ‘আবেগৰ বন্দী কবি নোহে নিয়মৰ’, কবিতাক নিয়মৰ মাজেৰে সৃষ্টি কৰিব নোৱাৰি। কবিতা কবিৰ আবেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

পাঠকৰ বোধগম্য হোৱা, সামগ্ৰিক জনজীৱনৰ লগত সম্পৰ্ক থকা কবিতাই পাঠকক আকৰ্ষিত কৰিব পাৰিব বুলি ভাব হয়। অৱশ্যে পাঠকো তেনেকৈ সচেতন আৰু অধ্যয়নপুষ্ট হ’ব লাগিব।

প্ৰণীতা সন্দিকৈ ডুমডুমা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।

ভাল কবিতা একোটা বিচাৰি ফুৰোঁ

গোবিন কুমাৰ খাউণ্ড

গোবিন কুমাৰ খাউণ্ড
সাম্প্ৰতিক সময়ত অসমীয়া কবিতাক লৈ প্ৰায়ে সৰব আৰু নেতিবাচক আলোচনা শুনা যায়। সেই আলোচনাৰ পৰা কাকত-আলোচনীৰ সম্পাদনাকক্ষও সাৰি নাযায়। তীৰ্যক সমালোচনাৰে সামাজিক মাধ্যম ভৰি পৰে। কোনোবাই কয় কবিতা সৰল হ'ব লাগে, আন কোনোবাই কয় জটিল হʼলেও কথা নাই। কাৰণ কবিতাই কবিতাৰ কথাকে ক'ব। কেতিয়াবা কোনো কবিৰ (!) কবিতাক একাংশই কবিতা, আন একাংশই অকবিতা অথবা ‘জাবৰ’ আখ্যা দিলেও কবিসকলে  কবিতা নিলিখাকৈ থকা নাই। হোৱাই-নোহোৱাই নিতৌ অসমত শ-শ লোকে কবিতা লিখি থকাৰ সময়ত মনলৈ আহিছে-- ভামহে কোৱা কথা সাৰোগত কৰি কবিয়ে কবিতা লিখে নে বিশ্বনাথ কবিৰাজে কোৱাৰ দৰে ‘বাক্যং ৰসাত্মক কাব্যম’ৰ আধাৰত কবিতা লিখে। এইটোও বুজি নাপাওঁ ৱৰ্ডছৱৰ্থেনো কিয় কবিতাক ‘নিৰলাত সোঁৱৰা হিয়াৰ আবেগ’ বুলি কৈছিল। তথাপি কবিতা ভাল পাওঁ। কিয় ভাল পাওঁ সেই কথা পাছলৈ এৰি মনত পেলাইছোঁ কুঁহিপাঠত পঢ়া কোনো দিনে পাহৰিব নোৱৰা সেই পদ্যবোৰৰ কথা। যেনে-- 

  শুৱনি আমাৰ    গাওঁখন অতি
          শুৱনি গছেৰে ভৰা
  ডাল ভৰি ভৰি  ফল-ফুল লাগে
         কত পাওঁ তল সৰা ।

এইবোৰ পদ্যৰ যোগেদি লাভ কৰা গাঁও এখনৰ ছবি বুকুত লৈ ডাঙৰ হোৱাৰ সময়ত দেখিছিলোঁ লগৰ বহুতেই কবিতাৰ আখৰা কৰিছিল। কবিতাৰ মাজেদিয়েই কবি-সাহিত্যিকসকল সাহিত্যৰ বিশাল পৰিমণ্ডললৈ আহে আৰু অহা বাটতে বহু কবি হেৰাই যায়। বুকুত কবি হোৱাৰ বাসনা লৈ কিমানে জাতমৃত ৰূপ লৈছে তাৰ লেখ-জোখ নাই। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত মোৰো এটা কবিতা মহাবিদ্যালয়ৰ আলোচনীত প্ৰকাশ হৈছিল। পিছে কিহৰ তাড়নাতনো লিখিছিলোঁ, নে আনে লিখা দেখিয়েই লিখিছিলোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। কাৰণ কবি হোৱাৰ বাসনা মই সিমানতে ত্যাগ কৰি পাছলৈ যেতিয়া সাংবাদিকতাৰ জগতখনলৈ আহিলোঁ কবিতাৰ সলনি কবিয়ে অঁকাৰ দৰেই বাতৰিবোৰত  ফুলাম শব্দ  লিখিবলৈ আৰম্ভ কৰাত সম্পাদনা বিভাগে ধমক দিবলৈ আৰম্ভ কৰিলে এই বুলি যে বাতৰিত শব্দৰ ফুল নাবাছিলেও হ'ব। কথাটো ময়ো মন কৰিলোঁ যে বাতৰি গল্প, কবিতা অথবা উপন্যাসৰ দৰে সৃষ্টিশীল লেখা নহয়। নিজৰ অজ্ঞাতে বাতৰিবোৰত সৃষ্টিশীল মনটোৱে ভৰ কৰিবলৈ ধৰাৰ সময়ত মাজে মাজে আৰম্ভ কৰিলোঁ কবিতা লিখিবলৈ। কিন্তু সেইবোৰ কবিতা নহয় নহয় যেন লাগে। বিচাৰি বিচাৰি শব্দ কিছুমান গোটাই লিখি থাকোঁ, নিজে পঢ়োঁ আৰু ফালি পেলাওঁ। পাছত ভাবোঁ কবিৰ বাবেহে কবিতা। কবিয়েহে  মানুহৰ, প্ৰকৃতিৰ, জীৱনৰ, পাৰ্থিৱ-অপাৰ্থিৱ, সুন্দৰ, প্ৰেম-ভালপোৱাৰ নিখুঁত চিত্ৰায়ণ কৰিব পাৰে, কবিতাৰ মহত্বৰে, সৰলতাৰে, আৱেগেৰে, বিবেকেৰে। সেয়ে চাগৈ লেখক-জীৱনৰ আৰম্ভণি জনা-নজনাকৈ, বুজা-নুবুজাকৈ কবিতাৰ যোগেদিয়েই কৰি এসময়ত সাহিত্যৰ ভিন্ন ক্ষেত্ৰত লেখকসকলৰ প্ৰৱেশ ঘটে। কিন্তু এটা কথা ঠিকেই অনুমান কৰিব পাৰিছোঁ, সকলো মানুহৰ বুকুতে কবিতাই বাস কৰে, সেয়ে ইয়াৰ প্ৰকাশ-যন্ত্ৰণা বৰ কষ্টকৰ। সুদীৰ্ঘ সময় ধৰি উপন্যাসৰ জগতত বিচৰণ কৰি এটা কথা মৰ্মে-মৰ্মে উপলব্ধি কৰিছোঁ যে কবি আৰু কবিতাই মানুহৰ মনত যি ভাবৰ, চিন্তাৰ সৃষ্টি কৰিব পাৰে গল্প-উপন্যাসে যেন ক্ষণিকতে সেই কাম কৰিব নোৱাৰে। কবিয়ে যেনেকৈ চিগাৰেটৰ পেকেটত কবিতা, গান লিখি পাঠকক চমকিত কৰিব পাৰে ঔপন্যাসিকসকলে, গল্পকাৰসকলে নিশ্চয় নোৱাৰে। কবিতা এটা কাটি-কুটি বছৰ বছৰ ধৰি বুকুত লৈ ফুৰা কবিসকলে ‘ফুল’ক লৈ কবিতা এটা লিখাৰ সময়ত যি কথা লিখিব ঔপন্যাসিক এজনে নিশ্চয় কাব্যিকতাৰ পৰা আঁতৰি আহি পৰিবেশ-পৰিস্থিতি, ফুলপাহৰ ৰূপ, ৰস, গন্ধ, ৰং-বিৰং, ডাল-পাত, ফুল আৰু চৰিত্ৰৰ সম্পৰ্ক-বিচ্ছেদৰ অৱতাড়নাৰে পাঠকক সুদীৰ্ঘ সময় কাহিনীৰ মাজত কৌতুহলী কৰি ৰখাৰ চেষ্টা কৰিব। কিন্তু কবিয়ে নিশ্চয় ফুলক লৈ কবিতা লিখিবলৈ ঔপন্যাসিকসকলে পৃষ্ঠাৰ পিছত পৃষ্ঠা খৰচ কৰাৰ দৰে নকৰে। জ্ঞানপীঠ বঁটাৰে সন্মানিত নীলমণি ফুকন ছাৰৰ সান্নিধ্যলৈ আহি উমান পাইছিলোঁ  প্ৰকৃত কবিয়ে কেনেকৈ কবিতাৰ সাধনা কৰে, কেনেকৈ শব্দৰ দৌল সাজি পাঠকৰ হৃদয়ত জোঁকাৰণিৰ সৃষ্টি কৰে। নীলমণি ফুকন ছাৰৰ গদ্য চিত্ৰকল্প, উপমাৰে ঠাহ খাই থকা ওজস্বী সাহিত্য। 

কবিয়ে উপন্যাস, গল্প কিমান পঢ়ে নাজানো, ঔপন্যাসিকসকলে, গল্পকাৰসকলে সততে বিচৰণ কৰে কবিতাৰ পৃথিৱীখনত। উপন্যাস এখনৰ আলোচনা-সমালোচনা কাচিৎহে হোৱা দেখা যায়। কিন্তু কবিতাৰ ক্ষেত্ৰত  কথাটো সুকীয়া। কবিতা যেন এক স্পৰ্শকাতৰ বিষয়। ইয়াৰ হীন-দেঢ়ি হোৱাটো কোনেও নিবিচাৰে। সেয়ে চাগৈ কেতিয়াবা ঔপন্যাসিক এজনে সংলাপেৰে, উপমাৰে, কথোপকথনৰ মাজেৰে প্ৰকাশ কৰিব নোৱৰা এক নিৰ্মম বাস্তৱৰ ছবি আঁকিবলৈ কবিতাৰ আশ্ৰয় লয়। মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ শীৰ্ষক উপন্যাসখনত 'ভালেমান দিন হ'ল ঘৰৰ মজিয়া গচকা নাই’ শিৰোনামৰ এটা কবিতা সংলগ্ন কৰিছিলোঁ। আচৰিত কথা পাঠকসকলৰ মাজত কবিতাটোৱে এক তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰাই নহয় এটা চক্ৰই যাৰ বাবে বাৰে বাৰে হুমকি দিছিল কবিতাটো আঁতৰাই দিবলৈ। তেতিয়াই মনলৈ ভাব আহিছিল উপন্যাসখনৰ গোটেই কথাখিনি বুকুত লৈ ক্ষোভাগ্নিৰ দৰে যেন কবিতাটো জ্বলি আছে, ধোঁৱাই আছে কিতাপখনত। ভাব হয় কবিতাই কাহিনী, চৰিত্ৰ, পৰিৱেশ, পৰিস্থিতি, সামৰণি যেন একো নিবিচাৰে। কবি এজনৰ দৃষ্টিৰ সৈতে ঔপন্যাসিক এজনৰ দৃষ্টি একে হ'লেও সৃষ্টিৰ বাটত কবিৰ, কবিতাৰ মহত্ত্বৰ যেন তুলনা নাই। সেয়ে চাগৈ পৃথিৱীত কবি আৰু কবিতাৰ সংখ্যা নিচেই তাকৰ। যদিও শব্দৰ খেলা পাতি অহৰহ কবিৰ দৰে চিন্তাৰ চেতাৰ, ভাবৰ ভায়োলিন বজাই আছোঁ অসমৰ্থতাই কবিতাৰ কাৰুণিক কথকৰ দৰে বুকুত বিনাই আছে। কবিতা মোৰ বাবে এতিয়া মাথোঁ পাঠৰ বিলাস। সেয়ে ভাল কবিতা একোটা বিচাৰি ফুৰোঁ কবিৰ অৰণ্যত। কিন্তু সাম্প্ৰতিক সময়ত হৃদয় জোঁকাৰি যোৱা, চিন্তাৰ চুলি ছিঙা কবি আৰু কবিতাই বা ক'ত?

গোবিন কুমাৰ খাউণ্ড বৰ্তমান সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ ঔপন্যাসিক আৰু সাংবাদিক।

কেনেধৰণৰ কবিতা পঢ়ি ভাল পাওঁ

পৰমানন্দ মহন্ত

পৰমানন্দ মহন্ত

সংস্কৃত কাব্যগ্ৰন্থত কয়, কবি হেনো স্ৰষ্টা আৰু দ্ৰষ্টা। সেয়ে কবিতা হ’ল সৃষ্টি আৰু দৃষ্টি। এনেবোৰ কথাই মোক কবিতাৰ বিষয়ে জানিবলৈ দিলেও মই নিজৰ মতেই কবিতা বিচাৰ কৰোঁ। মোৰ বাবে কবিতা, ছবি, সংগীত আৰু গণিত একে শাৰীৰ ‘বস্তু’/বিষয়—এই আটাইকেইটাই মানুহৰ নিজা সৃষ্টি। কবিয়েই কেৱল স্ৰষ্টা নহয়, চিত্ৰশিল্পী এজনো, সংগীতকাৰ এজনো, গণিতজ্ঞ এজনো স্ৰষ্টা। নিৰ্দিষ্ট প্ৰমেয়ৰে তেওঁলোকে নিজৰ নিজৰ বিষয়বোৰ সৃষ্টি কৰে। এই প্ৰমেয়বোৰো কঠিন বাস্তৱৰ অভিজ্ঞতাৰপৰাই অহা। অভিজ্ঞতাৰ কষটি শিলৰ অবিহনে প্ৰমেয়ৰ অস্তিত্ব নাই। এই ‘বস্তু’/বিষয় কেইপদৰ এটাৰ বিষয়েও সম্পূৰ্ণকৈ বুজা টান যদিও গণিতৰ বাহিৰে আন কেউটাকে হৃদয়ৰ লগত জুৰিব পাৰে সকলোৱেই। কাৰণ এই আটাইবোৰেই বিমূৰ্ত। পঢ়ুৱৈয়ে, দৰ্শকে, শুনোতাইহে নিজাববীয়াকৈ কৰা অনুভৱেৰে ইবোৰক মূৰ্ত, সাকাৰ কৰি তোলে। গণিতৰ কথা ইয়াত নকওঁ—এজন গণিতজ্ঞই সগৰ্বে কৈছিল গণিত যিমানেই ব্যৱহাৰিক দিশৰ পৰা দূৰৈত, ই সিমানেই বিশুদ্ধ, সত্য। কোনো ব্যৱহাৰত নহা গণিতহে আচল গণিত। কিন্তু কবিতাৰ কথা বেলেগ—ভাষা এটাৰ শব্দ আৰু ব্যাকৰণৰ সামান্য জ্ঞান থকা জনেও কবিতাৰ আবেদন অনুভৱ কৰিব পাৰে সামান্যভাৱে হ’লেও। কিয়নো কবিতাৰ বিশেষ আকৰ্ষণ শব্দৰ প্ৰয়োগতেই, শব্দৰ গাঁথনিয়ে কবিতাৰ লয় গঢ়ে, ছন্দ গঢ়ে, অৰ্থ গঢ়ে। ডাঙৰ কথা হ’ল শব্দবোৰে লগ লাগি এনে এক ব্যঞ্জনা সৃষ্টি কৰে যে বিভিন্ন ভাবৰ অনুভূতি সঞ্চাৰ হয়। কবিতাই মানুহৰ অনুভূতিৰ সূক্ষ্মতা, বৈচিত্ৰ্য প্ৰকাশ কৰে। আটাইতকৈ ডাঙৰ কথা হ’ল কবিতাই প্ৰেমৰ কথাই কয়। মানৱীয় প্ৰেম, মানৱীয়তাৰ বহল পথাৰখনৰ কথা। কবিতাত শব্দই সৃষ্টি কৰা অলৌকিক চেতনাই আমাক সমৃদ্ধ কৰে,–মানুহ হোৱাৰ গৌৰৱ অনুভৱ কৰায়। এইবোৰ কাৰণেই মাজে মাজে কবিতাৰ ওচৰ চাপোঁ—দুখৰ লগৰীয়া কবিতা, নিঃসংগতাৰ লগৰীয়া কবিতা, সুখ আৰু আনন্দৰ, হাঁহি-কান্দোনৰ লগৰীয়া কবিতা।

একো নুবুজিলেও কিছুমান কবিতা ভাল লাগে কেৱল শব্দৰ জনজননিৰ কাৰণেই। যি কবিতাত লয় বিচাৰি নাপাওঁ সেই কবিতা মই পঢ়িব নোৱাৰোঁ। ভাল লগা কবিতাৰ অৰ্থ বুজি নাপালেও মনত পেলাওঁ বিষ্ণু দেৰ কবিতাত থকা শ্যেলীৰ কথাটো—কবিৰ মন হেনো ‘নিভন্ত আঙ্গাৰ/কবিতাৰ শিখা জ্বলে/কম বেশি হাওয়াৰ দমকে’। বতাহে জ্বলাই দিয়া মনৰ নুমাই যোৱা আঙঠাৰপৰা ওলোৱা কবিতাৰ ওপৰত কবিৰে নিয়ন্ত্ৰণ নাথাকে, আমি কিয় অৰ্থ বিচাৰি হায়ৰাণ হওঁ?

পৰমানন্দ মহন্ত অসমৰ এগৰাকী বিশিষ্ট লেখক আৰু অসমত বিজ্ঞান জনপ্ৰিয়কৰণ আন্দোলনৰ অন্যতম গুৰি-ধৰোঁতা। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।

To me poetry is divine

Asfia Ahmed

Asfia Ahmed

As an educated person what is your relation with poetry?

Any person who has the sensitivity to understand humanity, compassion and empathy will always be in a higher level of metaphysical plane and the thoughts will resound in a poetry form. That is my relation with poetry. You may be educated but if you don’t have the qualities of a Sufi, or a minstrel poetry will have no meaning to the person. To me poetry is divine.

Why do you read poems if you read poems at all?

We read poems because we find solace and peace in them. When we are dissatisfied with the world in reality we seek peace and happiness in poetry.

What type of poems do you like best?

I like poetry that paints pictures of nature in words which you can visualize. Or even the happiness of a mother who has unconditional love or the world of an innocent child.

What is your opinion on contemporary Assamese poetry?

I think that there is a transitional phase in the language of contemporary Assamese poetry. This is because of the thought processes changing due to the transition in society.

Do you have any suggestion for the poets today?

The poets of today must discuss and review the considerable changes that have taken place in the world of poetry and for better understanding the difficult Assamese words must have a foot note. This will help the poetry readers to understand what the poetry is trying to convey.

Asfia Ahmed is a certified storyteller, voice over artist and script writer based in Gurgaon, Haryana.

Poetry Allows me to Drive out the Demons in my Mind and Heart

Neelakshi Dutta

Neelakshi Dutta

As an educated person what is your relation with poetry?

Since childhood I have a great love and passion for reading and writing poetry. Poetry is my best companion, my talisman, my guardian angel and my joy. I have a great attraction for perusing poetry as well as a great proclivity for expressing myself in the poetic form.

Why do you read poems if you read poems at all?

Poetry reading and writing is a holistic and cathartic experience for me. I must confess that poetry allows me to drive out the demons and dust out the cobwebs in my mind and heart. Poetry is the sane voice that mirrors our world with all its beauty and its warts. It puts on us our thinking caps, it makes us appreciate beauty for all that it is worth, and it inspires us to nurture the positive and ideal within our souls.

What type of poems do you like best?

Poetry is great fodder for people with soft, tender hearted, sensitive, gentle, emotional and romantic sensibilities. Poetry allows them to escape from the harsh vagaries of this cruel, mechanical, unemotional and materialistic world into the imaginary beautiful world brought alive by the skill and expertise of the wordsmiths—the poets.

What is your opinion on contemporary Assamese poetry?

Contemporary Assamese poetry is very much aware and knows the pulse of our world as it is at present. It gives us a bird’s eye view of the strengths and illnesses of our present world; as well as it soothes our senses by way of the beautiful, sensible and meaningful words and sentences that it offers the readers to feast upon to their hearts and minds content. It makes us proud of the quality of high thinking at display in our Assamese poetry and literature, thus in our literary community which is part of the larger intellectual Assamese community.

Do you have any suggestion for the poets today?

Poets and writers are creative people with sensitive faculties who can rightly dissect and discern things with the right intentions and objectives. This faculty’s optimum use is paramount in today’s times, not only by the poet or writer community but by all well meaning people who are rightly concerned for the well being and welfare of our society in the present and in the future.

Neelakshi Dutta is a poet, translator and reciter based in Guwahati. In 2021 she started a YouTube channel called Elvira Creative for which she created videos of poetry reading.

কবিতাত আনক বিচাৰি পাওঁ

খগেন ভৰালী

Khagen Bharali

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

প্ৰথমতে পাঠশালাত, এসময়ত কছৰত কৰোঁতে (অনুশীলন), এতিয়া জীৱনৰ প্ৰতিটো ছন্দই কবিতা হৈ পৰিল। লু চুনৰ নাতিয়েক লু জিয়ে কোৱাৰ দৰেই প্ৰতিটো কঠোৰ গদ্যই একোটি ছন্দময় স্পন্দনেৰে আলোড়িত শব্দৰ জীৱনৰ পদ্য হৈ পৰিল। পঢ়োঁ এতিয়াও সময় পালেই।

আপুনি কবিতা কিয় পঢ়ে?

কবিতাত আনক বিচাৰি পাওঁ, কেতিয়াবা নিজক, কেতিয়াবা জীৱনক বিচাৰি পাওঁ একান্তভাৱে। বাটলাৰ ইয়েটছে কোৱাৰ দৰেই: “It is blood, imagination intellect running together- it bids us to touch and taste and hear and see the world and strike from all that is the brain only”।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

এম্বিগুৱাছ কথাষাৰ, অনুভূতি প্ৰৱণতাতকৈ বাস্তৱৰ সতে ‘ষ্টাৰ্ন ৰিয়েলিটী’ৰ কবিতা (টি এছ এলিয়টে কোৱাৰ দৰেই)।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

অসমীয়া আধুনিক কবিতা সীমাত উপনীত হৈছে। জেনেট উণ্টাৰছনে কোৱাৰ দৰেই “A tough life needs a tough language-language and that is what poetry is”।

কবিসকলৰ প্ৰতি কি আহ্বান?

সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোলৈ জেনেট উণ্টাৰছনৰ ভাষাত তেওঁলোকৰ পৰা মাতষাৰ শুনিবলৈ পাওঁ যেন: “a language powerful enough to say how it is. It is not a hiding place. It is a finding place.” সকলো উজলি উঠিক অসমীয়া আধুনিক কবিতাৰ গৰ্ভত, নিৰন্তৰ গতিত ক্ৰিয়াশীল হৈ পৰক কবিতাৰ ছন্দময় গতিত। বিচাৰক, কৰ্ষণ কৰক, অনুশীলন কৰক, নিজক বিচাৰক, আনক অনুসন্ধান কৰক, অনুভূতি আৰু উপলব্ধিৰে বিশাল পৃথিৱীখনলৈ ঢাপলি মেলক৷ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, অসমীয়া আধুনিক কবিতাৰ সোণালী যুগ আৰম্ভ হওক একৈশ শতিকাৰ ঢল পুৱাতেই।

(খগেন ভৰালী এগৰাকী জ্যেষ্ঠ লেখক।)

Letter to Mother, from Hell

by Navakanta Barua

Mother, I am in hell. Its not so bad. 
Love is loose change, 
Sucking the bones of making a living.
Life is quite a plump dog,
The dog does not remember the road
The great journey. 

Oho, my mistake- no one here forgets anything.
Its just that one feels afraid to think. 
That’s why, with soft, heavy,trivial and big talk
We keep kicking the eternal rolling stone.
But then, without this babble,
Its difficult to live in hell.

The earth’s memories are doled out in little pieces, 
To hell’s whole citizens. There’s a ban on love. 
If you are thirsty, there’s booze,
Tea and lemonade, but you won’t find
Cool water. If you send some in a bottle,
It might perhaps look like medicine.

If you see a spring somewhere, and go towards it, 
A love from earth comes and hangs a ‘NO’ sign.
You know, mother, 
The spring is all earth, the border, of the earth
You live in, the earth apparently
Does not want to trade with hell.

What to do, mother, 
I could just manage to smuggle out 
This secret letter.
If you can, do come forward, a little,
I too will get out of my hell
To the heart of that spring. 

There, in that river island, 
You will remove the earth’s tired air,
The closed road from earth.
I too may flee dark emotions, my deep blue thirst. 
Else, perhaps, I will have to stay
Without alternative, in this hell

Sucking trinkets of love, and making a living.
Just that, mom, 
Don’t give me solace, 
That its only the mind that’s hell.  
Only then, would I be, truly helpless. 
My mind. That’s something that’s still mine.  
Yours. 

Translated by Amlanjyoti Goswami

Click here to read the original Assamese poem.

Navakanta Barua (b.1926-d.2002) was a noted Assamese poet, novelist and translator.

Amlanjyoti Goswami‘s new collection of poetry is Vital Signs (Poetrywala). His earlier collection River Wedding (Poetrywala) was widely reviewed. His poetry has been published in journals and anthologies around the world. A Best of the Net and Pushcart nominee, his poems have also appeared on street walls in Christchurch, exhibitions in Johannesburg, an e-gallery in Brighton and buses in Philadelphia. He has reviewed poetry for Modern Poetry in Translation and has read in various places, including New York, Delhi and Boston. He grew up in Guwahati and lives in Delhi.