পাৰিপাৰ্শ্বিক কবিতা
খালি বটলত সোমাই
নৈখন বিক্ৰী হ’ল
পানী বিনামূলীয়া
কিন্তু দৰ-দাম আৰম্ভ হ’ল।
বেগে বেগে
হাতে হাতে
নৈখন ওলমি ৰ’ল।
নৈৰ বুকুত
খালি বটল সোমাই ওপঙি ৰ’ল,
বিশুদ্ধ পানীৰ বিনিময়ত
নৈখন দূষিত হ’ল,
খালি বটলত সোমাই
আকৌ নৈখন বিক্ৰী হ’ল।
মনজিত শইকীয়া চলিহা এগৰাকী কবি আৰু গীতিকাৰ৷ কৰ্মসূত্ৰে ওমানৰ মাছকাটত বাস কৰা চলিহাৰ এতিয়ালৈকে দুখন কবিতা-সংকলন প্ৰকাশ পাইছে৷