নৱকান্ত বৰুৱা
আই,
মই নৰকতে আছোঁ। বৰ বেয়া লগা নাই।
খুচুৰা মৰম আৰু জীৱিকাৰ হাড় চুহি চুহি
জীৱনটো বেচ এটা নোদোকা কুকুৰ। মহাপ্ৰস্থানৰ
বাট কুকুৰৰ মনত নেথাকে আই। ওহোঁ,
ভুল হ’ল—ইয়াত কোনেও একো পাহৰি নেযায়।
ভাবিবলৈ ভয় কৰে মাথোঁ। সেই বাবে
কোমল গভীৰ আৰু ফাংফুং ডাঙৰ কথাৰে
অনন্তৰ শিল গুৰিয়ায়। পিছে, এই বাজে কথাবোৰ
নেথাকিলে নৰকত থকা বৰ টান। পৃথিৱীৰ
স্মৃতিবোৰ টুকুৰা টুকুৰ কৰি দিব খোজে
সমগ্ৰ সত্তাক…
নৰকত মৰমৰ ডাঙৰ নিষেধ এটা
আছে। পিয়াহ লাগিলে মদ আৰু
চাহ আৰু লেম’নেড পাবা—চেঁচা পানী
বিচাৰি নোপোৱা।বটলত যদি তুমি পঠিয়াই
দিয়া, দৰব-দৰব যেন লাগিব কিজানি।
ক’ৰবাত জুৰি এটা দেখি যদি আগবাঢ়ি যোৱা
পৃথিৱীৰ একেটি মৰমে আহি
বাধাৰ নটিচ আঁৰি দিয়ে। আচলতে হেনা আই,
নিজৰাটো পৃথিৱীৰ—তুমি থকা পৃথিৱীৰে
সীমান্তৰ, নৰকৰ স’তে আই লেনদেন
পৃথিৱীয়ে নিবিচাৰে বোলে। কি যে কৰোঁ আই।
কোনোমতে পঠিয়ালোঁ এই এটি চোৰাং
বাতৰি। যদি পাৰা কিছুদূৰ আঁহা আগবাঢ়ি;
ময়ো যাওঁ মোৰ এই নৰকৰপৰা।
সেই জুৰিৰ বুকুৰ সৌ মাজুলীত গুচোৱা ভাগৰ তুমি পৃথিৱীৰ
বন্ধৰ বাটৰ, ময়ো পলুৱাওঁ অন্ধকাৰ আৱেগৰ সুনীল পিয়াহ।
নহ’লে হয়তো মই থাকিব লাগিব
বিকল্প বিহীন এই নৰকতে—খুচুৰা মৰম
আৰু জীৱিকাৰ হাড় চুহি চুহি। মাথোঁ আই,
সান্ত্বনা নিদিবা মোক মনেহে নৰক
বুলি। তেতিয়াহে আৰু নিৰুপায়।
সেই এটা বস্তু আই, এতিয়াও মোৰ। ইতি।।
Click here to read an English translation of the poem